পৃষ্ঠা:কনফুচিয়াছ.djvu/১১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১১০
কনফুচিয়াছ

 সমাজ ব্যৱস্থাৰ লগত ব্যক্তিক খাপ খুৱাই চলিবলৈ যোগ্যতা দিয়াই কনফুচিয়াছৰ শিক্ষাৰ মূল নীতি আছিল। সমাজৰ উন্নতি আৰু সংহতি নিৰ্ভৰ কৰে মানুহৰ পৰস্পৰৰ প্ৰতি থকা স্বাভাবিক সহানুভূতি আৰু কৰ্ত্তব্য পালনত। এই স্বাভাবিক সহানুভূতি প্ৰথমে মানুহৰ নিজৰ পৰিয়ালৰ বা আত্মীয়-স্বজনৰ গণ্ডিত প্ৰকাশ পায় আৰু ক্ৰমে ইয়াৰ পৰিধি বিস্তৃত হৈ সমাজক আৰু দেশক আঁকোৱালি ধৰে। কনফুচিয়াছে পুত্ৰোচিত ধাৰ্ম্মিকতা, কুলোচিত সৌহাৰ্দ্দ্য, ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য, প্ৰতিবেশীৰ প্ৰতি প্ৰীতি-ভাব আদি বিষয়বোৰৰ শিক্ষা দিছিল। যেতিয়া সমাজৰ প্ৰতি অঙ্গই নিয়ত বা নিৰূপিত কৰ্ত্তব্য সুচাৰুৰূপে পালন কৰে তেতিয়া সমাজ সুশৃঙ্খলিত হয় আৰু ক্ৰমে উন্নতিৰ পথত আগবাঢ়ি যায়। “যেতিয়া এই মহৎ নীতি প্ৰবৰ্ত্তিত হব তেতিয়া বিশ্বত সকলোৱেই সাৰ্ব্বজনীন মঙ্গলৰ কাৰণেই কৰ্ত্তব্য কৰি যাব। সদাচাৰী লোকসকল দায়িত্বপূৰ্ণ পদৰ বাবে নিৰ্ব্বাচিত হব আৰু তেওঁলোকৰ ওপৰত দেশৰ দায়িত্ব অৰ্পিত হব। নিষ্ঠা তেওঁলোকৰ ব্ৰত হব আৰু মতদ্বৈধ নাথাকিব। ফলত মানুহে অকল নিজৰ পিতামাতাকে মৰম নকৰিব নাইবা অকল নিজৰ সন্তান-সন্ততিৰ প্ৰতি হে যত্নপৰ নহব। সকলো বৃদ্ধলোকেই প্ৰতিপালিত হব অ যুবকেই নিযুক্তি পাব। সকলো শিশুই অপত্য-স্নেহ পাব; বিধবা, গতভাৰ্য্য, পিতৃহীন, অবিবাহিত, অক্ষম আৰু ব্যাধিগ্ৰস্ত সকলোৱেই যত্ন আৰু তদাৰক পাব। পুৰুষে ন্যায় অধিকাৰ