কনফুচিয়াছ/কনফুচিয়াছৰ নীতিবচন

[ ১১৫ ]
 
কনফুচিয়াছৰ-নীতিবচন
 

 কনফুচিয়াছৰ অসংখ্য নীতিবচন চীনৰ জনসাধাৰণৰ মাজত প্ৰচলিত হৈ আছে। এই নীতিবচন বিলাকৰ পৰাই মহামানব কনফুচিয়াছে শিক্ষা, নৈতিকতা, জীৱনাদৰ্শ, সমাজব্যৱস্থা আদি সকলোবিষয়ে পোষণ কৰা মতবাদ সম্যকৰূপে জানিব পাৰি। দৰাচলতে এই নীতিবচনবিলাকৰ বাবেহে প্ৰথমতে কনফুচিয়াছ পাশ্চাত্য জগতত জনাজাত হয় আৰু লাহে লাহে সমগ্ৰ জগতত সমাদৰ লাভ কৰে।

 কনফুচিয়াছৰ জীৱনী আলোচনা কৰোঁতে ঠায়ে ঠায়ে তেওঁৰ দুই এটা প্ৰবচন উল্লেখ কৰা হৈছে। এই প্ৰবচনবিলাক সাধাৰণতে কনফুচিয়াছে শিষ্যসকলৰ লগত কোনো সমস্যা বিষয়ে আলোচনা কৰোঁতে প্ৰকাশ পাইছিল আৰু পিচত শিষ্যসকলে এই সাৰগৰ্ভ বচনবিলাক সংৰক্ষণ কৰি জগতবাসীৰ মাজত প্ৰচাৰ কৰিছিল। এই বচনবিলাক কি প্ৰসঙ্গত কথিত হৈছিল সেইবোৰৰ অবতাৰণা কৰি আলোচনা কৰিব পাৰিলে বেচি উপাদেয় হলহেঁতেন। কিন্তু কিতাপৰ পৰিসৰ বৃদ্ধি হোৱাৰ ভয়ত আৰু আলোচনাৰ সম্পূৰ্ণ সঙ্গতি ৰাখিব নোৱাৰাৰ কাৰণে নীতিবচনবিলাকৰ ভিতৰত সাৰ্ব্বজনীন উপদেশমূলক আৰু সাৰগৰ্ভ প্ৰবচন কেইটামানহে তলত দিয়া হল। উদ্ধৃতিবিলাকৰ যাথাসম্ভব হবহু অনুবাদ কৰিবলৈ চেষ্টা কৰা হৈছে।

 
[ ১১৬ ]
১। মনুষ্য-প্ৰকৃতি ঈশ্বৰ-প্ৰদত্ত বিভূতি। আমাৰ প্ৰকৃতিৰ নীতি পূৰণ কৰাই নৈতিকবিধান আৰু এই নৈতিক বিধানৰ উৎকৰ্ষণ কৰাই আমাৰ সংস্কৃতি।
২। নীতি-পৰায়ণ ব্যক্তিৰ জীৱনটোৱেই বিশ্বৰ সাৰ্ব্বজনীন নৈতিক বিধানৰ জ্বলন্ত পটন্তৰ। অশিষ্টলোকৰ জীৱনটোৱেই আনহাতে সাৰ্ব্বজনীন বিশ্বনীতিৰ বিসঙ্গতি।
৩। বিশ্বব্ৰহ্মাণ্ড আৰু মনুষ্যৰ সংযোজক এই সাৰ্ব্বজনীন নৈতিকবিধানৰ সম্যক অনুশীলন আৰু উৎকৰ্ষণেই মানুহৰ পৰম পুৰুষাৰ্থ।
৪। নৈতিক বিধান পালনত মানুহ কিয় পৰাঙ্মুখ মই এতিয়া বুজিব পাৰিছো। সাধুসন্তসকলে এই নৈতিক বিধানৰ ওপৰত কিবা এটা বিচাৰে আৰু মুৰ্খবিলাকে এই বিধান ভালদৰে বুজি নাপায়। এই নৈতিক বিধান মানুহে কিয় নুবুজে তাকো মই এতিয়া জানিব পাৰিছো। সাধু-সন্তসকলে সাধাৰণ জীৱন-প্ৰৱাহৰপৰা অতি উচ্চত বিচৰণ কৰিবলৈ ইচ্ছা কৰে। জগতৰ সাধাৰণ ৰীতি-নীতিৰ বহুত উচ্চ স্তৰত তেওঁলোক বাস কৰিব বিচাৰে। আনহাতে জগতত নৈতিক বিধান মানি চলিবলৈ যিমানখিনি মানসিক উচ্চতা পাব লাগে মুৰ্খবিলাকে সেই স্তৰো নাপায়। ভাত-পানী নোখোৱা মানুহ নাই কিন্তু কমেহে তাৰ প্ৰকৃত সোৱাদ উপলব্ধি কৰে।
৫। সকলো মানুহে নিজকে জ্ঞানী বুলি ভাবে। কিন্তু [ ১১৭ ] যেতিয়া জালত, ফান্দত বা গাঁতত পৰে তেতিয়া আনকি এজনেও তাৰ পৰা উদ্ধাৰ হবলৈ পথ বিচাৰি নাপায়। মানুহে সকলোৱে কয় ‘মই জ্ঞানী’, কিন্তু ভাৰসাম্য নৈতিক জীৱনৰ পথৰ সন্ধানত এমাহ কালো থিৰেৰে থাকিব নোৱাৰে।
৬। মানুহে উচ্ছৃঙ্খল দেশৰ শৃঙ্খলা আনয়ন কৰিব পাৰে, ৰাজপদবীৰ সম্মান আৰু উচ্চবেতন প্ৰত্যাখ্যান কৰিব পাৰে, তৰোৱালৰ ওপৰত সুদা ভৰিৰে নাচিব পাৰে। কিন্তু এই সকলোবিলাক কৰিও নৈতিক জীৱনৰ মূল সূত্ৰ বিচাৰি উলিয়াব নোৱাৰিবও পাৰে।
৭। কঠোৰ আৰু বিস্ময়প্ৰদ আচৰিত বস্তু অন্বেষণ কৰা লোক বহুত আছে। যাতে ভবিষ্যতলৈ জগতত খ্যাতি ৰাখিব পাৰে তেনে ইচ্ছাত অলৌকিক জীৱন যাপন কৰা লোকো বহুত আছে। মোৰ হলে কেতিয়াও তেনে কৰিবৰ ইচ্ছা নাই।

 জগতত নৈতিক বিধানৰ লগত খাপ খুৱাই জীৱন নিয়ন্ত্ৰণ কৰিবলৈ ইচ্ছা কৰা সাধুলোক বহুত আছে। কিন্তু সেই পথত কিছুদূৰ আগুৱাই গৈ তেওঁলোকে সেই পথ ত্যাগ কৰে। মই কিন্তু সেই পথ ত্যাগ কৰাৰ কথা ভাবিবই নোৱাৰো।

