কনফুচিয়াছ/চীনৰ দাৰ্শনিক পটভূমি আৰু কনফুচিয়াছ
চীনৰ দাৰ্শনিক পটভূমি আৰু কনফুচিয়াছ
চীনা দৰ্শন সাধাৰণতঃ বাস্তবধৰ্ম্মী। ব্যৱহাৰিক জীৱনত, ৰাজনীতিত বা সমাজনীতিত পোনপটীয়াভাবে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰা সৃষ্টিতত্ত্ব বা ঈশ্বৰতত্ত্বৰ সূক্ষ্মতাত্ত্বিক চিন্তাধাৰাই চীনৰ দৰ্শনত বিশেষ স্থান পোৱা নাছিল। নীতিশাস্ত্ৰ আৰু নৈতিক জীৱনৰ মান সম্বন্ধীয় আলোচনাই আবহমান কালৰ পৰাই বৰ্তমানলৈকে চীনদেশৰ দাৰ্শনিক চিন্তাধাৰাত প্ৰাধান্য আৰু গুৰুত্ব লাভ কৰি আহিছে। মানুহেই মানুহৰ প্ৰধান জ্ঞাতব্য বিষয়— এইয়ে চীনদেশৰ দাৰ্শনিক চিন্তাধাৰাৰ মুলনীতি। আধ্যাত্মিক, পাৰলৌকিক বা অতীন্দ্ৰিয় জগতৰ চিন্তাতকৈ ইহজগতত মানুহে মানুহ হিচাপে চলিব শিকিবলৈ ব্যৱহাৰিক নীতিবিজ্ঞানৰ চিন্তা আৰু আলোচনাতহে অধিক মনোনিবেশ কৰিছিল। চীনাসকলৰ মতে বিশ্বব্ৰহ্মাণ্ডও নৈতিক নীতিৰেই মুৰ্ত্ত বিকাশ মাথোন। এই নীতিৰ প্ৰেৰণা আৰু অনুশাসনতেই নৈসৰ্গিক জগতৰ সকলো বিভূতি নিজ নিজ কৰ্ত্তব্য পালন কৰি চলি আছে। মানব জগততো নৈতিক পথৰ অন্বেষণ আৰু নিৰ্দ্ধাৰণ বা কোন পথেৰে চলিলে মানুহে বিশ্ব আৰু মানবৰ কল্যাণ সাধনৰ পথত আগুৱাই যাব পাৰিব, এইয়ে চীনা দৰ্শনৰ মূল আলোচ্য বিষয়। দাৰ্শনিক যুক্তি যিমানেই সূক্ষ্ম নহওক, বা কল্পনা যিমানেই উচ্চ নহওক, চীনা দাৰ্শনিকসকলে [ ৮৮ ] এই জগত আৰু জগতবাসী মানবৰ কল্যাণকামী নৈতিক সূত্ৰক কেতিয়াও আওকাণ কৰা নাই। তেওঁলোকৰ দৰ্শনত সদায় এটা জাগতিক দৃষ্টি আছে আৰু দাৰ্শনিক চিন্তাত যিমানেই উচ্চলৈ নাযাওক ব্যৱহাৰিক জগতখন তেওঁলোকৰ দৃষ্টিৰ কেতিয়াও আঁৰ হোৱা নাই।
চীনদেশৰ মহান দাৰ্শনিকসকলৰ ভিতৰত লাওৎছেই প্ৰথম দাৰ্শনিক। লাওৎছে খৃঃ পূঃ ৫৯০ চন মানত জন্ম গ্ৰহণ কৰে। লাওৎছেৰ জীৱনী সম্বন্ধে বিশেষ একো জনা নাযায়। ছাও জিলাৰ অন্তৰ্গত কেউহজিন গাৱঁত লাওৎছেৰ জন্ম হয়। তেওঁৰ পিতাক লি বৰ দুখীয়া মানুহ আছিল। সৰুতে লাওৎছেৰ নাম আছিল লি-পেহ-য়াঙ। তেওঁ ডেকা কালতে লো-ইয়াঙ নগৰৰ সাম্ৰাজ্যিক পুথিভড়ালৰ অধ্যক্ষ পদ লয় আৰু বহুবছৰ এই পদতে থাকে।
সাম্ৰাজ্যিক পুথিভড়ালত কাম কৰি থকা সময়ছোৱাত লি পেহ য়াঙে চীনদেশৰ গ্ৰন্থৰাজি অধ্যয়ন কৰিবলৈ সুবিধা পায় আৰু খৰচি মাৰি পঢ়ে। পিচত যেতিয়া তেওঁ দৰ্শন আৰু ধৰ্ম্ম সম্পৰ্কে তেওঁৰ মতবাদ প্ৰকাশ কৰিব ধৰিলে তেওঁ সকলোৰে শ্ৰদ্ধাভাজন আৰু প্ৰশংসাৰ পাত্ৰ হৈ পৰিল। তেতিয়া তেওঁৰ গুণমুগ্ধ মানুহবিলাকে তেওঁক লাওৎছে বা বুঢ়া দাৰ্শনিক বুলিব ধৰিলে আৰু অৱশেষত তেওঁৰ সৰুকালিৰ নাম তলপৰি জগতত লাওৎছে নামেৰেই জনাজাত হ’ল। লাওৎছেৰ দাৰ্শনিক [ ৮৯ ] মতবাদ প্ৰচাৰিত হবলৈ ধৰিলে আৰু তেওঁৰ যশস্যা বঢ়াৰ লগে লগে শিষ্যৰ সংখ্যাও বাঢ়িব ধৰিলে। তেতিয়াও লাওৎছে পুথিভড়ালৰ অধ্যক্ষ হৈয়েই আছিল আৰু বোধহয় সেইপদত জীৱনৰ শেষলৈকে থাকিলেহেতেন। কিন্তু ইতিমধ্যে লোইয়াঙ প্ৰদেশৰ শাসকসকল দিনে দিনে অত্যাচাৰী আৰু দুৰ্নীতিপৰায়ণ হৈ অহা দেখি খঙতে লাওৎছে সেইদেশ ত্যাগ কৰাকে থিৰ কৰিলে। তেতিয়া তেওঁ নব্বৈ বছৰীয়া বুঢ়া। দুৰ্নীতিপৰায়ণ আৰু স্বাৰ্থপৰ শাসকসকলৰ তলত চাকৰি কৰিবলৈ তেওঁৰ মনত ধিক্কাৰ জম্মিল আৰু পুথিভৰালৰ অধ্যক্ষ পদ নেওচা দি দেশ এৰি গুচি গ’ল।
যেতিয়া লাওৎছে সেইদেশৰ শেষ সীমাত উপস্থিত হ’লগৈ
তেতিয়া সীমান্তৰখীয়া প্ৰহৰী এজনে তেওঁক চিনি পালে আৰু
তেওঁক সীমান্ত পাৰ হৈ যাবলৈ এৰি নিদিলে। বুঢ়াৰ খঙ
উঠাত সেই প্ৰহৰীজনে হাতযোৰ কৈ কলে,— “আপোনাৰ
যশস্যা চাৰিওফালে ফাটিফুটি গৈছে। কিন্তু আপুনি আপোনাৰ
মতবাদ সম্পৰ্কে আজিলৈকে কোনো পুথি ৰচনা কৰা নাই।
যদি এতিয়া আপুনি আমাক এৰি যায় তেন্তে আমি আপোনাৰ
বহুমূলীয়া শিক্ষাৰ পৰা চিৰ কাললৈ বঞ্চিত হম।” তেতিয়া
লাওৎছে সেই প্ৰহৰীৰ অনুৰোধমতে তেওঁৰ শিক্ষাৰ বা মতবাদৰ
অতি লাগতিয়াল কথাখিনি এখন মাত্ৰ পচিশ পিঠিয়া পুথিত
লিখি দিলে আৰু সেইদেশ এৰি গুচি গ’ল। তাৰ পিচত
লাওৎছে সম্বন্ধে কোনো কথা জনা নাযায়।
[ ৯০ ] লাওৎছে লো-ইয়াঙ প্ৰদেশৰ সীমান্তৰ দ্বাৰত বহি লিখি থৈ
যোৱা পচিশ পিঠীয়া পুথিখনেই তেওঁক অমৰ কৰি ৰাখিছে।
এই কিতাপখনৰ নাম হৈছে ‘তাও তেহ কিঙ’ অৰ্থাৎ যুক্তি আৰু
ধৰ্ম্মৰ পন্থা। হিউৱেনচাঙ অসমলৈ আহোঁতে ভাস্কৰ বৰ্ম্মণে
তেওঁক চীনৰ বিখ্যাত কিতাপ এখন দিবলৈ কৈছিল আৰু
হিউৱেনচাঙে হেনো ইয়াত সংস্কৃত শিকি গৈ লাওৎছেৰ এই
বিখ্যাত তাও তেহ কিঙ নামৰ কিতাপখনকে সংস্কৃতলৈ অনুবাদ
কৰি কামৰূপৰ ৰজা ভাস্কৰ বৰ্ম্মণলৈ পঠাই দিছিল। সেই
পুথি অৱশ্যে আজিলৈকে উদ্ধাৰ হোৱা নাই।
লাওৎছে লিখা তাও তেহ কিঙ আকাৰত সৰু কিতাপ হলেও ই বিশ্বৰ এখন বহুমূলীয়া গ্ৰন্থ। এই পুথিখনকেই তাওবাদৰ মূল গ্ৰন্থ বুলি ধৰা হয় আৰু ইয়াৰ সাৰগৰ্ভ বচন বিলাকৰ টিকা টিপ্পনী বহুত পণ্ডিতে লিখি ইয়াক বুজিবলৈ চেষ্টা কৰিছে। তাওবাদ দৰ্শন আৰু তাওবাদ ব্যৱহাৰিক ধৰ্ম্ম হিচাপে দুটা বেলেগ বস্তুত পৰিণত হৈছিল।
লাওৎছে সেই যুগৰ স্বাধীন চিন্তাধাৰাৰ প্ৰতীক আৰু পথপ্ৰদৰ্শক। মানুহৰ প্ৰকৃত উন্নতি কি আৰু উন্নতিলিপ্সু মানবৰ প্ৰকৃত পন্থা কি এয়ে আছিল তেওঁৰ প্ৰধান চিন্তা। এই পথক তেওঁ তাও বুলিছিল আৰু সেইকাৰণেই তেওঁৰ প্ৰচাৰিত দৰ্শন আৰু ধৰ্ম্মমতক তওবাদ বোলা হয়।
লাওৎছে সেইসময়ত প্ৰচলিত মতবাদ আৰু ধৰ্ম্মানুষ্ঠান বিলাকৰ তীব্ৰ সমালোচনা কৰিছিল আৰু স্বাধীন চিন্তাৰে নতুন [ ৯১ ] মত প্ৰতিষ্ঠা কৰিছিল। লাওৎছেৰ দৰ্শনক এক হিচাবে একান্তবাদ বুলিব পাৰি। বিশ্বব্ৰহ্মাণ্ডৰ মূলত এটা অনিৰ্ব্বচনীয় সত্ত্বা আছে আৰু জাগতিক বা পৰিদৃশ্যমান জগতৰ বিভূতি সেই সত্ত্বাকে বিভিন্ন বিকাশ মাথোন। কিন্তু এই মূল সত্ত্বা গুণাতীত আৰু নিৰ্ব্বিকল্প। “সকলো বস্তু সৎ বস্তুৰ পৰাই উদ্ভব হৈছে আৰু এই সৎ অসতৰ পৰা উৎপত্তি হৈছে।” এই অসৎসকলো জাগতিক বস্তুৰ মূল। “স্বৰ্গ, পৃথিবী আদিৰ উৎপত্তিৰ আগতে ই আছিল। ই এক, অপৰিণামী আৰু অবিকাৰী। ইয়াকে জগৎ প্ৰসৱিনী বুলিব পাৰি।” লাওৎছেৰ মতে এই জগৎ অসৎ অথচ সৎবস্তুৰ বিকাশ। এতেকে ই সতো নহয় অথচ অসতো নহয়। বেদান্তদৰ্শনৰ অনিৰ্ব্বচনীয় সত্ত্বাৰ লগত লাওৎছেৰ দৰ্শনৰ মূলনীতিৰ কিছু মিল দেখা যায়।
লাওৎছেত আদৰ্শ হৈছে প্ৰকৃতি। প্ৰকৃতি সৰল আৰু নিৰ্ম্মল। প্ৰকৃতিৰ সকলো বিভূতি বিশ্বব্ৰহ্মাণ্ডৰ অন্তৰালত থকা মূল নীতিৰ জাগতিক প্ৰকাশ। প্ৰকৃতিৰ পন্থাই প্ৰকৃত পথ। ‘প্ৰকৃতিক অনুসৰণ কৰা’ এইয়ে তেওঁৰ জীৱনদৰ্শনৰো আদৰ্শ। প্ৰকৃতিৰ সৰলতা, নিৰ্ম্মলতা আৰু নিৰপেক্ষতা গ্ৰহণ কৰি জগতত চলাই মানুহৰ জীৱনৰ চৰম আদৰ্শ। এতেকে তেওঁ বৰ্ত্তমান সভ্যতাৰ নামত বাহিৰৰ পৰা জাপি দিয়া বিধিনিষেধপূৰ্ণ সামাজিক অনুস্থানবিলাকত কোনো গুৰুত্ব নিদিছিল আৰু সেইবিলাক বিলোপ কৰিবলৈ ইচ্ছা কৰিছিল। মানুহে প্ৰবৰ্ত্তন কৰা সামাজিক অনুস্থান কেতিয়াও নিৰ্ভুল হব নোৱাৰে [ ৯২ ] আৰু গাৰ জোৰেৰে সেইবোৰ মানি চলিবলৈ মানুহক বাধ্য কৰিলে মানুহৰ কেতিয়াও প্ৰকৃত মনুষ্যত্বৰ বিকাশ হব নোৱাৰে। এই বিধিনিষেধবোৰে মানুহক যন্ত্ৰত পৰিণত কৰে আৰু ভিতৰৰ প্ৰকৃত মানুহটোক পঙ্গু কৰি পেলায়। “পঞ্চবৰ্ণই মানুহৰ দৃষ্টি অন্ধ কৰে, পঞ্চসুৰ সম্বলিত তথা-কথিত সঙ্গীতে মানুহৰ কৰ্ণ বধিৰ কৰে, পঞ্চৰসে মানুহৰ জিভা নষ্ট কৰে; ঘোৰাখেল, জুৱাখেল আৰু মৃগয়াই মানুহক উন্মাদ কৰে, বহুমূলীয়া মণি-মুকুতাই মানুহৰ লোভ বঢ়ায় আৰু চৰিত্ৰৰ অধঃপতন কৰে।”… “যেতিয়া মানুহে সুন্দৰক সুন্দৰ বুলি উপলব্ধি কৰিব শিকে তেতিয়াই কুৎসিতৰ জ্ঞান জন্মে, যেতিয়া ভালক ভাল বুলি উপলব্ধি কৰে, তেতিয়াই বেয়াৰ অস্তিত্ব বোধগম্য হয়।” গতিকে এনে ধৰণৰ ভাল বেয়া, ন্যায় অন্যায়, সুন্দৰ কুৎসিত আদিৰ বিভেদ জ্ঞানে মানুহক প্ৰাকৃতিক সৰলতা আৰু শুদ্ধতাৰ পৰা বিমুখ কৰে আৰু মন কলুষিত কৰে। এই ভেদভাৱ মানুহৰ দুৰ্নীতিৰ কাৰণ নহলেও ই স্পষ্ট লক্ষণ। “যেতিয়াই প্ৰাকৃতিকতা আবৃত হৈ পৰে তেতিয়াই দয়া আৰু নৈতিকতাৰ কথা উঠে। যেতিয়া জ্ঞান, বুদ্ধি বিকশিত হয় তেতিয়াই মানুহৰ মনত ভণ্ডামী ঠাই পায়। যেতিয়া নৈসৰ্গিক সম্বন্ধ এৰি দিয়ে বা খাপ নোখোৱা হয় তেতিয়া আহি পৰে অপত্যস্নেহ, পিতৃভক্তি আদি অপ্ৰাকৃতিক সম্বন্ধ-স্বাপেক্ষতা। যেতিয়া এটা জাতি বা বংশ কুশাসন আৰু উশৃঙ্খলতাত পৰে তেতিয়া আবিষ্কৃত হয় ৰাজভক্তি বা আনুগত্য। গতিকে তথাকথিত [ ৯৩ ] জ্ঞান অন্বেষণ ত্যাগ কৰা, বুদ্ধিৰ আশ্ৰয় এৰি দিয়া, দয়া মায়া বিসৰ্জ্জন দিয়া, ন্যায়বিচাৰ এৰি দিয়া, লোভ পৰিত্যাগ কৰা।”
প্ৰকৃতিৰ পথ নিষ্ক্ৰিয় পথ। এই নিস্ক্ৰিয়তাৰ মাজেদি
প্ৰকৃতিয়ে সকলো ৰক্ষা কৰি আহিছে, সকলো সুনিয়ন্ত্ৰিত হৈ
সুকলমে চলি আছে, কতো আঁৰ লগা নাই। “জগতত যিমানেই
বাধানিষেধ বাঢ়িব, জগতবাসী সিমানেই গৰীব হৈ যাব।
মানুহে যিমানেই নতুন নতুন আবিষ্কাৰ কৰিব বা যন্ত্ৰপাতি
তৈয়াৰ কৰিব ৰাজ্যত সিমানেই অশান্তি বাঢ়িব। মানুহৰ
বুদ্ধিকৌশল যিমানেই বাঢ়িব প্ৰকৃতিৰ সৰল গতি সিমানেই
বিপৰ্য্যস্ত হব। ৰাজ্যত যিমানেই আইন-কানুন প্ৰবৰ্ত্তন কৰিব,
চোৰ ডকাইত বা আইন-ভঙ্গকাৰীৰ সংখ্যা সিমানেই বাঢ়িব।
মানুহক মানুহে যিমানেই অবিশ্বাস কৰিব, বিশ্বাসঘাতকতাৰ
নতুন নতুন পথ সিমানেই বাঢ়িব। গতিকে বিজ্ঞপুৰুষে কয়—
মই নিষ্ক্ৰিয়তা অৱলম্বন কৰিম আৰু মানুহ আপোনা-আপুনি
সংস্কৃত হব। মই শান্তি আৰু নিৰ্জ্জনতা ভাল পাও, মানুহ
নিজে নিজে ন্যায়পৰায়ণ হব। মই কোনো নীতি প্ৰবৰ্ত্তন
নকৰো, মানুহ স্বাভাবিকতে সমৃদ্ধিশালী হব। মই কোনো
আকাঙ্ক্ষা নকৰো, মানুহ নিজে নিজে সৰল হব। প্ৰকৃতি
কাকো হকা-বাধা নকৰে, কাকো জোৰ নকৰে, কিন্তু প্ৰাকৃতিক
জগতত কোনো বস্তু নোহোৱাকৈ নাথাকে আৰু কোনো কাম
অকৃত হৈ পৰি নাথাকে।” এই উদ্ধৃতিৰ পৰাই লাওৎছেৰ
জীৱনদৰ্শনৰ আভাষ পোৱা যায়।
[ ৯৪ ] যদিও লাওৎছে এনে ধৰণৰ নিষ্ক্ৰিয়তাবাদ প্ৰচাৰ কৰিছিল
তথাপি তেওঁৰ প্ৰচাৰিত তথ্যবোৰে পিচৰ দাৰ্শনিক সকলক
চিন্তাৰ সমল যোগাইছিল। কাল আৰু আবৰ্ত্তন সম্বন্ধে তেওঁৰ
তথ্য মন কৰিবলগীয়া। “কালৰ পম খেদি যোৱা, তুমি
কেতিয়াও তাৰ আদি নোপোৱা। ইয়াক অনুসৰণ কৰা, তুমি
ইয়াৰ অন্ত নেদেখা। ভূতকালৰ সংঘটিত ঘটনাবলীৰে বৰ্ত্তমান
নিৰীক্ষণ কৰা, তেতিয়া এই জাগতিক বস্তুবোৰৰ আৰম্ভণ আৰু
স্থিতি বুজিব পাৰিবা। এইটোকে তাও বুজিবলৈ সঙ্কেত
হিচাবে লবা।” বিশ্বৰ সকলো বস্তু বিৰাট শূন্য নাইবা অসতৰ
পৰা উৎপত্তি হৈছে এই তথ্য লৈ লাওৎছে পৰিণাম বা আবৰ্ত্তন
অসতৰ পৰা উদ্ভাসিত সৎবস্তু বিলাকৰ বিকাশ বুলি ধৰিছিল।
একৰ পৰা বহু, সৰলৰ পৰা জটিল, সহজৰ পৰা কঠোৰ এই
আবৰ্ত্তনৰ পৰিণতি।
প্ৰমাণ বা জ্ঞান-বিজ্ঞান সম্বন্ধে লাওৎছে কৈছিল যে জ্ঞান, বিদ্যা, বুদ্ধি আদিৰ অন্বেষণ বা উৎকৰ্ষণৰ দ্বাৰা মানুহে জীবনদৰ্শৰ প্ৰকৃত পথত উপনীত হব নোৱাৰে। আমি যাক জ্ঞান বা বিজ্ঞান বোলো সি প্ৰকৃততে সসীম বিদ্যাবুদ্ধি বিশিষ্ট মানুহৰ অভিজ্ঞতাৰ ফল মাথোন। এই অভিজ্ঞতাত অবাধিতত্ব নাই, বৰং দেশ কাল ভেদে এই অভিজ্ঞতাৰ পৰস্পৰ বিৰোধ দেখা যায়। গতিকে ই প্ৰকৃত জ্ঞান হব নোৱাৰে। এই জ্ঞানে মানুহৰ জীৱনৰ চৰম আদৰ্শৰ সন্ধান দিব নোৱাৰে। এই জ্ঞানৰ ওপৰত জীৱনৰ চৰম আদৰ্শ নিৰ্দ্ধাৰণ কৰিবলৈ গলে ই [ ৯৫ ] পৰস্পৰ বিৰোধী হব আৰু যুগে যুগে মানুহৰ ৰুচিভেদে ই সদায় পৰিবৰ্ত্তন হৈ থাকিব। এনে পৰিবৰ্ত্তনশীল আদৰ্শ চৰম আদৰ্শ হব নোৱাৰে। এতেকে মানুহে প্ৰকৃত পথৰ সন্ধান প্ৰকৃতিৰ গতিবিধি নিৰীক্ষণ কৰিহে পাব পাৰে আৰু প্ৰকৃতিক একান্তভাবে অনুসৰণ কৰাই এই পন্থা।
লাওৎছে প্ৰচাৰিত তথ্য-পাতি সমন্বয় কৰি প্ৰকৃত দাৰ্শনিক ৰূপ দিলে তেওঁৰ শিষ্য চুয়াংছে। চীনাসকলৰ জীৱনত তাওবাদে গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছে আৰু লাওৎছেৰ এই তাওবাদে প্ৰকৃততে চুয়াংছে দিয়া ৰূপহে। চুয়াংছে খৃঃ পূঃ চতুৰ্থ শতাব্দীৰ শেষ ভাগত জন্ম গ্ৰহণ কৰে। এইজনা দাৰ্শনিকে তাওবাদৰ প্ৰধান প্ৰচাৰক। লাওৎছে উনুকিয়াই যোৱা সমস্যাবিলাকৰ চুয়াংছে বিস্তৃতভাবে আলোচনা কৰিছে আৰু যুক্তিৰে প্ৰতিপাদন কৰিছে। লাওৎছেৰ বাণীসমূহ অস্পষ্ট আৰু বহুত সময়ত দুৰ্ব্বোধ্য আছিল। চুয়াংছে সেইবোৰ সহজ সৰল কৰি প্ৰচাৰ কৰিছিল। লাওৎছে আছিল যেনিবা সূত্ৰকাৰ আৰু তাৰ ভাষ্য লিখিছিল চুয়াংছে।
চুয়াংছে লাওৎছেৰ বাণীসমূহ সমন্বয় কৰি প্ৰণালীবদ্ধ দৰ্শনৰ ৰূপ দিছিল যদিও তাৰ মাজেৰেই তেওঁৰ নিজা মতবাদো প্ৰচাৰ কৰিছিল। কোনো কোনো বিষয়ত চুয়াংছেৰ মত গুৰুৰ লগত নিমিলিছিল। জাগতিক বাধা-নিষেধ অতিক্ৰম কৰি অপ্ৰতিবন্ধক ভাবে মানুহে কেনেকৈ চৰম উৎকৰ্ষ সাধন কৰিব পাৰে [ ৯৬ ] তাৰ চিন্তাত মনোনিবেশ কৰিছিল দাৰ্শনিক লাওৎছে। তেওঁ মানুহক প্ৰকৃত পথৰ সন্ধান দিছিল প্ৰকৃতিক আদৰ্শ হিচাবে লৈ প্ৰাকৃতিক নিয়ম মানি চলিবলৈ। কিন্তু চুয়াংছেৰ চিন্তা এই জগতৰ আবেষ্টনীত সীমাবদ্ধ হৈ নাছিল। ইহজীৱনৰ মূলত থকা পাৰলৌকিক তথ্য বিশ্লেষণ কৰি তাওবাদ স্থাপন কৰিছিল আৰু তাক অতীন্দ্ৰিয় দৰ্শনৰ ৰূপ দিছিল। ঐহিক জগতৰ শৃঙ্খলা ৰক্ষা লাওৎছেৰ দৰ্শনৰ মূল সমস্যা আছিল আৰু চুয়াংছেৰ দৰ্শনত আছিল বিশ্বব্ৰহ্মাণ্ডৰ মূলত প্ৰতিস্থিত সত্ত্বাৰ অন্বেষণৰ প্ৰচেষ্টা। লাওৎছেৰ দৰ্শনত ইয়াৰ নিৰ্দ্দেশ আছিল যদিও সমাধানৰ প্ৰচেষ্টা নাছিল।
চুয়াংছেৰ মতে জগতত শাশ্বত ঐকান্তিক সত্য বা ঐকান্তিক নৈতিকতা বুলি একো বস্তু থাকিব নোৱাৰে। সত্য, নৈতিকতা সকলো আপেক্ষিক। সত্য, অসত্য, ভাল, বেয়া, ন্যায়, অন্যায় সকলো আপেক্ষিক। য’ত ভাল-বেয়াৰ, ন্যায়-অন্যায়ৰ ভেদ আছে বা প্ৰতীয়মান হৈছে সেই জ্ঞান প্ৰকৃত দাৰ্শনিক জ্ঞান বা প্ৰজ্ঞা হব নোৱাৰে। সকলো বস্তুৰ সমন্বয়ৰ মাজেদিহে প্ৰকৃত প্ৰজ্ঞা উদয় হব পাৰে। চুয়াংছেৰ অনেকান্তবাদ আমাৰ জৈন দৰ্শনৰ স্যাদবাদৰ দৰেই সহিষ্ণু।
চুয়াংছেৰ মতে তাও হৈছে বিশ্বব্ৰহ্মাণ্ডৰ মুলত অধিস্থিত বিৰাট সত্ত্বা আৰু এই সত্ত্বাৰ পৰাই জগৎপ্ৰপঞ্চৰ উৎপত্তি। এই বিষয়ে চুয়াংছে লাওৎছেৰ মতকে সম্পূৰ্ণকৈ অনুসৰণ কৰিছে। এই তাওয়েই হ’ল প্ৰকৃতিৰ বীজ বা প্ৰকৃতিৰ অফুৰন্ত সৃষ্টি [ ৯৭ ] শক্তি। এই শক্তিৰ বিকাশেই ব্যক্ত জগৎ। লাওৎছে পৰিদৃশ্যমান জগতত গুৰুত্ব আৰোপ নকৰিছিল কিন্তু তেওঁ এই জগতৰ সমস্যাবিলাকৰ পৰা পলায়নবাদী মনোবৃত্তি পোষণ কৰা নাছিল। চুয়াংছে কিন্তু এই জগতৰ অলীকতাত বিশ্বাস কৰিছিল আৰু এই পৰিদৃশ্যমান জগতৰ অন্তৰালত থকা বিৰাট অক্ষৰ শক্তিকহে প্ৰাধান্য দিছিল। তেওঁ প্ৰত্যেক মানুহৰে ব্যক্তি-স্বাধীনতাৰ পক্ষপাতী আছিল আৰু বিশ্বাস কৰিছিল যে প্ৰত্যেককে নিজৰ অভিৰুচিমতে চিন্তা কৰিবলৈ দিয়া উচিত। মানুহে পতা অনুস্থান, মানুহে প্ৰবৰ্ত্তন কৰা ৰীতি-নীতিত লাওৎছেৰ দৰে চুয়াংছেৰো আস্থা আৰু সমৰ্থন নাছিল।
লাওৎছেৰ পিছৰ জনা বিখ্যাত দাৰ্শনিক হ’ল কনফুচিয়াছ। কনফুচিয়াছৰ মতবাদ প্ৰচাৰ হোৱাৰ লগে লগেই শিক্ষিত লোকসকল কনফুচিয়াছৰ মতৰ প্ৰতি আকৃষ্ট হয় আৰু লাওৎছেৰ তাওবাদৰ প্ৰতি মানুহৰ আস্থা কমি আহে। তাওবাদৰ প্ৰতিদ্বন্দী হিচাবে কনফুচিয়াছৰ দৰ্শন আৰু নৈতিকতা প্ৰচাৰিত হলেও তাওবাদৰ প্ৰভাৱ কেতিয়াও লোপ পোৱা নাছিল বৰং কনফুচিয়াছৰ শিক্ষাৰ মাজেদিয়েই তাওবাদ বুজিবলৈ চেষ্টা চলিছিল। চীনাসকলৰ অন্তৰত তাওবাদৰ প্ৰভাব আজিও স্পষ্ট হৈ আছে। তাওবাদেই চীনাসকলক সহিষ্ণু, আৰু অন্যমতৰ প্ৰতি নিৰপেক্ষ কৈ ৰাখিছে। এই দৰ্শনেই সেই কালত স্বাধীন [ ৯৮ ] চিন্তা আৰু নিৰীক্ষণ ক্ষমতাৰ সমল যোগাইছিল। কিন্তু শেহৰ ফালে তাওবাদ উচ্চ দাৰ্শনিক তথ্য বিকৃত হৈ পৰিল। লাওৎছেৰ শিক্ষা আৰু বাণীসমূহৰ সহজ আৰু সৰল ভাগটো এৰি দুৰ্ব্বোধ্য আৰু আপাততঃ নিৰৰ্থক অংশটোৰ কি অৰ্থ বা বাখ্যা হব পাৰে তাৰ কাল্পনিক অৰ্থ দি ভাষ্য লিখিব ধৰিলে তেওঁৰ শিষ্যসকলৰ এক শ্ৰেণীয়ে। ফলত লাওৎছেৰ উচ্চ আৰু অতীন্দ্ৰিয়বাদী দৰ্শন বিকৃত হৈ জনসমাজত যাদুমন্ত্ৰ আৰু সুদীৰ্ঘকাল জীয়াই ৰাখিব পৰা “জীৱন-ৰসায়ন”ৰ অন্বেষণ আদিলৈ নামি আহিছিল। জীৱন-ৰসায়ন তাওবাদত নিহিত আছে বুলি এটা অন্ধবিশ্বাস সোমাই পৰিছিল আৰু সেই জীৱন-ৰসায়ন ক’ত পোৱা যাব তাৰ অন্বেষণত ৰজা, শাসক আদিও ব্ৰতী হৈছিল। জীৱন-ৰসায়ন বিচাৰি হেনো জাপান আদি দ্বীপ বিলাকলৈ চীনৰ বহুত মানুহ পঠাইছিল আৰু তাৰে কিছুমানে সেই দ্বীপবোৰত নিগাজীকৈ থাকি গৈছিল। মুঠতে তাওবাদে কনফুচিয়াছৰ সহজ, সৰল আৰু ব্যৱহাৰিক দৃষ্টিসম্পন্ন মতবাদৰ লগত ফেৰ মাৰি প্ৰাধান্য তিষ্ঠাই ৰাখিব নোৱাৰিলে।
কনফুচিয়াছৰ জন্ম হয় খৃঃ পূঃ ৫৫১ চনত। এই সময়ছোৱা চীন ইতিহাসৰ এটা দুৰ্য্যোগৰ অধ্যায় আছিল। ৰাজনৈতিক ক্ষেত্ৰত সাম্ৰাজ্যবাদৰ ভাঙন ধৰিছিল আৰু অসংখ্য সৰু সৰু ৰাজ্যত চীন বিভক্ত হৈ পৰিছিল। নামত সাম্ৰাজ্য থাকিলেও সম্ৰাট বা কেন্দ্ৰীয় চৰকাৰৰ আনুগত্য কোনোৱে স্বীকাৰ নকৰিছিল। আনকি এই সৰু-সুৰা ৰাজ্যবিলাকতো শাসনৰ [ ৯৯ ] অস্থিৰতাই দেখা দিছিল আৰু ক্ষমতাপন্ন তলতীয়া কৰ্ম্মচাৰী সময়ত ৰাজদণ্ড হাতত লৈছিল। কেন্দ্ৰীয় শাসন আৰু ক্ষমতাৰ শোচনীয় শিথিলতাত ৰাজনৈতিক অস্থিৰতা, সামাজিক বিশৃঙ্খলতা, নৈতিক মান অবনতিত গোটেই দেশ প্লাবিত হৈ পৰিছিল। সেই সময়ৰ বৰ্ণনা দি মেনচিয়াছ নামে কনফুচিয়াছৰ শিষ্য এজনে লিখিছিল “জগত ধ্বংসমুখী হৈ জড়াগ্ৰস্ত হৈছিল, সত্য বিতাৰিত হৈছিল, বিকৃত ৰীতি-নীতি আৰু হিংসাত্মক কাৰ্য্যত দেশ প্লাবিত হৈছিল। মন্ত্ৰীয়ে ৰজাক হত্যা কৰা, পুতেকে বাপেকক হত্যা কৰাৰ দৃষ্টান্ত বিৰল নাছিল৷ এইবোৰ দেখিশুনি কনফুচিয়াছ আতঙ্কিত হৈ পৰিছিল।”
চীনা সংস্কৃতি আৰু সভ্যতাৰ সমগ্ৰ সৌধতেই ফাট মেলিছিল। কনফুচিয়াছে সমাজ ব্যৱস্থা আৰু দেশৰ সংহতি ৰক্ষা কৰিবলৈ চেষ্টা কৰি প্ৰথমে বিভিন্ন ৰাজ্যবোৰৰ ৰাজসভাবিলাক সংস্কাৰ কৰিবলৈ যত্নপৰ হৈছিল। কিন্তু তেওঁ সোনকালেই উপলব্ধি কৰিলে যে দুৰ্নীতিৰ বীজ বহু তললৈ শিপাইছে আৰু সমাজ আৰু শাসন সংস্কাৰ কাৰ্য্যত তেওঁৰ চেষ্টা ফলবতী হব নোৱাৰে। সেইকাৰণে তেওঁ সভ্যতাৰ বুনিয়াদ বা ভেটিটোক থিক কৰি লবলৈ মন মেলিলে। সেই উদ্দেশ্যে তেওঁ দেশৰ ডেকা সকলক আৰু সতি-সন্ততিক সৎশিক্ষা দি দেশ খন দুৰ্নীতিৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ নিজৰ জীৱনৰে উচৰ্গা কৰিবলৈ মনস্থ কৰিলে। দেশৰ ভবিষ্যৎ ধৰণী ডেকা শক্তিক আত্মসচেতন কৰি যাতে সৎপথলৈ ঘূৰাই আনিব পাৰে সেই [ ১০০ ] অভিপ্ৰায়ে গোটেই সাম্ৰাজ্যতে শিক্ষা বিস্তাৰ কৰি ভ্ৰমণ কৰিবলৈ প্ৰয়াস কৰিলে। এই ভ্ৰমণৰ আন এটা উদ্দেশ্য আছিল তেওঁৰ পৰামৰ্শ মতে শাসন কৰিবলৈ সম্মত হোৱা কোনো এখন ৰাজ্যৰ ৰজা বা শাসক বিচাৰি পোৱা। সভ্যতা সংস্কৃতি ৰক্ষাৰ দায়িত্ব আগেয়ে ন্যস্ত আছিল সম্ৰাটৰ ওপৰত, কিন্তু কনফুচিয়াছে এই দায়িত্ব সম্ৰাটৰ হাতৰ পৰা আনি তেওঁ গঢ়িলোৱা শিক্ষিত শ্ৰেণীৰ হাতত অৰ্পণ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ আশা আছিল এই শিক্ষিত শ্ৰেণীৰ লোকসকলেই সময়ত মন্ত্ৰী, উপদেষ্টা, শাসক আদি হৈ চীন সভ্যতা ৰক্ষা কৰিব আৰু বিভিন্ন ৰাজ্যত তেওঁৰ প্ৰভাৱ বিস্তাৰ কৰিব। কনফুচিয়াছে তেওঁৰ মনৰ জোখাৰে শাসক বিচাৰি নাপালে যদিও তেওঁৰ শিক্ষাই গঢ়দিয়া লোকশ্ৰেণীয়ে তেওঁৰ ইচ্ছা সফল কৰি তুলিছিল আৰু চীন সাম্ৰাজ্যৰ চুকে-কোণে কনফুচিয়াছৰ আদৰ্শ আৰু প্ৰভাব বিয়পি পৰিছিল।
জগতৰ উত্তৰোত্তৰ উন্নতিৰ প্ৰকৃত পথ অন্বেষণৰ চিন্তা কৰি মহামতি কনফুচিয়াছে ইয়াকে সাব্যস্ত কৰিছিল যে চিন্তাজগতৰ অৰাজকতাই সমাজ আৰু দেশৰ বিশৃংখলাৰ বাবে দায়ী। চিন্তাধাৰাৰ খেলিমেলিৰ কাৰণেই দেশৰ শিক্ষাপদ্ধতি বিকৃত হয়, বিকৃত শিক্ষাৰ কাৰণেই আদৰ্শ বিভ্ৰাট হয় আৰু আদৰ্শ বিভ্ৰাটৰ কাৰণেই সামাজিক অস্থিৰতা, ৰাজনৈতিক অশান্তি আৰু নৈতিক অবনতি ঘটে। তেতিয়া দেশত দুৰ্নীতিয়ে পোহাৰ মেলে আৰু ঐতিহ্য, সংস্কাৰ, সকলো পাহৰি মানুহে [ ১০১ ] মনুষ্যত্ব পৰিহাৰ কৰে। এই স্খলন বেচিদিন স্থায়ী হলে মানব জাতি পঙ্গু আৰু চৰিত্ৰহীন হয়। কৰ্ত্তব্যৰ প্ৰতি অবহেলা, নিস্ফল সমালোচনা, সাধাৰণ প্ৰজাই ৰাজনৈতিক বিষয়ত হস্তক্ষেপ কৰা, কাকো নমনা হোৱা, ভক্তি, মমতা, ন্যায়পৰায়ণতা আদি সকলো জলাঞ্জলি দিয়া— ইত্যাদি সকলোবোৰ পাপেই সমাজক কলুষিত কৰে। এই আটাইবোৰ দোষৰ কাৰণে কনফুচিয়াছে কেন্দ্ৰীয় শাসনৰ দুৰ্ব্বলতাকে দায়ী কৰিছিল। মানুহক আত্মসচেতন কৰি নৈতিক শিক্ষাৰ জৰিয়তে কনফুচিয়াছে দেশৰ শান্তি আৰু সমাজৰ শৃঙ্খলা আনয়ন কৰিবলৈ চেষ্টা কৰিছিল। এনে পটভূমিত কনফুচিয়াছৰ মতবাদে চীনত প্ৰতিষ্ঠা লাভ কৰিছিল।
কনফুচিয়াছ আছিল প্ৰধানতঃ এজন সংস্কাৰক। নৈতিক শিক্ষাৰ মাজেদি কনফুচিয়াছে এখন আদৰ্শ সমাজ স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। কনফুচিয়াছৰ মতবাদত বিশ্বব্ৰহ্মাণ্ডৰ সত্ত্বা, পাৰলৌকিক বা অতীন্দ্ৰিয় জ্ঞান আদি বিষয়ৰ দাৰ্শনিক বা তাত্ত্বিক আলোচনা বিশেষ পোৱা নাযায়। বৰ্ত্তমান সময়ত দৰ্শন বুলিলে আমি যি বুজো, কনফুচিয়াছৰ দৰ্শনত তেনে বিশ্বব্ৰহ্মাণ্ডক আঁকোৱালি লোৱা সমন্বিত মতবাদ নাই। কনফুচিয়াছক এনে ধৰণৰ তাত্ত্বিক প্ৰশ্ন কোনোবাই কৰিলেও তেওঁ বুদ্ধদেৱৰ দৰে সেইবোৰৰ পোনপটীয়া উত্তৰ নিদি এৰাই গৈছিল। কনফুচিয়াছে নিজকে বাৰ্ত্তাবহ (ট্ৰানছ্মিটাৰ) বুলিছিল; অৰ্থাৎ তেওঁ কৈছিল যে তেওঁ জগতবাসীক নতুন [ ১০২ ] একো দিবলৈ নাই। চীনৰ সংস্কৃতি বা ঐতিহ্যকে মাথো তেওঁ প্ৰচাৰ কৰিছিল। এতেকে এনে ধৰণৰ তাত্ত্বিক প্ৰশ্নবিলাকৰো নতুন সমিধান দিবলৈ একো নাছিল কাৰণেই তেওঁ মৌনতা অবলম্বন কৰিছিল। আনপিনে চীনা দৰ্শনৰ বৈশিষ্ট্যই হৈছে বাস্তবমুখী বা জাগতিক দৃষ্টি সম্পন্ন। এতেকে কনফুচিয়াছে ব্যৱহাৰিক জগতৰ সমস্যা আৰু তাৰ সমাধানতে বেচি গুৰুত্ব দিছিল আৰু অতীন্দ্ৰিয় পাৰলৌকিক জগতৰ আলোচনাত মনোনিবেশ কৰা নাছিল।
কনফুচিয়াছে যে এই জগত-অতিৰিক্ত বিষয়ৰ চিন্তা কৰা নাছিল তেনে নহয়। কিন্তু সেই বিষয়ে তেওঁ কোনো নিজা মতবাদ প্ৰচাৰ কৰা নাছিল। হয়তো তেওঁ প্ৰচলিত তথ্যবিলাকেই মানি লৈছিল বা নিজে কোনো নতুন তথ্যত উপনীত হব পৰা নাছিল। তথাপি কনফুচিয়াছৰ বাণীসমূহৰ পৰা দুই এটা দাৰ্শনিক তথ্য পোৱা যায়। মানুহৰ নৈতিক জীৱনৰ অন্তৰালত বিশ্বনীতি অবদানৰ সন্দৰ্ভত কনফুচিয়াছে এনে দাৰ্শনিক মতৰ উক্তি কৰিছিল।
কনফুচিয়াছৰ মতে এই বিশ্বৰ অন্তৰালত দুটা শক্তি নিহিত আছে। এই শক্তি দুটা হল ইয়াং (yang) আৰু য়ীন (yin)। এই দুই শক্তিৰ সংঘাততেই বিশ্বৰ সৃষ্টি। এই দুই শক্তিৰ ভিতৰত ইয়াং হল পুৰুষ আৰু য়ীন হল স্ত্ৰী শক্তি। এই দ্বৈত শক্তিৰ সংযোগত বিশ্বৰ ক্ৰমবিকাশ। এই দ্বৈতবাদে কনফুচিয়াছৰ দৰ্শনত একপ্ৰকাৰ নিয়ন্ত্ৰণবাদ বা অদৃষ্টবাদ প্ৰবৰ্ত্তন [ ১০৩ ] কৰিছে। কনফুচিয়াছৰ প্ৰবৰ্ত্তিত এই অদৃষ্টবাদে বা নিয়ন্ত্ৰণবাদে আজিও চীনাসকলৰ মাজত পূৰ্ব্ব-সংস্কাৰ হিচাবে প্ৰভাৱ বিস্তাৰ কৰি আছে। প্ৰকৃতিৰ সকলো বস্তুৱেই পূৰ্ব্বনিৰ্দিষ্ট বা পূৰ্ব্বনিয়ন্ত্ৰিত ভাবে নিজ নিজ কাম কৰে। সংসাৰৰ প্ৰাণী আৰু বস্তুবিলাকৰ মাজত থকা সম্বন্ধও পূৰ্ব্বনিৰ্দিষ্ট। এতেকে মানুহে এই সম্বন্ধক সন্মান কৰি ৰক্ষা কৰিব লাগে। এই সম্বন্ধ অটুট ৰাখি নিজ নিজ কৰ্ত্তব্য কৰি গলেই মানুহে নৈতিকতা ৰক্ষা কৰিব পাৰে। তেওঁৰ লিখাত এঠাইত পোৱা যায় “আকাশ ওপৰত, মৰত তলত; বলী নিৰ্ব্বলীৰ সম্বন্ধ দিয়াই আছে। উচ্চ-নীচৰ ক্ৰান্তি পূৰ্ব্বনিৰ্দিষ্ট। গতি আৰু স্থিতি নিয়ম মতেই চলে। জাতি হিচাবেই বস্তুবোৰ আমি পাও; গতিকে ব্যক্তিক জাতি নিয়ন্ত্ৰণ কৰে। আকাশতো বহুত দেখো, সেইবিলাকৰো গতি, বিবৰ্ত্তনসকলো নিয়ন্ত্ৰিত।” এনে মত অৱশ্যে আগৰ পৰাই প্ৰবৰ্ত্তিত তাওবাদতো পোৱা যায়। কনফুচিয়াছেও ইয়াত ‘তাও’বা পন্থাৰ শিক্ষাকেহে কৈছে।
বস্তুবিলাকৰ মাজত থকা সম্বন্ধ আৰু মানুহৰ পৰস্পৰৰ ওপৰত সম্বন্ধই নিৰ্ণয় কৰি দিয়া আচৰণ সকলোৱে মানি চলিব লাগে। এই সম্বন্ধ আৰু সম্বন্ধই নিৰ্নীত কৰা আচৰণবিলাক বহুকালৰ পৰা চলি আহিছে আৰু তাৰ একো একোটা শব্দ বা নামেৰে প্ৰকাশ কৰা হয়। প্ৰত্যেক সম্বন্ধই একোটা ধাৰণা বা ভাবত পৰিণত হৈছে। “বস্তু আৰু প্ৰাণীৰ মাজত থকা সম্বন্ধ পূৰ্ব্বে স্বৰ্গত নিয়ন্ত্ৰিত হৈছে আৰু তাৰে পৰাই অতীজৰ [ ১০৪ ] জ্ঞানীলোক সকলে পাইছিল। জ্ঞানীলোকসকলে একোটা নাম বা শব্দ আবিষ্কাৰ কৰিলে আৰু সেই নামেৰে বা শব্দৰেহে আমি সেই সম্বন্ধ আৰু আচৰণ বুজিব পাৰোঁ।” কনফুচিয়াছৰ মতে সভ্যতাৰ বুৰঞ্জী কেবল বিভিন্ন যুগত মানুহে এই ধাৰণা বা ভাৱৰাশি আয়ত্ব কৰি মানব সমাজত নানান অনুস্থান, ৰীতি-নীতি, কৌশল আদিৰ মাজেদি তাক বিকাশ কৰিবলৈ কৰা নেৰা-নেপেৰা প্ৰচেষ্টা মাথোন। দৰ্শনৰো কাম হৈছে বুদ্ধি আৰু যুক্তিৰ আলমত এই নামবোৰ আৰু নামৰ লগত সংশ্লিষ্ট আচৰণবিধি সংস্কৃত কৰি সমন্বয়ৰ সৃষ্টি কৰা।
এদিন ইউ নামেৰে এজন শিষ্যই কনফুচিয়াছক সুধিছিল “আপুনি এখন ৰাজ্যৰ ৰজা হলে প্ৰথমে কি কাম হাতত লব?” তেতিয়া কনফুচিয়াছে উত্তৰ দিছিল— “প্ৰথমে নামবোৰ সংশোধন কৰিব লাগিব।” শিষ্যজনে একো নুবুজি আচৰিত হৈ সুধিলে— “নামবোৰ! নামবোৰ কিয় সংশোধন কৰে? মইচোন একো বুজি নাপালো।” কনফুচিয়াছে শিষ্যজনক কলে, “ইউ, তুমি একো শিকা নাই, তোমাৰ একো জ্ঞানো হোৱা নাই। ভদ্ৰলোকে নজনা কথাৰ আলোচনাত অতি সন্তৰ্পণেহে ভাগ লোৱা উচিত। নহলে সতৰ্কতাৰে মৌন হৈ থাকিব লাগে। যদি নাম বা শব্দ অশুদ্ধ হয় সি যথাৰ্থ প্ৰকাশক নহব আৰু কথা-বতৰাত আচল অৰ্থ প্ৰকাশ নাপাব। যদি কথা-বতৰাত শব্দই প্ৰকৃত অৰ্থ প্ৰকাশ নকৰে বা বুজি নোপোৱা হয় তেন্তে কোনো সিদ্ধান্তত উপনীত হব নোৱাৰি। যদি কোনো সিদ্ধান্ত [ ১০৫ ] প্ৰতিপাদন কৰিব নোৱাৰি তেন্তে চৰিত্ৰনীতি বা সঙ্গীত-নীতি একোকে স্থাপন কৰিব নোৱাৰি। যদি চৰিত্ৰ-ৰীতি বা সঙ্গীত-নীতি স্থাপন কৰিব নোৱাৰি তেন্তে আইন-কানুনত বিসঙ্গতিয়ে দেখা দিব আৰু আইনৰ দোহাই দি কৰা শাস্তিবিধান ন্যায়সঙ্গত নহব। যদি আইন আৰু শাসনবিধি নীতিসন্মত আৰু ন্যায়সঙ্গত নহয় তেন্তে মানুহে ক’ত হাত থব, ক’ত ভৰি থব, কি কাম কৰা উচিত, কি কাম কৰা অনুচিত একো ঠিৰাং কৰিব নোৱাৰিব। সেইকাৰণে উচ্চমনা লোকে শব্দই যাতে প্ৰকৃত অৰ্থ প্ৰকাশ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখে আৰু যি কয় তাক কামত খটাবলৈ ইচ্ছা কৰে। মন-বাক্য-কৰ্ম্মত সমন্বয় থাকিব লাগে। সেয়েহে উচ্চমনা লোকে কথা-বতৰাত কেতিয়াও অসাবধান নহয় আৰু উচিত সময়ত উচিত কথা কয়।”
কনফুচিয়াছৰ মতে যি ক্ষেত্ৰত আচৰণ, কৰ্ত্তব্য, অনুস্থান, সম্বন্ধ আদিয়ে সেইবিলাকৰ শব্দগত প্ৰকৃত অৰ্থ প্ৰকাশ নকৰা হৈ পৰে সেই ক্ষেত্ৰত অৰাজকতা আৰু বুদ্ধিৰ খেলিমেলি অৱস্থা আহি পৰে। “যদি দুশ্চৰিত্ৰ আৰু দুৰ্নীতিপৰায়ণ মানুহ কেইজনমানৰ সমষ্টিক এখন দেশৰ চৰকাৰ বা শাসক বুলিব পাৰি আৰু যদি নিজে কলুষতাত ডুব গৈ আনক সজ পথত চলিব লাগে বুলি চিঞৰি ফুৰাই শাসন কাৰ্য্য চলোৱা হয়, তেন্তে নানা কুতৰ্কৰ জালেৰে ভালক বেয়া আৰু বেয়াক ভাল বুলি প্ৰতিপাদন কৰিব খোজা তাৰ্কিক সকলক কিয় পণ্ডিত নুবুলিবা?” [ ১০৬ ] ইয়াৰ বা কনফুচিয়াছে ইয়াকে বুজাইছে যে যদি চৰকাৰে শাসকৰ কাম নকৰে তেন্তে সেই চৰকাৰক চৰকাৰ বুলিব নোৱাৰি। যদি পণ্ডিতে প্ৰকৃত ভাল-বেয়াৰ উচিত-অনুচিতৰ সন্ধান দিব নোৱাৰে তেন্তে তেনে লোকক পণ্ডিত বুলিব নাপায়। যদি বাপেকে বাপেকৰ কাম নকৰে, যদি পুতেকে পুতেকৰ দায়িত্ব পালন নকৰে, তেন্তে সেই শব্দবোৰ সেই সেই মানুহৰ গাত প্ৰযোজ্য নহয়। কনফুচিয়াছে লু প্ৰদেশৰ মন্ত্ৰী হৈ থাকোতে এদিন এজন বাপেকে তাৰ পুতেকে তাৰ প্ৰতি কৰা বেয়া আচৰণৰ বাবে এটা অভিযোগ উত্থাপিত কৰি পুতেকক শান্তি দিবলৈ খাটিলে। তেতিয়া কনফুচিয়াছে গোচৰটো শুনি লৈ বাপেক পুতেক দুয়োকো কাৰাগাৰত আৱদ্ধ কৰি ৰাখিলে। আনবিলাক বিষয়াই কনফুচিয়াছৰ তেনে আচৰণত আচৰিত আৰু ক্ষুব্ধ হৈ তেনে কৰাৰ কাৰণ সোধাত তেওঁ কলে “এই মানুহজনে বাপেকৰ দায়িত্ব পালন কৰা নাই। সি যদি পুতেকক সৰুৰে পৰা পুতেকৰ আচৰণ, কৰ্ত্তব্য আদি শিক্ষা দিলেহেতেন তেন্তে পুতেক বাপেকৰ প্ৰতি কেতিয়াও বিৰূপ নহলহেতেন। এই পুতেকটো বেয়া হোৱাৰ কাৰণে বাপেক দায়ী। গতিকে দুয়ো শান্তি পোৱা উচিত।” অৰ্থাৎ বাপেক পুতেকৰ মাজত যি সম্বন্ধ সেই সম্বন্ধৰ নীতি দুয়ো ভঙ্গ কৰিছে আৰু সেইকাৰণে দুয়োজনেই দোষী।
সেইকাৰণে কনফুচিয়াছৰ মতে সমাজ সংস্কাৰকৰ কৰ্ত্তব্য হৈছে কোনো শব্দ বা নাম যি অৰ্থত ব্যৱহাৰ হোৱা উচিত সি [ ১০৭ ] যেন সেই অৰ্থতহে ব্যৱহাৰ হয় আৰু প্ৰকৃত অৰ্থ প্ৰকাশক হয়। অৰ্থাৎ সমাজ-ব্যৱস্থা এনে সুশৃঙ্খলিত হোৱা উচিত যাতে সামাজিক অনুস্থান আৰু ব্যক্তিৰ পৰস্পৰ সমন্ধ আদৰ্শমূলক হয়। এনে সমাজত ৰজাই প্ৰকৃত ৰজাৰ দায়িত্ব পালন কৰিব, কৰ্ম্মচাৰী সকল অনুগত, বিশ্বাসী আৰু কৰ্ত্তব্যপৰায়ণ হব, পিতৃৰ পিতৃত্ব আৰু সন্তানৰ বাৎসল্য ভাৱ থাকিব। আইনে আইনৰ মৰ্য্যাদা ৰক্ষা কৰিব, শান্তি বা পুৰস্কাৰ বিধিসম্মত আৰু ন্যায়সঙ্গত হব; সমাজৰ প্ৰত্যেক ব্যক্তিয়ে নিজৰ মৰ্য্যাদা অনুসৰি নিজ নিজ কৰ্ত্তব্য পালন কৰিব। কনফুচিয়াছে স্থাপন কৰিব ওলাইছিল এনে এখন আদৰ্শ ৰাজ্য। খৃঃ পূঃ ৭২২ চনৰ পৰা খৃঃ পূঃ ৪৮০ চনলৈকে লু দেশৰ ইতিহাস সঙ্কলন কৰি কনফুচিয়াছে শব্দৰ যথাৰ্থ অৰ্থ ব্যাখ্যা কৰি দেখুৱাইছিল কোন শাসক প্ৰকৃত শাসক নামৰ যোগ্য আছিল, কোন বিষয়া অযোগ্য আছিল; কোন সময়ত কোন ৰীতি-নীতি সেই নামৰ অযোগ্য হৈছিল; ইত্যাদি।
কনফুচিয়াছে সেই সময়ত প্ৰবৰ্ত্তিত আৰু পুৰণি কালৰ পৰা চলি অহা ৰীতি-নীতি, নৈতিক বচন, ধৰ্ম্মাচৰণ আদি সম্পাদনা কৰি উলিয়াইছিল আৰু শিষ্যসকলক এইবিলাকৰ তাৎপৰ্য্য বুজাই শিক্ষা দিছিল। এই আচাৰ-ব্যবহাৰ, ৰীতি-নীতিৰ সমষ্টিক তেওঁ লী (Li) বুলিছিল। লী মানে হল ন্যায়পৰায়ণতা আৰু ইয়াকে মূলনীতি বুলি মাৰি লৈ ইয়াৰ মাজেদি কনফুচিয়াছে মানুহৰ ব্যক্তিগত আচৰণ আৰু সততা, [ ১০৮ ] মানুহৰ পৰস্পৰ সম্বন্ধ, সামাজিক কৰ্ত্তব্য আদি বিষয়ে শিক্ষা দিছিল। শেষৰ পিনে কনফুচিয়াছে প্ৰৱৰ্ত্তন কৰা এই লী বা নীতিশাস্ত্ৰ এক প্ৰকাৰ সংহিতা বা স্মৃতিশাস্ত্ৰত পৰিণত হৈছিল আৰু মানুহৰ দৈনন্দিন জীৱনত খোৱা, পিন্ধা, চলন-ফুৰণ, বচন, শয়নৰ পৰা আৰম্ভ কৰি প্ৰেতকাৰ্য্য, বিয়া-বাৰু আদিলৈকে ইয়াৰ বচন মানি চলিছিল। ইয়াৰ বিধি-নিষেধবোৰ বৰ সম্মানেৰে পালন কৰা হৈছিল আৰু খুটিনাটি কথাবিলাকলৈকো পালনত চকু দিয়া হৈছিল।
আইনৰ দ্বাৰা শাসন কৰা প্ৰথাৰ কনফুচিয়াছ বিৰোধী আছিল। সেই সময়ত সমাজত দুটা শ্ৰেণীৰ উৎপত্তি হৈছিল। এটা হল ভালমানুহ বা ভদ্ৰলোকৰ শ্ৰেণী আৰু আনটো হল সাধাৰণ লোকৰ শ্ৰেণী। ভালমানুহ বা ভদ্ৰলোকৰ শ্ৰেণীৰ লোকসকলে ‘লী’ৰ আদৰ্শ মানি লৈ বা ন্যায়পৰায়ণতা আৰু সততাৰ যি ৰীতি-নীতি প্ৰবৰ্ত্তিত হৈছিল সেইমতে জীবন যাপন কৰিছিল। গতিকে আইন কানুনে তেওঁলোকৰ ওপৰত কোনো বিধিনিষেধৰ সৃষ্টি কৰিব লগা নহৈছিল। আনপিনে সাধাৰণ শ্ৰেণীৰ মানুহে আইন-কানুনৰ নিৰ্দ্দেশ মানি চলিছিল আৰু শাস্তিৰ ভয়ে তেওঁলোকক বেয়া বা গৰ্হিত কামৰ পৰা আঁতৰাই ৰাখিছিল। এই শাসন-ব্যৱস্থা কনফুচিয়াছৰ মানত সন্তোষজনক নাছিল আৰু আইনৰ ভয়ে মানুহক সংস্কৃত কৰিব পাৰে বুলি তেওঁ বিশ্বাস নকৰিছিল। “যদি মানুহক আইনৰ দ্বাৰা নিয়ন্ত্ৰিত কৰি পৰিচালনা কৰা হয় তেতিয়া হয়তো শাস্তিৰ [ ১০৯ ] হাত সাৰিবলৈ আইন মানি চলিব পাৰে। কিন্তু এইদৰে অকল শান্তিৰ পৰা ৰক্ষা পৰিবলৈ আইন মানি চলাত অন্তৰ শুদ্ধ নহয় আৰু বেয়া কাম কৰিবলৈ মনত যি কুণ্ঠাভাব আহিব লাগে বা বেয়া কাম কৰিলে যে লজ্জিত হব লাগে তেনে মনোবৃত্তিৰ উদয় নহয়। ধৰ্ম্মভাৱ জগাই তেওঁলোকক সৎপথত পৰিচালিত কৰা আৰু ন্যায়পৰায়ণ কৰি তেওঁলোকৰ কৰ্ম্মপথ নিৰ্ধাৰণ কৰা; তেতিয়া দেখিবা, তেওঁলোকে বেয়া কাম কৰি অকল লজ্জিতই নহব, লগে লগে সৎলোকেই হব।”
যুগধৰ্ম্ম অনুসৰি কনফুচিয়াছেও লাওৎছেৰ দৰে কৃত্ৰিমতা
পৰিহাৰ কৰিছিল আৰু প্ৰকৃতিক আদৰ্শৰূপে মানিছিল।
ৰাজনৈতিক চিন্তাধাৰাত লাওৎছে প্ৰভাব পৰোক্ষ ভাবে হলেও
কনফুচিয়াছৰ ওপৰত নপৰাকৈ নাছিল। কিন্তু কনফুচিয়াছে
সকলো প্ৰকাৰৰ কৃত্ৰিম বা মানুহে পতা অনুস্থান ভাঙি দিবলৈ
পৰামৰ্শ দিয়া নাছিল। বৰং এজন পৈনত ৰাজনীতিজ্ঞ আৰু
বিচক্ষণ সংস্কাৰক হিচাবে যুগৰ আহ্বান “প্ৰকৃতিক অনুসৰণ কৰা”
মতৰ লগত সভ্যতাৰ ঐতিহাসিক মূল্যাঙ্কন কৰি সজ
অনুস্থানৰ জৰিয়তে সৎশিক্ষা, সততা, সাধুতা, কৰ্ত্তব্যপৰায়ণতা
আদিৰ বহুল প্ৰচাৰত যত্নপৰ হৈছিল। মানুহে পতা সজ অনুস্থান,
মানুহে প্ৰচলন কৰা সজ ৰীতি-নীতি, বিধি-ব্যবস্থা, প্ৰাকৃতিক
নিয়ম অনুসৰি উত্তৰ হোৱা বস্তু বুলিয়েই কনফুচিয়াছে সামৰি
লৈছিল আৰু সেই বিলাক যথানিয়মে পালন কৰাত গুৰুত্ব দিছিল।
[ ১১০ ] সমাজ ব্যৱস্থাৰ লগত ব্যক্তিক খাপ খুৱাই চলিবলৈ যোগ্যতা
দিয়াই কনফুচিয়াছৰ শিক্ষাৰ মূল নীতি আছিল। সমাজৰ
উন্নতি আৰু সংহতি নিৰ্ভৰ কৰে মানুহৰ পৰস্পৰৰ প্ৰতি থকা
স্বাভাবিক সহানুভূতি আৰু কৰ্ত্তব্য পালনত। এই স্বাভাবিক
সহানুভূতি প্ৰথমে মানুহৰ নিজৰ পৰিয়ালৰ বা আত্মীয়-স্বজনৰ
গণ্ডিত প্ৰকাশ পায় আৰু ক্ৰমে ইয়াৰ পৰিধি বিস্তৃত হৈ সমাজক
আৰু দেশক আঁকোৱালি ধৰে। কনফুচিয়াছে পুত্ৰোচিত
ধাৰ্ম্মিকতা, কুলোচিত সৌহাৰ্দ্দ্য, ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য, প্ৰতিবেশীৰ
প্ৰতি প্ৰীতি-ভাব আদি বিষয়বোৰৰ শিক্ষা দিছিল।
যেতিয়া সমাজৰ প্ৰতি অঙ্গই নিয়ত বা নিৰূপিত কৰ্ত্তব্য সুচাৰুৰূপে
পালন কৰে তেতিয়া সমাজ সুশৃঙ্খলিত হয় আৰু ক্ৰমে
উন্নতিৰ পথত আগবাঢ়ি যায়। “যেতিয়া এই মহৎ নীতি
প্ৰবৰ্ত্তিত হব তেতিয়া বিশ্বত সকলোৱেই সাৰ্ব্বজনীন মঙ্গলৰ
কাৰণেই কৰ্ত্তব্য কৰি যাব। সদাচাৰী লোকসকল দায়িত্বপূৰ্ণ
পদৰ বাবে নিৰ্ব্বাচিত হব আৰু তেওঁলোকৰ ওপৰত দেশৰ
দায়িত্ব অৰ্পিত হব। নিষ্ঠা তেওঁলোকৰ ব্ৰত হব আৰু মতদ্বৈধ
নাথাকিব। ফলত মানুহে অকল নিজৰ পিতামাতাকে মৰম
নকৰিব নাইবা অকল নিজৰ সন্তান-সন্ততিৰ প্ৰতি হে যত্নপৰ
