পৃষ্ঠা:কনফুচিয়াছ.djvu/১১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১১১
কনফুচিয়াছ

পাব আৰু তিৰোতাই ঘৰ সংসাৰ পাব। কোনো দ্ৰব্যৰ অপব্যয় নহব আৰু ব্যক্তিবিশেষৰ সুকীয়া গুপ্তধন গচ্ছিত নহব। স্বাৰ্থপৰতা নোহোৱা হব, চুৰি আৰু সামাজিক পাপ অজ্ঞাত হব। গতিকে মানুহে ঘৰৰ দুৱাৰ বন্ধ কৰি ৰাখিবৰ প্ৰয়োজন নহব। এয়ে হব আমাৰ মহান জনতাৰ ৰাষ্ট্ৰ।”

 কনফুচিয়াছে সমাজৰ বিভিন্ন অঙ্গ হিচাবে থকা লোক সকলৰ কৰ্ত্তব্য নতুনকৈ আবিষ্কাৰ কৰা নাছিল। তেওঁ প্ৰাচীন কালৰ ৰীতি-নীতিক বিশ্বাস কৰিছিল আৰু সেইবোৰকে প্ৰচাৰ কৰিছিল। কনফুচিয়াছৰ শিক্ষা অকল নৈতিকতাতে আৱদ্ধ নাছিল। কনফুচিয়াছে পূৰ্ব্বপুৰুষ সকলৰ শ্ৰাদ্ধাদি, দেৱতা আৰু পৰমপুৰুষ ঈশ্বৰৰ পূজাসেৱাৰ বিধিব্যৱস্থাও প্ৰচলন কৰিছিল। এই বিলাক ধৰ্ম্মকৃত্যও কনফুচিয়াছে প্ৰাচীনকালৰ পৰা চলিঅহা ৰীতিমতেই পালন কৰিছিল। ঈশ্বৰ সকলোৰে নিয়ন্তা; ঈশ্বৰেই বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিছে আৰু মানুহৰ কৰ্ত্তব্য বান্ধি দিছে। ঈশ্বৰৰ অধীনত আকাশে বতাহে, পৰ্ব্বতে ভৈয়ামে, সাগৰে নগৰে অসংখ্য দেৱতা আছে আৰু এই নেতাবিলাকে ঈশ্বৰৰ আজ্ঞামতে নিজ নিজ কৰ্ম্ম কৰি মানব জাতিক সহায় কৰি আহিছে। সমাজৰ স্থায়িত্ব, সংহতি আৰু উন্নতিৰ বাবে এই দেৱতাসকলক আৰু পিতৃপুৰুষ সকলক পূজা সেৱা কৰিব লাগে। কনফুচিয়াছে পূৰ্ব্বপ্ৰচলিত ৰীতি আৰু বিশ্বাস অনুসৰি সৰ্বশক্তিমান সৰ্ব্বনিয়ন্তা ঈশ্বৰ আৰু তেওঁৰ