অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ
পৰি থকা শৰীৰ এটা নাৰী হ'ল বুলিয়ে মুচৰি নিব পাৰিলে এটা দানৱে।
ⵓ“মাজনী! এইবোৰ ভাবি নাথাকিবা। ব’লা কিবা এটা খাই লোৱা।” শাহুৱেকক শলাগি থ'লে যদিও তাইৰ পেটৰ ভোক কাহানিবাই মৰিল। তনিষ্ঠাই সিদ্ধান্ত ল'লে আৰু দেৰি হোৱাৰ আগতেই তাই মায়াক আৰু কেঁচুৱাটোক চাবলৈ যাব পিছদিনা।
ভাৰ্গৱ আহি পোৱাৰ পিছত তাক সবিশেষ বিৱৰি ক'লে তাই।
ⵓ“তানি!! এইবোৰ কেচকালত নোসোেমোৱাই ভাল নেকি! এনেও পুলিচ কেছ এইটো।”
ⵓ“মইনো কেতিয়া তাইক আনিম কৈছো। কিন্তু বেবীজনীক আৰু তাইক এবাৰ চালে কি হ'বনো। যদি কিবা কৰিব পাৰোঁ আমি।”
তনিষ্ঠাৰ আকুলতা দেখি ভাৰ্গৱে কথা নবঢ়ালে আৰু পিছদিনা তাইক লৈ চিভিল পালেগৈ সি।
ⵓ“এক্সকিউজ মি! কালি যে কেছটো হৈছিল মায়া আৰু বেবীটো ক'ত আছে বাৰু?”
তনিষ্ঠাই চিধাই গৈ ৰিচেপচনিষ্টক সুধিলেগৈ। কিন্তু ৰিচপচনিষ্ট জনীয়ে তাইলৈ ভেবা লাগি চাই থাকিল।
ⵓ“কি কেছ মেম?? কোন মায়া বুজা নাই। আমাৰ এণ্ট্ৰিত মায়া নামৰ লেডী কোনো নাই।”
পৰিস্থিতি বুজি ভাৰ্গৱে ক'লে,
ⵓ“এওঁ কালি পাগলীজনীৰ কেছটোৰ কথা কৈছে।”
ⵓ“অ’ টিকেট পাগলী!! মেম তাই মৰিল নহয় অলপ আগত বহুত ব্লাড গৈছিল তাইৰ দেৰি হৈ গ'ল। বডিটো নিয়াই নাই। বেবীজনীলৈহে বেয়া লাগে। ৰুম নং ৮২ ত আছে এতিয়াও।”
অত্যন্ত সাধাৰণভাৱে কথাখিনি ক'লে ৰিচেপচনিষ্টজনীয়ে। কিন্তু তনিষ্ঠাৰ চকুৱেদি এবুকু বিষাদ উজাই আহিল। চকু দুটা মুদি দিলে তাই। হঠাতে তাইৰ মৃত্যুৰ দোৱাৰদলিলৈ থেলি দিয়া পাষণ্ডটোলৈ এসোপা ঘীণ উজাই আহিল। উকলি পেলালে তাই। ভাৰ্গৱে মাথো তাইক সাৱটি ধৰি থাকিল।
ⵓ“ব’লা তানি। বেবীজনী চাই আহিবা তুমি।” নাৰ্চজনীৰ পৰা ছোৱালীজনী কোচত ল’লে তাই। একে গোলাপৰ পাপৰিৰ দৰে ধুনীয়া ছোৱালীজনী।
যন্ত্ৰচালিতভাৱে তাই আগবাঢ়িল ৰুম নং ৮২ লৈ। বহুত মানুহ আছিল তাত। কাপোৰ এখনেৰে ঢাকি থৈছিল মায়াক। কাষতে নাৰ্চ এজনীয়ে ফিদ কৰাই আছিল বেবীজনীক। গগণফলা চিঞৰত তাই বাৰে বাৰে বটলটো চুপিব বিচৰা নাছিল। মায়ালৈ চালে তনিষ্ঠাই। পকা জধলা চুলিৰে এজনী ৪০-৪২ বছৰীয়া মহিলা। বয়সৰ চাপত ৫০-৬০ যেন লাগিছে। মুখৰ গঢ় সঁচাকৈ ধুনীয়া। চকু কেইটা মুদ খাই আছিল যদিও মুখত শাহুৱেকে মাক ৰেৱতীৰ বৰ্ণনা দিয়াৰ দৰে ফেলেকা হাঁহি এটা লাগি আছিল। হয়তো তাইৰ ভাৰসাম্যহীন মনটোৱেও বুজিছিল মাতৃত্বৰ গৌৰৱ। তাই কাপোৰখনেৰে মুখখন ঢাকি দিলে।
ⵓ“কি যে হ'ব ছোৱালীজনীৰ!!” তেতিয়াহে মানুহৰ কথোপকথন তাইৰ কাণত পৰিল।
লগতে কেঁচুৱাজনীৰ চিঞৰো কাণত পৰিল। তাইৰ মমতাৰ উত্তাপত ছোৱালীজনী নিতাল মাৰিলে। বটলৰ পৰা গাখীৰো খালে। সকলো মানুহ আচৰিত হ'ল।
ⵓ“আপুনিহে পাৰিলে তাইক শান্ত কৰিব।”
ⵓ“কিন্তু কি হ’ব ছোৱালীজনীৰ এতিয়া অনাথ আশ্ৰমৰ মানুহ আহিব লাগিছিল।” মানুহৰ মুখত “অনাথ আশ্ৰম” শব্দটো শুনি তাইৰ বুকুখন চিৰিংকৈ মাৰিলে।
ⵓ“অনাথ আশ্ৰমত কিয়?”
ⵓ“নহ'লে আৰু কোনে ৰাখিব বাইদেউ। তাৰপৰা কোনোবাই তুলি ল'লে ল’ব আৰু। কিন্তু পিতৃ পৰিচয়হীন আৰু মাক পাগলী কোনে তুলিব তাইক। দুখতে ডাঙৰ হ'ব তাই।” নাৰ্চ এজনীয়ে কোৱা কথাকেইটাই তাইৰ বুকুত বিন্ধি গ'ল। ভাৰ্গৱলৈ চালে তাই। হঠাতে চকুৰেই দুয়োটাই সিদ্ধান্ত লৈ পেলালে।
ⵓ“আমি তুলিম তাইক। কি ফৰ্মেলিটী আছে কওঁক।” ভাৰ্গৱৰ মাতত গোটেই ৰুম নং ৮২ কাহ পৰি জীণ গ'ল। তনিষ্ঠাই মাথোঁ তালৈ চাই থাকিল।