পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৬

 : জুপি! তুমিতাে মােৰ ছাঁ। আৰু বাসৱী মােৰ অতীত। সেই নিষ্ঠুৰ অতীতক তােমাৰ সমুখলৈ আনিবলৈ মােৰ সাধ্য নাছিল। কাৰণ মই তােমাৰ পৰা সম্পূর্ণ প্রেম বিচাৰিছিলোঁ। আনকি আশীষৰ প্ৰতিও মােৰ হিংসাৰ ভাৱ জন্মিছিল। আনহাতে মােৰ বাদে বাসৱীৰ কোনাে শুভাকাংক্ষী নাছিল। তাই মােৰ ল’ৰালিৰ লগৰী। একেলগে প্রতিটো ক্লাছ পাৰ হৈ এটা সময়ত মই গুৱাহাটীৰ ইঞ্জিনীয়াৰিং কলেজত পঢ়িবলৈ আহিছিলাে আৰু তাই ৰৈ গৈছিল গাঁৱতেই। দৈনিক বাছেৰে তাই চহৰৰ কলেজখনলৈ অহা-যােৱা কৰিছিল। তাই কেনেকৈ মােৰ প্ৰেম হৈ পৰিছিল সেয়া ময়াে নাজানাে। ঘৰৰ মানুহেও আমাৰ প্ৰেমৰ বাটত বিধি- পথালি দিয়া নাছিল। তাই মােৰ সমবয়সীয়া। এই কথাটো লৈ দুই-এজনে আপত্তি কৰাৰ থল আছিল। কিন্তু সিমানলৈ তাই মােৰ হৈ নাথাকিল। মােৰ অনুপস্থিতিত এক বিভীষিকাই তাইৰ জীৱনটো ধ্বংস কৰি পেলালে । আৰু চিৰদিনৰ বাবে অনিচ্ছাস্বত্বেও মই তাইক মােৰ জীৱনৰ পৰা উলিয়াই দিছিলোঁ।

 : জীৱনৰ পৰা উলিয়াই দিছিলা। হৃদয়ৰ পৰা নহয়। সেইখন হৃদয় য’ত কেৱল বাসৱী আছে, সেয়া মই নিজৰ বুলি কেতিয়াও দাবী কৰাৰ যুক্তি নাছিল। ভুল হৈ গ’ল মােৰ। কিন্তু কিয় বাসৱীক তুমি আপােন কৰি ল’ব নােৱাৰিলা?

 : সমাজক ভয় মই কৰা নাছিলাে। সমাজৰ ভিত্তিহীন যুক্তিক বুঢ়া আঙুলি দেখুৱাই বাসৱীক আপােন কৰাৰ সাহস মােৰ আছিল। কিন্তু মই পিতাৰ বাক্যবাণত আৱদ্ধ হৈছিলোঁ। মােৰ প্ৰেমৰ বাবে পিতাক হেৰুৱাব খােজা নাছিলোঁ। ঘটনাটোৰ বিষয়ে জানিব পাৰি মই দৌৰি আহিছিলোঁ বাসৱীৰ কাষলৈ। তাইৰ চিকিৎসা সম্পূর্ণ নােহােৱালৈকে তাইৰ ছাঁ হৈ আছিলোঁ মই। তাইৰ মানসিক স্থিতি দেখিয়েই পঢ়া শেষ কৰি চাকৰিত সােমােৱালৈ নৰৈ গুৱাহাটীলৈ যােৱাৰ আগতেই তাইক আঙুঠি পিন্ধোৱাৰ প্ৰস্তাৱ পিতাৰ আগত দিছিলোঁহি। কিন্তু পিতাই নস্যাৎ কৰিছিল। অঁ’ জুপি। পিতাই নস্যাৎ কৰিছিল আমাৰ ভালপােৱা । আমাৰ সম্পর্ক। যুক্তি এটাই, ধর্ষিতা এগৰাকী কেতিয়াও বিখ্যাত মৌজাদাৰ বংশৰ বােৱাৰী হ’ব নােৱাৰে। মােৰ ওচৰত পিতাই দুটা বিকল্প ৰাখিছিল— তেওঁৰ জীৱন অথবা বাসৱীৰ হাত। আৰু সেই মুহূর্তত মই কি কৰিম কোৱা? কাপুৰুষ নহৈ পাৰিমনে? হস্পিতালৰ বিছনাত বাসৱীক এৰি চোৰৰ দৰে পলাইছিলোঁ মই গুৱাহাটীলৈ।

 মূক হৈ পৰিলাে মই। জহি-খহি যােৱা জীৱন এটাক কিছু পৰ আগলৈকে মই তৃতীয় বুলি ভুল কৰিছিলোঁ। কেনেকৈ সহিছিল বাৰু বাসৱীয়ে দেহ-মনৰ সেই নিৰন্তৰ খহনীয়া?

 : জানা জুপি, কলেজৰ পৰা শেষ বাছখনত ঘৰলৈ ঘূৰি আহোঁতে আন্ধাৰেই হৈছিল বােলে সেইদিনা। এজাক পশােৱে সেই সুযােগতে তাইৰ শৰীৰটোক হেঁপাহ পলুৱাই ভক্ষণ কৰিছিল। মুমুর্ষ অৱস্থাত কালভার্ট এটাৰ তলৰ পৰা তাইক উদ্ধাৰ কৰা হৈছিল। মানুহৰ মুখত শুনিছিলাে, মই তাইক এৰি যােৱাৰ পিছত তাই হেনাে আত্মহত্যা কৰিব খুজিছিল। কিন্তু মাক-দেউতাকৰ মুখলৈকে চাই তাই নতুনকৈ জীৱন যাপন কৰাৰ সিদ্ধান্ত লৈছিল। দেউতাকে লাগি-ভাগি তিনিচুকীয়ালৈ চাকৰিৰ ট্রেন্সফাৰ হৈ গুচি গৈছিল। তাতেই তাই বাকীখিনি পঢ়া-শুনা সম্পূর্ণ কৰি প্ৰথমতে এখন কলেজত আৰু পিছলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিগাজিকৈ চাকৰি পাইছিল। তেতিয়াৰ পৰাই নাহৰৰ দেশত তাইৰ বসতি।

 : মই আচৰিত হৈছাে অনুপ। নিজৰ প্ৰেয়সীক কেনেকৈ সেই অৱস্থাত এৰি থৈ তুমি পলায়ন কৰিব পাৰিলা? আস্ অনুপ! তােমাক কেনেকৈ যে মই দেৱদূত বুলি ভুল কৰিলোঁ ! তুমি ওৰেটো জীৱন মােক সত্যৰ পৰা দূৰত ৰাখিলা। আথানি- আবানি মােৰ জীৱনটোক যি সাহসী প্রতিশ্রুতিৰে তুমি উদ্ভাসিত কৰি তুলিলা, তাৰ বাবে নিঃসন্দেহে আজীৱন তােমাৰ ওচৰত মই ঋণী। কিন্তু নাৰী হিচাপে কেনেকৈ বাৰু সহ্য কৰাে বাসৱীক তুমি কৰা প্ৰতাৰণাৰ জুইৰ সেই উত্তাপ? কিয় ইমান ডাঙৰ ভুল কৰিলা অনুপ? কিয় ?

 তুমি নুবুজিবা জুপি। কোনেও নুবুজিব মােৰ ব্যথা। কেনেকৈ বিহৰ বটলটো পিতাৰ হাতৰ পৰা মই কাঢ়ি আনিছিলোঁ তুমি অনুমান কৰিবও নােৱাৰা। সেই ঘটনাৰ ন বছৰ পিছত এপাহ পাৰিজাত হৈ তুমি আহিছিলা মােৰ জীৱনলৈ। ইতিমধ্যে বাসৱীয়ে প্রতিষ্ঠা লাভ কৰিছিল। তাইৰ উদ্‌গতিত মই সন্তোষ পাইছিলোঁ। তাইৰ হাত এৰি পিতা বচন দিছিলোঁ। কাৰণ জানিছিলোঁ মই, পাৰাপাৰহীন যাতনা ভুগিও বাসৱীয়ে জীৱনৰ লগত যুঁজিব। তাই ভীৰু নহয়।

 অপলক দৃষ্টিৰে চাব খুজিছিলোঁ মই বাসৱীৰ জীৱন পৃষ্ঠা। কি ঈর্ষনীয় সাহসেৰে তেওঁ জীৱনটো আতােলতােলকৈ গঢ়িলে! ভাঙি-চিঙি টুকুৰা-টুকুৰ হৈ পৰা অন্তৰখন নিজ হাতত নিজেই তুলি কমাৰশাললৈ লৈ গৈ নতুনকৈ নিৰ্মাণ কৰিলে। অথচ সঞ্জীৱনী প্রাণেৰে গঢ়ি তােলা শক্তিশালী জীৱনটোক অন্য কোনাে পুৰুষৰ প্ৰাণৰ স্পৰ্শৰে দুর্বল কৰিব নুখুজিলে। সেই

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড