পৃষ্ঠা:কনফুচিয়াছ.djvu/১০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
কনফুচিয়াছ

জ্ঞান অন্বেষণ ত্যাগ কৰা, বুদ্ধিৰ আশ্ৰয় এৰি দিয়া, দয়া মায়া বিসৰ্জ্জন দিয়া, ন্যায়বিচাৰ এৰি দিয়া, লোভ পৰিত্যাগ কৰা।”

 প্ৰকৃতিৰ পথ নিষ্ক্ৰিয় পথ। এই নিস্ক্ৰিয়তাৰ মাজেদি প্ৰকৃতিয়ে সকলো ৰক্ষা কৰি আহিছে, সকলো সুনিয়ন্ত্ৰিত হৈ সুকলমে চলি আছে, কতো আঁৰ লগা নাই। “জগতত যিমানেই বাধানিষেধ বাঢ়িব, জগতবাসী সিমানেই গৰীব হৈ যাব। মানুহে যিমানেই নতুন নতুন আবিষ্কাৰ কৰিব বা যন্ত্ৰপাতি তৈয়াৰ কৰিব ৰাজ্যত সিমানেই অশান্তি বাঢ়িব। মানুহৰ বুদ্ধিকৌশল যিমানেই বাঢ়িব প্ৰকৃতিৰ সৰল গতি সিমানেই বিপৰ্য্যস্ত হব। ৰাজ্যত যিমানেই আইন-কানুন প্ৰবৰ্ত্তন কৰিব, চোৰ ডকাইত বা আইন-ভঙ্গকাৰীৰ সংখ্যা সিমানেই বাঢ়িব। মানুহক মানুহে যিমানেই অবিশ্বাস কৰিব, বিশ্বাসঘাতকতাৰ নতুন নতুন পথ সিমানেই বাঢ়িব। গতিকে বিজ্ঞপুৰুষে কয়— মই নিষ্ক্ৰিয়তা অৱলম্বন কৰিম আৰু মানুহ আপোনা-আপুনি সংস্কৃত হব। মই শান্তি আৰু নিৰ্জ্জনতা ভাল পাও, মানুহ নিজে নিজে ন্যায়পৰায়ণ হব। মই কোনো নীতি প্ৰবৰ্ত্তন নকৰো, মানুহ স্বাভাবিকতে সমৃদ্ধিশালী হব। মই কোনো আকাঙ্ক্ষা নকৰো, মানুহ নিজে নিজে সৰল হব। প্ৰকৃতি কাকো হকা-বাধা নকৰে, কাকো জোৰ নকৰে, কিন্তু প্ৰাকৃতিক জগতত কোনো বস্তু নোহোৱাকৈ নাথাকে আৰু কোনো কাম অকৃত হৈ পৰি নাথাকে।” এই উদ্ধৃতিৰ পৰাই লাওৎছেৰ জীৱনদৰ্শনৰ আভাষ পোৱা যায়।