 আনপিনে বিশ্বৰ সাৰ্ব্বজনীন নৈতিক বিধানৰ লগত অজ্ঞাতসাৰেও সামঞ্জস্য স্থাপন কৰি নৈতিক জীৱন [ ১১৮ ] যাপন কৰা প্ৰকৃত নীতি-পৰায়ণ লোক আছে। তেওঁলোক কোনোৱে নজনাকৈ নিৰ্লিপ্ত জীৱন যাপন কৰে। শুদ্ধাত্মা দেৱপ্ৰকৃতিৰ লোকেহে এই জীৱন নিয়াব পাৰে।

৮। বিশ্বৰ সাৰ্ব্বজনীন নৈতিক বিধান সৰ্ব্বত্ৰ বিৰাজমান, অথচ ই গুহ্য আৰু ৰহস্যময়।
৯। বিশ্বব্ৰহ্মাণ্ডত আধ্যাত্মিক শক্তি অতি সক্ৰিয় আৰু ব্যাপক। চকুৰ অদৃশ্য, ইন্দ্ৰিয়ৰ অবোধ্য, অথচ ই সকলোৰে অন্তৰ্নিহিত। ইয়াৰ হাত কোনোৱে সাৰিব নোৱাৰে।
১০। মনুষ্যধৰ্ম্মৰ পৰা সত্য কেতিয়াও তিৰোহিত নহয়। মনুষ্যধৰ্ম্মৰ পৰা তিৰোহিত হোৱা সত্য কেতিয়াও সত্য হব নোৱাৰে। যদি কুঠাৰৰ নাল এডাল কাটিব লাগে তেন্তে নালটো কাটোতে নালৰ ৰূপটো তোমাৰ মনতেই আছে। সেইদৰে মানুহে আনৰ লগত ব্যৱহাৰ কৰোতে মানব প্ৰকৃতিৰ সাৰ্ব্বজনীন ধৰ্ম্মকো পাহৰিব নোৱাৰে। এই মানব ধৰ্ম্মৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ জীৱন গঢ়ি লব পৰাই নৈতিকতা।
১১। আনৰ পৰা তুমি যেনে ব্যৱহাৰ আশা নকৰা আনকো কেতিয়াও তেনে ব্যৱহাৰ নকৰিবা।

 মই মোৰ লৰাৰ পৰা যেনে ব্যৱহাৰ আশা কৰো মোৰ পিতাকো মই সেইদৰে সেৱা শুশ্ৰূষা কৰিব লাগে। মোৰ তলত কাম কৰা মন্ত্ৰীৰ পৰা মই যেনে [ ১১৯ ] ব্যৱহাৰ আশা কৰো, মই ৰজাকো তেনেদৰে সেৱা কৰিব লাগে। সৰু ভাইৰ পৰা যেনে ব্যৱহাৰ আশা কৰো মোৰ ডাঙৰ ভাইৰ প্ৰতিও মই তেনে আচৰণ কৰিব লাগে। বন্ধুৰ পৰা মই যেনে ব্যৱহাৰ বিচাৰো মইও প্ৰথমে বন্ধুক তেনে ব্যৱহাৰ কৰিব লাগে।

১২। নৈতিক জীৱন দূৰদেশলৈ কৰা যাত্ৰাৰ দৰে। মানুহে নিকটতম স্থানৰ পৰাই যাত্ৰা কৰিব লাগে। উচ্চপ্ৰাসাদত উঠিব লাগিলে খটখটিৰ নিম্নতম ধাপৰ পৰা উঠাৰ দৰে নৈতিক জীৱনৰ অগ্ৰগতিতো স্তৰে স্তৰে আগুৱাই যাব লাগে।
১৩। নৈতিক লোকে সকলো পৰিবেশতে নিজক খাপখুৱাই লয়। তেওঁ নিজৰ অৱস্থাৰ পৰিধিৰ বাহিৰত হাত নেমেলে। সন্মানিত আৰু সম্পদযুক্ত অৱস্থাত থাকিলে সম্মানিত আৰু সমৃদ্ধ লোকৰ যোগ্য জীৱন নিয়ায়। নিঃকিন আৰু দীন অৱস্থাত পৰিলে তদনুৰূপ অৱস্থাত কাল নিয়ায়। অসভ্যদেশত পৰিলে অসভ্যদেশত যি দৰে থকা উচিত সেইদৰে থাকে। বিপদ আৰু কষ্টত পৰিলে সেই পৰিস্থিতিত মানুহ যি দৰে চলা উচিত সেইদৰে চলে। মুঠতে নৈতিকলোকে যি কোনো পৰিস্থিতিতেই নপৰক কিয় সকলোতে অপৰাজেয় হৈ চলিব আৰু পৰিবেশৰ ওপৰত প্ৰভুত্ব কৰিব।
[ ১২০ ]
১৪। নৈতিকলোকে উচ্চপদত অধিস্থিত হৈ তলতীয়া কৰ্ম্মচাৰীৰ ওপৰত অযথা প্ৰভুত্ব নকৰে। তলতীয়া পদত থাকি ওপৰৱালাৰ অনুগ্ৰহ নিবিচাৰে। নিজৰ চৰিত্ৰ আৰু কৰ্ত্তব্য ঠিক ৰাখি আনে কি কৰিছে তালৈ চকু নিদিয়ে। তেনে লোকৰ কোনো ওজৰ আপত্তি নাই। ঈশ্বৰৰ বিৰুদ্ধেও কোনো অভিযোগ নাই আৰু মানুহকো তিৰস্কাৰ নকৰে। যদি জীৱনত সফলতা লাভ কৰিব নোৱাৰে তাৰ বাবে তেওঁ নিজকেই জগৰীয়া কৰে। ধনুৰ্বিদ্যা নৈতিক জীৱনৰ দৰেই। শৰে লক্ষ্যভেদ কৰিব নোৱাৰিলে ধনু বা শৰৰ দোষ নাই, দোষ ধনু-কাঁড় মাৰোতাজনৰহে।
১৫। সৎলোক থাকিলে সুশাসন হবই। সৎলোক নোহোৱা হলে সুশাসন দূষিত হয় আৰু ক্ৰমে লোপ পায়। সাৰুৱা মাটিত ঘাঁহ গজাৰ দৰে সৎমানুহৰ শাসনত সুশাসন ঠন ধৰি উঠে। সঁচাকৈ সুশাসন লহপহকৈ বাঢ়ি অহা গছপুলিৰ দৰে। গছপুলিক যেনেকৈ ভাল ৰক্ষণাবেক্ষণ লাগে সেইদৰে সুশাসনৰ গুৰিতো ভাল মানুহ লাগে। ভাল মানুহ হবলৈ নৈতিক বিধান মানি চলিব লাগিব। শাসকৰ ব্যক্তিগত নৈতিক চৰিত্ৰৰ ওপৰতহে সুশাসন নিৰ্ভৰ কৰে।
১৬। বিদ্যানুৰাগ জ্ঞানৰ নিচিনা। চৰিত্ৰৰ প্ৰতি সযত্ন-সজাগতা দয়াৰ দৰেই আৰু লজ্জানুভূতি সাহসৰ তুল্য।
[ ১২১ ]
 নৈতিক জীৱনৰ এই তিনিটা বিষয়ৰ প্ৰকৃতি আৰু প্ৰয়োগ জানিলে মানুহে নিজৰ ব্যক্তিগত চৰিত্ৰ গঠন কৰিব পাৰে আৰু সৎ হব পাৰে। নিজৰ চৰিত্ৰ আৰু ব্যৱহাৰ সংশোধন কৰি লব পাৰিলে আনক শাসন কৰিবলৈ কি কি গুণ লাগে বুজিব পাৰিব। শাসন কৰিবলৈ কি কি গুণৰ অধিকাৰী হব লাগে সেই জ্ঞান পালে মানুহ সুশাসক হব পাৰিব আৰু দেশ নালাগে সাম্ৰাজ্যও শাসন কৰিব পাৰিব। দেশ বা সাম্ৰাজ্য শাসনৰ যোগ্যতাৰ গৰাকী হবলৈ এই নটা বিষয়ৰ সম্যক অনুশীলন কৰিব লাগিব।

(১) নিজৰ ব্যক্তিগত চৰিত্ৰ গঠন।

(২) যোগ্যজনক সম্মান প্ৰদৰ্শন।

(৩) জ্ঞাতি-কুটুম্বৰ প্ৰতি স্নেহ আৰু কৰ্ত্তব্যপালন।

(৪) ৰাজ্যৰ উচ্চপদস্থ মন্ত্ৰীসকলৰ প্ৰতি শ্ৰদ্ধাজ্ঞাপন।

(৫) ৰাজ্যৰ সকলো কৰ্ম্মচাৰীৰ স্বাৰ্থৰ লগত নিজৰ স্বাৰ্থৰ সমীকৰণ।

(৬) সৰ্ব্বসাধাৰণৰ প্ৰতি পিতৃবৎ আচৰণ।

(৭) সকলো প্ৰয়োজনীয় কলাৰ উৎকৰ্ষণত উৎসাহ জ্ঞাপন।

(৮) বিদেশীৰ প্ৰতি স্নেহ আৰু সম্মান প্ৰদৰ্শন।

(৯) সাম্ৰাজ্যৰ ৰাজকুমাৰসকলৰ সৰ্ব্বতোপ্ৰকাৰ উন্নতিৰ প্ৰতি দৃষ্টিৰক্ষণ।

[ ১২২ ]
১৭। প্ৰস্তুতিৰ ওপৰত কৰ্ম্মকুশলতা আৰু কৃতকাৰ্য্যতা নিৰ্ভৰ কৰে। সম্যক ভাবে প্ৰস্তুত নোহোৱাকৈ কামত হাত দিলে কৃতকাৰ্য্য হব নোৱাৰে।
১৮। উচ্চপদস্থ কৰ্ম্মচাৰীসকলৰ ওপৰত তলতীয়া কৰ্ম্মচাৰীসকলৰ বিশ্বাস আৰু আস্থা নাথাকিলে শাসনকাৰ্য্য চলোৱা অসম্ভব। যি মানুহক তেওঁৰ বন্ধুবান্ধবে বিশ্বাস নকৰে তেনে মানুহে উচ্চপদস্থ বিষয়াৰ ওপৰতো বিশ্বাস স্থাপন কৰিব নোৱাৰে। যি মানুহ নিজৰ পিতামাতাৰ প্ৰতি অনুৰক্ত নহয় তেনে মানুহক বন্ধুবান্ধবেও বিশ্বাস নকৰে। যি মানুহ আত্মনিষ্ঠ নহয় তেনে মানুহে পিতামাতাৰ প্ৰতিও সদয় বা অনুৰক্ত হব নোৱাৰে। যি মানুহে শ্ৰেয়বস্তু কি তাক ঠাৱৰাব নোৱাৰে তেনে মানুহ আত্মবিশ্বাসী বা আত্মনিষ্ঠ হব নোৱাৰে।
১৯। আত্মনিষ্ঠা ঈশ্বৰৰ বিধান। আত্মনিষ্ঠ হবলৈ কৰা চেষ্টা মানুহৰ নীতি।
২০। বুঢ়াসকলে শান্তিৰে জীৱন নিয়াবলৈ সক্ষম হওক, বন্ধুবান্ধবসকল বিশ্বাসী হওক, ডেকাসকলে বয়সীয়াললোকক মানসম্ৰম কৰা হওক— এয়ে মোৰ আকাঙ্ক্ষা।
২১। সাধুলোকৰ উৎকণ্ঠা নাই, জ্ঞানীলোকৰ দ্বিধা নাই, সাহসীলোকৰ ভয় নাই।
২২। আগ্ৰহ নথকা মানুহক মই নিশিকাও আৰু বুজিবলৈ চেষ্টা নকৰা মানুহক কোনো কথা বুজাবলৈ বৃথা চেষ্টা নকৰো।
[ ১২৩ ]
২৩। নভবা নিচিন্তাকৈ মন্তব্য নকৰিবা। যথেচ্ছা মন্তব্য, মতান্ধতা, হীনমনোবৃত্তি আৰু অহঙ্কাৰ ত্যাগ কৰিবা।
২৪। মানুহৰ ভুলভ্ৰান্তিৰ পৰা চৰিত্ৰ জানিব পাৰি।
২৫। চাকৰিত সোমালে যথাশক্তি কাম কৰিবা। যদি মনৰ পৱিত্ৰতা ৰক্ষা কৰি কাম কৰিব নোৱাৰা তেন্তে পদত্যগ কৰিবা।
২৬। নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে অন্যায় কাম কৰি তাক তৰল যুক্তিৰে ন্যায় বুলি প্ৰতিপাদন কৰিবলৈ চেষ্টা কৰা লোকক ঘিণ কৰিবা।
২৭। জানাখিনি জানাবুলি জানা, নাজানাখিনি নাজানা বুলি জানা জনা মানুহৰ লক্ষণ।
২৮। ভুল এটা কৰি যদি তাৰ সংশোধন নকৰে তেন্তে সেই মানুহে দুটা ভুল কৰে।
২৯। ভাল ৰজা হোৱা টান, ভাল মন্ত্ৰী হোৱাও সহজ নহয়।
৩০। সাধুলোকে সজ কথা কয় কিন্তু সজকথা কলেই সাধু বুলিব নোৱাৰি। সৎলোক সাহসী হয় কিন্তু সাহসী হলেও সৎ নহব পাৰে।
৩১। গৰ্ব্ব কৰি ফুৰা লোকে গৰ্ব্ব ৰক্ষা কৰিবলৈ সদায় টান পায়।
৩২। সত্য কি বস্তু তাক জানা জনতকৈ সত্যানুৰাগীজন শ্ৰেয়। সত্যানুৰাগীজনতকৈ আকৌ সত্যত আনন্দ পোৱাজনহে শ্ৰেয়।
[ ১২৪ ]
৩৩। মহৎলোকৰ লগত কথা কওঁতে সদায় তিনিটা দোষৰ কথা মনত ৰাখিবা— নোশোধাতে কথা কোৱাটো অবিবেচকতা, শুধিলে উত্তৰ দিব নোৱাৰা হোৱাটো স্পষ্টবাদিতাৰ অভাব বা অসৰলতা, আৰু মনোভাব লক্ষ্য নকৰাকৈ কথা কৈ থকাটো অন্ধতা।
৩৪। যোগ্যজনক পাইও যদি কথাবতৰা নাপাতা তেন্তে তুমি সেই ব্যক্তিক হেৰুৱালা। অযোগ্য বুলি জানিও যদি কোনো লোকৰ লগত বাকবিতণ্ডা বা আলোচনা কৰি থকা তেন্তে তুমি তোমাৰ কথাৰ অপব্যয় কৰিলা। জ্ঞানীজনে ব্যক্তিকো নেহেৰুৱায় আৰু কথাৰো অপব্যয় নকৰে।
৩৫। সাধুলোকে মানুহক বক্তৃতা শুনিয়েই প্ৰশংসা নকৰে আৰু মানুহজনক বেয়া পালেও তেওঁৰ কোৱা কথাৰ সত্যতা অস্বীকাৰ নকৰে।
৩৬। সাধাৰণ মানুহে পানীত পৰি কষ্ট ভোগে। ভদ্ৰলোকে কথা কৈ ভাল পোৱাৰ কাৰণে কথাৰ পৰাই বিপদত পৰে। মহৎলোকে জনসাধাৰণক ভাল পোবাৰ বাবে বিপদত পৰে।

 পানী অতি পৰিচিত আৰু লাগতিয়াল বস্তু। ইয়াৰ ওচৰ চাপিবলৈ অতি সহজ অথচ একেবাৰে ওচৰলৈ গলে মানুহ বিপদতো পৰে। মানুহ পানীত বুৰে। পানী মানুহৰ প্ৰিয়বস্তু অথচ এই প্ৰিয়বস্তুতেই মানুহ নিমজ্জিত হয়।

[ ১২৫ ]
 কথাই মানুহক সহজে বিপদত পেলায়। কথা-বতৰা হওঁতে মানুহে বহুত শব্দ ব্যৱহাৰ কৰে। এই শব্দবোৰ মুখৰ পৰা উলিয়াই দিয়া সহজ কিন্তু এবাৰ মুখৰ পৰা ওলালে তাক দুনাই ওভতাই নিব নোৱাৰি।

 সাধাৰণ মানুহৰ কাৰণেও মহৎলোক বিপদত পৰে। এই মানুহবোৰ নীচমনা আৰু কপটীয়া। এই মানুহবোৰক সম্মান কৰিব পাৰা কিন্তু অপমান বা বিতুষ্ট নকৰিবা। গতিকে ভদ্ৰলোকে সাবধানে চলা উচিত। কথা মানুহৰ প্ৰিয়, মানুহো মানুহৰ প্ৰিয়, কিন্তু অসাবধান হলে প্ৰিয়বস্তুই বিপদ চপাই আনে।

৩৭। ধোৱাখুলীয়াকৈ খৰচ কৰা লোক সাধাৰণতে গৰ্ব্বিত হয়। কটকিনাকৈ চলা লোক অশিষ্ট হয়। গৰ্ব্বিত হোৱাতকৈ লাগে অশিষ্ট হোৱাই ভাল।
৩৮। ধনী হৈ নিৰহঙ্কাৰী হোৱা সহজ কিন্তু দুখীয়া হৈ অসন্তোষ নকৰাকৈ বা খেদ নকৰাকৈ থকা টান।
৩৯। সুশাসিত দেশত নিঃকিন হোৱা লাজৰ কথা। দেশৰ অস্থিৰ অৱস্থাত পদবী গ্ৰহণ কৰা আৰু ধনী হোৱাও লাজৰ কথা।
৪০। ক্ষুদ্ৰমনৰ মানুহে ৰাজ্যৰ মন্ত্ৰীত্বপদ লৈ কাম কৰিব পাৰে বুলি কেতিয়াবা ভাবিব পাৰানে? পদ পোৱাৰ আগতে তেনে মানুহে পদটো পাবৰ কাৰণে উদ্বিগ্ন হয়। পদটো পোৱাৰ পিচত কেনেবাকৈ তাক হেৰুৱাব লগা [ ১২৬ ] হয় বুলি সদায় উদ্বিগ্ন হৈ থাকে আৰু যদি পদটো হেৰুৱাবৰ উপক্ৰম হয় তেতিয়া পদ ৰক্ষাৰ বাবে এনে মানুহে কৰিব নোৱাৰা একো কামেই নাই।
৪১। মানুহে তোমাক নাজানে বুলি আক্ষেপ নকৰিবা। এনে ভাবে কাম যাতে তুমি মানুহে জানিবৰ যোগ্য হোৱা।
৪২। আইন শৃঙ্খলা নোহোৱা ৰাজ্যই বা ব্যক্তি কামত সাহস দেখুৱা বেয়া নহয় কিন্তু কথা কওতে সাবধান হব লাগে।
৪৩। নিজৰ প্ৰতি কঠোৰ আৰু আনৰ এৰি উদাৰ হোৱা মানুহক আনে খং কৰিবৰ সুচল নাপায়।
৪৪। সময় থাকোতে চিন্তা আৰু পৰিকল্পনা নকৰা লোকে বিপদ দুৱাৰদলিতে পায়।
৪৫। মাৰ্জ্জিত ভাষাই কোনজন মানুহ ভাল কোনজন মানুহ বেয়া তাৰ ধাৰণা সম্পৰ্কে আমাৰ মনত আউল লগায়। সামান্য ক্ষতি আৰু সৰু-সুৰা অসুবিধা সহ্য কৰিব নোৱাৰা লোকে ডাঙৰ পৰিকল্পনা নষ্ট কৰে।
৪৬। অভিজাত বা কুলীন লোক সম্বন্ধে আলোচনা কৰোতে তেনেমানুহৰ শক্তিৰ প্ৰশংসা কৰাতকৈ মনোবৃত্তিৰহে প্ৰশংসা কৰিবা।
৪৭। দয়াৰ প্ৰতিদান দয়া, বেয়াকামৰ প্ৰতিদান ন্যায়বিধান।
৪৮। দয়াৰ বিনিময়ে দয়া পালে মানুহ ভাল কাম কৰিবলৈ উৎসাহিত হয়। বেয়াকামৰ বাবে শান্তি পালে মানুহে বেয়াকাম নকৰিবলৈ সাবধান হয়।
[ ১২৭ ]
৪৯। বেয়াকামৰ বাবেও ভাল প্ৰতিদান দিয়াটো উদাৰ মনৰ লক্ষণ। ভাল কৰাৰ বাবে অহিত কামেৰে প্ৰতিদান দিয়াটো পাতকীৰ লক্ষণ।
৫০। মানুহ জন্মোতে প্ৰায় একেহৈয়েই জন্মে কিন্তু অভ্যাসৰ বাবে ইজন সিজনৰ পৰা আঁতৰি গৈ পৃথক হৈ পৰে।
৫১। উত্তম আৰু অধম চৰিত্ৰৰহে কোনো পৰিবৰ্ত্তন নহয়।
৫২। শিক্ষাই মানুহৰ নীচতা দূৰ কৰে।
৫৩। ভুল কৰিলে শুধৰাবলৈ লাজ নকৰিবা।
৫৪। সাধুলোকৰ সঙ্গ পালে তেওঁৰ সৎগুণখিনি অনুকৰণ কৰিবলৈ চেষ্টা কৰিবা। বেয়ালোকৰ সঙ্গ পালে তাৰ দোষৰ বাবে নিজৰ অন্তৰ বিশ্লেষণ কৰিবা।
৫৫। আনৰ দোষৰ সমালোচনা নকৰিবা, নিজৰবোৰৰহে কাৰণ বিচাৰিবা।
৫৬। মানুহ দুখীয়া অৱস্থাত পৰিলেও সন্তোষেৰে থাকিব লাগে আৰু ধনী হলেও সংযমী হব লাগে।
৫৭। সেনাবাহিনীৰ অধিনায়কজনকো হত্যা কৰিব পাৰিবা কিন্তু দুখীয়ালোকৰ আশা-আকাঙ্ক্ষাক হত্যা কৰিব নোৱাৰা।
৫৮। মানুহেহে সত্যক ডাঙৰ কৰে, সত্যই মানুহক ডাঙৰ নকৰে।
৫৯। আমি মানুহকেই সেৱা কৰিবলৈ শিকা নাই, দেৱতাক কেনেদৰে সেৱা কৰিব লাগে কেনেকৈ জানিবা? [ ১২৮ ] এতিয়াও জীৱনকেই জনা নাই, মৃত্যুৰ কথা কেনেকৈ জানিবা?
৬০। বাহিৰা কোনো প্ৰলোভনত নপৰাকৈ যিজনে প্ৰকৃত মনুষ্যত্বৰ আদৰ্শ সাৰোগত কৰি জীৱন নিয়াব চেষ্টা কৰে, যিজনে বাহিৰৰ শাসন বা শাস্তিলৈ অকণো ভয় নকৰি প্ৰকৃত মানবতাৰ আদৰ্শৰ বিপথগামী সকলক ঘিণ কৰে, তেনে মানুহৰ মানত সমগ্ৰ মানবজাতি এজন মাত্ৰ ব্যক্তি হিচাবে পৰিগণিত হয়। সেই কাৰণে সাধুলোকে নিজৰ জীৱনকে লক্ষ্য কৰি চৰিত্ৰগঠনৰ ৰীতি-নীতিৰ আলোচনা কৰে আৰু জনসাধাৰণৰ বাবে নিয়ম নীতি প্ৰবৰ্ত্তন কৰে।
৬১। প্ৰকৃত মানবতা লাভ কৰিবলৈ অসীম শক্তি লাগে অৰু তাত উপনীত হোৱা পন্থাও বৰ দুৰ্গম। ইয়াক হাতেৰে তুলিব নোৱাৰি, ভৰিৰে খোজকাঢ়ি গৈও ইয়াক পাব নোৱাৰি। যিজনেই আনতকৈ এই পথত বেচি অগ্ৰসৰ হৈছে তেওঁকেই ‘প্ৰকৃত-মানব’ বুলিব পাৰি। পূৰ্ণমানবতাৰ মাপকাঠিৰে জুখিলে কোনোৱে হয়তো সাধনাৰ দ্বাৰাও ইয়াক পাব নোৱাৰে। মানুহৰ জোখেৰে জুখিলেহে সাধুলোকৰ কিছুমানে এই পথত কিছুদূৰ অগ্ৰসৰ হৈছে বুলি কব পাৰি।

[মানুহৰ নৈতিক জীৱনৰ মান কোনো অতিমানবীয় বা পূৰ্ণ আৰু নিৰ্দ্দোষ জোখেৰে ঠাৱৰাব নোৱাৰি। মানুহৰ জোখ মানুহেহ। চীনা সংস্কৃতিৰ ব্যৱহাৰিক দৃষ্টিভঙ্গীৰ ইয়ো এটা বৈশিষ্ট্য।]

[ ১২৯ ]
৬২। যি মানুহে প্ৰকৃত মনুষ্যত্বৰ আদৰ্শ আগত ৰাখি সেইমতে কাম কৰি অন্তৰত সুখ আৰু শান্তি পায় তেনে মানুহে সমগ্ৰ মানবজাতিক এজন ব্যক্তি হিচাবে জ্ঞান কৰে। এজন মানুহৰ অনুভূতিৰ সত্যতাই আনৰ অনুভূতিৰো পৰিমাপক হব পাৰে।
৬৩। সাধুলোকে নিজৰ চৰিত্ৰ গঠনৰ বাবে কৰা চেষ্টাৰ লগতে আনৰ চৰিত্ৰ গঠন কৰিবলৈকো চেষ্টা কৰে। নিজৰ লগত আনৰ জীৱন সফল কৰিবলৈকো চেষ্টা কৰে। নিজৰ ওচৰ-চুবুৰিয়াৰ লগত কেনেকৈ চলিব লাগে তাৰ শিক্ষাই প্ৰকৃত মনুষ্যত্ব লাভৰ অন্বেষণৰ শিক্ষাৰ পথ বা সূত্ৰ।
৬৪। প্ৰকৃত মনুষ্যত্বৰ আদৰ্শ সঁচাকৈয়ে বহু দূৰতনে? নহয়। মই যেতিয়াই ইয়াক পাবলৈ বিচাৰো ই তাতে ওচৰতে আছে।
৬৫। সাধু-পুৰুষে দূৰদেশত কাম কৰিব লগা হলে তেওঁ অনুভব কৰে তেওঁ যেন গন্যমান্য অতিথিসকলকহে আদৰ-সাদৰ কৰি অভ্যৰ্থনা কৰিছে। প্ৰজা শাসন কৰিব লগা হলে তেওঁ অনুভব কৰে তেওঁ যেন ঈশ্বৰকহে পূজা কৰিছে। আনে যি কৰিলে তেওঁ বেয়া পায় তেনে আচৰণ তেওঁ আনৰ প্ৰতি কেতিয়াও নকৰে। সেই কাৰণে সাধুপুৰুষ ঘৰে বাহিৰে সুখত থাকে।
৬৬। আজিকালি প্ৰকৃত সাধুসন্ত লোকৰ দৃষ্টান্ত পোৱা টান। প্ৰত্যেকে প্ৰায় অলপ অচৰপ দুৰ্ব্বল মনৰ আৰু এই [ ১৩০ ] দুৰ্ব্বলতাৰ বাবে ভুল কৰে। সেইকাৰণে সাধুলোকৰ দোষবোৰ আঙুলিয়াই দিবলৈ এতিয়া সহজ হৈছে।
৬৭। নিজৰ প্ৰকৃত আত্মাৰ সন্ধান আৰু নৈতিক জীৱনৰ শৃঙ্খলা আনয়নৰ ওপৰত প্ৰকৃত মনুষ্যত্ব লাভ নিৰ্ভৰ কৰে।
৬৮। বিনয় নৈতিক শৃঙ্খলাৰ ওচৰে ওচৰে যায়, চৰিত্ৰৰ সৰলতা প্ৰকৃত মনুষ্যত্বৰ কাষে কাষে যায় আৰু আনুগত্য আন্তৰিক নিষ্ঠাৰ সমান। এই তিনিটা সযত্নে পালন কৰিলে মানুহে কাচিৎ হে ভুল কৰে আৰু মনুষ্যত্বৰ প্ৰকৃত আদৰ্শৰ ওচৰ চাপিব পাৰে।

 নম্ৰ লোকে কমেই ভুল কৰে, নিষ্ঠাবান লোক সততে বিশ্বাসৰ পাত্ৰ হয় আৰু সৰল চৰিত্ৰৰ লোক সততে উদাৰ হয়। এই তিনিটা গুণৰ অধিকাৰী হলে তোমাৰ কাচিৎহে ভুল হব।

৬৯। বাকচাতুৰিৰ কোনো মূল্য নাই। তুমি যিমানেই অনৰ্গল বক্তৃতাৰে আত্মপক্ষ সমৰ্থন কৰি নিজৰ নিৰ্দ্দোষিতা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিবা মানুহে তোমাক তিমানেই বেচি ঘিণ কৰিব।
৭০। প্ৰকৃত সাধুলোক নহলে দাৰিদ্ৰ্য আৰু সমৃদ্ধি এই দুই অৱস্থাৰ কোনোটোতেই মানুহে বেচিসময় ধৈৰ্য্য ধৰি থাকিব নোৱাৰে।
৭১। মানুহক কেনেকৈ ভাল পাব লাগে আৰু কেনেকৈ ঘিণ কৰিব লাগে তাক প্ৰকৃত সাধুলোকেহে জানে।
[ ১৩১ ]
৭২। মানুহ যদি প্ৰকৃত মানুহ হব নোৱাৰে তেন্তে পূজা-পাতলৰ সাৰ্থকতা কত? প্ৰকৃত মানুহ হব নোৱাৰিলে সঙ্গীতৰো মূল্য নাই।
৭৩। উত্তমলোকে জানে কি বস্তু শ্ৰেয়, সাধাৰণ লোকে জানে কি বস্তু প্ৰেয়।
৭৪। উত্তম লোকে ভাল পায় আত্মাক, সাধাৰণ লোকে ভাল পায় ধনক। কি দোষত কি শাস্তি পাইছিল উত্তমলোকে তাক মনত ৰাখে আৰু সাধাৰণ লোকে মনত ৰাখে কিহত কি বস্তু পুৰস্কাৰ পাইছিল।
৭৫। উৎকৃষ্টজনে নিন্দে নিজক, নিকৃষ্টজনে নিন্দে পৰক।
৭৬। উত্তম লোকৰ গতি ওপৰলৈ, অধম লোকৰ গতি তললৈ।
৭৭। উৎকৃষ্ট লোকৰ মহানুভবতা আছে গৰ্ব্ব নাই, নিকৃষ্ট লোকৰ গৰ্ব্ব আছে মহানুভবতা নাই।
৭৮। সাধুলোকে ভাল খোৱা ভাল থকাৰ বিচাৰ নকৰে, তেওঁলোকে কৰ্ত্তব্যৰ প্ৰতি মনোযোগী আৰু কথা কওঁতেও সাৱধান। মহৎলোকৰ সঙ্গ পালে তেওঁক মানি চলে। এনে মানুহক বিদ্যানুৰাগী বুলিব পাৰা।
৭৯। সত্যানুসন্ধানী বিদ্যানুৰাগীজনে যদি সাধাৰণ আহাৰ আৰু সাধাৰণ পোষাকৰ বাবে লাজ পায় তেন্তে তেনে মানুহৰ লগত কথা পতাই উচিত নহয়।
৮০। আৰাম-প্ৰিয় আৰু সুখস্বাচ্ছন্দ্য-প্ৰিয় লোক বিদ্যানুৰাগী হব নোৱাৰে।
[ ১৩২ ]
৮১। নিজৰ কামতকৈ কথাহে ভাল হলে ভদ্ৰলোকে লাজ পায়।
৮২। ডেকাৰ প্ৰিয় স্ত্ৰীসঙ্গ, আদহীয়াৰ প্ৰিয় ৰণ, বুঢ়ালোকৰ চিন্তা সদায় কেনেকৈ পাব ধন।
৮৩। আনক সমালোচনা কৰা আৰু আনৰ দোষ খোঁচৰা লোকক সাধুলোকে ঘিণ কৰে।
৮৪। নিজক বুধিয়ক বুলি ভবা পদূলী শুঙা আৰু চৰবৃত্তি কৰা লোকক মই ঘিণ কৰো। সাহসী বুলি বৰাই কৰা উচ্ছৃঙ্খল লোকক মই ঘিণ কৰো। সাধুতাৰ মুখাপিন্ধা কপটলোকক মই ঘিণ কৰো।
৮৫। দেখাত গহীন গম্ভীৰ আৰু নিষ্ঠাবান অথচ ভিতৰি ফোপোলা আৰু দুৰ্ব্বললোক ৰাতি সিন্ধি কাটি ঘৰ সোমোৱা চোৰৰ নিচিনা।
৮৬। তিৰোতা আৰু নিকৃষ্ট লোকক চলোৱা বৰ টান। আপোনভাবে মৰম কৰি নাই দিলে সিহঁত অবিনীত হয় আৰু অবজ্ঞা কৰে আকৌ উপেক্ষা কৰি আঁতৰত ৰাখিলে সিহঁত কষ্ট হয়।
৮৭। বহুবল্কী ঘৃণাৰ পাত্ৰ।
৮৮। আপচু চেহেৰাৰ বহুভাষী লোক কাচিৎহে ভদ্ৰ হয়।
৮৯। শাসকৰ চৰিত্ৰ বতাহৰ দৰে আৰু সাধাৰণ মানুহৰ চৰিত্ৰ তৃণৰ দৰে। তৃণ সদায় বতাহমুৱা হয়।
৯০। শাসক ন্যায়পৰায়ণ হলে প্ৰজাৰ এনেয়ে প্ৰিয় হব, তাৰ বাবে হুকুমৰ আৱশ্যক নাই। নিজে ভালকাম নকৰিলে [ ১৩৩ ] শাসকৰ কোনো আদেশৰেই মূল্য নাথাকে আৰু কোনো আদেশ কাৰ্য্যকৰী নহয়।
৯১। শাসকে নিজৰ চৰিত্ৰ সংশোধন কৰি ললে শাসনকাৰ্য্য সহজ হৈ পৰে। যদি নিজৰেই চৰিত্ৰ সংশোধন নকৰে তেন্তে শাসকে আনৰ চৰিত্ৰ কেনেকৈ সংশোধন কৰিব?
৯২। অন্তৰ শুদ্ধ আৰু পবিত্ৰ ৰাখিবা— এয়ে সকলো শাস্ত্ৰৰ শিক্ষা।
৯৩। কবিতা অধ্যয়ন নকৰিলে ভাষা মাৰ্জ্জিত নহয়।
৯৪। চিন্তা নকৰাকৈ পঢ়িলে মন অসংযত হয়, নপঢ়াকৈ চিন্তা কৰিলে মন চঞ্চল হয় আৰু মনৰ সমতা হেৰায়।
৯৫। যিলোকে পঢ়াকে পঢ়ি নতুন নতুন জ্ঞান আহৰণ কৰিব পাৰে তেওঁহে শিক্ষক হবৰ যোগ্য।
৯৬। প্ৰশ্নৰ উত্তৰ দিবলৈ যি শিক্ষিত লোকে আনৰ কথাবোৰ মুখস্থ কৰি থয় তেনে লোকৰ শিক্ষকতাৰ যোগ্য নাই।
৯৭। পুৰণি কালত বিদ্যানুৰাগী সকলে নিজৰ জ্ঞানৰ বাবে অধ্যয়ন কৰিছিল। আজিৰ বিদ্যাৰ্থী অধ্যয়ন কৰে আনৰ বাবেহে (শিক্ষকৰ বা মাক-বাপেকৰ দাইত)।
৯৮। যি মানুহে দয়া দাক্ষিণ্য ভাল পাই পঢ়িব ভাল নোপোৱা হয় সেই মানুহ অজ্ঞ হয়; জ্ঞান ভাল পাই পঢ়িব ভাল নোপোৱা মানুহৰ চিন্তাধাৰা কাল্পনিক বা অবাস্তব হয়, সাধুতা ভাল পাই পঢ়িব ভাল নোপোৱা হলে সকলোতে বিপৰ্য্যয় ঘটায়, সৰলতা ভাল পাই পঢ়িব [ ১৩৪ ] ভাল নাপালে গতানুগতিক কাম কৰা হয়; সাহস ভাল পাই পঢ়িব ভাল নাপালে সি উচ্ছৃঙ্খল হয়; সিদ্ধান্তত উপনীত হবলৈ ভাল পাইও পঢ়িব ভাল নোপোৱা হলে তেনে মানুহ স্বৈৰাচাৰী আৰু গৰ্ব্বিত হয়।
৯৯। জন্মজ্ঞানী উত্তম, শিকিহোৱা জ্ঞানী মধ্যম, শিকিবলৈ ইচ্ছা নকৰা জ্ঞানহীন লোক অধম।
