পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০০

সকলোৱে পাহৰি আছিল। মাকণেও কেঁচুৱাজনীক বুকুতে লৈ ঘৰুৱা কামবোৰ কৰি ফুৰিছিল। হঠাৎ তাই মন কৰিলে মানুহবোৰে তাইক লৈ কথাবোৰ অলপ বেলেগ ধৰণে বিচাৰ কৰিবলৈ ধৰিছে। তাইৰ কাণত পৰা এটা বিশেষ শব্দত বুকুখনত শিলে বিন্ধা দি বিন্ধিবলৈ ধৰিলে। এক অজান আশংকাত ভয়তে তাইৰ পেটত হাত ভৰি লুকাল।

 মাকণৰ দুখৰ সমভাগি হোৱা একমাত্ৰ মানুহ সিহঁতৰ হালোৱা ককাইজনে পানী খোৱাৰ চলেৰে এদিন কানি মুনি সন্ধিয়া তাইক কাণে কাণে ক’লে,“বোলো বোৱাৰী অ, কথাবোৰ বুজিছনে। এই বাৰিষাৰ অথন্তৰৰ বাবে ৰাইজে তোক জগৰীয়া সজাইছে। সুবিধা বুজি তই কেঁচুৱাকণক লৈ পলাই যাগৈ, কোন মুহূৰ্তত জাঠি জোং লৈ আহে একো ঠিকনা নাই।”

 হালোৱা কাইৰ পৰামৰ্শ মতেই মাকণে সেইদিনা মাথাউৰীৰ কাষৰ লুংলুঙীয়া ৰাস্তাটোৰে পলাই যোৱাৰ কথা আছিল। ৰাতিপুৱাৰ পৰাই সিহঁতৰ ঘৰৰ পৰিৱেশটো গমগমীয়া হৈ আছে। মাকণক কোনেও একো এটা কামো পোছা নাই। তাইক দেখিলেও যেন পাপ হ’ব এনে এক মনোভাৱ সকলো তাইৰ পৰা আঁতৰি ফুৰিছে। ভয়াবহ পৰিস্থিতিৰ উমান পাই মাকণে ছোৱালীজনীৰ কাপোৰকেইটামান লগতে দুই এটা বস্তু চাদৰ এখনেৰে বান্ধি সাজু হৈ থাকিল আন্ধাৰ নমালৈ।

 এনেতে গাঁৱৰ ডেকা দুটামান আহিল মাকণক নিবলৈ, কালী মন্দিৰৰ চোতালত বোলে ৰাইজ মেল বহিছে।

 তাই সুধিলে, “মই কি কৰিছো।”

 “কি কৰিছ তই, তাত গ’লেই জানিবি বল।”

 সেইবুলি দাবি ধমকি দি লৰাকেইটাই তাইক সিহঁতৰ লগতে লৈ গ’ল।”

 মন্দিৰ পোৱাৰ লগে লগে এনে লাগিল তাইক চাবলৈকে যেন সকলো ৰৈ আছে। কালী বাবাজনে তাইক দেখাৰ লগে লগেই কৈ উঠিল, “এইৰ কাৰণেই আমাৰ খেতিবোৰ নষ্ট হৈছে, পানী বাঢ়িছে, এই মন্ত্ৰ কৰিছে, এইক গাঁৱৰ পৰা খেদিব লাগিব। এই ডাইনী”।

 লগে লগে উত্তেজিত হৈ থকা মানুহবোৰে তাইক মাৰিবলৈ খেদি আহিল। ছোৱালীজনীক বুকুৰ মাজত সাৱটি তাই দৌৰিবলৈ চেষ্টা কৰিছে যদিও মানুহবোৰে তাইক ষাঠি জুঙ লৈ পিছে পিছে খেদি আহিল। মানুহবোৰৰ পাশবিক অত্যাচাৰত তাই তেজেৰে ৰাঙলী হৈ পৰিল। ছোৱালীজনীক কোনেনো বুকুৰ মাজৰ পৰা আঁতৰাই নিলে তাই ধৰিবই নোৱাৰিলে। যেতিয়া তাই চকু মেলিলে আন্ধাৰ নামিছিল, মানুহবোৰ আঁতৰি গৈছিল। ঘন বাঁহনীডৰাৰ মাজত তাই নিজকে পৰি থকা দেখিলে। কাৰোবাৰ মাতত মাকণ চক খাই লুকাবলৈ চেষ্টা কৰিলে।

 “মইহে , এইক ল, তোৰ পৰা ময়ে তাইক আঁতৰাই নিছিলো, নহ’লে এই বাছি নাথাকিলহেঁতেন। এতিয়া ইয়াৰ পৰা পলাই যাগৈ। আকৌ আহিব নহ’লে মানুহমখা। এই বাঁহনী ডৰাৰ সিফালেই নৈখন। নৈ পাৰ হ’ব পাৰিলে তোৰ একো ভয় নাই। এতিয়া যা” হালোৱা ককাইয়ে ছোৱালীজনীক তাইৰ কাষতে দি আঁতৰি গ’ল।

 তেজৰ ডোঙা বন্ধা, ক্ষত বৃক্ষত শৰীৰটো লৰচৰ কৰিব পৰা অৱস্থাত নাছিল মাকণ। তথাপি কিবা এক অদৃশ্য শক্তিৰ সহায়ত বিষে ভাগৰে দাঙিব নোৱাৰা দেহাটোক ছোৱালীজনীৰ সৈতে টানি টানি ঘন আন্ধাৰ বাঁহনীৰ মাজে মাজে গৈ নৈৰ পাৰ পালেগৈ। দূৰৈত আকৌ মানুহৰ হুলস্থুল শুনাত মাকণে বাৰিষা কোনোবাই সাজি থোৱা কলৰ ভুৰ এখনতে উঠি দিলে।

 তাৰ পিছত মাকণৰ আৰু মনত নাই।

 সম্পূৰ্ণ তিনিদিনৰ পিছত মাকণে চকু মেলিছিল নিজৰ এইখন ঘৰৰ বিছনাত। তাই উঠা কলৰ ভুৰখন বোলে ভাগ্যক্ৰমে তাইৰ চিনাকি নিজৰ গাঁৱৰ মানুহ এজনেই পাইছিল আৰু তাইক মাকৰ ঘৰলৈ লৈ আনিলে। বহুত চিকিৎসাৰ অন্তত মাকণ সুস্থ হৈ উঠিল আৰু থাকি গ’ল ইয়াতেই... এইখন ঘৰতেই।

 ঘৰত থকা মাজু বায়েকৰ ভিনিহিয়েক জন বহু দিনেই হৈছিল ঘৰলৈ যাওঁ বুলি কৈ উভতি নহা। বায়েকৰ ল’ৰা সোণ তেতিয়া দুবছৰীয়া।

 গিৰিয়েকৰ চিন্তাত মাজু বায়েকজনীও জুপুকা মাৰি থকা হ'ল। সোণ আৰু মাজনী মাকণৰ চাদৰত ধৰিয়েই ডাঙৰ হ'বলৈ ধৰিলে। হঠাৎ এদিন বায়েক জনীও ঘৰৰ পৰা নোহোৱা হ’ল। গাঁৱৰ মানুহে বহুত বিচাৰিলে যদিও তাইৰ একো শুংসূত্ৰ নাপালে।

 সোণ আৰু মাজনীক লৈয়েই মাকণৰ জীৱন ৰথৰ চকা ঘূৰি থাকিল। অতি কষ্টৰে তাই দুইটাকে ডাঙৰ কৰিলে।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড