যাৰ পিছত আৰম্ভ হৈ গৈছিল তাইৰ জীৱনৰ কলা পৃষ্ঠাবোৰ .....৷
(৪)
“অমৃতাক চাবলৈ চহৰৰ ল'ৰা আহিব হেনো!!”
“শুনিছো বয়সত তাইতকৈ বহুত বেছি ডাঙৰ’’
“আহিবই দিয়াচোন। কম ধুনীয়া নে তাই!! তাইৰ দৰে ধুনীয়া ছোৱালী চহৰতো নোলাব কিজানি!”
“পিছে অনুৰাগৰ কি হ'ব??”
“অ বেচেৰাটো তাৰ কাৰণেহে বেয়া লাগিছে পাই”
“হওঁক দে। মাতৃহাৰা ছোৱালী জনীৰ ভাল গতি এটা লাগক।”
বনজুইৰ দৰে মানুহৰ মুখে মুখে বিয়পি পৰিছিল এনেবোৰ কথাই গোটেই গাঁওখনত। হকে বিহকে নানা ধৰণৰ আলোচনা বিলোচনা চলিছিল। আৰু তেনে কিছুমান আলোচনাৰ ভগ্ন টুকুৰা শ্ৰৱ্যগোচৰ হৈছিল অনুৰাগৰ।
আৰু...এক বুজাব নোৱাৰা বুকুৰ বিষত ছটফটাই উঠিছিল সি। অসম্ভৱ ধৰণে গহীন হৈ পৰিছিল অনুৰাগ।
: কথা এটা শুনিছো সকলোৰে মুখত। তোৰ বিষয়ে।
সেমেকা কণ্ঠৰে অনুৰাগে কলে।
দৃষ্টি তাৰ নিৱদ্ধ দূৰৈৰ নদীখনৰ সিপাৰৰ অস্পষ্ট সেউজীয়া পাহাৰখনত।
: কি?
অনুৰাগে আনি দিয়া সৰু সৰু শিলগুটি বোৰ এটা এটাকৈ দলিয়াই দিছিল তাই লাহে লাহে নদীৰ বুকুলৈ।
শীতকালীন নদীৰ বুকু গহীন আৰু উদাস।
নাই কোনো উচ্ছল জলতৰংগ। বেলিটিৰ পৰা উদ্গীৰিত কোমল পোহৰ কণাই চিকমিকাই তুলিছে নদীৰ বুকু।
:..... তোক হেনো চাবলৈ কোনোবা চহৰৰ ডাঙৰ অফিচাৰ আহিব??
খুব সাৱধানে কওঁ নকওঁকৈ সেমেকা কণ্ঠৰে কথাষাৰ কলে অনুৰাগে।
খিলখিলাই হাঁহি উঠিল অমৃতা।
অনুৰাগে মুগ্ধতাৰে চাই ৰল তাইৰ নিষ্পাপ শিশুৰ দৰে প্ৰাণোদ্দীপ্ত উজ্জ্বল সোণবৰণীয়া মুখখনলৈ।
: কি যে কওঁ নহয় অনু!! তইও বিশ্বাস কৰিছ??
:...
: মোৰ দৰে পাগলী এজনীক কোন চহৰৰ ল'ৰাই চাব আহিব অ’??
: আৰু সঁচাকৈ যদি কোনোবা চাব আহে??... গুচি যাবি??
অনুৰাগে স্থিৰ দৃষ্টিৰে চাই ৰল এই হাঁহো এই হাঁহো কৈ থকা তাইৰ ধুনীয়া চকুযুৰীলৈ।
: কেতিয়াও নাযাও। মইতো তোৰ লগতেই থাকিম। আজীৱন।
: ....
নাই নাই নাথাকোঁ তোৰ লগত।
: কিয়??
: কি কিয়?? কেতিয়াবা কৈ পাইছনে মই কিয় তোৰ লগত থাকিব লাগে?
: ....অমৃতা.....
“অমৃতা বা “অমৃতা বা”
কিবা এটা কবলৈ লৈও অনুৰাগ ৰৈ গৈছিল। ফোঁপাই ফেঁপাই সিহঁতৰ ফালে দৌৰি আহি আছিল অমৃতাৰ পেহীয়েকৰ ছোৱালী ৰিমঝিম।
: অমৃতাবা তই ইয়াত বহি আছ??.. তোক কেতিয়াৰ পৰা বিচাৰি আছোঁ মই। ব’ল ব’ল জল্দি।
: কলৈ?