সুমুৱাই ল’বলৈ।
সুখ্যাতিৰ মালা ডিঙিত ওলোমাই নিৰ্দিষ্ট সময়মতেই আশীষ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ওলাই আহিছিল। এমুখ প্ৰাণভৰা হাঁহি লৈ ওলাই আহিছিলোঁ আমিও। কিন্তু আশীষ আকাশৰ তৰা হৈ জিলিকিছিল। তাৰ প্ৰজ্ঞা আৰু সুগভীৰ জ্ঞানৰ তিৰবিৰ জিলিকিনি হাতেৰে চুই চাইছিলোঁ মই। এৰা, সিয়েই ইমানখিনি অধিকাৰ দি থৈছিলহি মোক।
ঘৰলৈ ওভতাৰ আগদিনা আমি অলপ ওলাই আহিছিলো। সন্ধিয়াৰ সিদিনাৰ মেলত ইটোৰ পিছত সিটোকৈ আমি যে কি কথা পতা নাছিলোঁ? সূতলাহিৰ নিচিনাকৈ আমাৰ কথাবোৰ পাক খাই ধৰিছিল। হঠাৎ আশীষে মোক হাতত ধৰি বহাৰ পৰা উঠাই দিছিল। আচৰিত হৈছিলোঁ মই। চকু দুটা বহলাই মেলি লৈ তালৈকে চাই ৰৈছিলোঁ। নীহাৰ, অনিৰ্বাণ আৰু অৱন্তীয়েও ঘটনাৰ আকস্মিকতাত আচৰিত হৈ আমালৈ চাই আছিল। মোৰ সোঁহাতখন তাৰ বুকুত থৈ সি মোক ব্যগ্ৰতাৰে সুধিছিল-
: এনেকৈয়ে সদায় মোৰেই হৈ ৰ’বিনে তই?
আমাৰ ভালপোৱা কাৰো অজ্ঞাতে নাছিল। পৰিপক্ক দুখন হৃদয়ৰ অনিশেষ বাঞ্ছাক সিহঁতেও ওচৰৰ পৰাই জানিছিল। উপলব্ধি কৰিছিল ঐশ্বৰিক অনুভৱৰ সেই পুৰাতন নিৰ্যাস এৰা, সিহঁতেও প্ৰতিপাল কৰিব খুজিছিল আমাৰ আত্মীয়তাক। মায়াময় ভাবনাৰ আলফুল উৰণীয়া চিলাক।
কি কম মই? এনেকুৱা সময়ৰ বুলনিত কেনেকৈ খোজ থোৱা যায়, আয়ে মোক শিকোৱা নাছিল। বিস্ময় বিমুগ্ধ হৈ তালৈকে চাই আছিলোঁহি মই। বুকুৰ অভ্যন্তৰ ঘোদালি পেলোৱা এই ক্ষণত কি শব্দ ব্যৱহাৰ কৰা যায়? অথিৰ-অবিৰ সেই মুহূৰ্তই যেন মোৰ বুকুতেই থিতাপি লাগি বহিলহি।
: কিবা সুধিছো অ’ তোক?
