পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩৫

 : ঠিক আছে।

 তাইৰ উত্তৰলৈ বাট নাচাই আগতীয়াকৈ ফোনটো কাটিলে অদিতিয়ে।

 ওঁঠত হাঁহি এটি বিৰিঙি উঠিল অমৃতাৰ। তাইৰ মনটোৱে যেন ডাঠি মাৰি কৈ উঠিছে,... সিয়েই অনুৰাগ। অনিৰুদ্ধ বৰুৱাই তাইৰ অনুৰাগ।

 অমৃতাৰ মনটো এক অবুজ আনন্দেৰে ভৰি পৰিল। বাৰে বাৰে অনুৰাগৰ মৰমিয়াল মুখখন তাইৰ দুচকুৰ আগত ভাঁহি উঠিছে।

 যদি সঁচাই সি অনুৰাগ হয়!! কি কৰিব তাই?

 তাই তাক সুধিব... সি তাইক প্রত্যাখান কৰি কিদৰে তাইৰ জীৱন উজ্জ্বলালে।

 নাই নাই। এয়া উচিত নহ'ব। একো নকয় তাই তাক। একোয়েই নকয়। তাইৰ দুখৰ কথা কৈ তাক দুখ নিদিয়ে তাই। মাথাে চাব। প্রাণ ভৰি চাব এবাৰ কাষৰ পৰা । আৰু গুচি আহিব।

 অনুৰাগক এবাৰ কাষৰ পৰা লগ পােৱাৰ হেঁপাহত দুৰু দুৰুকৈ কঁপি উঠিছে তাইৰ শৰীৰ...মন। বাৰে বাৰে হাতৰ বস্তু সৰি পৰিছে। চঞ্চল... অবাধ্য হৈ উঠিছে মন। ইচ্ছা কৰিও কেতিয়াও মুখত বিয়পাব নােৱাৰা উজ্জ্বল হাঁহিটো কব নােৱাৰাকৈয়ে যেন আজি নিজে নিজে চকুৱে মুখে ফুটি উঠিছে।

 অনুৰাগক কি কি সুধিব...কি কি কথাত গালি পাৰিব, তাৰ এখন দীঘলীয়া লিষ্টে তাইৰ মনত অগাদেৱা কৰিছেহি। তাইৰ মনত অনুৰাগৰ ওপৰত অতদিনৰপৰা চলি থকা খং, অভিমানবােৰ যেন কৰ্পূৰৰ দৰে উৰি যাব ধৰিছে।

 মনােজগতত মাথাে উটি ভাঁহি আহিছে হাবিয়ে বননিয়ে, পথাৰে, নদীয়ে খালি ভৰিৰে নিৰ্ভীক হৈ দৌৰি ফুৰা এহাল ল'ৰা-ছােৱালী।

 বাৰে বাৰে আইনাখনৰ কাষত থিয় হৈ নিজক তন্ন তন্নকৈ নিৰীক্ষণ কৰিছে তাই। লগাতকৈ বেছি অৱহেলিত হােৱাৰ বাবে সামান্য ৰুক্ষ হৈ পৰিছে ছাল, চুলি, নিদ্রাহীনতাৰ বাবে চকুৰ তলত পাতলকৈ কলা দাগ পৰিছে।

 ইছ... এনেকৈ দেখিলে অনুৰাগে কি বুলি ভাবিব !

 লৰালৰিকৈ চন্দনৰ ফেচ পেক অকণমান মুখত লগাই ল'লে তাই। কিছুসময়ৰ পিছত আকৌ ভালকৈ ধুই ললে মুখখন। ৱাশ্বৰুমত গৈ ভালকৈ চুলিখিনিও ধুই কণ্ডিচন কৰি ল'লে। লৰালৰিকৈ চুলি কোচা ড্রাই কৰি ৱাৰ্ডৰৱৰ পৰা উলিয়াই ললে এখন পাতল সেউজীয়া ৰঙৰ শাৰী।

 অনুৰাগৰ প্ৰিয় ৰং।

 লগতে শাৰীখনৰ লগত মেটছিং ব’ট নেক সােণালী ৰঙৰ হাত দীঘল ব্লাউজ এখন উলিয়াই ললে তাই। তাই নিবিচাৰে, তাইৰ শৰীৰত ভাস্কৰে নির্মমভাৱে বহুৱাই দিয়া কলা নীলা চিহ্নবােৰ দেখি অনুৰাগৰ মনত প্রশ্ন উদয় হােৱাটো। জানিলে সি নিশ্চয় বহুত আঘাত পাব মনত।

 শাৰীখন গাত ধুনীয়াকৈ মেৰিয়াই লৈ আচলখন হাতত মেলি ধৰিলে অমৃতাই। শুকাই যােৱা চুলিখিনি ভালকৈ আঁচুৰি লৈ দীঘলকৈ সামান্য ঢিলা বেণী এটি গুঠি ললে তাই।

 দুচকুত অলপ ডাঠকৈ কাজল বিয়পাই ললে ... ওঁঠত লগাই ললে পাতল গুলপীয়া ৰঙৰ লিপষ্টিক।

 ৰুক্ষ, শুকাই পৰা ছালখনত যেন আজিহে বিয়পি উঠিছে কিছু সজীৱতা, কিছু উজ্জ্বলতা।

 শিৰৰ সেঁউতাত অকণমান সেন্দুৰ লগাবলৈ গৈ প্রস্তৰ মূৰ্তিৰ দৰে ৰৈ গল তাই।

 আইনাৰ সিপাৰে সেয়া কোন। কাৰ চেহেৰা প্রতিবিম্বিত হৈছে? এয়াটো অমৃতা নহয়। কোন? কোন?

 “তই ব্যভিচাৰিণী। তই অসতী।”

 আইনাত প্রতিবিম্বিত মুখখন যেন চিঞৰি উঠিল।

 এই সাজোন কাচোন কাৰ বাবে ?

 কোন বিবাহিত স্ত্রীয়ে অন্য পুৰুষক দেখুৱাবলৈ এনেকৈ সাজোন কাচোন কৰে? কচোন?

 কোনে কৰে?

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড