কনফুচিয়াছ/কনফুচিয়াছ

[ ৩৫ ]
 

কনফুচিয়াছ

 

 যুগৰ পৰিস্থিতিয়ে মহৎ লোকৰ সৃষ্টি কৰে— এই বচন ফাঁকি কনফুচিয়াছৰ ক্ষেত্ৰত ভালকৈ খাটে। কনফুচিয়াছ আছিল যুগমানব। খৃঃ পূঃ ষষ্ঠ শতিকাত চীনৰ আভ্যন্তৰীণ অৱস্থাই কনফুচিয়াছৰ দৰে এজন তীক্ষ্ণধী, জনগণৰ পথপ্ৰদৰ্শক মহান ব্যক্তিৰ আবিৰ্ভাবৰ ক্ষেত্ৰ প্ৰস্তুত কৰি ৰাখিছিল। প্ৰায় এহাজাৰ বছৰ ৰাজত্ব কৰাৰ পিচত খৃঃ পূঃ ১১২৫ চনত শ্বাং (Shaug) বংশৰ ক্ষমতাৰ ওৰ পৰে। তাৰ পৰাই চীনত নানা প্ৰকাৰৰ ৰাজনৈতিক বিপৰ্য্যয় দেখা দিয়ে। প্ৰায় পাঁচশ বছৰ কাল ধৰি চীনত অসংখ্য সৰু সৰু ৰাজ্য গঢ়ি উঠে আৰু এই ৰাজ্য বোৰৰ মাজত যুদ্ধ-বিগ্ৰহ হৈ চীনৰ ৰাজনৈতিক অৱস্থাত অস্থিৰতাই দেখা দিয়ে। এই কালহোৱাত চৌবংশৰ সম্ৰাটসকলে চীনত ৰাজ কৰিছিল। চৌবংশৰ সম্ৰাটসকলৰ ৰাজত্বৰ শেষৰ ছোৱাত কেন্দ্ৰীয় শাসন একেবাৰেই শিথিল হৈ পৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ দুৰ্ব্বলতাৰ সুযোগ লৈ ক্ষমতাপন্ন সামন্তসকলে স্বাধীনতা ঘোষণা কৰি সাৰ্ব্বভৌম ৰজা হিচাবে চীনক অসংখ্য ৰাজ্যত বিভক্ত কৰি দেশত আউল লগাইছিল। এনে অশান্ত পৰিস্থিতিত বহুকাল ধৰি চলি অহা ৰীতি-নীতি সমাজ-ব্যবস্থা সকলো ছিন্নভিন্ন হৈ যায়। মানুহৰ মনত এটা গভীৰ হতাশাই স্থান পাইছিল। সেই সময়ত জনসাধাৰণে কিমান দুখ-দুৰ্গতি ভোগ কৰিব লগা হৈছিল তাক খৃঃ পূঃ ৭ম [ ৩৬ ] আৰু ৮ম শতিকাত ৰচিত হোৱা আৰু মুখে মুখে চলি অহা লোকগীতি বোৰৰ পৰাই অনুমান কৰিব পাৰি।

 এনে বৈপ্লবিক পৰিস্থিতিয়ে মানুহৰ মনত স্বাধীন চিন্তাৰ সমল যোগাইছিল আৰু এই কালছোৱাই প্ৰাচীন চীনৰ ইতিহাসত এটা নতুন যুগৰ সূচনা কৰিছিল। প্ৰশাসন, নৈতিক জীৱন, ধৰ্ম্ম, সমাজ-ব্যৱস্থা আদি সকলো ক্ষেত্ৰতে সংস্কাৰৰ একান্ত প্ৰয়োজন হৈছিল আৰু যোগ্যলোকৰ নিৰ্দ্দেশ যুগে আহ্বান কৰিছিল। যেতিয়া ৰাজনৈতিক খেলিমেলিত চীনৰ জনসাধাৰণৰ আৰ্থিক অৱস্থা শোচনীয় হৈ পৰিছিল, যুগ যুগ ধৰি চলি অহা সামাজিক, নৈতিক, সাংস্কৃতিক ঐতিহ্য অৱহেলিত আৰু অনাদৃত হৈ পৰিছিল, সেই সন্ধিক্ষণত জনগণৰ আশাৰ প্ৰদীপ লৈ গৌৰবময় ঐতিহ্য ৰক্ষা কৰিবলৈ কনফুচিয়াছৰ আবিৰ্ভাব হৈছিল।

 চীনদেশৰ লু প্ৰদেশৰ ছাও জিলাত হোৱাংহো নদীৰ দাঁ‌তিকাষৰীয়া এখন ঠাইত প্ৰায় আঢ়ৈ হাজাৰমান বছৰৰ আগেয়ে প্ৰসিদ্ধ শ্বু বংশত শ্বুহলিয়ঙহেইহ্ নামেৰে এজন বৰ ক্ষমতাপন্ন লোক আছিল। তেওঁ বৰ বলী, সাহসী আৰু দেখাতো বৰ ডাঙৰ-দীঘল পুৰুষ আছিল। তেওঁৰ শৌৰ্য্য-বীৰ্য্য সম্পৰ্কে গোটেই দেশতে নানাপ্ৰকাৰৰ জনশ্ৰুতি প্ৰচলিত হৈছিল। তেওঁ চীনৰ ৰাজবংশৰ লোক আছিল আৰু পীত সাগৰৰ দাঁতিত থকা পীতনদীৰ উপকুলৰ ছাওছিলাৰ সেনাধিনায়ক আছিল। সেইসময়ত চীনসাম্ৰাজ্যৰ আভ্যন্তৰীণ প্ৰশাসন [ ৩৭ ] একেবাৰেই শিথিল হৈ পৰে আৰু এই কেন্দ্ৰীয় প্ৰশাসনৰ শিথিলতাৰ সুযোগতে দেশত অসংখ্য সৰু সৰু ৰাজ্য গঢ়ি উঠে। এই সৰু সৰু ৰাজ্যবোৰত একোজন ৰজাই ৰাজত্ব কৰিছিল। এই ৰাজ্যবোৰৰ মাজত বৰ মিলাপ্ৰীতি নাছিল আৰু সততে যুজ-বাগৰ লাগিয়েই আছিল। সেইকাৰণে সেইসময়ত বলী আৰু সাহসী মানুহৰ বৰ সমাদৰ আছিল।

 শ্বুহলিয়াঙহেইহ্ বৰ ক্ষমতাপন্ন হৈ উঠিছিল আৰু সৈন্য পৰিচালনাত তেওঁ বৰ পটু আছিল। তেওঁ সুদক্ষ সৈন্য পৰিচালনাৰ বাবেই তেওঁৰ ৰাজ্য অপৰাজেয় আছিল। যুদ্ধ বিভীষিকাৰ পৰা নিষ্কৃতি পোৱা বাবে ৰাজ্যৰ প্ৰজাসকল বৰ সুখত আছিল আৰু সকলোৱে শতমুখে শ্বুহলিয়াঙক প্ৰশংসা আৰু সন্মান কৰিছিল। ৰজা, প্ৰজা সকলোৰে পৰা সন্মান সমাদৰ পাই তেওঁ অধিক কৰ্ত্তব্যপৰায়ণ হৈছিল আৰু সুখশান্তি ৰক্ষা কৰি ৰাজ্যখন অধিক সমৃদ্ধিশালী কৰাটোৱেই তেওঁ জীৱনৰ ব্ৰত হিচাবে লৈছিল।

 অশেষ ক্ষমতা আৰু সন্মানৰ গৰাকী হলেও এটা কথাৰ কাৰণে তেওঁ বৰ সুখী নাছিল। তেওঁৰ লৰা সন্তান নাছিল। এটি এটিকৈ শ্বুহলিয়াঙৰ ন-জনী ছোৱালী জন্মিল কিন্তু পুত্ৰমুখ নেদেখিলে। সেইসময়ত চীনদেশত ছোৱালীৰ বৰ আদৰ নাছিল। ছোৱালীৰ বয়স হলেই বিয়াবাৰু দি উলিয়াই দিব লাগে। ছোৱালী বোৱাৰী হৈ গিৰিয়েকৰ ঘৰ ধৰিব কিন্তু বুঢ়াকালত মাক বাপেকক চাবলৈ সিহঁতৰ অবসৰো নাই, [ ৩৮ ] সুযোগো নাই। এতেকে পুত্ৰসন্তানৰ অবিহনে ভাটিবয়সত মানুহ নিৰাশ্ৰয় হৈ পৰে। এই ঐহিক অসহায় অৱস্থাৰ উপৰিও পাৰলৌকিক প্ৰয়োজনৰ বাবেও পুত্ৰসন্তানৰ সুকীয়া স্থান আছে। চীনদেশত সেই সময়ত প্ৰচলিত ৰীতি অনুসৰি পুতেকেহে পিতৃপুৰুষসকলৰ শ্ৰাদ্ধ, প্ৰেতকৰ্ম্ম আদি কৰিব পাৰে। ছোৱালীয়ে গিৰিয়েকৰ পিতৃপুৰুষৰহে শ্ৰাদ্ধাদি কৰিব পাৰে, নিজৰ পিতৃপুৰুষৰ লগত কোনো সম্বন্ধ নাথাকে। অবিবাহিতা হৈ থকা ছোৱালীৰ কথা তেতিয়াৰ সমাজে ভাবিব নোৱাৰিছিল আৰু ছোৱালীৰ কোনো ব্যক্তি-স্বাধীনতাও নাছিল। এতেকে নজনী ছোৱালীৰ পিতা হৈও এটিও পুত্ৰসন্তান নথকাত বংশ লোপ হোৱাৰ আশঙ্কাই শ্বুহলিয়াঙৰ অন্তৰত বৰ দুখ দিছিল। নিজৰ বংশ ৰক্ষাৰ বাবে আৰু উপৰি পুৰুষসকলৰ ক্ৰিয়াকাণ্ড যাতে লোপ নাপায় তাৰ বাবে তেওঁ সদায় পুত্ৰকামনা কৰিছিল আৰু পুত্ৰৰ উদ্দেশ্যে গিৰিয়েক ঘৈণীয়েক দুয়ো ব্ৰত, উপাসনা, পূজা পাতল আদি কৰিছিল। শ্বুহলিয়াঙে কেইবাবাৰো বিয়া কৰায় আৰু অৱশেষত তেওঁৰ ৭০ বছৰ বয়সত তেওঁৰ ন ঘৈণীয়েক চীঙছাইৰ এটি পুত্ৰ জন্মে। এই লৰাটিৰ নাম চিউ ৰাখিলে। এই চিউয়েই পিছত কনফুচিয়াছ নামে প্ৰখ্যাত হয়। কনফুচিয়াছে খৃঃ পূঃ ৫৫১ চনত জন্মগ্ৰহণ কৰে।

* * * *

 কনফুচিয়াছৰ জন্ম সম্বন্ধে এটা আখ্যান চীনদেশত প্ৰচলিত আছে। চীঙছাই অন্তসত্বা হোৱাৰে পৰা যাতে তেওঁৰ পুত্ৰ [ ৩৯ ] সন্তান জন্মে সেই উদ্দেশ্যে তেওঁ নানা পূজা-পাতল কৰিছিল। এদিন চীঙছাইয়ে এটা সপোন দেখিলে আৰু সেই সপোনত তেওঁক যেন এগৰাকী দিব্য পুৰুষে কৈ গ’ল যে এইবাৰ তেওঁৰ এটি সৰ্ব্বসুলক্ষণসম্পন্ন পুত্ৰ জন্মিব আৰু সেই পুত্ৰক নূনী গছৰ খোৰোঙত জন্ম দিব লাগিব। এই সপোনৰ কথা যেতিয়া চীঙছাই গিৰিয়েকক কলে তেতিয়া শ্বুহলিয়াঙে এই দৈববাণীৰ মৰ্ম্ম বুজি পালে আৰু প্ৰসবৰ সময়ত তেওঁ ঘৈণীয়েক চীঙছাইক নুনী গুহা নামৰ গুহা এটাত থৈ আহিল গৈ। যথাসময়ত চীঙছাইৰ সেই গুহাটোত এটি দীপলিপ পুত্ৰ সন্তান জন্ম হ’ল আৰু সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে বিদ্যাধৰী অপ্সৰী সকলে আহি গুহাৰ সমুখত সেই নবজাতকক সম্বৰ্দ্ধনা জনালে। গুহাটোৰ ভিতৰে বাহিৰে বিদ্যাধৰী সকলে সুগন্ধি দ্ৰব্য ছটিয়াই মলমলীয়া গোন্ধেৰে ওপচাই পেলালে আৰু নানা সুললিত সঙ্গীত গাবলৈ ধৰিলে। তেনে সময়তে এটা আকাশবাণীয়ে প্ৰসূতী চীঙছাইক সম্বোধন কৰি ঘোষণা কৰিলে যে এই লৰাৰ পুণ্যজন্মত স্বৰ্গৰ দেৱতাসকল তুষ্ট হৈ এই সঙ্গীতেৰে নবজাতকক অভ্যৰ্থনা জনাইছে। এই লৰাই দেশত ধৰ্ম্ম প্ৰতিষ্ঠা কৰিব আৰু মানবক নতুন পথৰ সম্ভেদ দিব। সদ্যজাত শিশুটিক ধুৱাবলৈ পানীৰ যোগান ধৰি সেই গুহাৰ মাজৰ পৰাই এটা নিজৰা ওলাই আহিল আৰু লগে লগে যেন কোনোবাই কৈ উঠিল— এই লৰাই মৰুদেশত পৰিণত হোৱা ছাওদেশৰ কণ্টকবিহীন ৰজা হ’ব।
[ ৪০ ]  এই আখ্যানৰ মূল্য যিয়েই নহওক লাগে, কনফুচিয়াছে যে চীনৰ জনসাধাৰণৰ মানত দেৱতাসদৃশ আছিল তাক সকলোৱে স্বীকাৰ কৰে।

* * * *

 কনফুচিয়াছৰ সৰুকালিত নাম আছিল চিউ। চিউৰ তিনি বছৰ পূৰ হবলৈ নৌপাওঁতেই পিতাক শ্বুহলিয়াঙহেইহ্‌ৰ মৃত্যু হয়।

 শ্বুহলিয়াঙহেইহ্ ছাওদেশৰ শাসনকৰ্ত্তা আছিল যদিও তেওঁৰ নিজৰ আৰ্থিক অৱস্থা মুঠেই টনকিয়াল নাছিল। দেশৰ সেৱাই তেওঁৰ ব্ৰত আছিল আৰু দেশৰ উন্নতিৰ কাৰণেই একান্ত আত্মনিয়োগ কৰাৰ বাবে ব্যক্তিগত জীৱনৰ ধনসম্পদৰ কথা একো নাভাবিছিল। এতেকে শ্বুহলিয়াঙৰ মৃত্যুৰ পিচত তেওঁৰ ঘৈণীয়েক চীঙছাই বৰ আৰ্থিক দুৰবস্থাত পৰে। তথাপি নানা কষ্টৰ মাজেদিও একমাত্ৰ লৰা চিউক ভাল শিক্ষা দিবলৈ ব্যৱস্থা কৰে। চিউ বৰ বুধিয়ক লৰা আছিল আৰু শিক্ষক সকলে অতি কম বয়সতে তেওঁৰ তীক্ষ্ণ বুদ্ধিবৃত্তিৰ পৰিচয় পাই বৰ প্ৰশংসা কৰিছিল। শিক্ষকসকলৰ মুখে নিজৰ পুতেকৰ প্ৰশংসা শুনি মাকৰ অন্তৰ আনন্দত নাচি উঠিছিল আৰু পুতেকৰ শিক্ষাৰ বাবে তেওঁ সকলো ত্যাগ স্বীকাৰ কৰিবলৈ মনস্থ কৰিছিল। অৰ্থকষ্ট বা অইন সুযোগৰ অভাৱত যাতে চিউৰ পঢ়াশুনাত কোনো ব্যাঘাত নজন্মে, তাৰ বাবে মাক [ ৪১ ] চীঙছাই বৰ সতৰ্ক আছিল। মাকৰ উদগণি, শিক্ষকৰ মৰম আৰু সমাদৰ পাই চিউয়ে পঢ়াশুনাত অধিক মনযোগ দিছিল আৰু নিচেই কম বয়সতে বয়স অনুপাতত জটিল পাঠবিলাককো সুন্দৰকৈ বুজি আয়ত্ব কৰিব পাৰিছিল। কুমলীয়া ছাত্ৰ চিউৰ বিদ্যাবুদ্ধিত শিক্ষকসকল মোহিত হৈছিল। বয়স বাঢ়ি অহাৰ লগে লগে কুংবংশৰ মেধাবী ছাত্ৰ চিউকুঙৰ যশস্যা গোটই দেশত বিয়পি পৰিল আৰু তেওঁৰ লগত আলাপ-আলোচনা কৰিবলৈ আৰু তেওঁৰ বক্তব্য শুনিবলৈ নানাঠাইৰ পৰা মানুহ আহিবলৈ ধৰিলে। ছাত্ৰ অবস্থাতে চিউকুঙে শিক্ষকতাও কৰিব লগা হৈছিল আৰু তেওঁতকৈ বয়সীয়াল আৰু সংসাৰৰ অভিজ্ঞতা থকা লোকসকলৰ লগত নানান সমস্যাৰ আলোচনা কৰোঁতে নিজৰ ওপৰত অটল বিশ্বাস জন্মিছিল। তেওঁৰ লগত আলোচনা কৰিব অহা লোকসকলৰ আন্তৰিক শ্ৰদ্ধা আৰু সন্মানে চিউকুঙজ প্ৰেৰণা যোগাইছিল আৰু সমস্যাবহুল, অৰিয়াঅৰি-বিধ্বস্ত চীনক নতুন পথেৰে আগুৱাই নিবলৈ চিন্তান্বিত কৰি তুলিছিল।

 চীনদেশত সেই সময়ত লৰা-ছোৱালীবিলাকৰ বিয়া-বাৰু কম বয়সতেই হৈছিল। ১৯ বছৰ বয়সত চিউকুঙে বিয়া কৰাই ছাত্ৰজীৱনৰ পৰা গাৰ্হস্থ্য জীৱনত সোমায়। চিউকুঙৰ পিতা ঢুকুৱাৰ সময়ত তেওঁৰ বয়স মাত্ৰ তিনি বছৰহে হৈছিল। বুজন হোৱাৰ লগে লগে আৰ্থিক অনাটনৰ হেঁচাত পৰি সংসাৰ চলাবলৈ চিউৱে পৰিশ্ৰম কৰিব লগীয়া হৈছিল। নানা কাম কাজ [ ৪২ ] কৰিও তেওঁৰ পঢ়াশুনাৰ প্ৰতি যথেষ্ট ধাউতি ৰাখিব পাৰিছিল। ১৫ বছৰ বয়সত চিউৱে সন্ন্যাসী হবলৈ স্থিৰ কৰে বুলিও এটা প্ৰবাদ আছে।

 বিয়া-বাৰু কৰাই সংসাৰী হলেও সংসাৰৰ লেঠাই চিউকুঙক বৰ বান্ধ খুৱাব নোৱাৰিছিল। ছাত্ৰ অৱস্থাৰ দৰেই তেওঁ সদায় পঢ়াশুনা কৰি কটাইছিল। তেওঁৰ মনত এটা চিন্তাই বৰ দকৈ শিপাইছিল— সজশিক্ষা আৰু সজশাসন এই দুটাৰ সময় কেনেকৈ স্থায়ী কৰিব পাৰি। তেওঁৰ অন্তৰতো এনে এটা ভাবে উকি মাৰিছিল যে তেওঁ অকল শিক্ষিত হলেই নহব, তেওঁ সাধুশাসক হব লাগিব আৰু তেৱেঁই সুশিক্ষা আৰু সুশাসনৰ সমন্বয় ঘটাই জগতবাসীৰ আগত এটা মূৰ্ত্ত আদৰ্শ ডাঙি ধৰিব। এই সুযোগ তেওঁ সোনকালেই পালে।

 বিয়াৰ কিছুদিন পিছতে চিউকুঙে এটা চৰকাৰী পদ পায়। তেওঁ সেই প্ৰদেশৰ ৰজাৰ তলত ভৰাল ৰখীয়া বাব পায়। সেই সময়ৰ ভৰালীবাব আজিকালিৰ কোষাধ্যক্ষৰ দৰেই আছিল। নিচেই কম বয়স হলেও তেওঁ চৰকাৰী পদত সোমাই দক্ষতাৰে কাম কৰে আৰু সুচাৰু ৰূপে কাম কৰিব পৰাকৈ সংস্কাৰ কৰি লয়। তেওঁ প্ৰবৰ্ত্তন কৰা সংস্কাৰসমূহ ইমান সৰল আৰু প্ৰয়োজনীয় আছিল যে সিবিলাকৰ কাৰ্য্যকাৰিতাত তুষ্ট হৈ ছাও দেশৰ মন্ত্ৰীয়ে তেওঁক কৃষিদপ্তৰৰ মুখ্যবিষয়া পদলৈ উত্তীৰ্ণ কৰিলে। ৰাজকৰ্ম্মচাৰী হিচাবে চিউ আছিল কৰ্ত্তব্যপৰায়ণ, বিশ্বাসী এক অক্লান্ত কৰ্ম্মী। সমস্যবহুল আৰু অতি [ ৪৩ ] দ্বায়িত্বশীল পদত নিযুক্ত হৈ চিউৱে অতি সুখ্যাতিৰে আৰু দক্ষতাৰে কাম চলালে আৰু আগৰ চলিথকা আসোঁৱাহবোৰ দূৰ কৰি ৰজা প্ৰজা সকলোকে তুষ্ট কৰি সকলোৰে সমাদৰ পালে। চিউকুঙৰ অন্তৰৰ বাসনা আছিল সুশিক্ষা আৰু সুশাসন দুয়োকো সমন্বয় কৰি জনগণৰ হিতসাধনত প্ৰয়োগ কৰা। এতেকে উচ্চ চকাৰী পদত অধিস্থিত হৈও তেওঁ শিক্ষালাভ আৰু শিক্ষা আহৰণৰ প্ৰতি যথেষ্ট সচেতন আহিল। চৰকাৰী বিষয়ৰ দায়িত্ব আৰু কৰ্ত্তব্য সুচাৰুৰূপে সম্পন্ন কৰিও আজৰি সময়ত তেওঁ কবিতা আৰু সঙ্গীত চৰ্চ্চা কৰিবলৈ লাগিল। কবিতা আৰু সঙ্গীতত তেওঁৰ মন ইমান আকৃষ্ট হৈছিল যে তেওঁ চৰকাৰী পদ ইস্তফা দি একান্তমনে ইয়াৰ সাধনা কৰিবলৈ পাঙিছিল। কিন্তু তেনে সময়তে তেওঁৰ এটি পুত্ৰ জন্মে। মাক, পুতেক আৰু ঘৈণীয়েকৰ ভৰণ-পোষণৰ অন্য ব্যৱস্থা নথকাত তেওঁ চাকৰি কৰি থাকিব লগাতে পৰিল। কিন্তু তেওঁৰ মন ক্ৰমে অধ্যয়নৰ পিনেহে বেচি ঢাল খালে। নতুন নতুন বিষয় অধ্যয়ন কৰিবলৈ তেওঁৰ মনত প্ৰবল ধাউতি জন্মিল। পদৰ দায়িত্ব আৰু মৰ্য্যাদা সুচাৰুৰূপে আৰু সম্পূৰ্ণৰূপে পালন কৰিও আজৰি সময়ত ইতিহাস, কবিতা, সঙ্গীত আদি বিষয়বোৰ প্ৰণালীবদ্ধ ভাবে অধ্যয়ন কৰিবলৈ লাগিল। দিনে দিনে তেওঁৰ জ্ঞান বাঢ়িল আৰু গোটেই দেশতে তেওঁৰ বিদ্যা, বুদ্ধি, যশ, খ্যাতি প্ৰচাৰ হবলৈ ধৰিলে। তেওঁৰ ঘৰখন বিদ্যামন্দিৰ বা গভীৰ বিষয়ৰ আলোচনাকেন্দ্ৰ হৈ পৰিল। [ ৪৪ ] প্ৰায় নিতৌ সন্ধিয়া নানা ঠাইৰ পৰা লৰা, ডেকা, বুঢ়া সকলোৱে নানা কথা আলোচনা কৰিবলৈ চিউকুঙৰ ঘৰলৈ আহিব ধৰিলে। ধৰ্ম্ম, অধৰ্ম্ম, কৰ্ত্তব্য, অকৰ্ত্তব্য, উচিত, গৰ্হিত আদি নানা বিষয়ৰ গভীৰ আলোচনা তেওঁৰ ঘৰত হবলৈ ধৰিলে আৰু চিউৱে এই সমস্যাবিলাকৰ যৌক্তিক সমাধান দি সকলোকে তুষ্ট কৰিব পাৰিছিল। এইদৰে ৰাজকৰ্ম্মচাৰী চিউকুঙ আজৰি সময়ত শিক্ষক হৈ পৰিল। জানিবলৈ একান্ত আগ্ৰহ থকা লোকসকলক শিক্ষা দি কুঙে বৰ আনন্দ পাইছিল। তেওঁৰ ওচৰলৈ অহা মানুহবিলাকেও এই উচ্চপদস্থ ৰাজবিষয়াজনৰ পাণ্ডিত্য, সৰলতা, কৰ্ত্তব্যপৰায়ণতা, সাধুতা আৰু সহৃদয়তাত মুগ্ধ হৈ পৰিছিল। অতি জটিল আৰু তাত্ত্বিক সমস্যাবিলাকৰ সৰল আৰু প্ৰাঞ্জল ব্যাখ্যাত লোকসকল তন্ময় হৈ পৰিছিল। পাণ্ডিত্যৰ গভীৰতাত মুগ্ধ হৈ তেওঁৰ ওচৰলৈ অহা লোকসকলে চিউকুঙক কুঙ-ফুৎ-ছে বা ৰজা-দাৰ্শনিক বুলিবলৈ ধৰিলে আৰু লাহে লাহে তেওঁৰ সৰুকালিৰ নাম চিউকুঙ তল পৰি জগতত কুঙ-ফুৎ-ছে নামে জনাজাত হ’ল। ইংৰাজ সকলে কুঙ-ফুৎ-ছে শব্দটো কনফুচিয়াছ ৰূপে ব্যৱহাৰ কৰিলে আৰু লাহে লাহে গোটেই পৃথিবীতে কনফুচিয়াছ নামেই প্ৰখ্যাত হল।

* * * *

 কনফুচিয়াছৰ বয়স ২৩ বছৰ হওতেই তেওঁৰ মাক চীঙছাই ঢুকায়। চীনদেশৰ প্ৰচলিত ৰীতি-অনুসৰি মাক বা বাপেক [ ৪৫ ] ঢুকালে পুতেকে ২৭ মাহ বা ৩ বছৰ কাল অশৌচ খাটিব লাগে। মাকৰ মৃত্যুত কনফুচিয়াছে চৰকাৰী চাকৰিৰ পৰা অবসৰ ললে আৰু তিনি বছৰ কাল ৰীতিমতে অশৌচ খাটিব ধৰিলে। অশৌচ খাটি থকা সময়ছোৱাত কনফুচিয়াছে ইতিহাস, কবিতা আৰু দৰ্শনৰ অধ্যয়নত বিশেষ মনোযোগ দিলে আৰু তিনি বছৰৰ ভিতৰতে দেশৰ ইতিহাস আৰু দৰ্শন আয়ত্ব কৰে। মাকৰ অশৌচ কাল তিনি বছৰ পাৰ হৈ যোৱাতো কনফুচিয়াছে পুনৰ ৰজাঘৰীয়া চাকৰিত যোগ নিদিলে। পঢ়াশুনাই তেওঁৰ মন বেচি আকৃষ্ট কৰিলে আৰু চাকৰি কৰিবলৈ মুঠেই ভাল নলগা হ’ল। জীবিকা নিৰ্ব্বাহৰ বাবে তেওঁ আনুস্থানিক ভাবে অধ্যাপনা কৰিবলৈ আৰম্ভ কৰিলে। চাকৰি কৰি থকা কালতো কনফুচিয়াছে শিক্ষকতা কৰিছিল, কিন্তু তেতিয়া তেওঁ সম্পূৰ্ণ অবৈতনিক ভাবে মানুহক জ্ঞান দিছিল। পিছত চাকৰি এৰি দি শিক্ষকতাকে জীবিকা নিৰ্ব্বাহৰ বাবে উপাৰ্জ্জনৰ পথ হিচাবে গ্ৰহণ কৰিলে। মানুহক শিক্ষা দি আৰু নানা সমস্যাৰ আলোচনা কৰি কনফুচিয়াছে অপৰিসীম আনন্দ পাইছিল। এতেকে ৰাজপদ এৰি দি মনৰ অভিৰুচি মতে শিক্ষকতাকে সাৱটি ললে। নিজৰ ঠাইতে তেওঁ এখন বিদ্যালয় স্থাপন কৰিলে আৰু তাত সজ-আচৰণৰ নীতি, নৈতিকতা, আৰু শাসন-নীতি সম্পৰ্কীয় শিক্ষা দিবলৈ ধৰিলে।

 তেওঁৰ ছাত্ৰসকলৰ বেছি ভাগেই ডেকা লৰা আহিল। অৱস্থাবান মানুহৰ লৰা ছাত্ৰ হবলৈ আহিলে তেওঁ সিহঁতৰ পৰা [ ৪৬ ] মাছুল লৈছিল। কিন্তু দুখীয়া ছাত্ৰৰ পৰা একো নলৈছিল আৰু দাৰিদ্ৰ্যৰ কাৰণে মাছুল দিব নোৱাৰা বাবে কোনো ছাত্ৰই কনফুচিয়াছৰ বিদ্যালয়ৰ পৰা বিমুখ হৈ আহিব নালাগিছিল। তেওঁ ছাত্ৰসকলৰ আগ্ৰহ আৰু গ্ৰাহিকা শক্তিৰহে পৰীক্ষা কৰিছিল। শিকিবলৈ আগ্ৰহ নথকা অথচ আভিজাত্য আৰু শিক্ষাভিমান প্ৰদৰ্শন কৰিব খোজা আঢ্যবন্ত লোকৰ লৰাক তেওঁৰ বিদ্যালয়ত স্থান নিদিছিল। ছাত্ৰসকলক শিক্ষা দিওঁতে তেওঁ বিষয়টোৰ অবতাৰণা কৰি এটা দিশহে কৈ দিছিল আৰু বাকী তিনিভাগ ছাত্ৰই নিজৰ সৃজনী আৰু উদ্ভাবিকা শক্তিৰে পূৰাই পাঠ আয়ত্ব কৰিব লাগিছিল। ছাত্ৰই নিজে একো চিন্তা কৰিব নলগাকৈ গোটেই পাঠটো খৰচি মাৰি তেওঁ পঢ়ুৱাই নিদিছিল। শিক্ষকে কি কলে বা কি ঈঙ্গিত দিলে ছাত্ৰই গভীৰ ভাবে চিন্তা কৰি তাৰ তাৎপৰ্য্য বুজিব লাগিছিল। কনফুচিয়াছে কৈছিল, “কোনো এটা বিষয় পঢ়াওঁতে মই এটা কোণ উপস্থাপিত কৰোঁতে যদি ছাত্ৰজনে নিজে তাৰ বাকী তিনি কোণ শিকিব নোৱাৰে তেতিয়া হলে মই সেই পাঠ পুনৰ নিশিকাওঁ।”

 শিক্ষক হিচাবে কনফুচিয়াছৰ নাম যশ গোটেই দেশতে বিয়পি পৰিল। লু প্ৰদেশ আৰু তাৰ বাহিৰৰ পৰাও দলে দলে ছাত্ৰ আহি কনফুচিয়াছৰ বিদ্যালয় উপচি পৰিল। দিনে দিনে ছাত্ৰসংখ্যা বাঢ়িবলৈ ধৰিলে আৰু যেতিয়া তেওঁৰ বয়স মাত্ৰ ৩৪ বৰ তেতিয়া তেওঁৰ তলত অধ্যয়ন কৰিবলৈ অহা [ ৪৭ ] ছাত্ৰৰ সংখ্যা তিনি হাজাৰতকৈও অধিক হৈছিল বুলি কথিত আছে। শিক্ষক হিচাবেই যে কনফুচিয়াছৰ নাম দেশত ফাটি ফুটি গৈছিল এনে নহয়। চৰকাৰী বিষয়া হিচাবেও তেওঁৰ যশস্যা জনাজাত হৈছিল। সংস্কাৰক হিচাবে তেওঁ যথেষ্ট খ্যাতি অৰ্জ্জন কৰিছিল আৰু পুৰণিকলীয়া দূষিত ৰীতি-নীতি সাহসিকতাৰে বিলোপ কৰি নতুন কাৰ্য্যকৰী প্ৰথা প্ৰবৰ্ত্তন কৰিছিল। পণ্ডিত হিচাবে কনফুচিয়াছৰ সন্মান অধিক আছিল। ত্ৰিশ বছৰ বয়সতেই তেওঁ ইতিহাস আৰু দৰ্শন সম্পূৰ্ণৰূপে আয়ত্ব কৰিছিল আৰু অতীতৰ সকলো শাস্ত্ৰ মন্থন কৰি ৰাজনীতি, শাসননীতি আৰু নৈতিকতা সম্বন্ধে সুচিন্তিত মত অবিচলিত ভাবে পোষণ কৰিছিল আৰু দৃঢ়তাৰে প্ৰচাৰ কৰিছিল। কনফুচিয়াছে নিজকে বাৰ্ত্তাবহ বুলি অভিহিত কৰিছিল আৰু কৈছিল যে তেওঁ নতুন কথা একো নাজানে আৰু শিকোৱা নাই। তেওঁ মাত্ৰ শাস্ত্ৰত থকা, ইতিহাসত থকা কথাবোৰহে মানুহক শিকাইছে। নিজৰ বিষয়ে তেওঁ যিহকে নকওক, দাৰ্শনিক, অধ্যাপক, সংস্কাৰক আৰু সুদক্ষ শাসক হিচাবে কনফুচিয়াছ গোটেই দেশতে জনাজাত হৈছিল।

 লু প্ৰদেশৰ প্ৰধানমন্ত্ৰীজনে মৃত্যুশয্যাত পৰি থাকি এদিন পুতেকক ওচৰলৈ মাতি নি কৈছিল, “এই দেশত কনফুচিয়াছৰ সমান জ্ঞানী আৰু পণ্ডিত দ্বিতীয় নাই। এই ডেকা কালত পঢ়াশুনা বেচি নকৰিলে আৰু তাৰ বাবে গোটেই জীৱনত অনুতাপ কৰিছো। মোৰ ইচ্ছা তই যেন মোৰ দৰে মুৰ্খ [ ৪৮ ] হৈ নাথাক। তই যেনে তেনে কনফুচিয়াছৰ বিদ্যালয়ত তেওঁৰ তলত পঢ়িবি। তই মোৰ এই কথা ৰাখিবি আৰু মোক শান্তিত মৰিব দে।” পুতেকে তেওঁৰ ইচ্ছামতে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিলে। বুঢ়ামন্ত্ৰীৰ মৃত্যুৰ পিচত খৃঃ পূঃ ৫১৭ চনত মন্ত্ৰীৰ পুতেক আৰু ৰাজকুমাৰ কনফুচিয়াছৰ ওচৰলৈ গ’ল আৰু শিক্ষা আৰম্ভ কৰিলে। এই দুজন ছাত্ৰৰ লগত কনফুচিয়াছৰ বিশেষ বন্ধুত্ব গঢ়ি উঠিল। এই বন্ধুত্বই কনফুচিয়াছৰ নাম যশ আৰু বহুত দূৰলৈ বিয়পালে আৰু তেওঁৰ জীৱনত এটা ডাঙৰ পৰিবৰ্ত্তনৰ সূচনা কৰিলে। ৰাজকুমাৰৰ লগত কনফুচিয়াছ ৰাজধানী চাবলৈ গ’ল তাতে সাম্ৰাজ্যিক পুথি ভৰালত ইতিহাস গবেষণাত লাগি গ’ল। ইতিহাস অধ্যয়নৰ উপৰিও তাত তেওঁ সঙ্গীত চৰ্চ্চাত মনপুতি লাগিল। সম্ৰাট ৰাজসভাত থকা সঙ্গীতজ্ঞসকলৰ পৰা তেওঁ বিশেষ সহায় আৰু সহানুভূতি পাইছিল। সঙ্গীতৰ প্ৰতি তেওঁৰ গভীৰ অনুৰাগ আছিল। সঙ্গীতে তেওঁক ভোক পিয়াহো পাহৰাইছিল। তেওঁ যে অকল সঙ্গীতৰ ৰাগ তাল আদিৰ সাধনাই কৰিছিল এনে নহয়, সঙ্গীতে তেওঁৰ শিক্ষকতা জীৱনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে মানুহৰ জীৱনৰ সমতা ৰক্ষা কৰিবলৈ সঙ্গীতৰ নিতান্ত প্ৰয়োজন আৰু সেইকাৰণেই তেওঁ শাসননীতিৰ শিক্ষাত সঙ্গীতক এটা অপৰিহাৰ্য্য অঙ্গ হিচাবে পৰিগণিত কৰিছিল।

 ৰাজধানীত থকা কালছোৱাতেই কনফুচিয়াছ সেই সময়ৰ [ ৪৯ ] বিখ্যাত লোকসকলৰ সান্নিধ্যত আৰু সংস্পৰ্শত আহে আৰু তেওঁলোকৰ লগত কৰা আলাপ আলোচনাৰ পৰা তেওঁ বিশেষ উপকৃত হয়। সেই সময়তে তেওঁ বিখ্যাত দাৰ্শনিক লাউৎছেৰ সংস্পৰ্শত আহে। লাওৎছে কনফুচিয়াছতকৈ বয়সত ভালেখিনি ভাঙৰ আছিল। লাওৎছে তাওবাদ আৰু তাওধৰ্ম্মৰ প্ৰবৰ্ত্তক। কনফুচিয়াছৰ মতবাদ তাওবাদৰ বিৰোধী আছিল যদিও লাওৎছেৰ প্ৰাধান্য তেওঁতকৈ বেচি আছিল। চীনদেশত প্ৰচলিত তিনিটা ধৰ্ম্মৰ ভিতৰত তাও মতাবলম্বী সকলৰ সংখ্যাই অধিক আৰু এতিয়াও কেইবা কোটি মানুহ তাওবাদৰ সেৱক।

 কনফুচিয়াছে লাওৎছেৰ কথা শুনিছিল আৰু সেই সময়ত মানুহৰ মুখে মুখে মহান দাৰ্শনিক লাওৎছেৰ গুণ-গৰিমা কীৰ্ত্তন হৈছিল। লাউৎছে লো-ইয়াং নামে চহৰত বাস কৰিছিল আৰু তাত থকা সাম্ৰাজ্যিক পুথিভৰালৰ অধ্যক্ষ আছিল। লাওৎছেৰ শিক্ষা আৰু মতবাদ কনফুচিয়াছৰ বৰ আচহুৱা আৰু বিসঙ্গতিপূৰ্ণ যেন লাগিছিল। চীনদেশৰ সঙ্গীত সম্বন্ধে হাতেলিখা পুথিবিলাক অধ্যয়ন কৰিবলৈ কনফুচিয়াছ সেই সাম্ৰাজ্যিক পুথিভৰাললৈ যায় আৰু তাতে লাওৎছেৰ দৰ্শন পায়।

 এদিন কনফুচিয়াছে লাওৎছেক দেখা কৰিবৰ মনেৰে তেওঁৰ তালৈ যায় আৰু তেওঁ অহা খবৰটো লাওৎছেক জনাবলৈ লগুৱা এজন কৈ তেওঁ এখন কঠ মেলি লৈ সাঁচিপাতৰ [ ৫০ ] নিচিনাকৈ তৈয়াৰ কৰা বা‌হৰ পাতল ফলীয়া কামিৰ ওপৰত লিখা পুথি এখন মেলি লৈ পঢ়িবলৈ বহিল। কনফুচিয়াছে এইদৰে পঢ়ি থাকোঁতে সেই কোঠালৈ কোনোবা এজন অহা যেন গম পাই মূৰটো ভাঙি চালে আৰু টপামূৰা, দীঘল ডৰিয়া বুঢ়া এজনক সোমাই অহা দেখিলে। কনফুচিয়াছ তৎক্ষণাৎ বহাৰ পৰা উঠি বুঢ়াক প্ৰণাম জনালে। বুঢ়াটোৱে কনফুচিয়াছক কি পঢ়িছে শুধিলে। কনফুটিয়াছে ভালকৈ বুজি পালে যে বুঢ়াজন লাওৎছেৰ বাহিৰে অইন কোনো নহয় আৰু সসম্ভ্ৰমে উত্তৰ দিলে, “মহাশয়, এইখন পৰিবৰ্ত্তন বিধি। শুনিছো এইখন বোলে আগৰদিনৰ ঋষি সকলে পঢ়িছিল।” লাওৎছেই শুধিলে, “কিহৰ বাবে এইখন পঢ়িছা?” কনফুচিয়াছে উত্তৰ দিলে, “এইখনে মানুহক মনুষ্যত্ব আৰু ন্যায়পৰায়ণতা শিকায়।”

 লাওৎছে হঠাৎ অধৈৰ্য্য হৈ উঠিল আৰু কবলৈ ধৰিলে, “মনুষ্যত্ব আৰু ন্যায়পৰায়ণতা! পাৰ চৰাই বগা হবলৈ ওৰে দিনটো গা ধুই থাকে নেকি? নাথাকে। ই স্বাভাবিকতে বগা। মানুহৰো সেয়েই। যদি মানুহ অন্তৰত সৎ আৰু ন্যায়বান হয় তুমি সিহঁতক ন্যায়পৰায়ণতা শিকোৱাৰ কোনো প্ৰয়োজন নাই।” এইদৰে দুয়োজন দাৰ্শনিকৰ মাজত নানা কথাৰ আলোচনা চলিল। বেচি ভাগ কথা লাওৎছেই কৈ গৈছিল আৰু মাজে সময়ে কনফুচিয়াছক দুই এটা প্ৰশ্ন কৰিছিল আৰু কনফুচিয়াছেও নম্ৰভাবে উত্তৰ দিছিল।

 লাওৎছে এবাৰ সুধিলে, “তুমি পুৰণি কথাবোৰ কিয় ইমান [ ৫১ ] পঢ়িছা? সেইবোৰত কি পাইছা আৰু সেইবোৰ কি কামত আহিব?”

 কনফুচিয়াছে উত্তৰ দিলে— “মই বিশ্বাস কৰো যে মানুহ জন্মোতে সৎ হৈয়েই জন্মে আৰু শিক্ষা আৰু অধ্যয়নে মানুহক সৎ কৰি ৰাখে। কিন্তু আমি নতুন জ্ঞান আহৰণ কৰাৰ আগতে প্ৰথমে আমি পুৰণি খিনি জনা উচিত। সেই কাৰণেই মই ভাবো আমাৰ পূৰ্ব্বপুৰুষ সকলে দি যোৱা জ্ঞানৰাশি অতি সাবধানে অধ্যয়ন কৰিব লাগে।”

 এই কথাখিনি শুনি লাওৎছেৰ ভীষণ খং উঠিল আৰু কবলৈ ধৰিলে, “তুমি যিবোৰ মানুহৰ কথা কৈছা সেই মানুহবোৰৰ হাড় কবৰত গমি গৈছে। বৰ দম্ভ নকৰিবা আৰু জগতক ন্যায়পৰায়ণতা শিকোৱাৰ বৰ বৰ পৰিকল্পনা এৰি পেলোৱা। এই ভাব-বিলাসে কোনো কাম সাধিব নোৱাৰে। মোৰ কব লগা এয়েই আৰু এয়েই সকলো।” ইয়াকে কৈ তেওঁ গুছি গ’ল।

 কনফুচিয়াছক পিচত বন্ধুবান্ধব সকলে লাওৎছেৰ লগত সাক্ষাৎ কৰি কেনে পালে সুধিছিল। কনফুটিয়াছে অলপ সময় ভাবি থাকি উত্তৰ দিছিল যে লাওৎছে অসাধাৰণ আৰু তেওঁৰ মতো অসাধাৰণ। কনফুচিয়াছ আৰু লাওৎছেৰ মাজত কোনো মিল নাছিল। লাওৎছে আছিল আদৰ্শবাদী, অতীন্দ্ৰিয়বাদী আৰু কল্পনা-প্ৰবণ। কনফুচিয়াছ আছিল বাস্তববাদী, সাংসাৰিক আৰু জাগতিক ধৰ্ম্মী। ৰাজধানীত থকা [ ৫২ ] কালছোৱাত কনফুচিয়াছে নানা বিষয়ে জ্ঞান আহৰণ কৰিবলৈ সুযোগ পাইছিল আৰু জীৱনৰ বাকী কালছোৱাত তাৰ প্ৰভাৱ ভালকৈ পৰিলক্ষিত হৈছিল।

 ইতিমধ্যে লু প্ৰদেশত গৃহ-কন্দল লাগি প্ৰায় বিপ্লবত পৰিণত হয় আৰু বিপ্লবৰ দুৰ্য্যোগৰ হাত সাৰিবলৈ ৰাজকুমাৰে কনফুচিয়াছক লগত লৈ ছি নামেৰে আন এখন ৰাজ্যলৈ গুচি যায়। কনফুচিয়াছে ঘৰ এৰি এইদৰে বিদেশত থাকি ভাল পোৱা নাছিল। যুদ্ধ শেষ হৈ দেশত শান্তি স্থাপন হোৱাৰ লগে লগে কনফুচিয়াছ পুনৰ নিজ ঠাইলৈ উভতি আহি শিক্ষকতা আৰু অধ্যয়ন কৰিবলৈ লাগিল।

 কনফুচিয়াছৰ এটি পুতেক আৰু দুজনী জীয়েক আছিল। পুতেকৰ নাম লে আছিল। লে কিন্তু সুযোগ্য পিতাকৰ অযোগ্য সন্তান আছিল। পঢ়াশুনাত লেৰ মুঠেই ধাউতি নাছিল আৰু প্ৰায়েই বাপেকক এৰাই আঁ‌তৰে আঁ‌তৰে ফুৰিছিল। এদিন কনফুচিয়াছে অকলে তেওঁৰ পঢ়াশালীত বহি পঢ়ি আছিল। এনে সময়ত লে কিবা বিচাৰি গৈ তাত উপস্থিত হ’ল। বাপেকক দেখি লে অপ্ৰস্তুত হৈ উভতি আহিব ধৰোতেই কনফুচিয়াছে সুধিলে, “তই কবিতা পঢ়িছনে?” লেই চুচুক-চামাককৈ নাই পঢ়া বুলি উত্তৰ দিলে। তেতিয়া কনফুচিয়াছে বৰ বেজাৰ মনেৰে গহীন ভাবে কবলৈ ধৰিলে যে কবিতা নপঢ়া মানুহ দেৱালৰ ফালে মুখ কৰি থিয় হৈ থকা মানুহৰ নিচিনা। দেৱালৰ নিচেই ওচৰত থিয় হৈ দেৱালৰ [ ৫৩ ] ফালে মুখ কৰি থকা মানুহে জগতৰ সৌন্দৰ্য্যৰাশিৰ কিবা সম্ভেদ পাব পাৰেনে? ইয়াকেকৈ কনফুচিয়াছে পুতেকৰ পিনৰ পৰা মুখ ঘূৰালে আৰু নিজৰ কামত লাগিল। পুতেকৰ অধ্যয়ন বিমুখতাই কনফুচিয়াছক বৰ নিৰাশ কৰিছিল। পুতেকৰ ওপৰত নিৰাশ হলেও তেওঁক বেঢ়িথকা বহুত ডেকা ছাত্ৰৰ ওপৰত সিহঁতৰ উজ্জ্বল ভবিষ্যতৰ ভৰষা কৰিব পাৰিছিল। বহুত মেধাবী ছাত্ৰই তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰি অনবৰত তেওঁৰ লগে লগে ফুৰিছিল আৰু এই শিষবোৰৰ আনুগত্য, আগ্ৰহ আৰু কৰ্তব্যপৰায়ণতাই তেওঁক বিমল আনন্দ দিছিল।

 এইদৰে শিক্ষকতা কৰি কনফুচিয়াছে ৫২ বছৰ বয়সত ভৰি দিলে। এজাক অনুগত, গুণমুগ্ধ আৰু বিদ্যানুৰাগী ছাত্ৰৰ দ্বাৰা পৰিবেষ্টিত হৈ কনফুচিয়াছে ধৰ্ম্ম, ৰাজনীতি, নৈতিকতা আদি বিষয়ে তেওঁৰ সুচিন্তিত মতবাদ প্ৰচাৰ কৰিবলৈ ধৰিলে। বিদ্যালয়ৰ পৰা ওলাই যোৱা ছাত্ৰসকলে কনফুচিয়াছৰ শিক্ষা আৰু মতবাদ বহন কৰি দেশৰ চাৰিওফালে প্ৰচাৰ কৰিলে। এদিন চুঙ্‌টু নগৰৰ এদল মানুহ কনফুচিয়াছৰ ওচৰলৈ আহি অতি বিনীত ভাবে নিবেদন কৰিলে— “আপোনাৰ জ্ঞান, বিদ্যা বুদ্ধি শুনি আমি মোহিত হৈছোঁ। সম্প্ৰতি আমি এটা অনুৰোধ লৈ আপোনাৰ ওচৰ চাপিছোঁ। আমাক যেন বিমুখ নকৰে। আপুনি আমাৰ নগৰ খনৰ প্ৰধান বিচাৰকৰ কাৰ্য্যভাৰ গ্ৰহণ কৰিব লাগে।” নগৰৰ প্ৰধান বিচাৰকৰ পদ সেইসময়ত অতি মৰ্য্যাদাসম্পন্ন আহিল। এই বিচাৰকজনেই দেশৰ [ ৫৪ ] বিচাৰসম্পকীয় সকলো ক্ষেত্ৰতে সৰ্ব্বেসৰ্ব্বা আছিল। শাসকসকলো এই বিচাৰকৰ তলতীয়া আহিল।

 কনফুচিয়াছে কিছুসময় ভাবি থাকি অবশেষত এই নাগৰিকসকলৰ প্ৰস্তাৱত সম্মতি প্ৰদান কৰিলে। শিক্ষক কনফুচিয়াছ চুঙটু নগৰৰ বিচাৰক-শাসনকৰ্ত্তা হল। কনফুচিয়াছে সপোন দিঠকত পৰিণত কৰিবলৈ সুযোগ পালে। সুশিক্ষা আৰু সুশাসন একত্ৰিত কৰি জনমানবৰ সেৱাৰ উচ্চ আদৰ্শ সমগ্ৰ চীনত ডাঙি ধৰিবলৈ আৰু তাৰ মাজেদি যুজ-বাগৰত বিধ্বস্ত হৈ আদৰ্শভ্ৰষ্ট চীনক পুনৰ উদ্ধাৰ কৰিবলৈ তেওঁৰ অন্তৰত এটা অদম্য হাবিলাস আছিল। তেওঁৰ বিদ্যালয়ত শিক্ষালাভ কৰিব যোৱা ছাত্ৰসকলকো এনে শিক্ষাই দিছিল যাতে শাসনকাৰ্য্যত অংশ গ্ৰহণ কৰিব লগা হলে তেওঁলোক আদৰ্শ শাসক বা আদৰ্শ ৰাজবিষয়া হব পাৰে।

* * * *

 কনফুচিয়াছে বিচাৰকৰ আৰু শাসনৰ ভাৰ লোৱাৰ এবছৰ পাৰ নৌহওঁতেই চুঙটু নগৰ লু প্ৰদেশত প্ৰখ্যাত হৈ উঠিল। চুঙটু নগৰৰ প্ৰজাসকলে কনফুচিয়াছৰ শাসনত অতি সন্তুষ্ট হ’ল আৰু চুঙটু নগৰৰ প্ৰজাসকলক আন ৰাজ্যৰ মানুহে ঈৰ্ষা কৰিব ধৰিলে। মানুহৰ মুখে মুখে চুঙটু নগৰৰ শান্তি আৰু প্ৰগতিৰ কথা প্ৰচাৰ হব ধৰিলে। মানুহে কোৱাকুই কৰিব ধৰিলে যে কনফুচিয়াছ যেতিয়া চুঙটু নগৰৰ মেজিষ্ট্ৰেট্ হৈছে, চুঙটু নগৰৰ [ ৫৫ ] প্ৰজাতকৈ সুখী আৰু ৰাজভক্ত লোক বিচাৰি পোৱা টান হব। সচাকৈয়ে চুঙটু নগৰৰ মানুহসকলৰ জীৱনত বিৰাট পৰিৱৰ্ত্তন ঘটিল। তাৰ মানুহে সুশাসন কাক বোলে তাৰ সোৱাদ পালে আৰু আগ্ৰহেৰে ৰাজকাৰ্য্যত আৰু সমূহীয়া উন্নতিমূলক কামত সহযোগ কৰি দেশৰ আৰু নিজৰ উন্নতি সাধনত সৰ্ব্বতোভাবে ব্ৰতী হ’ল। “শঠ প্ৰবঞ্চনাই মূৰ লুকালে। আনুগত্য আৰু বিশ্বাস মানুহৰ চৰিত্ৰত পৰিণত হ’ল। সতীত্ব আৰু নম্ৰতা তিৰোতাৰ ভুষণ হ’ল। কনফুচিয়াছক সকলোৱে দেৱতা যেন দেখিব ধৰিলে আৰু মুখে মুখে তেওঁৰ যশগান ধ্বনিত হ’ল।”

 লু প্ৰদেশৰ মানুহবিলাক চুঙটু নগৰৰ যশ, গৌৰৱ আৰু সম্বতি ঈৰ্ষান্বিত হৈ পৰিল আৰু নিজৰ নিৰাপত্তা ৰক্ষাৰ মিছা আশঙ্কাত সিহঁতে উৎকণ্ঠা প্ৰকাশ কৰিবলৈ ধৰিলে। লু প্ৰদেশৰ ডিউকে এই সকলোবোৰৰ সম্ভেদ পাই কনফুচিয়াছৰ দৰ্শন প্ৰাৰ্থনা কৰি তেওঁক মতাই আনিবলৈ মানুহ পঠালে। ডিউকৰ কাতৰ প্ৰাৰ্থনা ৰক্ষা কৰি কনফুচিয়াছ লু’লৈ গ’ল। ডিউকে অতি আদৰ সাদৰ কৰি ৰাখি কনফুচিয়াছক সুধিলে, “কনফুচিয়াছ, আপুনি চুঙটু নগৰৰ প্ৰধান বিচাৰকৰ ভাৰ লোৱাৰ পৰা চুঙটু নগৰৰ শাসন প্ৰণালীত বহুত উন্নত ধৰণৰ সংস্কাৰ প্ৰবৰ্ত্তন কৰিছে বুলি শুনিব পাৰিছো।” “আপুনি শুনা কথা মিছা নহয়, ডিউক” কনফুচিয়াছে উত্তৰ দিলে। ডিউকে আকৌ সুধিলে, “মানুহে কোৱা শুনিছো যে আপুনি প্ৰধান বিচাৰপতি হোৱাৰ পৰা চুঙটু নগৰৰ মানুহবিলাক বেচ [ ৫৬ ] সুখী আৰু বৰ ৰাজভক্ত হৈছে। ইমান কম সময়তে আপুনি এনে মহান পৰিবৰ্ত্তন কেনেকৈ ঘটাব পাৰিলে?”

 কনফুচিয়াছে লাহেকৈ উত্তৰ দিলে— “যিবোৰ মানুহ সৎ মই তেওঁলোকক পুৰস্কাৰ দিওঁ আৰু যিবোৰ অসৎ আৰু ধূৰ্ত্ত সিহঁতক শাস্তি দিওঁ। মানুহবিলাকে ভালকৈ হৃদয়ঙ্গম কৰিব পাৰিছে যে ভাল হোৱা ভাল আৰু বেয়া হোৱা বেয়া। এই সত্য উপলব্ধি কৰি মানুহবিলাকে ভাল হবলৈ অহোপুৰুষাৰ্থ কৰিব ধৰিছে। ভাল মানুহ সামাজিক আচৰণতো সজ হয় আৰু শাসকসকলৰ প্ৰতিও অনুৰক্ত হয়। গতিকে মানুহ ৰাজভক্ত বা ৰাজকৰ্ম্মচাৰীৰ অনুগত হৈ পৰে।” ডিউক— “মানুহবোৰক আপুনি কেনেকৈ সুখী কৰিব পাৰিলে?” কনফুচিয়াছ— “মই প্ৰথমতে প্ৰকৃত জ্ঞানী আৰু সাধু লোকক শিক্ষক হবলৈ বাচি লওঁ আৰু এই জ্ঞানী, পণ্ডিত, বিবেচক আৰু সাধু শিক্ষক সকলকে শিক্ষকতা কৰিবলৈ দিওঁ। শিক্ষকসকলে যাতে শিক্ষা দিওঁতে ছাত্ৰসকলক নিজৰ সন্তান জ্ঞান কৰি শিক্ষা দিব পাৰে তাৰ বাবে ব্যৱস্থা কৰো আৰু শিক্ষক সকলকো এই বিষয়ে সচেতন কৰি দিওঁ। ইয়াৰ দ্বাৰা মানুহৰ শিক্ষা-বিমুখতা উপজিবলৈ সুবিধা নাপায়। সকলো মানুহৰ বুদ্ধি বৃত্তি সমান নহয় আৰু সেই কাৰণে একে পাঠ সকলো ছাত্ৰই সমানে বুজি নাপাবও পাৰে; কিন্তু যদিও সকলোকে সমানে বুজাব নোৱাৰি সকলোকে সমানে অনুসৰণ কৰাত প্ৰবৃত্ত কৰাব পাৰি। যেতিয়া মানুহে সাধু প্ৰকৃতিৰ [ ৫৭ ] জ্ঞানীলোক সকলক অনুসৰণ কৰি সংসাৰত চলে তেতিয়া মানুহ সুখী হয়। মহাজন সকলৰ পথ অনুসৰণ কৰি সৰ্ব্বসাধাৰণে ঈপ্সিত বস্তু পায় আৰু সেই পথত চলিয়েই সুখ পায়। চুঙটু নগৰৰ মানুহবিলাকে এই সত্য মানি সুখী হবলৈ চেষ্টা কৰিছে।”

 ডিউক— “আপুনি সৰু নগৰ এখনত বিচাৰপতি হৈ এনেধৰণৰ শাসন প্ৰণালী চলাব পাৰিছে। সেই একে পদ্ধতিৰে আপুনি প্ৰদেশ এখন শাসন সংস্কাৰ কৰিব পাৰিবনে?”

 —“প্ৰদেশ কিয়? সমগ্ৰ সাম্ৰাজ্যতে নিশ্চয় পৰা হব।” কনফুচিয়াছে ডিউকৰ প্ৰশ্নৰ সগৌৰৱে আৰু সগৰ্ব্বে উত্তৰ দিলে।

 কনফুচিয়াছৰ উত্তৰ শুনি ডিউক বৰ সন্তুষ্ট হ’ল আৰু সমগ্ৰ লু প্ৰদেশৰ দণ্ডবিধান দপ্তৰৰ মন্ত্ৰী হবলৈ কনফুচিয়াছক অনুৰোধ জনালে। কনফুচিয়াছে তেওঁৰ কৰ্ম্মক্ষেত্ৰ আৰু বেচি প্ৰসাৰিত হব ভাবি এই পদ গ্ৰহণ কৰিলে।

 কনফুচিয়াছে আইন বিভাগৰ মন্ত্ৰীত্ব পদ গ্ৰহণ কৰিয়েই লু প্ৰদেশৰ আটাইবোৰ কাৰাগাৰ পৰীক্ষা কৰিব ধৰিলে আৰু এই কাৰাগাৰবিলাকত আটক হৈ থকা কয়দীবিলাকৰ শিক্ষা, অৱস্থা, আচাৰ, ৰীতি নীতি, সমাজৰ স্থান আদি সম্পৰ্কে তথ্য-পাতি যোগাৰ কৰিবলৈ অধ্যয়ন কৰিব ধৰিলে।

 ভালেমান দিন এইদৰে কাৰাগাৰ বিলাক নিৰীক্ষণ কৰি তথ্য-পাতি সংগ্ৰহ কৰি লৈ সমগ্ৰ প্ৰদেশৰে বিচাৰক, উকীল, কয়দীৰক্ষক সকলক আমন্ত্ৰণ কৰি এখন সভা পাতিলে। সেই [ ৫৮ ] সভাত কনফুচিয়াছে সংগ্ৰহ কৰা তথ্য-পাতি বিলাক বিশ্লেষণ কৰি কয়দীবিলাকৰ মানসিক আৰু সামাজিক অবস্থাৰ এটা প্ৰাঞ্জল চিত্ৰ ডাঙি ধৰিলে। তেওঁ বিষয়াবিলাকক সম্বোধন কৰি কবলৈ ধৰিলে “মই আমাৰ দেশৰ কাৰাগাৰবিলাক ভালকৈ পৰীক্ষা কৰি চালো। কয়দীবিলাকক পৰীক্ষা কৰি মই এই সত্যত উপনীত হৈছো যে আমাৰ দেশৰ কাৰাগাৰ বিলাকত আটক হৈ থকা কয়দীবিলাকৰ প্ৰায় আটাইবোৰেই অতি দুখীয়া বা অতি দুখীয়া মানুহৰ সন্তান। সিহঁতৰ প্ৰায় আটাইবোৰেই অজ্ঞ আৰু অশিক্ষিত নাইবা অজ্ঞ আৰু অশিক্ষিত মানুহৰ সন্তান। মোৰ মনত এইটোৱেই ধাৰণা হৈছে যে আৰ্থিক দুৰবস্থা, অজ্ঞতা আৰু শিক্ষাৰ অভাবেই মানুহৰ কুকাৰ্য্যৰ বাবে দায়ী। অভাবত পৰি নাইবা অজ্ঞতাৰ কাৰণে নুবুজি মানুহে আইন ভঙ্গ কৰে আৰু অবশেষত বিচাৰত দোষী সাব্যস্ত হৈ নিৰ্য্যাতন ভোগ কৰিব লগা হয়। এতেকে আমি যদি অভাব অনাটন আৰু অজ্ঞতা দেশৰ পৰা দূৰ কৰিব পাৰো তেন্তে নিশ্চয় আমাৰ দেশত মানুহে দোষণীয় কুকাৰ্য্য কৰিবলৈ এৰিব আৰু লগে লগে এই কাৰাগাৰ বিলাকত নিৰ্য্যাতন ভোগ কৰি থকা মানুহবিলাক উপযুক্ত নাগৰিক হৈ দেশৰ শ্ৰীবৃদ্ধিত বৰঙনি যোগাব পাৰিব।” তেতিয়া এজন বিচাৰকে সুধিলে “কিন্তু দেশৰ দৰিদ্ৰতা আৰু অজ্ঞানতা কেনেকৈ গুচাব পাৰিব।”

 কনফুচিয়াছে উত্তৰ দিলে “অজ্ঞানতা গুচাবলৈ আমি শিক্ষা প্ৰচাৰ কৰিব লাগিব। সুশিক্ষাৰ জৰিয়তে দেশৰ অজ্ঞতা [ ৫৯ ] দূৰীভূত হব। যদি আমাৰ দেশৰ সকলো লোককে শিক্ষা দিব পাৰো তেন্তে নিশ্চয় অজ্ঞতা নাথাকিব। আৰু দৰিদ্ৰতা গুচাবলৈ মানুহবিলাকক উপাৰ্জ্জনক্ষম কৰি তুলিব লাগিব। মানুহবিলাকক উপযুক্ত ব্যবসায়, অৰ্থকৰী বিদ্যা, ঘৰুৱা উদ্যোগ আদি শিকাব লাগিব আৰু চাকৰি আদিত নিয়োগ কৰিব লাগিব। এইবিলাকৰ জৰিয়তে মানুহে নিশ্চয় উপাৰ্জ্জন কৰি ভালদৰে খাব পাৰিব। মানুহে ভালদৰে খাই লৈ থাকিব পাৰিলে কেতিয়াও বেয়াকাম কৰিবলৈ নাযায়। স্বাভাবিকতে সৎ। সংসাৰৰ যাতনাইহে মানুহক কুপথে যাবলৈ বাধ্য কৰে। শিক্ষাৰ দ্বাৰা মানুহে কুপথ গ্ৰহণৰ প্ৰলোভন নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। সুশিক্ষাই মানুহক সৎ কৰি ৰাখিব আৰু উপাৰ্জ্জনকাৰী শিক্ষাই মানুহৰ অভাব অনাটন বিমোচন কৰিবলৈ সক্ষম হব।”

 তেতিয়া আন এজন বিচাৰকে সুধিলে, “এই লক্ষ্যত উপনীত হবলৈ আমি কি ভাবে কাম আৰম্ভ কৰিব লাগিব।” কনফুচিয়াছে উত্তৰ দিলে— “আপোনালোক প্ৰজাৰ শাসক, দেশ খনৰ ভবিষ্যৎ আপোনালোকৰ কৰ্ম্মকুশলতাৰ ওপৰত নিৰ্ভৰ কৰিছে। গোটেই দেশখনেই এটা বৃহৎ পৰিয়াল আৰু এই পৰিয়ালটোৰ আপোনালোকেই, শাসকবৰ্গই মুৰব্বী বা কৰ্ত্তা। আপোনালোকৰ আচৰণৰ ওপৰতেই এই বৃহৎ পৰিয়ালটোৰ ঐক্য, সুখ-স্বাচ্ছন্দ্য, সমৃদ্ধি নিৰ্ভৰ কৰিছে। আপোনালোকে সকলোকে সমান চকুৰে চাব লাগিব। এতেকে আপোনালোকৰ [ ৬০ ] প্ৰথম কৰ্ত্তব্য হ’ল আপোনালোক নিজে নিজে সজ আৰু চৰিত্ৰবান হব লাগিব। সৰ্ব্বসাধাৰণক লাগে এনে যোগ্য শাসক যি দূৰদৰ্শিতাৰে দেশৰ কল্যাণ কামনা কৰিব পাৰে আৰু এনে যোগ্য শাসকক প্ৰজাই ঘৰৰ বৰমূৰীয়া ব্যক্তিৰ দৰে জ্ঞান কৰি অনুসৰণ কৰিব ইচ্ছা কৰে। যদি শাসক শ্ৰেণী দুৰ্নীতি-পৰায়ণ হয় তেন্তে প্ৰজা আৰু বেচি দুৰ্নীতি-পৰায়ণ হব। যদি শাসক ন্যায়পৰায়ণ আৰু কৰ্ত্তব্যৰত হয় তেন্তে প্ৰজাই বেয়া হবলৈ ভয় কৰিব আৰু ভাল হবলৈ চেষ্টা কৰিব। মনত ৰাখিব এবাৰ যদি সৰ্ব্বসাধাৰণে দুৰ্নীতি-পৰায়ণ হৈও শান্তি নাপায় বৰং দুৰ্নীতিলব্ধ সম্পদেৰে নিজৰ জীৱনত প্ৰতিস্থা লাভ কৰে, তেন্তে সেই দেশৰ উন্নতি অসম্ভব আৰু দুৰ্নীতিৰ পুলিপোখা উভালি মানুহৰ মনত নৈতিকতাৰ অঙ্কুৰ ৰোপণ পৰা বৰ টান কাম। বাঘত উঠিলে মানুহৰ নমা টান। এতিয়া হয়তো আপোনালোকে আকৌ সুধিব— ভাল কেনেকৈ হব পাৰি? তাৰ বাবে কি কৰিব লাগে? তাৰ উত্তৰত আপোনালোকক জনাও যে ভাল হবলৈ হলে প্ৰথম পাঠ হ’ল— আনৰ পৰা আপুনি যি আচৰণ আশা নকৰে তেনে আচৰণ আনকো কেতিয়াও নকৰিব। যদি আপোনালোকে দেশৰ মঙ্গল কামনা কৰে, যদি দেশবাসীক অনুগত, কৰ্ত্তব্যপৰায়ণ, ন্যায়বান, দেশপ্ৰেমিক আৰু নিৰ্ভীক কৰিব আশা কৰে, তেন্তে তাৰ জ্বলন্ত পটন্তৰ হব লাগিব আপোনালোকেই, ক্ষমতাত অধিস্থিত শাসকবৰ্গই। আপোনাসকলৰ আচৰণে আদৰ্শ নেদেখুৱাই যদি আনৰ পৰা ভাল আচৰণ [ ৬১ ] আশা কৰে তেন্তে আপোনালোক সফলকাম নহব। যদি আপোনালোকে মই কোৱামতে কৰে তেন্তে ইয়াৰ সুফল নিশ্চয় পাব।”

 কনফুচিয়াছৰ পৰা এনে নিৰ্দ্দেশ আৰু প্ৰেৰণা পাই তেওঁৰ বাণীকে সাৰোগত কৰি বিষয়াসকলে নিৰ্দিষ্ট কৰ্ত্তব্য পালনত আত্মনিয়োগ কৰিলে আৰু লগে লগে দেশৰ পৰিবেশ পৰিস্ফুট ভাৱে পৰিবৰ্ত্তন হবলৈ আৰম্ভ কৰিলে। অতি কম সময়ৰ ভিতৰতে লু প্ৰদেশৰ জনসাধাৰণৰ মনত এটা অপূৰ্ব্ব জাগৰণৰ জোৱাৰ উঠিল আৰু দেশৰ সৌষ্ঠৱ সমৃদ্ধি উত্তৰোত্তৰ ভাবে বৃদ্ধি পাবলৈ ধৰিলে।

 কনফুচিয়াছে লু প্ৰদেশৰ মন্ত্ৰীত্বপদ গ্ৰহণ কৰাৰ দুই বছৰ কাল পাৰ নৌহওঁতেই প্ৰায় সকলোবিলাক কাৰাগাৰ শূন্য হৈ পৰিল। ‘বিদ্যালয়বিলাক পূৰ্ণ কৰা, কাৰাগাৰবোৰ খালি হৈ পৰিব’ এই প্ৰবচনৰ সাৰ্থকতা কনফুচিয়াছে ৰাজনৈতিক জীৱনত পৰিষ্কাৰ ভাবে প্ৰতিপন্ন কৰিছিল। কনফুচিয়াছৰ আচনিমতে বিষয়াসকলে কাম কৰিবলৈ লাগি যোৱাত তেওঁৰ পৰিকল্পনাই বাস্তৱ ৰূপ পালে। মানুহৰ কুকৰ্ম্মৰ প্ৰবৃত্তি নিয়ন্ত্ৰিত হ’ল আৰু লগে লগে বিচাৰালয়ত গোচৰৰ সংখ্যা একেবাৰেই কমি গ’ল। মানুহ পৰস্পৰৰ প্ৰতি সহানুভূতিশীল হ’ল আৰু কাৰো বিৰুদ্ধে কোনোৱে গোচৰ উপস্থাপিত নকৰা হ’ল। এনে পৰিস্থিতিত আদালতবোৰত বিচাৰকসকলৰ কৰিব লগীয়া একো নাথাকিল। গোচৰৰ অভাবত উকীলবিলাকৰো [ ৬২ ] কাম নোহোৱা হ’ল। গোচৰেই নাই যেতিয়া উকীলসকলে কাৰ পক্ষলৈ ওকালতি কৰিব? কাৰাগাৰত কয়দী নোহোৱা হলত জেইলৰ বা কয়দী ৰক্ষকবিলাকৰো কৰিব লগীয়া একো নাথাকিল। মানুহে পৰৰ অপকাৰ নকৰা হলত গোচৰ নোহোৱা হ’ল। গোচৰ নোহোৱা হলত বিচাৰ আৰু বিচাৰত দোষীৰ দণ্ডবিধানো নোহোৱা হ’ল। গতিকে দোষী লোক নথকাত কাৰাগাৰ শূন্য হৈ পৰিল। চুৰি, ডকাইতি, শঠ প্ৰবঞ্চনা আদি দুকৰ্ম্ম লু প্ৰদেশত নোহোৱা হ’ল। মানুহ প্ৰকৃততে সৎ আৰু উপাৰ্জ্জনক্ষম হ’ল আৰু ভাল বেয়া, উচিত গৰ্হিত বিচাৰ কৰি চলিব পৰা জ্ঞান পালে। কনফুচিয়াছে পৰিকল্পনা কৰা মতে লু আদৰ্শ ৰাজ্যত পৰিণত হ’ল।

 গ্ৰীক দাৰ্শনিক প্লেটোৰ পৰিকল্পিত আদৰ্শ ৰাজ্যৰ লগত কনফুচিয়াছৰ আচনিৰ বহুত মিল আছে। কিন্তু কনফুচিয়াছৰ দৰে প্লেটোৱে ৰাজনৈতিক জীৱনত সক্ৰিয়ভাবে তেওঁৰ আচনিৰ কাৰ্য্যকাৰিতা পৰীক্ষা কৰি চাবলৈ সুযোগ নাপালে। প্লেটোৰ পৰিকল্পনা আদৰ্শ বা লক্ষ্য হিচাবেই থাকিল কিন্তু কনফুচিয়াছে নিজে দেশ শাসনৰ বাঘজৰী হাতত লৈ তেওঁৰ পৰিকল্পনাৰ বাস্তৱৰূপ দি আদৰ্শৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।

 প্ৰায় আঢ়ৈহাজাৰ বছৰৰ আগতে চীনদেশত কনফুচিয়াছে প্ৰবৰ্ত্তন কৰা সংস্কাৰবিলাকৰ ভিতৰত কিছুমান আজিৰ দিনত আচৰিত ভাবে আধুনিক যেন লাগে। তাৰ কিছুমান সঁচাকৈয়ে কুৰি শতিকাত প্ৰচলিত সামাজিক ভাবধাৰাতকৈ অধিক [ ৬৩ ] প্ৰগতিমূলক। সমস্বত্ববাদ, সমাজতন্ত্ৰ আদিৰ নিচিনা প্ৰগতিমূলক চিন্তাধাৰাকো যেন কনফুচিয়াছে আঢ়ৈ হাজাৰ বছৰৰ আগতে সক্ৰিয়ভাবে কামত লগাইছিল আৰু তাৰ ফল দেশবাসীয়ে ভোগ কৰিছিল। কনফুচিয়াছে সংস্থানহীন দুখীয়াসকলক ৰাষ্ট্ৰৰ পুজিৰ পৰা খুৱাইছিল আৰু বয়স অনুসৰি লৰা, ডেকা বুঢ়াৰ বিজ্ঞান-সম্মত বিভিন্ন আহাৰৰ ব্যবস্থা কৰিছিল। কৰ্ম্ম বিভাজনত সবল আৰু দুৰ্ব্বল সকলক শক্তি সামৰ্থ্য অনুযায়ী বিভিন্ন কামত নিয়োগ কৰিছিল। পণ্যদ্ৰব্যৰ মূল্য নিৰ্দ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰিছিল আৰু ৰাজ্যৰ ৰাজহ ভাঙি বেপাৰ বাণিজ্য উন্নতি কৰিছিল। দেশৰ পৰিবহন ব্যবস্থা উন্নত কৰিছিল। ৰাস্তা দলং আদি নিৰ্মাণ কৰিছিল আৰু পৰ্ব্বতীয়া অঞ্চলৰ বাটপথত লুটপাট কৰি ফুৰা দস্যুদল নিৰ্ম্মুল কৰিছিল। আঢ্যবন্ত বা আভিজাত্য-সম্পন্ন লোক সকলৰ ক্ষমতা খৰ্ব্ব কৰিছিল আৰু জনসাধাৰণক শোষণ আৰু দমনৰ পৰা মুক্ত কৰিছিল। আইনৰ চকুত সকলো সমান। এনে ধৰণৰ সংস্কাৰ সঁচাকৈ অতি আধুনিক আৰু ভাবিলে আচৰিত হব লাগে বুদ্ধিমত্ত ঋষি কনফুচিয়াছে কেনেকৈ অতি প্ৰাচীন কালতে এনে প্ৰগতিমূলক সংস্কাৰৰ পৰিকল্পনা কৰি তাক সক্ৰিয়ভাবে ব্যৱহাৰিক ৰাজনীতিত খটুৱাইছিল।

