মানুহৰ পৰস্পৰ সম্বন্ধ, সামাজিক কৰ্ত্তব্য আদি বিষয়ে শিক্ষা দিছিল। শেষৰ পিনে কনফুচিয়াছে প্ৰৱৰ্ত্তন কৰা এই লী বা নীতিশাস্ত্ৰ এক প্ৰকাৰ সংহিতা বা স্মৃতিশাস্ত্ৰত পৰিণত হৈছিল আৰু মানুহৰ দৈনন্দিন জীৱনত খোৱা, পিন্ধা, চলন-ফুৰণ, বচন, শয়নৰ পৰা আৰম্ভ কৰি প্ৰেতকাৰ্য্য, বিয়া-বাৰু আদিলৈকে ইয়াৰ বচন মানি চলিছিল। ইয়াৰ বিধি-নিষেধবোৰ বৰ সম্মানেৰে পালন কৰা হৈছিল আৰু খুটিনাটি কথাবিলাকলৈকো পালনত চকু দিয়া হৈছিল।
আইনৰ দ্বাৰা শাসন কৰা প্ৰথাৰ কনফুচিয়াছ বিৰোধী আছিল। সেই সময়ত সমাজত দুটা শ্ৰেণীৰ উৎপত্তি হৈছিল। এটা হল ভালমানুহ বা ভদ্ৰলোকৰ শ্ৰেণী আৰু আনটো হল সাধাৰণ লোকৰ শ্ৰেণী। ভালমানুহ বা ভদ্ৰলোকৰ শ্ৰেণীৰ লোকসকলে ‘লী’ৰ আদৰ্শ মানি লৈ বা ন্যায়পৰায়ণতা আৰু সততাৰ যি ৰীতি-নীতি প্ৰবৰ্ত্তিত হৈছিল সেইমতে জীবন যাপন কৰিছিল। গতিকে আইন কানুনে তেওঁলোকৰ ওপৰত কোনো বিধিনিষেধৰ সৃষ্টি কৰিব লগা নহৈছিল। আনপিনে সাধাৰণ শ্ৰেণীৰ মানুহে আইন-কানুনৰ নিৰ্দ্দেশ মানি চলিছিল আৰু শাস্তিৰ ভয়ে তেওঁলোকক বেয়া বা গৰ্হিত কামৰ পৰা আঁতৰাই ৰাখিছিল। এই শাসন-ব্যৱস্থা কনফুচিয়াছৰ মানত সন্তোষজনক নাছিল আৰু আইনৰ ভয়ে মানুহক সংস্কৃত কৰিব পাৰে বুলি তেওঁ বিশ্বাস নকৰিছিল। “যদি মানুহক আইনৰ দ্বাৰা নিয়ন্ত্ৰিত কৰি পৰিচালনা কৰা হয় তেতিয়া হয়তো শাস্তিৰ