এনেকৈয়ে ছিঙেনে বান্ধোন
জুৰিমণি ৰাজখোৱা গগৈ
“মোৰ বাবে তুমি আজুৰি নিছিঙিবা
তোমাৰ পদূলিৰ ৰজনীগন্ধা
এতিয়াতো তোমাৰ নহয়...”
শৰতৰ স্নিগ্ধ আকাশখনলৈ চাই বাৰান্দাতে বহি ৰ'ল শ্ৰুতিমালা। আকাশৰ জোনটোক যিদৰে এজাক তৰাই আৱৰি
ৰাখিছে, ঠিক তেনেদৰে এদিন আৱৰি ৰাখিছিল তাইৰ মানুহজন আৰু শহুৰ শাহুৱে। আজি তাই অকলশৰীয়া। নিজৰ বুলিবলৈ
স্নেহাৰ বাহিৰে কোনো নাই তাইৰ কাষত। বৰ অকলশৰীয়া অনুভৱ কৰে তাই এই সন্ধিয়া সময়খিনিত। স্নেহাই পঢ়া টেবুলত
বহি স্কুলৰ হোমৱৰ্কবিলাক কৰি থাকে আৰু তাই বাৰান্দজাতে বহি আকাশলৈ চাই বিভোৰ হৈ পৰে নিজৰ মাজত। ভুমুকি মাৰি
চায় তাই নিজৰ জীৱনৰ পোৱা-নোপোৱাৰ হিচাপৰ পৃথিৱীখনত।
শ্ৰুতিমালাৰ সংসাৰখনৰ সকলোবিলাক ঠিকেই আছিল শ্ৰুতিমালাৰ মানুহজন মাক-দেউতাকৰ একমাত্ৰ সন্তান আছিল।
তাই আছিল ঘৰখনৰ ডাঙৰ ছোৱালী। দেউতাক তাই মেট্ৰিক দিওঁতেই ঢুকাল। তাইৰ পাছত দুজনী ভনীয়েক। বি.এ পাছ কৰাৰ
পাছত এম.এ পঢ়াৰ ইচ্ছা আছিল যদিও ভনীয়েক দুজনীৰ কথা ভাৱি তাই মত দিছিল বিয়াত বহিবলৈ। বিয়াৰ পাছৰ দিনবিলাক
ভালদৰে পাৰ হৈছিল। তাই গমেই নাপালে কেনেকৈ পাৰ হৈ গ'ল এটা মাহ। বিয়াৰ কাৰণে এমাহ ছুটি লৈছিল সৌৰভে আৰু
ছুটি শেষ হোৱাত শ্ৰুতিমালাকো লগত লৈ যাব বিচাৰিছিল কৰ্মস্থলীলৈ। তাইহে শহুৰেক-শাহুৱেকক অকলে এৰি যাবলৈ মন
নকৰিলে। কিমান আশাৰে তাইক বোৱাৰী কৰি আনিছে এইহাল মানুহে। সৌৰভ অকলে যাব ওলাল তাৰ কৰ্মস্থলী নামৰূপলৈ।
সি নামৰূপৰ বাগান এখনত এচিচটেণ্ট মেনেজাৰ হিচাপে কৰ্মৰত। বন্ধ পালেই ঘৰলৈ আহি থাকিব বুলি কৈ থৈ গ'ল শ্ৰুতিক।
শ্ৰতিমালা মাক আৰু সৌৰভ যে দেউতাক হ’ব ওলাইছে খবৰটো শ্ৰুতিয়ে সৌৰভক ফোনত লাজ লাজকৈ জনোৱাৰ
পিছদিনাই ঘৰ ওলাইছিলহি সি। ইয়াত সকলো কাম নিজেই কৰিলে কষ্ট পাব বুলি সৌৰভে তাইক চকুৰ আগত ৰাখি যত্ন ল’ব
লাগিব বুলি বাগানলৈ লৈ গ'ল। কথাটো শ্ৰুতিমালাইও বেয়া নাপালে। এনেকুৱা সময়ত নিজৰ মানুহজন কাষত থাকিলে ভাল।
বাগানৰ হস্পিটেলতে তাইৰ আৰু সৌৰভৰ যুগ্মজীৱনৰ সাক্ষী স্বৰূপ স্নেহাৰ জন্ম হৈছিল। লাহে লাহে স্নেহা ডাঙৰ হৈছিল
বাগানৰ বাংলোতে। হোক যত্ন লোৱাৰ বিশেষ কামনাথাকেই শ্ৰুতিমালাৰ। সেহাক গাধুওৱা,কাপোৰ ধোৱা এই সকলোবিলাক
কৰিবলৈ মানুহ ৰাখিছে সৌৰভে। শ্ৰুতিমালাৰ কৰিবলগা একো নাথাকেই। সৌৰভ অফিচলৈ ওলাই যোৱাৰ পিছৰ সময়খিনিহে
বৰ আমনি লাগে তাইৰ। হ'ল বুলিয়েইনো আৰু টি.ভিটোকে কিমান চাই থাকিব। থাকোতে কাম কৰা মানুহ বহুত আছে সিহঁতৰ
বাংলোটোত। কিন্তু তাই কথা পাতিব নোৱাৰে সিহঁতৰ লগত। বেয়া পায় সৌৰভে। আমনি লাগে শ্ৰুতিমালাৰ এনেদৰে
অলসভাৱে কটাবলৈ। সৰুৰে পৰা জাকৰুৱা মানুহৰ মাজত থাকি ডাঙৰ হোৱা ছোৱালী। ক'ৰবাত কিবা এটা কৰি এই আলসতাৰ
পৰা মুক্তি পোৱাৰ চিন্তাও আহে শ্ৰুতিমালাৰ। বিয়াৰ পিছতে টেট পৰীক্ষা দি পাছে কৰি থৈছে তাই। স্নেহা গাত থকাৰ কাৰণে
চাকৰি বিচৰা নহ'ল। এই আমনি লগা কথাতো তাই প্ৰায়ে কয় সৌৰভক। শ্ৰুতিমালাৰ ইচ্ছা অনুসৰিয়েই আৰু মাক-দেউতাকৰ
কথা ভাৱি অৱশেষত এদিন ঘৰত থৈ গৈছিলহি তাইক আৰু কণমাণি হোক। তাই বুজাইছিল সৌৰভক — বৃদ্ধ বয়সত
অকলেৱ মাক-দেউতাকহালক এৰি থকাতো অনুচিত হৈছে। এইটো বয়সত বোৱাৰীগৰাকী তেওঁলোকৰ কাষত থকাটো দৰকাৰী
আৰু স্নেহাও ককা-আইতাকৰ মৰমৰ মাজত ডাঙৰ হ’ব। সময় পালে সৌৰভ আহি থাকিব ঘৰলৈ।
হয়তো সেয়াই ভুল হ'ল তাইৰ। যিহাল মানুহক সংগ দিবলৈকৈ নিজৰ মানুহজনৰ পৰা গুচি আহিছিল শ্ৰুতিমালা,
সেইহাল মানুহেই বিশেষকৈ শাহুৱেনকে কথা শুনাই থাকে। বয়সত জ্যেষ্ঠ, তাতে নিজৰ মানুহজনৰ মাক বুলিয়েই মাত এষাৰ
নমতাকৈ সকলোবিলাক সহি গৈছিল শ্ৰুতিমালাই।
অৰ্ধ-আকাশঃ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড