অনুৰাগৰ দুচকুত সেই একেই কৌতুক ভৰা চাৱনি।
: কি মিছা ক’লো? আৰু সঁচা কবলৈ ভয় কৰিম কিয়?
: ঠিক আছে ... ডু ইউ লাভ মি?? সঁচা ক'বি।
নিৰ্বাক হৈ পৰিল অমৃতা।
বিস্মিত চকুযুৰীৰে, ৰক্তিম দুগালেৰে তাই অবাক হৈ চাই ৰল অনুৰাগৰ গম্ভীৰ হৈ উঠা চকুৰ চাৱনীলৈ।
এটি ধুনীয়া সপোনৰ দৰে পাৰ হৈছে দিনবোৰ আৰু ৰাতিবোৰ। অপাৰ সুখ অনুভৱ কৰিছে তাই ..দুখৰ অনুভৱ বোৰ বহু দূৰৈত ৰৈ গৈছেহি... ব্যথা, যন্ত্ৰণাবোৰে ভুমুকি মাৰিবলৈ সুযোগ পোৱা নাই।
আচৰিত হৈছে অমৃতাই নিজেও।
মুম্বাইৰ শ্বাসৰুদ্ধকৰ সময়বোৰৰ আগত নিজৰ হাৰ স্বীকাৰ কৰি এমুঠি শ্লিপিং টেবলেটক নিজৰ সাৰথি কৰি লোৱা অমৃতাজনী আৰু এইজনী অমৃতাৰ মাজত যেন আকাশ পাতাল পাৰ্থক্য।
অনুৰাগ আৰু অমৃতাই এই কেইদিনত মনভৰাই কথা পাতিছে... শৈশৱৰ স্মৃতি ৰোমন্থন কৰিছে, কথাই কথাই হাঁহিছে, আকৌ মাজে মাজে অভিমান ভৰা কাজিয়াও কৰিছে।
ডিপ্ৰেছনত ভুগি খাবলৈ, শুবলৈ পাহৰি যোৱা অমৃতাই সুস্বাদু আহাৰ পেট পুৰাই খাই শিপিং টেবলেট নোলোৱাকৈয়ে গভীৰ নিদ্ৰাত ডুব গৈছে... আকৌ অমৃতাৰ গভীৰ নিদ্ৰাচ্ছন্ন মুখখনি চাই প্ৰশান্তিত উজ্জ্বলি উঠিছে অনুৰাগৰ চকুহাল।
অনুৰাগে কেইবাবাৰো তাইক লগ ধৰিছে বাহিৰলৈ ....গাঁওখনত ফুৰিবলৈ, গৰাত বহি শাওনৰ ভৰ নদীখন চাবলৈ, সেউজীয়া পথাৰ চাবলৈ। পিছে নানা অজুহাত দেখুৱাই তাই নাযায় নিজেও, আৰু তাকো যাব নিদিয়ে।
অমৃতাই মনত ৰাখিছে অনুৰাগৰ মাকে কোৱা কথাবোৰ।
তাই পাহৰি যোৱা নাই, কিমান বিপদসংকুল এই ঠাইখন অনুৰাগৰ বাবে।
অমৃতাই লক্ষ কৰে অনুৰাগক, তাৰ দেখোন অকণো ভয় নাই একোলৈ ... ভয় নাই বন্দুকৰ গুলিলৈও।
অনুৰাগৰ জীৱন সংকটত আছে নেকি বাৰু সচাকৈ!!
কথাষাৰ ভাবিলেই বুকু কঁপি উঠে তাইৰ ... ভয়, শংকাত নীলা পৰিব খোজে তাই।
কিন্তু ইমান চিন্তা কৰিবলৈ অনুৰাগে তাইক অৱকাশ কত দিয়ে?
গাঁওখন চাবলৈ বাহিৰলৈ ওলাই নগলেও, খিৰিকীৰ কাষত নতুবা বাৰাণ্ডাত বহি দুয়ো উপভোগ কৰিছে গাঁওখনৰ চেঁচা বতাহ, জৰজৰাই খহি অহা বৰষুণ...আকৌ মাজে মাজে উপভোগ কৰিছে ৰৌদ্ৰোজ্জ্বল নিলীম আকাশ.. জোনাক ভৰা নিশা..
মলয়ৰ পৰশত লয়লাস ভংগীত নৃত্যৰত গছ বিৰিখৰ পাত।
তাৰ মাজতেও আকৌ কেতিয়াবা সি অমৃতাক নিৰ্বাক কৰি দিয়ে, অস্বস্তিত পেলায় সেই একেই অদ্ভুত প্ৰশ্ন বাৰে বাৰে সুধি।
“ডু ইউ লাভ মি?”
ভ্ৰূ কুঞ্চিত কৰি, কৃত্ৰিম খং দেখুৱাই ঘোপাকৈ চাই ৰয় তাই অনুৰাগৰ দুচকুলৈ।
এনেকুৱা অদ্ভুত প্ৰশ্নও কৰিব লাগেনে সি ..!
এই প্ৰশ্নৰ উত্তৰ নাই মোৰ লগত।
তাই গহীনাই উত্তৰ দিয়ে প্ৰতিবাৰেই।
: কিয় নাই? মোক সুধি চা নহলে একেটা প্ৰশ্ন!!
মই ধুনীয়াকৈ উত্তৰ দিম।
দুষ্টামি ভৰা হাঁহি জিলিকি উঠে তাৰ চকুৱে, মুখে।
: উফ... অনু ... মোৰ অধিকাৰ নাই তোক তেনেকুৱা প্ৰশ্ন কৰিবলৈ।
: অধিকাৰ মই তোক দিছো। তোৰ সম্পূৰ্ণ অধিকাৰ আছে মোৰ ওপৰত।
অত্যন্ত গম্ভীৰ হৈ পৰে অনুৰাগৰ কণ্ঠ।