পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৬১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দেখা নাপালে। তাই ঘূৰি দুৱাৰৰ ফালে আহিবলৈ লওতেই পুনৰ দ্ৰয়াৰ খোলাৰ শব্দ হ'ল। তাই পাঁচোটা দ্ৰয়াৰ পুনৰ খুলি তন্ন তন্নকৈ চালে আৰু একেবাৰে তলৰ দ্ৰয়াৰটো খুলি চাওতে ভিতৰলৈ অন্য এটা সৰু দ্ৰয়াৰ দেখা পালে। প্ৰথম দৃষ্টিত সেইটোও যে এটা দ্ৰয়াৰ ধৰিবই নোৱাৰি। সহজে খুলিব নোৱাৰা দুয়াৰতো গাৰ সমস্ত জোৰ প্ৰয়োগ কৰি তাই খুলিলে। ভিতৰত এখন উৱলি যাবলৈ ধৰা ডায়েৰী দেখা পালে তাই। ডায়েৰীখন হাতত লৈ তাই দুৱাৰৰ ফালে খোজ দিলে। ৰূমৰ বাহিৰলৈ উলোৱাৰ লগে লগে দুৱাৰখন জোৰেৰে বন্ধ হৈ গ'ল। কিছুপৰ তাই থৰ হৈ চাই থাকিল সেইফালে। তাৰ পাছত খৰখোজেৰে নিজৰ ৰূম পালেগৈ। আৰামী চকীখনত বহি তাই ডায়েৰীখনৰ প্ৰথম পৃষ্ঠাটোত চকু ফুৰালে। অতি সুন্দৰ হাতৰ আখৰেৰে এটা নাম জিলিকি আছিল পৃষ্ঠাটোত-

‘ ৰাজনন্দিনী চলিহা’

(৩)

