পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৭

বংশ গোষ্ঠী নিঃশেষ হোৱাকৈ সাং কৰিম তহঁতবোৰক। সাহসী আছিল ইভা, নীলাম্বৰ। সেয়েহে সাহসী হৈছিল তেওঁলোকৰ সন্তানবোৰো দুষ্টক প্ৰশ্ৰয় নিদিও বুলি অলপো কেৰেপ নকৰি আগৰ দৰেই সেৱা আগবঢ়াই গৈছিল তেওঁলোকে। কিন্তু তেওঁলোকৰ অজানিতেই এটা বৃহৎ ষড়যন্ত্ৰই গা কৰি উঠিছিল সৰু গাঁওখনৰ কোনোবা এটা চুকত৷

 ভাদ মাহ তেতিয়া। প্ৰচণ্ড গৰম। মাজে মাজে বৰষুণ। বাগানৰ ঠায়ে ঠায়ে ঝুমুৰ নৃত্যৰ আখৰা চলি আছিল। ঢোল,মাদল, তাল অথবা বাঁহীৰ সুৰে আকাশ বতাহ আন্দোলিত কৰি তুলিছিল। সমনীয়া ছোৱালীবোৰৰ সৈতে মাষ্টৰৰ ছোৱালী জয়ন্তীয়ে নৃত্যৰ আৰু পুত্ৰ অংগদে মাদল বজোৱাৰ প্ৰশিক্ষণ লোৱাত ব্যস্ত। সেইবাৰ মাষ্টৰ আৰু বাগানৰ কিছু বৰমুৰীয়াৰ আশাসুধীয়া প্ৰচেষ্টাত কৰম পূজাৰ লগত সংগতি ৰাখি এক বৃহৎ অনুষ্ঠানৰ আয়োজনো চলিছে। দুৰ দুৰণিৰ পৰা মতা হৈছে নামী গায়ক আৰু নৃত্যৰ দল। তদুপৰি বাগানৰ শিল্পী সকলৰ অনুষ্ঠানবোৰতো আছেই। ব্যস্ত হৈ পৰিছিল সকলো। চৌদিশে বৰুৱা মাষ্টৰৰ পৰিয়ালটোৰ জয়ধ্বনি শুনা গৈছিল। অনুষ্ঠানৰ বিশেষ অতিথি আপ্যায়নৰ তালিকাত মাষ্টৰৰ নামটোৱে শোভা পাইছিল। আন দিনাৰ দৰে সেইদিনাও ঝুমুৰৰ আখৰা কৰা দলটো মাষ্টৰৰ চোতালত সমৱেত হৈছিল। সন্ধিয়াৰ পৰা নিশা দহ বজালৈ আখৰাত ব্যস্ত থকা লৰা ছোৱালীবোৰে নিশাৰ সাজটো তাতেই খায় ঘৰলৈ যায়। কিন্তু সেইদিনা নিশাৰ আহাৰ খোৱাৰ লগে লগেই এজন এজনকৈ ল’ৰা ছোৱালীবোৰ মাটিত ঢলি পৰিলে। মুখেৰে ফেন বৈ গৈছিল সিহঁতবোৰৰ। তৎমুহুৰ্ততে হুৱাদুৱা লাগি গৈছিল চৌদিশে। বাগনৰ পৰা চাহপাতৰ বেগ কঢ়িয়াই নিয়া ডাঙৰ ট্ৰাকখনতে সকলোকে উঠাই বাহিৰৰ ডাঙৰ চিকিৎসালয়খনলৈ পঠিওৱা হৈছিল।

