পৃষ্ঠা:কনফুচিয়াছ.djvu/৯৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


 

চীনৰ দাৰ্শনিক পটভূমি আৰু কনফুচিয়াছ

 

 চীনা দৰ্শন সাধাৰণতঃ বাস্তবধৰ্ম্মী। ব্যৱহাৰিক জীৱনত, ৰাজনীতিত বা সমাজনীতিত পোনপটীয়াভাবে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰা সৃষ্টিতত্ত্ব বা ঈশ্বৰতত্ত্বৰ সূক্ষ্মতাত্ত্বিক চিন্তাধাৰাই চীনৰ দৰ্শনত বিশেষ স্থান পোৱা নাছিল। নীতিশাস্ত্ৰ আৰু নৈতিক জীৱনৰ মান সম্বন্ধীয় আলোচনাই আবহমান কালৰ পৰাই বৰ্তমানলৈকে চীনদেশৰ দাৰ্শনিক চিন্তাধাৰাত প্ৰাধান্য আৰু গুৰুত্ব লাভ কৰি আহিছে। মানুহেই মানুহৰ প্ৰধান্য জ্ঞাতব্য বিষয়— এইয়ে চীনদেশৰ দাৰ্শনিক চিন্তাধাৰাৰ মুলনীতি। আধ্যাত্মিক, পাৰলৌকিক বা অতীন্দ্ৰিয় জগতৰ চিন্তাতকৈ ইহজগতত মানুহে মানুহ হিচাপে চলিব শিকিবলৈ ব্যৱহাৰিক নীতিবিজ্ঞানৰ চিন্তা আৰু আলোচনাতহে অধিক মনোনিবেশ কৰিছিল। চীনাসকলৰ মতে বিশ্বব্ৰহ্মাণ্ডও নৈতিক নীতিৰেই মুৰ্ত্ত বিকাশ মাথোন। এই নীতিৰ প্ৰেৰণা আৰু অনুশাসনতেই নৈসৰ্গিক জগতৰ সকলো বিভূতি নিজ নিজ কৰ্ত্তব্য পালন কৰি চলি আছে। মানব জগততো নৈতিক পথৰ অন্বেষণ আৰু নিৰ্দ্ধাৰণ বা কোন পথেৰে চলিলে মানুহে বিশ্ব আৰু মানবৰ কল্যাণ সাধনৰ পথত আগুৱাই যাব পাৰিব, এইয়ে চীনা দৰ্শনৰ মূল আলোচ্য বিষয়। দাৰ্শনিক যুক্তি যিমানেই সূক্ষ্ম নহওক, বা কল্পনা যিমানেই উচ্চ নহওক, চীনা দাৰ্শনিকসকলে