পৃষ্ঠা:কনফুচিয়াছ.djvu/১২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
কনফুচিয়াছ

অনুক্ষণ থাকিব লাগিব আৰু ইয়াৰ দ্বাৰাই জীৱনৰ গতি নিয়ন্ত্ৰিত হব। ধৰ্ম্ম আৰু নৈতিকতাত ছুটী নাই।

 কনফুচিয়াছৰ সমস্ত মতবাদ মানুহৰ প্ৰকৃতি আৰু প্ৰবৃত্তিৰ জ্ঞানৰ ওপৰত প্ৰতিস্থিত। মানুহৰ প্ৰকৃতি সামাজিক অথচ প্ৰবৃত্তি স্বাৰ্থপৰ। মানুহ প্ৰকৃততে সজ কিন্তু পিচত প্ৰবৃত্তিৰ তাড়নাত স্বাৰ্থপৰ হৈ সমাজৰ অহিত চিন্তা কৰে। এতেকে শিক্ষা, সজ অনুস্থান আদিৰ জৰিয়তে মানুহৰ প্ৰাকৃত সততা সংৰক্ষণ কৰিব লাগে। যাতে মানুহে নিজৰ প্ৰকৃত গৌৰবময় অস্তিত্ব পাহৰি প্ৰবৃত্তিৰ হীন প্ৰলোভনত নপৰে তাৰ বাবেই শিক্ষা আৰু সজ অনুস্থানবোৰৰ প্ৰয়োজন। মানুহ সমাজ-প্ৰিয়। এই সমাজ-প্ৰীতি প্ৰথমে প্ৰকট হয় নিজৰ পৰিয়ালবৰ্গৰ ভিতৰত। এতেকে চীনৰ ৰাজনৈতিক আদৰ্শ হৈছে— ৰাষ্ট্ৰ পৰিয়ালৰ ভেটিত গঢ়িব লাগে। ৰাষ্ট্ৰ এটা বৃহৎ পৰিয়াল আৰু পৰিয়াল এখন ৰাষ্ট্ৰৰ ক্ষুদ্ৰ চানেকী। যি নীতিত পৰিয়ালৰ উন্নতি নিৰ্ভৰ কৰে কনফুচিয়াছে সেই একে নীতিকেই ৰাষ্ট্ৰত প্ৰয়োগ কৰিছিল।

 ধৰ্ম্ম ধৰ্ম্মৰ বাবেই পালন কৰিব লাগে— কৰ্ত্তব্য কৰ্ত্তব্য হিচাবেই পালন কৰিব লাগে— এয়ে আছিল কনফুচিয়াছৰ ধৰ্ম্ম আৰু নৈতিক শিক্ষাৰ মূল নীতি।

 কনফুচিয়াছৰ দাৰ্শনিক তথ্য আৰু নৈতিক শিক্ষা তেওঁৰ নাতিয়েক কেইহ আৰু উপযুক্ত শিষ্যসকলে সঙ্কলন কৰি গোটই চীনতে প্ৰচাৰ কৰিছিল। কনফুচিয়াছ চীন সংস্কৃতিৰ জনক,