 হঠাৎ ক’ৰ পৰা কি হ’ল বুলি মুৰে কপালে হাত দি বহা মাষ্টৰ বাবুক কেইগৰাকীমানে লগে লগে আহি জপটিয়াই বান্ধিলে। হেই কি কৰিছা বুলি’, আগবাঢ়ি অহা ইভা আৰু অংগদকো গোহালিৰ পৰা টানি লৈ অহা ৰছীডালেৰে মেৰিয়াই বান্ধিলে। উত্তাল সেই জনতাই মুহুৰ্ততে পাহৰি গ’ল তেওঁলোকে দেৱতাৰ শাৰীত বহুওৱা সেই মানুহজনৰ অৱদান। পাহৰি পেলালে সময় বিশেষে ইভাই বেমাৰৰ দৰৱ অথবা পৰামৰ্শৰে জীৱন বচোৱা জীৱনবোৰৰ কথা। নিতৌ সিহঁতৰে সৈতে উঠা বহা কৰি ঘূৰ্মুটিয়াই ফুৰা কাণসমনীয়া ল’ৰা ছোৱালীহালৰ কথা। দিনটো বৰষুণত তিতি থকা বোকা মাটিৰে ভৰপুৰ কেঁচা বাটটিৰে সিহঁতবোৰে বয়সস্থ মানুহজনক আগে আগে চোঁচৰাই টানি নিলে। পিছে পিছে ইভা আৰু অংগদ। তাৰপিছত গাঁওৰ সেই অশিক্ষিত, উত্তাল জনতা। সকলোৰে শেষত জয়ন্তীক হাতত বান্ধি চোঁচৰাই নিছে চাহ বাগানৰ সেই মিলটোৰ মালিকজনে। ওৰেটো বাট সি জয়ন্তীৰ সৰ্বশৰীৰৰ ওপৰেৰে পিটপিটাই হাত ফুৰাইছে। খহি পৰিব বিচৰা চাদৰৰ আচলখন বন্ধা হাতেৰে ঠিক কৰিব নোৱাৰি তাই পিছত মুখেৰে কামুৰি বুকুখন হলেও ঢাকিবলৈ চেষ্টা কৰিছে। এইবাৰ সেই কুলাংগাৰটোৱে তাইৰ ককালত ভাকুটকুটাই দিছে। টনা আজোৰাত পিছলি পৰা মেখেলাখন দুভৰিৰে চেপি ধৰিয়ে তাই লজ্জা নিবাৰণৰ বৃথা চেষ্টা কৰিছে। লগতে ডিঙি ফালি চিঞৰিছে, “মা....... দাদা....দেউতা....... হে ভগৱান,কৃষ্ণ, কৃষ্ণ। “দেউতাকে উভতি চাই চিঞৰিছে, “ঐ..... মাজনীক এৰি দে....অ...! কিয় পাহৰি গৈছ মোৰ সহায়ৰ হাতখন!!’’ তেনেতে কোনোবা এজনে আহি সেই হাতখনতে কাঠৰ মুৰা এটাৰে প্ৰচণ্ড জোৰত কোব সোলে। আকৌ কোবালে। দেউতাকক আগুৰি ধৰি কান্দি থকা মাকৰো পিঠিতে আন কোনোবাই হালোৱা এচাৰিৰে কোব সোধালে। ডেকা তেজাল দাদাকে হাতৰ জৰীডাল ছিঙি আগবাঢ়ি আহি দুজনক আফাল মাৰি দলিয়াই দিলে। লগে লগে এজনে দাদাকক বগৰাই টানি টানি নি খাৱৈৰ কাষৰ গছ এজোপাত বান্ধিলে। মাক দেউতাককো বান্ধিলে। জয়ন্তীৰ মাতবোৰ ক্ৰমাৎ নুশুনা হৈ পৰিল। তেওঁলোকে কাতৰভাৱে জীৱনদান বিচাৰিলে সিহঁতবোৰৰ ওচৰত। কিন্তু সিহঁতৰ হিয়াৰ কঠিন বৰফ অলপো নগলিলে। বৰঞ্চ হেপাহ পলুৱাই লাঠিৰে কোবাই কোবাই শেষত গাত কেৰাচিন ঢালি, শুকান খেৰৰ জুমুঠি সাজি জুই জ্বলাই তেওলোকৰ গাত লগাই দিলে। তাৰপাছৰ আস্ফালনবোৰ যেন বতাহৰ লগতহে মিলিত হৈ গ’ল। একে সময়তে গাঁৱৰ সকলোবোৰ মানুহ যেন ৰক্তপিপাসী জীৱ একোটিলৈ ৰূপান্তৰিত হৈ গ’ল। যত যুক্তিৰ স্থান নাই , হৃদয়ৰ স্থান নাই। য’ত কেৱল মাথো প্ৰয়োজন মৃত্যুৰ কিৰিলিৰ। সেই চিকাৰবোৰেহে যেন সিহঁতবোৰৰ প্ৰতিশোধৰ দাৱানল শান্ত কৰিব পাৰিব। কেনেকৈ কি হৈ ঢলি পৰিছিল ল’ৰছোৱালীবোৰ , তালৈ কোনোৰে ভ্ৰুক্ষেপ নাই। বিচাৰো লোৱা নাই। অথচ “আমি একো কৰা নাই’’ বুলি চিঞৰি কৈ থকা মানুহজনৰ কথা মূৰত সোমাব নোৱাৰাকৈ সিহঁতৰ মগজুবোৰ খালী হৈ পৰিছিল।এমাহমান আগতে ধান দাই নিয়া তেওঁলোকৰে খেতি পথাৰত পাগলৰ দৰে

হৈ পৰা মানুহবোৰে তেওঁলোকলৈ শেষ চিতা সাজিলে। শৰীৰত জুই জ্বলাই দি ওচৰৰে দ’ খাঁৱৈটোত ঢকিয়াই ঢকিয়াই পেলাই

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড