পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৪

 তাই সুধিলে... তােমাৰাে ৰিয়াৰ কথাবােৰ তেওঁ জানে নেকি ?...সি কলে ..জানে...কাৰণ ৰিয়াৰ বিয়াৰ সময়ত সি তাইৰ স্বামীক লগ কৰি তাৰ আৰু ৰিয়াৰ কথাবােৰ কৈছিল। ৰিয়াৰ লগত থকা তাৰ ফটো দেখাইছিল...ৰিয়াই দিয়া চিঠিবােৰ দেখাইছিল...। তাৰ পাছতাে মানুহজনে জেদত তাইক বিয়া কৰাইছিল। তাই আচৰিত হৈ তাক সুধিছিল... তুমি ইমানেই নিকৃষ্ট কাম কেনেকৈ কৰিছিল...

 সি কৈছিল... তাকেই মই আজিও ভাৱাে... কিয় মই সেই কাম কৰিছিলোঁ....

 তাই সুধিলে... ৰিয়াই কিয় তােমাৰ লগত সপােন ৰচা সন্তানৰ নাম এতিয়াৰ সন্তানক দিলে...আৰু তােমালােকে ইমানলৈকে কথা পাতিছিলা নে..তুমি ময়াে দেখােন প্রেম কৰিয়েই বিয়া হৈছে..বিয়াৰ আগত এইবােৰ কথা পাতিবলৈ লাজেই লাগিছিল...

 সেই বাবেইটো তুমি তাইতকৈ বেলেগ...

 এনেতে কাষৰ ৰুমটোৰ পৰা কোনােবা এগৰাকী মানুহ আহিছে সিহঁতৰ কাষৰ ছােফাখনত বহিলহি...তাই তেওঁলৈ চাই দেখিলে সেইজনী ৰিয়া। তাৰমানে সিহঁতও এই হােটেলত আছে। প্রিয়মৰাে চকুপৰিল। তাই উঠি যাবলৈ লােৱাত সি তাইৰ হাতত ধৰি থাকিল.....

 .....পৰিবেশটো আচৰিত নীৰৱতাই গ্ৰাস কৰি পেলালে। তাই প্রিয়মলৈ চালে, সি মােবাইল লৈ ব্যস্ত। ৰিয়াৰ উপস্থিতি যেন সি গমেই পােৱা নাই.... আৰু ৰিয়াই হাঁহি হাঁহি তাইৰ মুখলৈ চাই আছে। কি কৰিব তাই বিমােৰত পৰিল। যিহেতু তাই অন্য মানুহৰ আগত সদায় মার্জিত ব্যৱহাৰেই কৰে। নিজৰ মনৰ ভিতৰত যিয়েই দাবানলৰ সৃষ্টি নহওক কিয় আনক তাই জানিবলৈ কেতিয়াও নিদিয়ে। পৰিবেশটো সহজ কৰিবলৈ তাই প্রথমে মাত লগালে।

 ..ল’ৰা-ছােৱালী শুলেনে?.....

 তাই যেন তালৈ কে বাট চাই আছিল। তাই কলে.নাই, সিহঁত হােষ্টেলত থাকে। লৰা NEHU ত আৰু ছােৱালী শিলং NIIT ত পঢ়ি আছে। দুয়ােটাকে তাত থৈ আহিলাে...এওঁ অলপ ওলাই গৈছে। সেয়ে মই তােমালােকৰ ওচৰতে বহিম বুলি আহিলাে।..

 আৰুনাে কি কথা পাতিব তাই বিচাৰিয়ে পােৱা নাই। তাই প্রিয়মৰ ঘৰৰ কথা সুধিছে... সি মূৰ তুলি নােচোৱাত তাইয়ে উত্তৰ দি আছে। তাৰ লগৰবােৰৰ খবৰ সুধিছে... সকলাে উত্তৰ তাই দি গৈছে। প্রিয়মলৈ তাইৰ খঙো উঠিল। আগতে ৰিয়াক লগ পােৱাৰ কথা সি নিজেই তাইৰ আগত কৈছে... কথা পতাৰ কথাও কৈছে। এতিয়া নাে কি ইমান গহীন দেখুৱাইছে। সৌজন্যৰ বাবে কিবা এটা কলে কিনে হয়!!...

 এইবাৰ ৰিয়াই সুধিলে তােমালােক বহুত সুখীন..দেখিলেই ধৰিব পাৰি...তাই মাত্র হাঁহিলে। একো নক'লে... তােমাৰ নামটোৱেই গােটেই জীৱন জ্বলাই শেষ কৰিলে, এতিয়া সুখ দুখৰ বাতৰি বিচাৰি আহিছা । এনে প্রেম কৰিলা যি কেতিয়াও শেষ নহ'ল, বিয়া হৈ যােৱাৰ পিচতাে তাৰ ছায়া প্রিয়মৰ জীৱনত থাকি গ'ল। এতিয়া কি সাহসেৰে তাৰ সমুখত বহি আছ...নে তাক আজি সফল ৰূপত দেখি নিজক ধৰি ৰাখিব পৰা নাই।...ভাবিলে গায়ত্ৰীয়ে।

 আজি তাইৰ সমুখত সেই কলেজৰ প্রেমিক আহি ওলােৱা হ'লে তাই পাৰিলেহেঁতেন নে ইমান সহজ হ'ব....!! নাই নােৱাৰে, যাক এবাৰ পাহৰি গৈছে সেই অতীতক তাই কোনােদিনে পুনৰ মুখামুখি হবলৈ নাযায়। কিন্তু বিয়া...

 এতিয়াও দুচকুত যেন প্রিয়মৰ প্রতি আহ্বান... প্ৰিয়মৰ সেই সময়ত কি ভাৱ হৈছে তাই ধৰিব পৰা নাই। দুয়ােজনীৰ কথাৰ মাজত সি দুটা এটা কৈ আছে।

 গুণৰাে আচৰিত লাগিছে সেইজনী মানুহ তাইৰ সমুখত, বিয়াৰ পাছতে প্রিয়মে এদিন তাইক ৰিয়া বুলি ভুল কৰিছিল। সকলাে পাহৰিব পাৰিলেও সেই কথা তাই পাহৰিব নােৱাৰে। আনহে নালাগে তাইৰ লগত প্রিয়মৰ মৰমৰ সেই চূড়ান্ত সময়খিনি তাে তাইৰ এনে লাগে যেন প্রিয়ম তাইৰ মাজত নহয়, ৰিয়াৰ মাজত এক হৈ যায়, সদায়।..

 আৰু এতিয়া এইজনী ৰিয়া তাইৰ সমুখত। কাক বিচাৰি আহিছে তাই?? তাইক নে প্রিয়মক....

 এনেতে তাই কিবা কথা কটাকটি হােৱা শুনি সেইফালে চাই দেখিলে দুজন চিকিউৰিটি গার্ডে এজন মানুহক ধৰি ধৰি

লৈ আহিছে। মানুহজন সম্পূর্ণ মদৰ গীত আছে। মুখেৰে কিবাকিবি অসংলগ্ন কথা কৈ আহিছে।...তাকে দেখি ৰিয়া অলপ

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড