পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৭০

পৰিশীলিত মাতৃৰ শৃংখলিত সন্তান

 

ড° জাহ্নৱী লহকৰ বৰুৱা

 

কোনে মোক তুলি তালি কৰিলে ডাঙৰ
মৌসনা মিঠা মাতে পাহৰি ভাগৰ
কৰিছিল স্নেহ মোৰ দুগালত চুমা খাই
তেৱে মোৰ পূজনীয়া মৰমৰ আই।

 আই, মা, বৌটি-যি বুলিয়েই নামাতো কিয় সেই প্ৰতিটো শব্দতে কোমলতা আছে। এখন সুশীতল কোলাৰ আমেজ আছে। মাকৰ মৌ সনা মিঠা মাতত নিৰ্বাপিত হয় সন্তানৰ ঠেঁহ-পেছ, শোক-দুখ, আপত্তি -অভিমান। মাতৃৰ কোলাত মূৰ গুজি সন্তানে অনুভৱ কৰে সৰগীয় সুখানুভূতি। গৰ্ভস্থ হোৱা দিনটোৰেই পৰা পৃথিৱীৰ নতুন অতিথি হৈ অহা দিনটোলৈকে সন্তানৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে পল অনুপল একাকাৰ কৰি ব্যস্ত হৈ পৰে এগৰাকী মাতৃ। নিৰ্দিষ্ট সময়ৰ অন্তত সীমাহীন আপডালৰ সাক্ষী হৈ মাতৃৰ কোলাত আত্মপ্ৰকাশ কৰে সদ্যোজাত সন্তানে। জননীৰ গৌৰৱেৰে গৌৰৱান্বিত হয় জন্মদাত্ৰী মাতৃ। সেই সন্তানক বুকুত সাৱটি আশাৰ মালিতা ৰচে মাতৃয়ে। আঙুলিত ধৰি ধৰি অ, আ, ক, খৰে জীৱনৰ আদিপাঠৰ ধাৰণা দিয়ে। ৰ’দ, বতাহ, বৰষুণ আৰু জীৱনৰ জ্ঞান দিয়ে। এনেদৰেই নিজ সন্তানক পূৰ্ণাংগ মানৱ সম্পদ হিচাপে গঢ় দিয়াত সকলো দায়িত্ব পালন কৰে এগৰাকী মাতৃয়ে।
 শিশুৰ শিক্ষাৰ কঠিয়াতলী হ’ল ঘৰখন। এই ঘৰখনতেই মিলাপ্ৰীতি, সহযোগিতা, সহানুভূতি, সততা, সহিষ্ণুতা, মৰম চেনেহ, দয়া, ক্ষমা আদি মূল্যবোধ সমূহৰ বিকাশেৰে ঘৰৰূপী কঠিয়াতলীখন উৰ্বৰ কৰি তোলাৰ ক্ষেত্ৰত মাতৃগৰাকীৰ ভূমিকা আটাইতকৈ বেছি। এটি শিশুক বিদ্যালয়ৰ যাৱতীয় সামগ্ৰীখিনি যোগাৰ দিয়াতেই অভিভাৱকৰ দায়িত্ব সীমাবদ্ধ নহয়। শিশুৰ বাবে প্ৰয়োজনীয় শাৰীৰিক, মানসিক, বৌদ্ধিক খাদ্যৰ যোগান ধৰাটো অতি গুৰুত্বপূৰ্ণ। ঘৰখনতেই সকলো প্ৰকাৰৰ শিক্ষাৰ বীজ অংকুৰিত হয়। শিশু অৱস্থাত গঢ় লোৱা মূল্যবোধে শিশুৰ ওৰেটো জীৱন প্ৰভাৱিত কৰি ৰাখে। জন্মদাত্ৰী মাতৃগৰাকীৰ লগত শিশুৰ প্ৰাথমিক সম্বন্ধ গঢ় লয় আৰু লাহে লাহে ঘৰখনৰ আন আন সদস্য সকলৰ লগত ঘনিষ্ঠতা গাঢ় হয়। শিশুৰ বিকাশত প্ৰভাৱ বিস্তাৰ কৰা সকলো পৰিৱেশ ঘৰখনত থকাটো প্ৰয়োজন বাবেই দায়িত্বৰ গুৰুভাৰ মাতৃগৰাকীৰ ওপৰত পৰে।
