পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৭৬

ঘৰ আছিল। সেইবাবে তেওঁ ভালকৈ চিনি পায়।”

 (২)

 ⵓ“ৰেৱতী অই ৰেৱতী। ক’তনো অলৌ তলৌ ঘুৰি ফুৰিছ?”

 ⵓ“নাই মাষ্টৰ দেদা। এনেই শাকবন দুডালমান বোলো গোটাই নিও। কওকচোন।” তামোলৰ ৰঙেৰে মুখত ফেলেকা হাঁহি এটা মাৰি ৰেৱতীয়ে শইকীয়া মাষ্টৰলৈ চাই ৰ'ল। বিনা কামত তাইক কোনেও বিচাৰি নুফুৰে। কিবা যে কাম আছে খাটাং।

 ⵓ“অ' শুনচোন। কাইলৈ আমাৰ বছৰেকীয়া সত্যনাৰায়ণ সেৱাভাগ পৰিল নহয়। তই আহিবি ৰাতিপুৱাই। ছোৱালীকণকো লৈ আহিবি।”

 ⵓ“বাৰু ভাল দেদা। আহিম দিয়ক।” শইকীয়া মাষ্টৰৰ পৰা বিদায় লৈ ৰেৱতীয়ে ঘৰলৈ খোজ পোনালে। গাওঁখনৰ এটা অবিচ্ছেদ্য নাম তাই। কোনো উৎসৱ-পাৰ্বনত তাই নহ'লেই নহয়। সেইবুলি কাজি ৰেৱতীক আজিলৈ কোনেও অৱজ্ঞাও কৰা নাই মিছা কলে পাপ হ’ব গিৰিয়েক ছোৱালীকণ এমা-দিমা থাকোতেই নোহোৱা হোৱাৰ পৰা এই গাওঁখনেই তাইক ভনীৰ দৰে নিৰাপত্তা প্ৰদান কৰি আহিছে। ঘৰ পাইয়েই তাই চিঞৰ ধৰিলে, “মায়া। অ’ মাই। ক’ত নো আছগৈ।”

 ⵓ“কি যে মা। পাকঘৰত আছে। কতনো আছিলিগৈ তই বেলি দুপৰলৈ।” হাত মোহাৰি ৰেৱতীৰ পোন্ধৰ বছৰীয়া জীয়েক মায়া উলাই আহিল। জীয়েকলৈও তামোল সেৰুৱা ফেলেকা হাঁহিটো মাৰিলে তাই।

 ⵓ“যা মই ভাত-দালি বনালোৱেই। তই ভাজগৈ এইখিনি। মই চকৰ পৰা আহোগৈ।”

 ⵓ“অ' আই। এই দুপৰীয়াখন চকত কি কাম তোৰ?”

 ⵓ“নাই অ'। শেৱালিৰ ওচৰপৰা আহোগৈ।”

 ⵓ“দে যা দেৰি নকৰিবি কিন্তু।”

 আজলী মাকজনীলৈ তাইৰ বেয়াও লাগে। জানে তাই মিছা মাতি বেয়া কাম কৰিছে। কিন্তু কি কৰিব নতুনকৈ প্ৰেমত পৰিছে তাই। হেমন্তৰ কলেজ ছুটি হোৱাৰ সময় হৈছে। কালি তাইক দঢ়াই দঢ়াই সি চকলৈ আহিবলৈ কৈ গৈছে। এতিয়া নগ'লে হ’বনে।

 পদুলীৰ পৰা মাকলৈ ঘূৰি চালে তাই। মাকজনী ঢেঁকীয়া বাচাত লাগিলেই। তাইও দেৰি নকৰি চকলৈ খোজৰ গতি বঢ়াই দিলে।

 ⵓ“ইমান সময় লাগেনে তোক?”তাইক দেখিয়েই হেমন্তই মুখ ফুলালে।

 ⵓ“বেয়া নাপাবিচোন। মা নাছিল অ'। সেইকাৰণে দেৰি হ'ল।”

 ⵓ“হ'ব হ'ব লেৰেলা সাদৰ নালাগে দেখুৱাব। ইমান ৰৈ আছো। গুছি যাগৈ তই।”

 ⵓ“হয়নে?! যামগৈ কিন্তু একেবাৰে।”

 ⵓ“অ যাগৈ। কোনে ৰাখিছে তো?”

 ⵓ“একেবাৰে তোক এৰি পৃথিৱীৰ পৰাই যামগৈ...।”

 হেমন্তই তাইৰ মুখত সোপা দি ধৰিলে।

 ⵓ“জীৱনত নক’বি এইষাৰ কথা। তই যোৱাৰ আগত মই যাম পৃথিৱীৰ পৰা।”

 মায়াৰ চকু কেইটা চলচলীয়া হৈ পৰিল। তাৰ মুখত হাত দি ক'লে,

 ⵓ“নকওঁ কেতিয়াও। তইও নকবি আৰু।”

 দুয়োটা দুয়োটৰ মুখত হাত দি ৰৈ গ'ল। আৰু লাহে লাহে ওচৰ চাপি আহিল। হঠাতে মায়াই তাক লাজতে থেলা মাৰি দূৰলৈ গুছি গ'ল।

 ⵓ“মই যাওঁ।” বুলি তাই পিছলৈ খোজ ললেই।

 হেমন্তই হাঁহিলে।

 ⵓ“যা যা। কাইলৈ আহিবি মাৰৰ লগত। সকাম আছে নহয় ঘৰত। তোক খাই থৈ দিম মই।” মায়াই আতৰৰ পৰা তাক