পৃষ্ঠা:কনফুচিয়াছ.djvu/১০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
কনফুচিয়াছ

চিন্তা আৰু নিৰীক্ষণ ক্ষমতাৰ সমল যোগাইছিল। কিন্তু শেহৰ ফালে তাওবাদ উচ্চ দাৰ্শনিক তথ্য বিকৃত হৈ পৰিল। লাওৎছেৰ শিক্ষা আৰু বাণীসমূহৰ সহজ আৰু সৰল ভাগটো এৰি দুৰ্ব্বোধ্য আৰু আপাততঃ নিৰৰ্থক অংশটোৰ কি অৰ্থ বা বাখ্যা হব পাৰে তাৰ কাল্পনিক অৰ্থ দি ভাষ্য লিখিব ধৰিলে তেওঁৰ শিষ্যসকলৰ এক শ্ৰেণীয়ে। ফলত লাওৎছেৰ উচ্চ আৰু অতীন্দ্ৰিয়বাদী দৰ্শন বিকৃত হৈ জনসমাজত যাদুমন্ত্ৰ আৰু সুদীৰ্ঘকাল জীয়াই ৰাখিব পৰা “জীৱন-ৰসায়ন”ৰ অন্বেষণ আদিলৈ নামি আহিছিল। জীৱন-ৰসায়ন তাওবাদত নিহিত আছে বুলি এটা অন্ধবিশ্বাস সোমাই পৰিছিল আৰু সেই জীৱন-ৰসায়ন ক’ত পোৱা যাব তাৰ অন্বেষণত ৰজা, শাসক আদিও ব্ৰতী হৈছিল। জীৱন-ৰসায়ন বিচাৰি হেনো জাপান আদি দ্বীপ বিলাকলৈ চীনৰ বহুত মানুহ পঠাইছিল আৰু তাৰে কিছুমানে সেই দ্বীপবোৰত নিগাজীকৈ থাকি গৈছিল। মুঠতে তাওবাদে কনফুচিয়াছৰ সহজ, সৰল আৰু ব্যৱহাৰিক দৃষ্টিসম্পন্ন মতবাদৰ লগত ফেৰ মাৰি প্ৰাধান্য তিষ্ঠাই ৰাখিব নোৱাৰিলে।

 কনফুচিয়াছৰ জন্ম হয় খৃঃ পূঃ ৫৫১ চনত। এই সময়ছোৱা চীন ইতিহাসৰ এটা দুৰ্য্যোগৰ অধ্যায় আছিল। ৰাজনৈতিক ক্ষেত্ৰত সাম্ৰাজ্যবাদৰ ভাঙন ধৰিছিল আৰু অসংখ্য সৰু সৰু ৰাজ্যত চীন বিভক্ত হৈ পৰিছিল। নামত সাম্ৰাজ্য থাকিলেও সম্ৰাট বা কেন্দ্ৰীয় চৰকাৰৰ আনুগত্য কোনোৱে স্বীকাৰ নকৰিছিল। আনকি এই সৰু-সুৰা ৰাজ্যবিলাকতো শাসনৰ