১০০। ডেকা লৰা ঘৰত সুপুত্ৰ হব লাগে, সমাজত বিনয়ী আৰু শ্ৰদ্ধাবান হব লাগে, চৰিত্ৰৰ ওপৰত নজৰ ৰখা, বিশ্বাসী, সকলোকে মৰম কৰা আৰু মৰমিয়াল লোকৰ লগত মিলামিশা কৰা হব লাগে। এই আটাইখিনি কৰিবলৈ শিকিও যদি উৎসাহ আৰু শক্তি থাকে তেন্তে কিতাপ পঢ়িব লাগে।
১০১। ধাৰ্ম্মিক শাসক ধ্ৰুবতৰাৰ দৰে। ই সদায় নিজস্থানত থাকে আৰু আন তৰাবিলাকে ইয়াক বন্দনা কৰি চাৰিওফালে পৰ্য্যটন কৰে।
১০২। আইনৰ বলেৰে শাসিত প্ৰজাই শাস্তিৰ ভয়ত আইন অমান্য নকৰিব পাৰে কিন্তু তেওঁলোকে নৈতিক বল হেৰুৱায়। ন্যায় আৰু চৰিত্ৰৰ বলেৰে শাসিত প্ৰজাই আত্মসংযমৰ নীতিৰে সুশৃঙ্খলিত হয়, নৈতিকতাও ৰক্ষা কৰে আৰু সৎ হয়।
১০৩। ন্যায়বান আৰু সত্যপৰায়ণ কৰ্ম্মচাৰীসকলৰ পদোন্নতি কৰা আৰু দুৰ্নীতিপৰায়ণসকলক পদচ্যুত কৰা— সকলো [ ১৩৫ ] প্ৰজা তুষ্ট হব। দুৰ্নীতিপৰায়ণসকলক প্ৰমোচন দিয়া আৰু ন্যায়পৰায়ণসকলক পদচ্যুত কৰা—প্ৰজা ৰুষ্ট হব।
১০৪। প্ৰচুৰ পৰিমাণৰ অন্নৰ সংস্থান, ৰাজ্যৰ নিৰাপত্তাৰ বাবে যথেষ্ট সৈন্য সংৰক্ষণ আৰু জনসাধাৰণৰ বিশ্বাসভাজন— এয়ে সুশাসনৰ লক্ষণ।
১০৫। শাসন কৌশল জানিবলৈ হলে চাব লাগিব যাতে সম্ৰাটে সম্ৰাটৰ কৰ্ত্তব্য, প্ৰজাই প্ৰজাৰ কৰ্ত্তব্য, বাপেকে বাপেকৰ কৰ্ত্তব্য, আৰু পুতেকে পুতেকৰ কৰ্ত্তব্য যথাৰীতি পালন কৰে।
১০৬। নিজৰ অতিলোভ সম্বৰণ কৰা— চুৰি কৰিবলৈ বঁটা ঘোষণা কৰিলেও চুৰি কৰোতা লোক নোলাব।
১০৭। যাৰ নিজৰ অন্তৰ সংস্কৃত নহয় সি আনৰ সংস্কাৰৰ দায়িত্ব কেনেকৈ লব?
১০৮। কোনো কাম লৰালৰিকৈ নকৰিবা আৰু সৰুসুৰা লাভত মন নিদিবা।
১০৯। প্ৰবঞ্চনা নকৰিবা। যদি বিৰোধ কৰা, খোলাখুলিকৈ কৰিবা।
১১০। দেশসেৱাত প্ৰকৃত সেৱাক প্ৰথম স্থান দিবা। পাৰিতোষিকৰ কথা পিচতহে ভাবিবা।
১১১। যোগ্যতা থকালৈকেহে কামত থাকিবা, যোগ্যতা নোহাৱা হলে কামৰ পৰা অবসৰ লবা। মিছাই আনৰ প্ৰতিবন্ধক নহবা।
[ ১৩৬ ]
১১২। কুকুৰাচৰাই এটা মাৰিবলৈ বৰকুঠাৰ লবানে?
১১৩। নিষ্ঠুৰতা, উৎপীড়ন, কঠোৰতা আৰু কৃপণতা— ৰাজন্য-বৃত্তিৰ অন্তৰায়।
১১৪। সাধুলোকে নিজৰ কৰ্ত্তব্য জানে, সাধাৰণ লোকে ধনঘটাৰ উপায়তহে বেচি মন দিয়ে।
১১৫। সাধুলোক কথাত ধীৰ, কামতহে খৰ।
১১৬। তোমাক আনে যিদৰে ব্যৱহাৰ কৰিলে ভালপোৱা, আনকো সেইদৰে ব্যৱহাৰ কৰিবা— নৈতিক শিক্ষাৰ এইয়ে মূল সূত্ৰ।
১১৭। ধৰ্ম্মৰ পন্থা ত্যাগ কৰাতকৈ লাগে জীৱনকে ত্যাগ কৰিবা।
১১৮। পচাকাঠ ঘোৰ খুৱাব নোৱাৰি। বোকামাটিৰে সজা দেৱাল কেনেকৈ পকা কৰিবা?
১১৯। যি মানুহে সুদা হাতেৰে বাঘ মাৰিবলৈ যায়, নাও নোহোৱাকৈ নদী পাৰ হব খোজে, কোনো চিন্তা নকৰাকৈ জীৱন বিসৰ্জ্জন দিব ওলায়, মোক তেনে মানুহ নালাগে। যি মানুহে সাবধান নোহোৱাকৈ কোনো দুৰ্য্যোগৰ সমুখীন নহয়, কামত হাত দিয়াৰ আগতে ভালকৈ চিন্তা কৰি প্ৰস্তুত হয়, তেনে মানুহহে মই বিচাৰো।
১২০। অতি সদায় বৰ্জ্জনীয়। অতিক্ৰম কৰি যোৱা যেনে বেয়া অতি পিচ পৰি থকাও তেনে বেয়া।
[ ১৩৭ ]
১২১। কুচিন্তা নকৰিবা। কুচিন্তাই মন কলুষিত কৰে।
১২২। অলৌকিক আৰু অপ্ৰাকৃতিক বিষয়ে বেচি চিন্তা কৰা আৰু অধ্যয়ন কৰা অনিষ্টকৰ।
১২৩। তোমাৰ সমুখত থকা কৰ্ত্তব্য যদি অবহেলা কৰা তেন্তে ই তোমাৰ নৈতিক সাহসৰ অভাবহে সূচনা কৰিব।
১২৪। সাৱধান লোকৰ বিপদ নাই। সতৰ্ক লোকে কাচিৎহে ভুল কৰে।
১২৫। কোনো মানুহে তোমাৰ ওচৰলৈ আহিলে তেওঁক ভাল মানুহ বুলিয়েই গ্ৰহণ কৰিবা।
১২৬। অমিতব্যয়ী হলে গৰ্ব্বিত হয়, অতি-হিচাবী হলে কৃপণ হয়।
১২৭। ক্ষমতাৰ মোহ আৰু দাৰিদ্ৰ্যৰ ভয় ৰাষ্ট্ৰদ্ৰোহৰ উৎপাদক।
১২৮। বিপদতহে মানুহ চিনা যায়।
১২৯। যুদ্ধলৈ যোৱাৰ আগতে সৈন্যসকলে অন্ততঃ সাতবছৰ সাধুলোকৰ সঙ্গত শিক্ষা লব লাগে। অশিক্ষিত জনসমুদ্ৰ যুদ্ধত নমাই দিয়া মানে সিহঁতক দলিয়াই পেলোৱা।
১৩০। যত শিক্ষাৰ পোহৰ পৰিছে তাত শ্ৰেীবিভাজন নাই।
১৩১। যৌবনত লোলুপতা, কলহপ্ৰিয়তা আৰু অতিলোভ বৰ্জ্জনীয়।
[ ১৩৮ ]
১৩২। আগলৈ নাচাই খোজ দিলে বিপদ ভৰিৰ তলতে পাবা।
১৩৩। নিজে বেচি দিবা, পৰৰ কম লবা, তেহে ঘৃণাৰ হাত সাৰিবা।
১৩৪। যাৰ ঘৰত নিৰ্জ্জনতা নাই তাৰ মন দূৰলৈ যাব নোৱাৰে।
১৩৫। যাৰ মুখত অলপো বিষাদৰ ছাঁ নাই তেওঁৰ চিন্তা গভীৰ নহয়।
১৩৬। কিনকিনিয়া বৰষুণত পুথি পঢ়িবা, শীতল বা বলিলে বীণ বজাবা।
১৩৭। দাৰিদ্ৰ্যই অভিশাপ নহয়, উচ্চাকাঙ্ক্ষাবিহীন দৰিদ্ৰতাহে অভিশাপ।
১৩৮। কুশাসন বাঘকৈও ভয়ানক।
১৩৯। মুৰ্খপুত্ৰই ঘৰ নাভাঙে, বুধিয়ক পুত্ৰইহে ঘৰ নষ্ট কৰে।
১৪০। আত্মসংযম নহলে নম্ৰতা অসহনীয় হয়, আৰু সাবধানতা ভয়াতুৰত, সাহস হিংসাত আৰু সৰলতা অশিষ্টতাত পৰিণত হয়।