“মােক তােমাৰ সদায়েই প্রয়ােজন অনিৰুদ্ধ দা। আই নিদ ইউ অলৱেছ।”
কথাষাৰ মনতে ভাৱিলে তাই।
তাইৰ এটাই মাত্র দুর্বলতা। আৰু সেয়া হল অনিৰুদ্ধ বৰুৱা। তাইতকৈ বাৰ বছৰ বয়সৰ ব্যৱধানৰ এই মানুহজনেই তাইৰ একমাত্র দুর্বলতা। যাৰ দুচকুৰ দৃষ্টিলৈ চাই তাই মৃত্যু ভয়ত কঁপিছিল সেই একেই দুচকুলৈ চাই তাই এতিয়া অনুভৱ কৰে প্রেম।
অনিৰুদ্ধই জানে।
কিন্তু জানিও উপেক্ষা কৰে।
শ্যামলিমাই কফিৰ ফাঁকে ফাঁকে লুকাই চুৰকৈ চাই ৰৈছে গভীৰ ভাৱে অন্যমনস্ক অনিৰুদ্ধৰ চকু মুখলৈ। কিবা যেন গভীৰ চিন্তাত ডুব গৈ আছে সি। এইবােৰ কাৰণতেই অনিৰুদ্ধক বহু কাষত পাইও হাজাৰ মাইল দূৰত থকা যেন লাগে তাইৰ কেতিয়াবা। তাইৰ লগতে সোঁশৰীৰে থাকিও যেন লগত নাথাকে। এটা অদৃশ্য খােলাত যেন সােমাই পৰে সি মাজে মাজে। অনিৰুদ্ধৰ মুখৰ ভাৱ ভঙ্গীৰ পৰাই তাই বুজি উঠে যে সেই অদৃশ্য খােলাত তাইৰ প্ৰৱেশ অনাধিকাৰ।
তাই বহুবাৰ অনিৰুদ্ধৰ মনৰ কথা বুজিবলৈ চেষ্টাও কৰিছে পাকে প্রকাৰে, কিন্তু বুজিব পৰা নাই....
সেয়ে তাই নিজৰ মনৰ অনুভৱ অনিৰুদ্ধৰ আগত আজিলৈকে কেতিয়াও ব্যক্ত কৰা নাই। শ্যামলিমাই ভাৱে, মনৰ ভাৱ ব্যক্ত কৰি দুখ পােৱাতকৈ ব্যক্ত নকৰাই ভাল। থাকক.... অব্যক্ত হৈয়েই থাকক।
: মােক চায়েই থাকিবা নে আৰু কিবা কবা তােমাৰ নতুন ইনভেষ্টিগেছনটোৰ বিষয়ে।
লাজত এটি গােলাপী আভা বিয়পি পৰিল গাল দুখনিত।
: এতিয়াই কব নােৱাৰি। .... আচ্ছা, অনিৰুদ্ধ দা শনিবাৰে মিষ্টাৰ এণ্ড মিছেছ মেহতাৰ ঘৰৰ পাৰ্টিত যাবা নেকি? তােমাক ইনভাইট কৰিছেনে?
: ইনভিতেছন পাইছোঁ। কিন্তু যাম নে নাম থিৰাং কৰিব পৰা নাই। ইউ ন হাও মাচ্চ আই হেত দওজ ..
: হুম আই ন। কিন্তু তুমি যাবই লাগিব। মােৰ বাবে।
প্লীজ।
শিশুসুলভ মুখভংগী বনাই, দুচকুত কাতৰ অনুৰােধ লৈ চাই ৰল তাই অনিৰুদ্ধৰ মুখলৈ।
সি কিছুদেৰী কিবা ভাৱিলে।
: যাবলৈ চেষ্টা কৰিম বাৰু।
: চেষ্টা নহয়। মােৰ লগত যাবই লাগিব।
এইবাৰ অনুৰােধৰ ঠাইত ধুনীয়া ভ্ৰূ যুৰী কুঞ্চিত কৰি কৃত্রিম আদেশৰ সুৰত কৈ উঠিল তাই।
: তুমি যােৱা জৰুৰী নেকি শ্যামলী?
: খুব জৰুৰী। নতুন ইনভেষ্টিগেছন এটাৰ কাম মােৰ হাতত পৰিছে। মিষ্টাৰ মেহতাৰ ঘৰৰ পাৰ্টীত কিছু খবৰ পােৱাৰ সম্ভাৱনা আছে। সেয়ে মই যােৱাটো অত্যন্ত জৰুৰী।
: ......
: তুমি নগ’লে মােৰ বেয়া লাগিব অনিৰুদ্ধ দা।
: ঠিক আছে। কাইলৈ জনাম তােমাক। এতিয়া উঠো বলা তােমাৰ দেৰি হব নহলে। ৰাতি ন বাজিবৰ হ’ল।
: অ কে৷
ইটো সিটো প্রয়ােজনীয় কিছু কথা পাতি ছি ছি ডি ৰ পৰা ওলাই আহিল দুয়াে।
০০ ০০ ০০
শিপিং টেবলেট দুটা একেলগে মুখত লৈ অলপ পানীৰে সৈতে গিলি থলে অমৃতাই। আজিকালি অকল এটা শ্লিপিং পিলে কাম নকৰা হৈছে। ভাস্কৰক জনােৱা নাই তাই ...ডাক্তৰগৰাকীৰ পৰাও একো পৰামর্শ লােৱাৰ সম্ভাৱনা তাইৰ মনলৈ এবাৰলৈও অহা নাই।