 নীহাৰিকাই একে উশাহে পঢ়ি গ'ল ৰাজনন্দিনী চলিহাৰ ডায়েৰীখন। ডায়েৰীখন পঢ়ি যাঁওতে প্ৰায় সকলোবোৰ ৰহস্যই এটা এটাকৈ খোল খাবলৈ ধৰিলে।
 ৰাজনন্দিনী চলিহা − প্ৰতাপ চলিহাৰ একমাত্ৰ জী ৰাজনন্দিনী এটি জুৰিৰ দৰেই চঞ্চল, পখিলা এটিৰ দৰেই ৰাংঢালী। সৰুৰে পৰাই যথেষ্ট আলাসত ডাঙৰ হোৱা নন্দিনী কিন্তু এখন বিশাল হৃদয়ৰ গৰাকী আছিল। দেউতাকৰ কাঢ়া শাসনৰ মাজত থাকি ডাঙৰ হোৱা নন্দিনী সুযোগ পালেই গাঁৱৰ দুখীয়া-নিচলা লোকসকলৰ ওচৰ পাইছিলগৈ। তাইৰ লগৰীয়া বোৰো এই দুখীয়াসকলৰ মাজৰেই আছিল। কাঠৰ ব্যৱসায় কৰা প্ৰতাপ চলিহাৰ উঠা-বহা সমাজৰ উচ্চস্থানীয় ব্যক্তিবোৰৰ লগত আছিল, দুখীয়া লোক সকলক তেওঁ প্ৰায়ে অৱজ্ঞাৰ দৃষ্টিৰে চাইছিল। নন্দিনীৰ ফুল, গছ ইত্যাদিৰ প্ৰতি সৰুৰে পৰাই আকৰ্ষণ আছিল। তাইৰ আব্দাৰতেই দেউতাকে বিভিন্ন ঠাইৰ পৰা বাৰে ৰহণীয়া ফুল আৰু বিভিন্ন সঁচৰ গছৰ পুলি আনি ঘৰৰ চৌহদ সেউজীয়া কৰি তুলিছিল। এই অজস্ৰ গছ-গছনি আৰু ফুলবোৰৰ পৰিচৰ্যা কৰিবলৈ তেওঁ গাঁৱৰ একেবাৰে মূৰলৈ থকা যাদৱক দায়িত্ব দিছিল। যাদৱক পৰিয়ালৰ সৈতে থকাৰ সুবিধা কৰি দি চলিহাই তেওঁলোকৰ পিছ চোতালতে এটি বাঁহৰ ঘৰ সাজি দিছিল। যাদৱৰ পত্নী মালতীয়ে তেওঁলোকৰ ঘৰৰ ভিতৰা কাম কাজবোৰৰ চোৱা-চিতা কৰিছিল। এই যাদৱ আৰু তেওঁৰ পত্নীক নন্দিনীয়ে খুড়া-খুড়ী সম্বোধন কৰি তেওঁলোকৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিছিল।
 লাহে লাহে ডাঙৰ হৈ আহি নন্দিনীয়ে যৌৱনত ভৰি দিলে। তাইৰ ৰূপ-গুণৰ প্ৰশংসা বিয়পি পৰিল সমগ্ৰ বিষ্ণুপুৰত। তাইক চহৰৰ নামী কলেজত পঢ়ুৱাৰ দেউতাকৰ বহুদিনীয়া সপোন ধূলিস্যাৎ কৰি তাই নামভৰ্তি কৰিলে বিষ্ণুপুৰ কলেজত। দেউতাকৰ তীব্ৰ হুংকাৰ, ককৰ্থনা, বুজনি একোৱেই তাইক মনাব নোৱাৰিলে। লাহে লাহে দেউতাকৰ বিৰোধিতা কৰিবলৈ তাই শিকিছিল। ব্যৱসায়ৰ নামত প্ৰায়ে বাহিৰত ঘূৰি ফুৰা দেউতাকৰ মাকৰ প্ৰতি থকা অৱহেলাৰ ভাৱে তাইক চলিহাৰ প্ৰতি খঙাল ও অভিমানী কৰি তুলিছিল। তাই হৈ পৰিছিল চলিহাৰ সম্পূৰ্ণ বিপৰীত এজনী শান্ত, সহজ-সৰল, দৰদী অথচ ভীষণ জেদী ছোৱালী। অৱশ্যে ভীষণ জেদী স্বভাৱটো তাই দেউতাকৰ পৰাই পাইছিল। আনহাতে অন্য গুণবোৰ তাই পাইছিল হোজা মাকজনীৰ পৰা।
 বিষ্ণুপুৰ কলেজলৈ যোৱাৰ পাছতেই কলেজৰ প্ৰত্যেক যুৱকৰে হৃদয়ত খলকনি তুলিবলৈ সক্ষম হৈছিল নন্দিনী। অৱশ্যে বহু যুৱকে তাইৰ পৰিচয় জানিব পাৰি সমীহ কৰি চলিছিল তাইক। বহুতো ডেকাৰ নয়নৰ মণি আছিল তাই যদিও তাইক কোনেও প্ৰেম নিবেদন কৰিবলৈ সাহস কৰা নাছিল একমাত্ৰ তাইৰ দেউতাকৰ বাবেই। আৰু এনেবোৰ দিনতেই তাইৰ জীৱনলৈ প্ৰৱেশ ঘটিছিল তাইৰ সপোন কোঁৱৰ মাধুৰ্য বৰুৱাৰ। সৰু কলেজখনৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় মাধুৰ্য্য আছিল কলেজৰ সাধাৰণ সম্পাদক। নন্দিনীৰ প্ৰেমপাত্ৰ হ'ব পৰাকৈ তাৰ সকলোবোৰ গুণেই আছিল। পঢ়া-শুনাত মেধাৱী, অভিনয়, সংগীত সকলোতে পাৰ্গত তাৰ ব্যক্তিত্বই নন্দিনীক সহজেই আকৰ্ষণ কৰিছিল। দুয়োৰে মাজত বন্ধুত্ব সুদৃঢ় হৈছিল অতি সোনকালেই। নন্দিনীয়ে তাইৰ আচল পৰিচয় লুকুৱাইছিল মাধুৰ্য্যৰ পৰা। তাইৰো সহজ সৰল আৰু ৰাংঢালী স্বভাৱটোৱে তাক বৰকৈ আকৰ্ষণ কৰিছিল। আৰু এনেদৰেই দুয়ো দুয়োৰে প্ৰেমত পৰিছিল। তাহাঁতৰ গভীৰ প্ৰেমৰ কাহিনী বিয়পি পৰিছিল সৰু ঠাইখনত। এদিন মাধুৰ্য্যই ৰাজনন্দিনীৰ আচল পৰিচয় জানিছিল, যিটো কথাই তাৰ প্ৰেমৰ ওপৰত কোনো প্ৰভাৱ পেলাব পৰা নাছিল। তাহতৰ প্ৰেম সৰ্চা আছিল, প্ৰকৃত আছিল, স্বৰ্গীয় আছিল, যুগমীয়া আছিল। এদিন চলিহাৰ এই ঘৰখনত ধুমুহা বলিছিল যিদিনা