দেহদান
স্মৃতিৰেখা বৰুৱা ফুকন
হেল্ল’...
এইটো লাইফ লাইট এন.জি.অ. হয়নে?
— হয় , হয়... কওঁকচোন, আপোনাক কি দৰে সহায় কৰিব পাৰোঁ...? সিফালৰ পৰা উত্তৰ ভাঁহি আহিল।
— আপোনালোকৰ এন,জি,অ,ত আজি দহ বছৰৰ আগতে জীৱন হাজৰিকা নামৰ এজন লোকে দেহদানৰ বাবে আবেদন কৰিছিল। আজি আবেলি ৩.৪৫ ত তেখেতৰ মৃত্যু হয়। গতিকে আপোনালোকক খবৰটো দিলো। এতিয়া আপোনালোকৰ যাৱতীয় কামখিনি কৰিব পাৰে।
— হয়, হয়, আপোনাক সবিশেষ অতি সোনকালেই জনাই আছোঁ বুলি কৈ সিফালে ফোনৰ লাইনটো কাটি দিলে।
ক্ৰিং ক্ৰিং ক্ৰিং.....
হেল্ল’ মই লাইফ লাইট
এন,জি,অ, ৰ পৰা কৈছো।
শ্ৰী জীৱন হাজৰিকাই দেহদান কৰা আবেদনখন পাইছোঁ। লগতে তেখেতৰ পৰিবাৰ শ্ৰীমতী জোনজোনালী হাজৰিকায়ো দেহদানৰ বাবে কৰা আবেদন খনো আছে।
— হয় , মই তেখেতৰ পৰিবাৰ শ্ৰীমতী জোনজোনালী হাজৰিকা।
– নমস্কাৰ বাইদেউ, আমাৰ এন.জি.অৰ মানুহ গৈ আছে আপোনালোকৰ ঘৰলৈ। প্ৰথমতে আমি মৃতকৰ চকুযুৰি আনিব লাগিব নিদিষ্ট সময়ৰ ভিতৰত। নহ’লে বেয়া হৈ যোৱাৰ সম্ভাৱনা অধিক। কিন্তু, অতি দুখেৰে জনাওঁ যে ৰাতি বহুত হৈ যাব বাবে আজি ডেডবডিটো আনিব নোৱাৰিম। কালিলৈ আগবেলাতে অনাৰ ব্যৱস্থা কৰিম বুলি সিফালৰ পৰা ফোনটো কাটি দিলে।
জোনালীয়ে কিছু সময় একেঠাইতে থৰ হৈ ৰ’ল...। কালিলৈ আগবেলালৈকে মানে ১২ বজাৰ আগলৈকে...। গোটেই ৰাতিটো মানুহজনক এনেদৰেই পেলাই থ’ব লাগিব...। এটা দীঘলীয়া হুমনিয়াহ জোনালীৰ বুকু ভেদি ওলাই আহিল...। বৈ অহা লোতকেৰে জোনালীৰ দুগাল তিতি গ’ল।
ইকাণে সিকাণে জীৱন হাজৰিকাৰ মৃত্যু খবৰ বিয়পি পৰিল। এজন দুজনকৈ বহুতো মানুহেৰে জোনালীহঁতৰ ঘৰখন ভৰি পৰিল। তেনে সময়তে এন.জি.অৰ মানুহকেইজনমান সোমাই আহিল। জোনালীৰ লগত কথাবাৰ্তা পাতি তেওঁলোকৰ লগত অহা ডাক্তৰজনে হাজৰিকাৰ চকুযুৰি লৈ গ’ল। কিয় জানো এই দৃশ্যই জোনালীৰ দুখৰ বুকুখনত কিহবাই যেন আকৌ কোবাই গ’ল। জোনালীয়ে যেন চাৰিওফালে আন্ধাৰ দেখিলে। এনে দুখৰ বোজা জোনালীৰ বাবে অসহনীয় হৈ পৰিল। চিঞৰি চিঞৰি কন্দাৰ বাদে জোনালীৰ হাতত একো নাছিল। দুগৰাকীমানে কাষতে বহি সান্তনা দিলেহি। জোনালীয়ে জানে এনে হাজাৰ সান্তনাইও স্বামীৰ মৃত্যুত কোনো পত্নীক শান্ত কৰিব নোৱাৰে।
হাজৰিকাই দেহদান কৰা কথাটো ৰাইজে সেই মুহূৰ্ততহে গম পালে। ওচৰ চুবুৰীয়াৰ কৰিবলগীয়া একো নাই এই মুহূৰ্তত। যিহেতু ডেডবডি এন.জি.অ.য়ে লৈয়ে যাব। বহুতে হাজৰিকাৰ এই কামটোৰ শলাগ ল’লে। হাজৰিকাৰ অতীতৰ আৰু বৰ্তমানৰ কামৰ গুণানুকীৰ্তন চলিল যিটো সচৰাচৰ সকলোৰে ক্ষেত্ৰত হয়। দুই এটা কথা উফৰি আহি জোনালীৰ কাণত পৰিলহি।
লাহে লাহে নিশাও হৈ আহিল। এজন এজনকৈ মানুহবোৰ ঘৰাঘৰি গ’লগৈ। মাত্ৰ জোনালীৰ ৰখীয়া হৈ থাকিল গাড়ী চালক বিহাৰী ল’ৰা মোহন সিং। সিয়েই হাজৰিকাহঁতৰ একমাত্ৰ সাৰথি।
দ্ৰইং ৰূমৰ একাষে হাজৰিকাৰ নিঠৰ দেহটো শুৱাই থোৱা আছে। কাষতে মিঠাতেলৰ চাকিগছি জ্বলি আছে। ধূপ কাঠিকেইডালো জ্বলি জ্বলি শেষ হৈ চাইখিনিহে তলত পৰি ৰৈছে।