বুকুখন বিষোৱা নাছিল নে আন্ধাৰৰ
সুযোগত মোক এৰি যাওঁতে?
মাতৃদুগ্ধ বোলে অমৃত!
মই অমৃত বঞ্চিতা তোমাৰ মাজনী......
গোটেই ৰাতি বৰষুণে মোৰ শৰীৰ তিয়াই পেলাওঁতে
শাঁত পাৰিছিল নে তোমাৰ হিয়া?
নে
তুমিও জুৰুলি জুপুৰি হৈছিলা তোমাৰ
পাপৰ প্ৰায়চিত্ত বিচাৰি?
আজি মই বাতৰিৰ শিৰোনামা।
তুমি বাৰু গৰ্বিত নে মা ...তোমাৰ সন্তান যে
আজি সৰ্বজনবিদিতা?
পৃথিৱীখনত প্ৰেম আছে;
আছে আন্তৰিকতা..
পৰোপকাৰ মৰম.. দয়াশীলতা।
আছে তোমাৰ দৰে হৃদয়হীনা ও.....
এইয়া আই. চি.ইউ.ৰ ভিতৰত এজাক মানৱীয় অনুভূতিৰ শুশ্ৰুষাত মই উশাহ লৈছোঁ ...
সুঘ্ৰাণ লৈছে অনাত্মীয়ৰ
সহবাস কৰিবলৈ হয়তো শিকিম
হাঁহিবলৈ অথবা যুঁজিবলৈয়ো
বাহিৰত! মোক বিচাৰি হেতা ওপৰা
দেখিছা নে আই...
শুনিছানে মমতাময়ী সন্তানহীনা নাৰীৰ হাহাকাৰ
নকপিল এবাৰলৈও তোমাৰ অন্তৰাত্মা
মই গুচি যাম হয়তো কাইলৈ কাৰোবাৰ
জ্বলা কলিজা শাঁত পেলাবলৈ...
শূন্য কোলা পূৰ্ণ কৰিবলৈ।
কেলেণ্ডাৰৰ পৃষ্ঠা লুটি খাব।
তুমি পাহৰি যাবা মোক;
হয়তো ময়ো পাহৰি যাম তোমাৰ গৰ্ভৰ অন্ধকাৰ কোঠালিৰ গভীৰতাক।
অৰ্দ্ধ-আকাশ ⵓ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড