পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৬

 : বাইদেউ, মাত্ৰ কৈ থৈ যাওক মানসিক বিকাৰগ্ৰস্ত মহিলা এগৰাকী ভুক্তভোগী হোৱাৰ বাবে দোষী সাৰি যাব নেকি?

 : চাওঁক দোষী কোনো কাৰণতেই সাৰি নাযায়। বৰ্তমান মই মানুহগৰাকীৰ বক্তব্য ল'ব লাগে, আপোনালোক ইয়াৰ পৰা যাওক সময়ত সকলো জনাম। হস্পিতালত বহুতো ৰোগী আছে অসুবিধা হ'ব পাৰে। কৈ কৈ তাই নিৰ্দিষ্ট কোঠাৰ দিশে আগবাঢ়ি গ'ল।

 কোঠাত সোমায়ে তাই মানুহজনীৰ কপালত হাত দিলে। ডাক্তৰে জনালে অত্যধিক ৰক্তক্ষৰণ হোৱাৰ বাবে মানুহ জনীৰ জীয়াই থকাৰ আশা বহুত কম। ডাক্তৰ ওলাই যোৱাৰ পিছত মানুহজনীয়ে নিস্তেজ চকুহাল মেলি তাইৰ হাতত ধৰি বিছনাৰ তললৈ আঙুলিয়াই দেখুৱালে যত তাইৰ টোপোলাটো আছিল। তাই কিবা এটা কওঁ বুলি লওঁতেই গম পালে ইতিমধ্যে তেওঁ প্ৰাণহীন হৈ পৰিছে।

 নিস্তেজ হৈ পৰা মানুহজনীৰ মুখলৈ চাই চাই ৰত্না আৱেগিক হৈ পৰিছে, কিবা এটা আত্মিক তাড়নাত তাই মানুহজনীক আনৰ দায়িত্বত এৰি আহিব পৰা নাই। পষ্টমৰ্টেমৰ পিছত সকলোখিনি নিয়ম তাই নিজে কৰি, দাহ সংস্কাৰৰ বাবে কনিষ্টবল কেইজনক নিৰ্দেশ দি থানা পালেহি। থানাত ঘটনা সন্দৰ্ভত উপস্থিত থকা মহিলা সমিতি কে আদি কৰি অন্যান্য দল সংগঠনৰ মানুহবোৰক ন্যায়ৰ আশ্বাস দি তাই নিজৰ কোঠালৈ গ'ল।

 গা পা ধুই আজৰি হৈ তনয়াই দিয়া চাহকাপ খাই তাই বিছনাত বাগৰ দিলে। ডায়েৰীখন উলিয়াই ল'লে। প্ৰথম পৃষ্ঠাতে ৰত্নাৰ নাম লিখা দেখি তাই উৎসুকতাৰে প্ৰথম কেইশাৰীমান পঢ়িয়েই অনুমান কৰিলে, মানুহজনীৰ লগত তাইৰ নিশ্চয় কিবা সম্পৰ্ক আছে। তাই অতদিনে পাগলী বুলি ভাৱি থকা মানুহজনীয়ে কি কাৰণে তাইৰ ঘৰৰ সন্মুখত ৰৈ থাকেহি, প্ৰায় আধাকিলোমিটাৰ দূৰৈত থকা বৰ গছজোপাৰ তলতে পাল তৰি থকা মানুহজনীয়ে তাইক ওচৰত দেখিলে কিয় মহানন্দ দত্তক তাইক শুনাই শুনাই গালি পাৰি থাকে তাই যেন এতিয়াহে বুজিব পাৰিছে। অজানিতে তাইৰ দুচকু পানীৰে ভৰি পৰিল, তাইৰ আপোন মানুহ এগৰাকী ইমান কাষতেই অৱহেলিত হৈ থাকিল অথচ তাই গমেই নাপালে। ৰত্নাই জানে যে তাই বিশাল বৰকাকতি আৰু নিৰু বৰকাকতিৰ তোলনীয়া জীয়েক। তাই আজিলৈকে নিজৰ জন্ম দিয়া মাক দেউতাকৰ বিষয়ে জানিবলৈ বিছৰা নাছিল। মাক দেউতাক হিচাপে এইহাল মানুহে তাইক সম্পূৰ্ণ মৰম দিছে। তাই নিজৰ অৰ্হতাৰ বলত চাকৰিটো পোৱাৰ পাছত এদিন মাক দেউতাকে তাইক জন্ম দিয়া মাক দেউতাকৰ বিষয়ে জনাব বিছাৰিছিল, কিন্তু তাই ভাৱিলে অন্য অনাথ ল'ৰা ছোৱালীবোৰৰ দৰেই চাগৈ তাইও কাৰোবাৰ অবৈধ অবাঞ্চিত ফল। গতিকে তাই সেয়া শুনি মন বেয়া কৰিব নিবিচাৰিলে। এতিয়া তাইৰ নিজৰ ওপৰতে খং উঠিল, কিয় তাই এবাৰলৈও নিজৰ জন্ম ৰহস্য জানিবলৈ নিবিচাৰিলে। কথাবোৰ চিন্তা কৰি কৰি তাইৰ মনটো দুখেৰে ভৰি পৰিল। তাই চকুৰ পানী মোহাৰি ডায়েৰীৰ পম খেদি নিজৰ জন্ম ৰহস্যৰ লগতে আপোন মানুহগৰাকীৰ বিষয়ে জানিবলৈ ডায়েৰী খন মেলি ললে..