 ঘৰখনৰ অৰ্জন কৰা আদি পাঠেৰে শিশুৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হয় বিদ্যালয়ত আৰু সামাজিকীকৰণ প্ৰক্ৰিয়া গঢ় লয়। বিদ্যালয়তে শিশুৰ আন আন বহুতো গুণ আৰু দিশ বিকাশপ্ৰাপ্ত হয় আৰু সেই আটাইবোৰ ঘৰখনত পৰিবৰ্ধিত হয় মাতৃৰ ছত্ৰছায়াত। মাতৃগৰাকীৰ সময় ব্যৱস্থাপনা, বুদ্ধিমত্তা, পৰ্যবেক্ষণ ক্ষমতা আদিৰে শিশুক লগ দিলেহে শিশুৰ পূৰ্ণ বিকাশৰপথ প্ৰশস্ত হ'ব। মাতৃৰ কোমলমনা মনটোৰ সুযোগ গ্ৰহণ কৰি যাতে এটি শিশু বিপথগামী নহয়তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰখাটো মাতৃগৰাকীৰ বাবে অতি প্ৰয়োজন। পূৰ্ণ আন্তৰিকতা, উদাৰতা, আত্ম অনুশাসনেৰে মাতৃগৰাকীয়ে শিশুৰ প্ৰতিটো খোজত লগ দিব পাৰিলেহে শিশুটো আগবাঢ়ি যাব। শিশুৰ ভাল লগা, বেয়া লগা, ৰুচি-অভিৰুচি আদিক লালন পালন কৰি তাৰ অৱলম্বনত সুস্থ ৰূপত এজোপা বটবৃক্ষলৈ ৰূপান্তৰ কৰাৰ দায়িত্ব মাতৃ গৰাকীৰ বেছি। মাতৃৰ বহুগুণ অজানিতে শিশোৱে নিজৰ মাজত আহৰণ কৰে। সেয়ে মাতৃসকল সদা সচেতন হোৱাটো একান্ত প্ৰয়োজন। আধ্যাত্মিক ভাৱ বিকাশৰ আদিপাঠ হিচাপে নিয়মীয়াকৈ প্ৰাৰ্থনা কৰিবলৈ শিশুক শিকোৱাটো মাতৃগৰাকীৰ কৰ্তব্য। এক শৃংখলাবদ্ধ জীৱন যাপনৰ বাবে প্ৰাৰ্থনা অমোঘ মন্ত্ৰ। শিশুৰ নান্দনিক, সাংস্কৃতিক ৰুচিবোধ জাগ্ৰত কৰি তেওঁলোকৰ সুপ্ত প্ৰতিভা আৰু সম্ভাৱনীয়তাৰ বহিপ্ৰকাশ ঘটাবলৈ মাতৃগৰাকী সদায় যত্নপৰ হ'ব লাগিব। কিয়নো শিশুক সকলো দিশৰ পৰা এগৰাকী মাতৃয়েহে বুজি পায়। শিশুৰ মনত ভাতৃত্ববোধ, প্ৰেমৰ মহৎ বীজ ৰোপণ কৰাৰ দায়িত্ব মাতৃগৰাকীৰ অধিক। ওচৰ-চুবুৰীয়া (যি ক্ৰমান্বয়ে হেৰাই গৈছে!), জীৱ-জগত, গছ-গছনি আদিৰ প্ৰতি মৰম চেনেহ জগাই তোলাৰ মাজেৰে প্ৰকৃতি আৰু মানুহৰ মাজৰ সম্বন্ধৰ বিষয়ে শিশুসকলক সজাগ কৰাটো

 

⸻⸻⸻অর্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড⸻⸻⸻