নহব। সকলো বৃদ্ধলোকেই প্ৰতিপালিত হব অ
যুবকেই নিযুক্তি পাব। সকলো শিশুই অপত্য-স্নেহ পাব;
বিধবা, গতভাৰ্য্য, পিতৃহীন, অবিবাহিত, অক্ষম আৰু ব্যাধিগ্ৰস্ত
সকলোৱেই যত্ন আৰু তদাৰক পাব। পুৰুষে ন্যায় অধিকাৰ [ ১১১ ] পাব আৰু তিৰোতাই ঘৰ সংসাৰ পাব। কোনো দ্ৰব্যৰ
অপব্যয় নহব আৰু ব্যক্তিবিশেষৰ সুকীয়া গুপ্তধন
গচ্ছিত নহব। স্বাৰ্থপৰতা নোহোৱা হব, চুৰি আৰু সামাজিক
পাপ অজ্ঞাত হব। গতিকে মানুহে ঘৰৰ দুৱাৰ বন্ধ কৰি
ৰাখিবৰ প্ৰয়োজন নহব। এয়ে হব আমাৰ মহান জনতাৰ ৰাষ্ট্ৰ।”
কনফুচিয়াছে সমাজৰ বিভিন্ন অঙ্গ হিচাবে থকা লোক সকলৰ কৰ্ত্তব্য নতুনকৈ আবিষ্কাৰ কৰা নাছিল। তেওঁ প্ৰাচীন কালৰ ৰীতি-নীতিক বিশ্বাস কৰিছিল আৰু সেইবোৰকে প্ৰচাৰ কৰিছিল। কনফুচিয়াছৰ শিক্ষা অকল নৈতিকতাতে আৱদ্ধ নাছিল। কনফুচিয়াছে পূৰ্ব্বপুৰুষ সকলৰ শ্ৰাদ্ধাদি, দেৱতা আৰু পৰমপুৰুষ ঈশ্বৰৰ পূজাসেৱাৰ বিধিব্যৱস্থাও প্ৰচলন কৰিছিল। এই বিলাক ধৰ্ম্মকৃত্যও কনফুচিয়াছে প্ৰাচীনকালৰ পৰা চলিঅহা ৰীতিমতেই পালন কৰিছিল। ঈশ্বৰ সকলোৰে নিয়ন্তা; ঈশ্বৰেই বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিছে আৰু মানুহৰ কৰ্ত্তব্য বান্ধি দিছে। ঈশ্বৰৰ অধীনত আকাশে বতাহে, পৰ্ব্বতে ভৈয়ামে, সাগৰে নগৰে অসংখ্য দেৱতা আছে আৰু এই নেতাবিলাকে ঈশ্বৰৰ আজ্ঞামতে নিজ নিজ কৰ্ম্ম কৰি মানব জাতিক সহায় কৰি আহিছে। সমাজৰ স্থায়িত্ব, সংহতি আৰু উন্নতিৰ বাবে এই দেৱতাসকলক আৰু পিতৃপুৰুষ সকলক পূজা সেৱা কৰিব লাগে। কনফুচিয়াছে পূৰ্ব্বপ্ৰচলিত ৰীতি আৰু বিশ্বাস অনুসৰি সৰ্বশক্তিমান সৰ্ব্বনিয়ন্তা ঈশ্বৰ আৰু তেওঁৰ [ ১১২ ] অধীনস্থ বহু দেৱতাৰ পূজা-সেৱাত বিশ্বাস কৰিছিল আৰু সকলোকে এই ৰীতি মানি চলিবলৈ শিক্ষা আৰু উপদেশ দিছিল। কিন্তু ধৰ্ম্মতত্ব সম্পকীয় আলোচনাত কনফুচিয়াছে সময় খৰচ নকৰিছিল আৰু আগ্ৰহে নেদেখুৱাইছিল। কনফুচিয়াছে ঈশ্বৰত বিশ্বাস কৰিছিল আৰু সমাজৰ ৰীতি-নীতিৰ মূলত ঈশ্বৰৰ আজ্ঞা আছে বুলি ধৰি লৈছিল।
“ঈশ্বৰৰ নিৰ্দ্দেশ সনাতন। দেখিছা নহয় সূৰ্য্য আৰু চন্দ্ৰই ইটোৱে সিটোক নিজ নিজ পথত সৰ্ব্বদাই অনুসৰণ কৰি চলি আহিছে; ইও ঈশ্বৰৰেই বিধান। বিশ্বব্ৰহ্মাণ্ডত জীৱ চিৰকাল প্ৰবাহিত হৈ আছে কেতিয়াও বিৰতি হোৱা নাই— ইও ঈশ্বৰৰ নীতি। প্ৰকৃতিৰ বৈভব অপ্ৰতিহত ভাবে সৃষ্ট হৈ আছে ঈশ্বৰৰ নিৰ্দ্দেশতেই।” কনফুচিয়াছে গোটেই বিশ্বতে ঈশ্বৰৰ অস্তিত্ব আৰু ক্ৰিয়া অনুভব কৰিছিল।
এসময়ত কনফুচিয়াছৰ অসুখ হোৱাত এজন শিষ্যই তেওঁক এটা মন্দিৰলৈ গৈ প্ৰাৰ্থনা কৰিবলৈ কৈছিল। তাৰ উত্তৰত কনফুচিয়াছে কৈছিল, “মই সদায় প্ৰাৰ্থনা কৰিয়েই আছো। মোৰ জীৱনটোৱেই প্ৰাৰ্থনা। ঈশ্বৰৰ বিধান মানি চলাই হৈছে আটাইতকৈ উচ্চধৰণৰ প্ৰাৰ্থনা।” কনফুচিয়াছৰ ধৰ্ম্মমত এই কথাষাৰৰ পৰাই জানিব পাৰি। সাময়িক ভাবে পূজা সেৱা কৰা বা সপ্তাহৰ কোনো নিৰ্দ্দিষ্ট দিনত কোনো নিৰ্দিষ্ট স্থানত প্ৰাৰ্থনা কৰাটোৱেই ধৰ্ম্ম নহয়। সেইবিলাক ধৰ্ম্মানুষ্ঠানহে। ধৰ্ম্ম অনুভূতি আৰু অভিজ্ঞতাৰ বস্তু। এই অনুভূতি জীৱনত [ ১১৩ ] অনুক্ষণ থাকিব লাগিব আৰু ইয়াৰ দ্বাৰাই জীৱনৰ গতি নিয়ন্ত্ৰিত হব। ধৰ্ম্ম আৰু নৈতিকতাত ছুটী নাই।
কনফুচিয়াছৰ সমস্ত মতবাদ মানুহৰ প্ৰকৃতি আৰু প্ৰবৃত্তিৰ জ্ঞানৰ ওপৰত প্ৰতিস্থিত। মানুহৰ প্ৰকৃতি সামাজিক অথচ প্ৰবৃত্তি স্বাৰ্থপৰ। মানুহ প্ৰকৃততে সজ কিন্তু পিচত প্ৰবৃত্তিৰ তাড়নাত স্বাৰ্থপৰ হৈ সমাজৰ অহিত চিন্তা কৰে। এতেকে শিক্ষা, সজ অনুস্থান আদিৰ জৰিয়তে মানুহৰ প্ৰাকৃত সততা সংৰক্ষণ কৰিব লাগে। যাতে মানুহে নিজৰ প্ৰকৃত গৌৰবময় অস্তিত্ব পাহৰি প্ৰবৃত্তিৰ হীন প্ৰলোভনত নপৰে তাৰ বাবেই শিক্ষা আৰু সজ অনুস্থানবোৰৰ প্ৰয়োজন। মানুহ সমাজ-প্ৰিয়। এই সমাজ-প্ৰীতি প্ৰথমে প্ৰকট হয় নিজৰ পৰিয়ালবৰ্গৰ ভিতৰত। এতেকে চীনৰ ৰাজনৈতিক আদৰ্শ হৈছে— ৰাষ্ট্ৰ পৰিয়ালৰ ভেটিত গঢ়িব লাগে। ৰাষ্ট্ৰ এটা বৃহৎ পৰিয়াল আৰু পৰিয়াল এখন ৰাষ্ট্ৰৰ ক্ষুদ্ৰ চানেকী। যি নীতিত পৰিয়ালৰ উন্নতি নিৰ্ভৰ কৰে কনফুচিয়াছে সেই একে নীতিকেই ৰাষ্ট্ৰত প্ৰয়োগ কৰিছিল।
ধৰ্ম্ম ধৰ্ম্মৰ বাবেই পালন কৰিব লাগে— কৰ্ত্তব্য কৰ্ত্তব্য হিচাবেই পালন কৰিব লাগে— এয়ে আছিল কনফুচিয়াছৰ ধৰ্ম্ম আৰু নৈতিক শিক্ষাৰ মূল নীতি।
কনফুচিয়াছৰ দাৰ্শনিক তথ্য আৰু নৈতিক শিক্ষা তেওঁৰ নাতিয়েক কেইহ আৰু উপযুক্ত শিষ্যসকলে সঙ্কলন কৰি গোটই চীনতে প্ৰচাৰ কৰিছিল। কনফুচিয়াছ চীন সংস্কৃতিৰ জনক, [ ১১৪ ] ঋষি আৰু শিক্ষক। কনফুচিয়াছৰ প্ৰভাৱ চীনাসকলৰ মাজত তথা জগতবাসীৰ মাজত আজিও অপ্ৰতিহত। সেয়েহে আঢ়ৈহাজাৰ বছৰৰ পিচতো সৌ সিদিনা ১৯১৭ চনত চীনৰ লোকসভাত কনফুচিয়াছক চীনৰ দেৱতা আখ্যা দিবলৈ আৰু কনফুচিয়াছৰ ধৰ্ম্ম ৰাজধৰ্ম্ম বুলি ঘোষণা কৰিবলৈ প্ৰস্তাব উত্থাপিত হৈছিল।