 সেউজ সুন্দৰ আমাৰ গাঁওখন নগাঁও জিলাৰ ভিতৰুৱা ঠাইত অৱস্থিত। সেৰেঙা জনবসতি পূৰ্ণ গাঁওখনৰ এঘৰৰ পৰা আনঘৰলৈ যথেষ্ট ব্যৱধান। তেনে এক পৰিৱেশৰ মাজতেই আমাৰ অকণমানি পৰিয়ালটো শান্তিত আছিলোঁ৷ মোৰ দাদা আৰু নবৌ আৰু মই তিনিও কাৰোৰেই ওচৰত হাত নপতাকৈ খেতি কৰি সুখেৰে জীৱন নিৰ্বাহ কৰিছিলোঁ। পঢ়া শুনাত থকা আগ্ৰহৰ বাবে তেওঁলোকে মোক হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত চহৰত এখন কলেজত নামভৰ্তি কৰালে। ঘৰৰপৰা অহা যোৱা কৰা সম্ভৱ নোহোৱা বাবে কলেজৰ ওচৰতে ভাড়াঘৰত থাকি লৈছিলো।

 পঢ়াৰ যাৱতীয় খৰচৰ বাবে দাদাৰ ওচৰত হাত পতাতকৈ মই ওচৰৰে কেইঘৰমানত টিউচন যোগাৰ কৰি লৈছিলোঁ। তেনে এঘৰ মানুহৰ ঘৰতে ভাড়াতীয়া হিচাপে থকা মহানন্দৰ দত্তৰ লগত মোৰ চিনাকি হৈছিল। তেতিয়া আলফাৰ পৰা ছাৰেপ্তাৰ কৰি হয়তো বহুতো পইছা পাতি হৰপ কৰি তাতে আত্মগোপন কৰি আছিল। সি প্ৰায়ে মোৰ লগত কথা পাতি বন্ধুত্বৰ প্ৰস্তাব দিছিল। পঢ়াশুনাটো মোক সহায় কৰি প্ৰয়োজনীয় কিতাপ পত্ৰৰ যোগান ধৰি, মোৰ মনৰ মাজত এজন ভাল মানুহ হৈ পৰিছিল। সেইসময়ত আমাৰ অঞ্চলত যাতায়ত আৰু বিজুলীৰ সুবিধাও নাছিল বাবে মই প্ৰয়োজনৰ সময়ত দাদাৰ ওচৰলৈ যাব নোৱাৰি তেওঁৰ পৰাই পইছা ধাৰলৈ লৈ সময়ত ওভতাই দিছিলোঁ। তেওঁ কোনো দিনে পইছা ঘূৰাই নলৈছিল। মই বাৰে

বাৰে জিদ কৰি দিবলগীয়া হয়। এবাৰ তেওঁ মোক বৰদোৱা নামঘৰলৈ ফুৰাবলৈ নি তাতে ভালপোৱাৰ প্ৰস্তাৱ দিলে। মোৰ

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড