পৃষ্ঠা:কনফুচিয়াছ.djvu/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
কনফুচিয়াছ

মত প্ৰতিষ্ঠা কৰিছিল। লাওৎছেৰ দৰ্শনক এক হিচাবে একান্তবাদ বুলিব পাৰি। বিশ্বব্ৰহ্মাণ্ডৰ মূলত এটা অনিৰ্ব্বচনীয় সত্ত্বা আছে আৰু জাগতিক বা পৰিদৃশ্যমান জগতৰ বিভূতি সেই সত্ত্বাকে বিভিন্ন বিকাশ মাথোন। কিন্তু এই মূল সত্ত্বা গুণাতীত আৰু নিৰ্ব্বিকল্প। “সকলো বস্তু সৎ বস্তুৰ পৰাই উদ্ভব হৈছে আৰু এই সৎ অসতৰ পৰা উৎপত্তি হৈছে।” এই অসৎসকলো জাগতিক বস্তুৰ মূল। “স্বৰ্গ, পৃথিবী আদিৰ উৎপত্তিৰ আগতে ই আছিল। ই এক, অপৰিণামী আৰু অবিকাৰী। ইয়াকে জগৎ প্ৰসৱিনী বুলিব পাৰি।” লাওৎছেৰ মতে এই জগৎ অসৎ অথচ সৎবস্তুৰ বিকাশ। এতেকে ই সতো নহয় অথচ অসতো নহয়। বেদান্তদৰ্শনৰ অনিৰ্ব্বচনীয় সত্ত্বাৰ লগত লাওৎছেৰ দৰ্শনৰ মূলনীতিৰ কিছু মিল দেখা যায়।

 লাওৎছেত আদৰ্শ হৈছে প্ৰকৃতি। প্ৰকৃতি সৰল আৰু নিৰ্ম্মল। প্ৰকৃতিৰ সকলো বিভূতি বিশ্বব্ৰহ্মাণ্ডৰ অন্তৰালত থকা মূল নীতিৰ জাগতিক প্ৰকাশ। প্ৰকৃতিৰ পন্থাই প্ৰকৃত পথ। ‘প্ৰকৃতিক অনুসৰণ কৰা’ এইয়ে তেওঁৰ জীৱনদৰ্শনৰো আদৰ্শ। প্ৰকৃতিৰ সৰলতা, নিৰ্ম্মলতা আৰু নিৰপেক্ষতা গ্ৰহণ কৰি জগতত চলাই মানুহৰ জীৱনৰ চৰম আদৰ্শ। এতেকে তেওঁ বৰ্ত্তমান সভ্যতাৰ নামত বাহিৰৰ পৰা জাপি দিয়া বিধিনিষেধপূৰ্ণ সামাজিক অনুস্থানবিলাকত কোনো গুৰুত্ব নিদিছিল আৰু সেইবিলাক বিলোপ কৰিবলৈ ইচ্ছা কৰিছিল। মানুহে প্ৰবৰ্ত্তন কৰা সামাজিক অনুস্থান কেতিয়াও নিৰ্ভুল হব নোৱাৰে