পৃষ্ঠা:কনফুচিয়াছ.djvu/১১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৬
কনফুচিয়াছ

ইয়াৰ বা কনফুচিয়াছে ইয়াকে বুজাইছে যে যদি চৰকাৰে শাসকৰ কাম নকৰে তেন্তে সেই চৰকাৰক চৰকাৰ বুলিব নোৱাৰি। যদি পণ্ডিতে প্ৰকৃত ভাল-বেয়াৰ উচিত-অনুচিতৰ সন্ধান দিব নোৱাৰে তেন্তে তেনে লোকক পণ্ডিত বুলিব নাপায়। যদি বাপেকে বাপেকৰ কাম নকৰে, যদি পুতেকে পুতেকৰ দায়িত্ব পালন নকৰে, তেন্তে সেই শব্দবোৰ সেই সেই মানুহৰ গাত প্ৰযোজ্য নহয়। কনফুচিয়াছে লু প্ৰদেশৰ মন্ত্ৰী হৈ থাকোতে এদিন এজন বাপেকে তাৰ পুতেকে তাৰ প্ৰতি কৰা বেয়া আচৰণৰ বাবে এটা অভিযোগ উত্থাপিত কৰি পুতেকক শান্তি দিবলৈ খাটিলে। তেতিয়া কনফুচিয়াছে গোচৰটো শুনি লৈ বাপেক পুতেক দুয়োকো কাৰাগাৰত আৱদ্ধ কৰি ৰাখিলে। আনবিলাক বিষয়াই কনফুচিয়াছৰ তেনে আচৰণত আচৰিত আৰু ক্ষুব্ধ হৈ তেনে কৰাৰ কাৰণ সোধাত তেওঁ কলে “এই মানুহজনে বাপেকৰ দায়িত্ব পালন কৰা নাই। সি যদি পুতেকক সৰুৰে পৰা পুতেকৰ আচৰণ, কৰ্ত্তব্য আদি শিক্ষা দিলেহেতেন তেন্তে পুতেক বাপেকৰ প্ৰতি কেতিয়াও বিৰূপ নহলহেতেন। এই পুতেকটো বেয়া হোৱাৰ কাৰণে বাপেক দায়ী। গতিকে দুয়ো শান্তি পোৱা উচিত।” অৰ্থাৎ বাপেক পুতেকৰ মাজত যি সম্বন্ধ সেই সম্বন্ধৰ নীতি দুয়ো ভঙ্গ কৰিছে আৰু সেইকাৰণে দুয়োজনেই দোষী।

 সেইকাৰণে কনফুচিয়াছৰ মতে সমাজ সংস্কাৰকৰ কৰ্ত্তব্য হৈছে কোনো শব্দ বা নাম যি অৰ্থত ব্যৱহাৰ হোৱা উচিত সি