পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৫২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫২

পৰা তাইৰ আনৰত উলংগ দেহৰ এম.এম.এচ. টোৰ উৎপত্তিস্থল ক'ত আৰু ইয়াৰ অন্তৰালত পৰিচালকৰ্জন কোন? তাই তৎক্ষণাত সিদ্ধান্ত গ্ৰহণ কৰিলে।
 স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে। আজি লগত অলকেশো নাই। এইখন তাইৰ সম্পূৰ্ণ নিজা যুঁজ। গতিকে সকলো সিদ্ধান্ত হ’ব কেৱল তাইৰ নিজৰ। যেন আগতকৈয়ো দহগুণ সাহসী হৈ উঠিছে তাই। তাই পৰিবইতে লাগিব মাতৃৰ মমতাৰ আঁৰৰ কঠোৰ মাকজনী হৈ উঠিব, সেই ৰূপত তাই আহিবই লাগিব। অৱশেষত পুলিছে অধিৰাজক হাতকেৰেয়া লগালে মাকৰ সন্মুখতে। পুলিচে জীপত আগৰপৰাই বহাই ৰখা তাৰ বাকী লগৰকেইটাৰ লগত হেঁচা থেলাকৈ অধিৰাজকো বহোৱালে। সি কান্দি কান্দি মাত্ৰ চিঞৰি হ'ল। মা, তুমি মোক কেতিয়াও ক্ষমা নকৰিবা। মই তোমাৰ পুত্ৰ হোৱাৰ যোগ্য নহয়।
 চাওঁতে চাওঁতে ৰাতিয়েই পুৱাল। ৰাতিৰ এন্ধাৰ আঁতৰি লাহে লাহে ধৰালৈ কোমল পোহৰ এচাটি নামি আহিছে। নিচাগ্ৰস্থ পুত্ৰ, অধঃপতনে যোৱা পুত্ৰৰ কোনো কৈফিয়তেই তাই মানি নলয় এই ঘটনাৰ বাবে। অনুশোচনাৰ জুইত দগ্ধ পুত্ৰৰ স্নেহত আকুল নহয় এতিয়া তাই। ন্যায় বিচাৰৰ দুৱাৰডলিত এতিয়া ক্ষমাহীন ৰূপত যন্ত্ৰণাৰ দেশত এতিয়া স্থিতপ্ৰজ্ঞা তাই। তেনেতে ভিতৰৰ পৰা মাধুৰ্মিৰ প্ৰাৰ্থনা ভাঁহি আহিল —

“ময়ো দুৰাচাৰ কেৱল তোমাৰ
অপৰাধী নাৰায়ণ॥
ক্ষমিয়ো মোক হৰি লৈয়ো দাস কৰি
পখিলো তযু চৰণ॥”





অৰ্ধ-আকাশঃ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড