লৈছিল সিহঁত হালক।
দুয়ো আজলি পাতি লৈছে জীৱনে দিয়া সুখৰ বৃষ্টিকণা। প্ৰেমৰ ওচৰত মৃত্যু আৰু সকলো অপশক্তিয়ে হাৰ মানিছিল। অংগচ্ছেদ হৈ পৰা ভাস্কৰক আইনে উপযুক্ত শাস্তি বিহিছিল। নিজ পত্নীৰ ওপৰত যৌন নিৰ্যাতন, ঘৰুৱা হিংসা, আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা, চৰকাৰী টকা আত্মসাৎ কৰা, উগ্ৰপন্থীৰে গোপনে মিলিত হৈ অনুৰাগ বৰুৱাৰ হত্যাৰ বাবে ষড়যন্ত্ৰ ৰচাৰ দৰে, নিকৃষ্ট গুৰুতৰ অভিযোগত অভিযুক্ত হৈছিল ভাস্কৰ দত্ত।
প্ৰকৃত প্ৰেমৰ আগত হিমালয় সম ওখ প্ৰাচীৰ গলি গলি নিঃশেষ হৈছিল। অনুৰাগ আৰু অমৃতা নিৰ্দোষী প্ৰমাণ হোৱাৰ পিছত দুয়ো আইনগতভাৱে পতি পত্নী হৈছে। বিয়াৰ পিছত দুয়ো মুম্বাই এৰি গাঁৱলৈ ঘূৰি আহিছে। গাঁৱতে নতুন ঘৰ সাজিছে, শিল ইটাৰ ঘৰখনত অমৃতাই প্ৰাণ ঢালিছে।
তাইৰ অনুৰ্বৰ ভূমি অনুৰাগৰ স্পৰ্শত উৰ্বৰ হৈ উঠিছে। অনুৰাগৰ প্ৰেমে সেই উৰ্বৰ ভূমিত আলফুলে বীজ সিঁচিছে....প্ৰেমৰ সেই বীজ সপোন হৈ গজিছে, সেউজীয়া কঠিয়া হৈ লহপহকৈ বাঢ়িব ধৰিছে, উমলিছে।
সপোনটোৰ কি নাম থব, কি নথব তাকে লৈ দুয়োৰে মাজত এটা সৰু মৰম ভৰা খণ্ড যুদ্ধও হৈ গৈছে ইতিমধ্যে। সেই যুদ্ধৰ অন্ত পেলাইছে অনুৰাগৰ মাকজনীয়ে, সপোনটোৰ নাম থোৱাৰ অধিকাৰ হেনো মাথো আইতাকৰহে।
চৌহদৰ সেউজীয়াৰাশিৰ মাজত শ্যামলী আৰু অদিতিয়েও ইণ্টাৰনেটত খুঁচৰি খুঁচৰি নাম বিচাৰিছে। কোনো এটা সন্তোষজনক নামেই বিচাৰি পোৱা নাই দুয়ো।
“ইমান যুদ্ধৰ অন্তত সুখ হৈ অহা ফুলপাহৰ নাম এনেই যি তি থ'লে নহ'ব নহয়।”
নাম বিচাৰি পোৱা নাই বুলি অনুৰাগে মৰম ভৰা কটাক্ষ কৰাত দুয়োজনীয়ে একমুখে উত্তৰ দিছে।
ঘৰখনত হাঁহিৰ ৰোল উঠিছে।
এজাক বৰষুণে ধুৱাই নিছে শাওনৰ কলীয়া আকাশ। ফৰকাল আকাশত সাতোৰঙী ৰামধেনু ওলাইছে। চৌহদৰ সদ্যস্নাত সেউজীয়া পাত, ফুলৰ পাপৰিত পৰি থকা জলকণা কোমল ৰ'দালিত তিৰবিৰাই উঠিছে মুকুতামণিৰ দৰে।
অৰ্দ্ধ আকাশ নহয় পূৰ্ণ আকাশ মোৰ বাবে ই। এখন হেপাহ ৰ নীলা আকাশ যত উৰি ফুৰি আমি ভাগৰুৱা নহও ,এখনি সপোন ৰ আকাশ যাৰ পৰিধি বৰ বিশাল।
॥
—সংগীতা দেৱী—