আপোনাক কালি পৰ্দাৰ ফাঁকেৰে চকামকাকৈ দেখিছিল বোলে। আপুনি লেখিকা বুলি তেওঁৰ পৰাই গম পালো। আপোনাক
লগ কৰিবলৈ খুউব ইচ্ছা কৰি আছিল। সেয়ে... ইফ ইউ ডন্ট মাইণ্ড....।”
ভৰিকেইটা কোঁচাই দি মহিলাগৰাকীক বহিবলৈ দিলো।
দহ মিনিট পাছত তেওঁক লৈ যাবহি বুলি কৈ নাৰ্চ গৰাকী ওলাই গ’ল।
: ধন্যবাদ বাইদেউ। কিন্তু আপুনি ইয়াত?
: আঁ। মোৰ চিকিৎসাৰ বাবে আহিছোঁ ইয়ালৈ।
: অঃ, কি হৈছে আপোনাৰ বাইদেউ? উদগ্ৰীৱ হৈ তেওঁ সুধিলে।
: মোৰ ব্ৰেষ্ট কেন্সাৰ ধৰা পৰিছে।
: অঃ। ডক্তৰে কি কৈছে বাইদেউ? কিবা চিৰিয়াচতো নহয়?
: নাই নাই। প্ৰাইমেৰী ষ্টেজতে আছে বুলি কৈছে।
: অহ থেংক গড! তেওঁ স্বস্তিৰ নিশ্বাস এৰিছিল আৰু কৈছিল, চিন্তা নকৰিব বাইদেউ। আপুনি সোনকালেই ভাল হৈ যাব। আৰু বহুত ধুনীয়া ধুনীয়া কাহিনী লিখিবলৈ বাকী আছে আপুনি।
হাঁহি এটা মাৰিছিলোঁ তেওঁলৈ চাই আৰু সুধিলোঁ
: পিছে আপুনি? অসমৰ বুলিতো বাৰু গম পালোৱেই...
: অহ, মই মোৰ চিনাকিটোৱেই দিয়া নাই। মোক তুমি বুলিয়েই ক’ব বাইদেউ মোৰ নাম আৰুণ্যা। আৰুণ্যা বেজবৰুৱা। গোলাঘাটত থাকো। মানে আছিলো। এতিয়াতো... ইয়াত থকাই দুমাহ হ’বৰ হ’ল...। ইয়াতো আৰু কিমান দিনৰ আলহী... পিছৰ কথাখিনি কওঁতে তেওঁৰ মাতটো অস্ফুট হৈ পৰিছিল। এচমকা কলীয়া ডাৱৰ নামি আহিছিল যেন আৰুণ্যাৰ মুখলৈ।
অজান ভয় এটাই মোক জোকাৰি গ’ল। সুবধা নুসুধোকৈ সুধিলো,
: কি হৈছে তোমাৰ? কিমান দিনৰ আলহী ... কিয় ক’লা তেনেকৈ?
: এৰা! মই এই পৃথিৱীত কিমান দিনৰ আলহী তাৰ কোনো নিশ্চয়তা নাই। শেঁতা হাঁহি এটা মাৰি তেওঁ পুনৰ কলে,জীৱন দুদিনীয়া। লিটাৰেলি মোৰ জীৱনটোও দুদিনীয়াহে আছিল।
: মানে??
মগজুত মাৰাত্মক কোষবোৰে পোখা মেলি গৈ আছে বাইদেউ। অপাৰেচন কৰিলেও বিফল হোৱাৰ সম্ভাৱনাই বেছি। মজিয়াখনলৈ চাই তেওঁ ক’লে।
ক্ষন্তেকৰ বাবে মগজুটো শূন্য হৈ পৰিল। কি কম একো ভাবি পোৱা নাই। নিজেই মৃত্যুৰ দুৱাৰদলিত ভৰি থৈ মোক চিন্তা নকৰিবলৈ সাহস দিছে!! তেওঁৰ ফালে একেথিৰে চাই ৰ’লো। মোক তেনেকৈ চাই থকা দেখি সুধিলে, কি চাইছে বাইদেউ?
: চাইছোঁ, তোমাক। ইমান সহজ ভাৱে কেনেকৈ..
: নহ’লে যে আন একো অপচন নাই!! আকৌ এটা শেঁতা হাঁহি।
ক’ব নোৱাৰাকৈ মোৰ দুচকু সেমেকি উঠিল।
: জানে বাইদেউ, ডক্তৰে কৈছে মই বোলে লাহে লাহে কথাবিলাক পাহৰি যাম। লাহে লাহে আপোন মানুহবোৰকো চিনি নোপোৱা হ’ম। মই নেটতো চাইছিলোঁ। যেতিয়া বেমাৰটো ধৰা পৰিছিল। মোৰ খুউব ভয় লাগে বাইদেউ। মই কাকো পাহৰিব নিবিচাৰোঁ।
আৰুণ্যা আবেগিক হৈ পৰিছিল। কি ক’ম ভাবি পোৱা নাছিলোঁ। তাইৰ চকুলো বৈ আহিছিল। শান্ত্বনা দিয়াৰ মানসেৰেই ক’লোঁ,
: ভগৱান আছে নহয়, তেওঁ কিবা এটা চমৎকাৰ কৰিব। বিশ্বাস ৰাখা।
: ভগৱান!!!! বেঁকা হাঁহি এটা মাৰিলে তাই। জানে বাইদেউ, এটা সময় আছিল। যেতিয়া মই কামনা কৰিছিলো মই
যেন সকলো পাহৰি যাম, তেওঁক পাহৰি যাম, তেওঁৰ প্ৰতিটো স্মৃতিয়েই যেন মোহাৰি পেলাম!! কিন্তু এতিয়া ভয় লাগিছে।