আশীষৰ মাতত চমক খাই উঠিছিলো মই। এৰা, তাৰ দুচকুত যেন এখনি ঘৰ দেখা পাইছিলো। আন্তৰিক আশ্ৰয় আৰু সুপ্ৰশস্ত নিৰাপত্তাৰে তিল তিলকৈ সজাই তোলা এখনি ঘৰ। তাৰ দুচকুলৈ চাই থাকিয়েই মূৰটো দুপিয়াই দিছিলোঁ মই। ভাষাহীন নীৰৱতাত সিও বুৰ গৈছিল। অথচ ঠিক তেতিয়াই মোৰ হাতখন সি জোৰকৈ চেপি ধৰিছিল।
আৰু এনেকৈয়ে হৃদয়ৰ পৰা হৃদয়লৈ বোৱা নৈখনিৰ সোঁত তীব্ৰ হৈছিল। আমাৰ নতুন পৃথিৱীখনৰ সুঘ্ৰাণ লৈ নীড়মুখী হৈছিলোঁহি দুই প্ৰাণৰ বান্ধৱ। অত্যন্ত লাহ-বিলাসত ডাঙৰ হোৱা মোৰ বাবে আশীষৰ সংগ আছিল জীৱন অভিজ্ঞতাৰ একো- একোটি পাঠ। তাৰ বাস্তৱিক জ্ঞানৰ সংহতিয়ে মোৰ চিন্তাধাৰাক আলোড়িত কৰিছিল। নিঃকিন মানুহৰ অন্তৰ ময়ো পঢ়িব পৰা হৈছিলোঁগৈ। পেটৰ ভোক আৰু দেহ ঢাকিবলৈ প্ৰয়োজন হোৱা দুটুকুৰা কাপোৰৰ বাবেও যে মানুহে কেনেকৈ দিন-ৰাত সংগ্ৰাম কৰিব লাগে, প্ৰথমবাৰৰ বাবে স্বচক্ষে অনুভৱ কৰিছিলো মই। অন্তৰাত্মা কঁপি উঠিছিল,যেতিয়া দেখিছিলো ফুটপাথৰ কিনাৰত অস্পৃশ্য লেতেৰা পুতিগন্ধময় পৰিবেশত শুকাই লেৰেলি যোৱা চৰ্মৰে শৰীৰ ঢাকি কোনোবাই গুণগুণাই ভাত ৰান্ধি থাকে আৰু তেওঁক আগুৰি এগালে টকালি পাৰি পাৰি সেই খানা খায়। আচলতে এইবোৰ নতুন নাছিলেই। কিন্তু আভিজাত্য ভৰা দুচকুৰ দৃষ্টি খহাই থৈ নিপীড়িত নিস্পেষিতৰ জীয়াই থকাৰ যুঁজখন চাবলৈ শিকিছিলোঁ আশীষৰ পৰা। আশীষে দেখুৱাইছিল। মোক সমাজৰ দুটা শ্ৰেণীৰ মাজৰ ব্যৱধান। সমাজৰ চো কল্ড দুৱেল চোচাইটিৰ স্বৰূপ।
দিল্লীৰ পৰা আহিয়েই সি কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনত নিযুক্তি পাইছিল। জীৱনৰ প্ৰতিটো সুখৰ ছাবি তাৰ দুমুঠিতেই আছিল। সুখ, সন্তোষ আৰু সুখ্যাতিয়ে তাৰ বাটত তৰা জিলিকাদি জিলিকিছিল। কিন্তু সমাজৰ নিপীড়িত দুৰ্বল শ্ৰেণীৰ জনতাৰ হকে যুঁজ দিয়াটোহে তাৰ জীৱনৰ উদ্দেশ্য আছিল। এদিন স্পষ্টভাৱে সুধিছিল সি মোক—
চা জুপি। প্ৰত্যেকৰ দৰে মোৰো এখন হৃদয় আছে। আৰু সেই হৃদয়ত কেৱল তই আছ। সম্পূৰ্ণ সচেতনতা আৰু আন্তৰিকতাৰে বহু আগতেই মোৰ অন্তৰত তোক মোৰ পত্নীৰ স্বীকৃতি দি থৈছোঁ। যদি জীৱনত মই কাৰোবাৰ পাণি গ্ৰহণ কৰিম, সেয়া নিতান্তই মাথোঁ তোৰ হ’ব। কিন্তু মই মাত্ৰ তোক ভাল পাওঁ। তোৰ আভিজাত্যৰে মেৰ খাই থকা জীৱনশৈলী মোৰ সহিষ্ণুত্তাৰ পৰিধিৰ বাহিৰত। যদি আহি থকা দিনবোৰ তয়ো মই ভবাৰ দৰেই পালন কৰিব খুজিছ, তেন্তে লাহ-বিলাসৰ আৱৰণ তই খহাই পেলাব লাগিব। সাধাৰণ মানুহৰ দৰে মাথোঁ মানুহ হৈ জীয়াই থাকিব লাগিব। তই উপভোগ কৰি অহা বিলাসী জীৱন মোৰ পত্নী হৈ তই দলিয়াই দিব পাৰিব লাগিব। সেয়ে কৈছো, আমাৰ সম্পৰ্কৰ কথাটো ঘৰত জনোৱাৰ আগতে আকৌ এবাৰ ভালকৈ ভাবি চা।”