পৃষ্ঠা:কনফুচিয়াছ.djvu/১০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯২
কনফুচিয়াছ

আৰু গাৰ জোৰেৰে সেইবোৰ মানি চলিবলৈ মানুহক বাধ্য কৰিলে মানুহৰ কেতিয়াও প্ৰকৃত মনুষ্যত্বৰ বিকাশ হব নোৱাৰে। এই বিধিনিষেধবোৰে মানুহক যন্ত্ৰত পৰিণত কৰে আৰু ভিতৰৰ প্ৰকৃত মানুহটোক পঙ্গু কৰি পেলায়। “পঞ্চবৰ্ণই মানুহৰ দৃষ্টি অন্ধ কৰে, পঞ্চসুৰ সম্বলিত তথা-কথিত সঙ্গীতে মানুহৰ কৰ্ণ বধিৰ কৰে, পঞ্চৰসে মানুহৰ জিভা নষ্ট কৰে; ঘোৰাখেল, জুৱাখেল আৰু মৃগয়াই মানুহক উন্মাদ কৰে, বহুমূলীয়া মণি-মুকুতাই মানুহৰ লোভ বঢ়ায় আৰু চৰিত্ৰৰ অধঃপতন কৰে।”… “যেতিয়া মানুহে সুন্দৰক সুন্দৰ বুলি উপলব্ধি কৰিব শিকে তেতিয়াই কুৎসিতৰ জ্ঞান জন্মে, যেতিয়া ভালক ভাল বুলি উপলব্ধি কৰে, তেতিয়াই বেয়াৰ অস্তিত্ব বোধগম্য হয়।” গতিকে এনে ধৰণৰ ভাল বেয়া, ন্যায় অন্যায়, সুন্দৰ কুৎসিত আদিৰ বিভেদ জ্ঞানে মানুহক প্ৰাকৃতিক সৰলতা আৰু শুদ্ধতাৰ পৰা বিমুখ কৰে আৰু মন কলুষিত কৰে। এই ভোদভাৱ মানুহৰ দুৰ্নীতিৰ কাৰণ নহলেও ই স্পষ্ট লক্ষণ। “যেতিয়াই প্ৰাকৃতিকতা আবৃত হৈ পৰে তেতিয়াই দয়া আৰু নৈতিকতাৰ কথা উঠে। যেতিয়া জ্ঞান, বুদ্ধি বিকশিত হয় তেতিয়াই মানুহৰ মনত ভণ্ডামী ঠাই পায়। যেতিয়া নৈসৰ্গিক সম্বন্ধ এৰি দিয়ে বা খাপ নোখোৱা হয় তেতিয়া আহি পৰে অপত্যস্নেহ, পিতৃভক্তি আদি অপ্ৰাকৃতিক সম্বন্ধ-স্বাপেক্ষতা। যেতিয়া এটা জাতি বা বংশ কুশাসন আৰু উশৃঙ্খলতাত পৰে তেতিয়া আবিষ্কৃত হয় ৰাজভক্তি বা আনুগত্য। গতিকে তথাকথিত