* * *

 এনেধৰণৰ সংস্কাৰমূলক নীতি জনধাৰণৰ মাজত অতি প্ৰিয় আৰু আদৰণীয় হৈ উঠিছিল কিন্তু স্বাৰ্থ-জড়িত ব্যক্তি আৰু [ ৬৪ ] অন্যান্য দাঁতিকাষৰীয়া ৰাজ্যৰ কৰ্ত্তাসকলৰ ওচৰত কনফুচিয়াছ শত্ৰু হিচাবে পৰিগণিত হৈছিল। অভিপ্ৰেত সংস্কাৰ প্ৰবৰ্ত্তনত বাধা প্ৰাপ্ত হলে কনফুচিয়াছে ৰাজ্যৰ অতি ক্ষমতাপন্ন ব্যক্তিকো ক্ষমা নকৰিছিল আৰু এই অপমানিত ক্ষমতাচ্যুত ব্যক্তিসকলে কনফুচিয়াছক ঈৰ্ষা আৰু ঘৃণা কৰিছিল আৰু কেনেকৈ কনফুচিয়াছৰ পতন আনয়ন কৰিব পাৰে তাৰে চিন্তা কৰিছিল। অবশেষত কনফুচিয়াছৰ পৰাজয় হৈছিল আৰু সিও নাটকীয় ভাবে ছী ৰাজ্যৰ পৰাই পাব লগীয়া হৈছিল। কনফুচিয়াছৰ প্ৰিয় ছাত্ৰ আৰু বন্ধু লু প্ৰদেশৰ ডিউকৰ লগত প্ৰথমবাৰ দেশ এৰি ছী ৰাজ্যতে আশ্ৰয় লব লগা হৈছিল আৰু শেষত সেই আশ্ৰয়দাতা ছী ৰাজ্যই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি ক্ষমতাচ্যুত কৰিবলৈ উঠি-পৰি লাগিছিল।

 লু প্ৰদেশৰ প্ৰগতিমূলক সংস্কাৰে ৰাজ্যৰ গৌৰৱ, প্ৰতিস্থা, সমৃদ্ধি আশাতীত ভাবে বঢ়াইছিল। তাকে দেখি ছী নগৰৰ ডিউকৰ মনত নানা আশঙ্কা আৰু উৎকণ্ঠা জাগিল। তেওঁৰ প্ৰজাবিলাকে যদি সংস্কাৰ দাবী কৰে তেতিয়া কেনেকৈ প্ৰতিহত কৰিব? নাইবা ক্ষমতাপন্ন লু ৰাজ্যই যদি তেওঁক তলতীয়া কৰিব ইচ্ছা কৰে তেতিয়া অসন্তুষ্ট প্ৰজাৰে কেনেকৈ সেই আক্ৰমণ ৰোধ কৰিব? অকল ছী ৰাজ্যই নহয়, লু ৰাজ্যৰ দাঁতিকাষৰীয়া সকলো ৰাজ্যই লু ৰাজ্যৰ ক্ৰমাগত শক্তি আৰু ঐশ্বৰ্য্য সমৃদ্ধিৰ বাবে নিজৰ নিৰাপত্তাৰ আশঙ্কাত আতঙ্কিত হৈ উঠিছিল।
[ ৬৫ ]  ইতিমধ্যে লু প্ৰদেশৰ শাসনকৰ্ত্তাৰ পৰলোক হ’ল আৰু নতুন ডিউকে ৰাজ্যভাৰ গ্ৰহণ কৰিলে। নতুন ডিউক টিং ডেকা মানুহ আছিল। টিঙে কনফুচিয়াছৰ জ্ঞান, অভিজ্ঞতা, সাধুতা আৰু দূৰদৰ্শিতাত মুগ্ধ হৈছিল আৰু ৰাজকাৰ্য্যৰ সকলো ক্ষেত্ৰতে তেওঁৰ পৰামৰ্শ লৈছিল আৰু তেওঁৰ উপদেশ মানি চলিছিল। ঈৰ্ষান্বিত আৰু শঙ্কা-আতুৰ দাঁতিকাষৰীয়া ৰাজ্যৰ শাসকসকলে চিন্তা কৰিব ধৰিলে কেনেকৈ নতুন ডেকা ডিউক টিঙক কনফুচিয়াছৰ প্ৰভাৱৰ পৰা আঁতৰত ৰাখিব পাৰি আৰু যাতে টিঙে কনফুচিয়াছৰ পৰামৰ্শ মতে নচলা হয় তাৰ উপায় চিন্তিবলৈ ধৰিলে। লু প্ৰদেশক আটায়ে হিংসাৰ চকুৰে চাব ধৰিলে আৰু তাৰ অৱস্থা কেনেকৈ শোচনীয় কৰিব পাৰি সেই চিন্তাত সকলো ব্যতিব্যস্ত হৈ পৰিল। সিহঁতে ভালকৈ বুজিছিল যে আগৰ ডিউকৰ শাসনকালৰ দৰে যেতিয়ালৈকে লু প্ৰদেশৰ শাসনৰ বাঘজৰী কনফুচিয়াছৰ হাতত থাকিব তেতিয়ালৈকে লু প্ৰদেশ দিনে দিনে উন্নত হৈ যাব আৰু অতি সোনকালে সমগ্ৰ চীনসাম্ৰাজ্যৰ ভিতৰতে ই অধিক শক্তিশালী আৰু সমৃদ্ধিশালী হৈ পৰিব। এতেকে লু প্ৰদেশৰ ক্ৰমোত্তৰ উন্নতিৰ পথত হেঙাৰ দিবলৈ হলে ডিউকক কনফুচিয়াছৰ প্ৰভাবৰ পৰা আঁতৰত ৰাখিব লাগিব। কনফুচিয়াছক লু দেশৰ পৰা আঁতৰাব পাৰিলে অতি সোনকালে তাক আগৰ অৱস্থালৈ ৰূপান্তৰিত কৰিব পৰা যাব। অবশেষত আটায়ে আলোচনা কৰি এটা উপায় উলিয়ালে। ডেকা ডিউক টিঙৰ মনত এতিয়াও [ ৬৬ ] কনফুচিয়াছৰ মহান আদৰ্শই স্থায়ীভাবে খোপনি পুতিব পৰা নাছিল। চেঙেলীয়া ডিউক টিঙ ইন্দ্ৰিয়ভোগ-বিলাসী আৰু অলসতা-প্ৰিয় আছিল। কনফুচিয়াছৰ মহান আদৰ্শ আৰু শিক্ষাৰ প্ৰভাৱত এই দুৰ্ব্বলতা দূৰ হোৱাৰ আগতে এই হিংসুক আৰু পৰশ্ৰীকাতৰ শাসকসকলে ডিউকৰ এই দুৰ্ব্বলতাৰ সুযোগ লবলৈ স্থিৰ কৰিলে।

 সিহঁতে ডিউকক ভোগবিলাসত মত্ত কৰি ৰাখিবলৈ আশীজনী ধুনীয়া গাভৰু ছোৱালী আৰু কেইটামান বছা বছা ঘোৰাদৌৰ জুৱাখেলৰ কৌশল-সম্পন্ন ঘোৰা লু প্ৰদেশৰ ডিউকলৈ উপহাৰ স্বৰূপে পঠিয়াই দিয়ে। সিহঁতৰ দৰবে গুণ ধৰিলে। ডিউকে এই হিংসুক শাসকসকলৰ অভিসন্ধি ভেদ কৰিবলৈ চেষ্টা নকৰি সৌহাৰ্দ্দ্য উপহাৰৰূপে সিহঁতৰ দান গ্ৰহণ কৰিলে আৰু উচ্চপদস্থ বিষয়া সকলৰ সৈতে ডিউকে ভোগবিলাসত গা ঢালি দিলে। ধুনীয়া নাচনী গাভৰুৰ ৰূপত মজি থাকি ডিউক আৰু ৰাজকৰ্ম্মচাৰী সকলে কৰ্ত্তব্য অবহেলা কৰিব ধৰিলে। এই উপহাৰ পোৱাৰ পিচৰ পৰাই ডিউকে হয় অন্তেষপুৰত আমোদ-প্ৰমোদত নাইবা দৌৰ পথাৰত ঘোৰাদৌৰ খেলি মত্ত হৈ পৰিল। কনফুচিয়াছৰ উপদেশ বা সতৰ্কবাণী লাহে লাহে অবমাননা কৰিব ধৰিলে। ডিউকক তেওঁৰ কৰ্ত্তব্য সোৱঁৰাই দিবলৈ কনফুচিয়াছ কেইবাবাৰো ৰাজপ্ৰাসাদলৈ গ’ল কিন্তু ডিউকক তেওঁ লগ ধৰিবই নোৱাৰা হ’ল। ডিউক ৰাজসভালৈ প্ৰায় নহাই হ’ল আৰু পাৰ্য্যমানে কনফুচিয়াছক এৰাই [ ৬৭ ] ফুৰিব ধৰিলে। অকল ডিউকেই নহয়, ৰাজসভাৰ দায়িত্বশীল পদত অধিস্থিত কৰ্ম্মচাৰীসকলেও সজীৱ মাংস-পুতলাবোৰৰ লগত খেলি থাকি ৰাজকাৰ্য্য সম্পূৰ্ণভাবে নেওচা দিলে। বিষবৃক্ষ স্বৰূপ উপহাৰৰ শিপা গোটই ৰাজধানীতে ভালকৈ শিপালে আৰু অলপ দিনৰ ভিতৰতে আদৰ্শৰাজ্য লু কলুষত পোত গ’ল। সমৃদ্ধিশালী লু প্ৰদেশ শ্ৰীহীন হৈ পৰিল। দেশ দুৰ্নীতিত উটি গ’ল। মানুহে বেয়া কাম কৰিবলৈ বেয়া নোপোৱা হ’ল। অপৰাধৰ সংখ্যা বাঢ়িল। আইন আদালতৰ প্ৰয়োজন বাঢ়িল আৰু কাৰাগাৰ কয়দীৰে ভৰি পৰিল। কনফুচিয়াছৰ নিৰ্ম্মিত আদৰ্শ ৰাজ্য অতীতৰ স্মৃতিত পৰিণত হ’ল।

 কনফুচিয়াছে অন্তৰত বৰ আঘাত পালে। তেওঁৰ হাতে গঢ়া দেশৰ শ্ৰী দুদিনতে লেৰেলি গ’ল। আটাইবোৰ সজ অনুস্থানতে কেৰোণ সোমাল আৰু সকলো চেষ্টা অথলে গ’ল। তেওঁৰ সজ বাণীত কোনোৱে কাণ নিদিয়া হ’ল। কনফুচিয়াছে লু দেশ ত্যাগ কৰিবলৈ স্থিৰ কৰিলে। তেওঁ আক্ষেপ কৰি কবলৈ ধৰিলে “মই যদি এজন শাসক পালোহেঁতেন যি মোৰ কথা মতে চলে আৰু মোৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখে, তেন্তে এতিয়াও মোৰ কল্পিত আদৰ্শৰাজ্যক বাস্তবত স্থায়ী ৰূপ দিব পাৰিলোহেঁতেন। মোৰ আদৰ্শৰাজ্যত মানুহৰ অজ্ঞতা, দৰিদ্ৰতা, অসন্তুষ্টি নাথাকে— মানুহ সৎ আৰু সত্যান্বেষী হয়।” কিন্তু কোনোৱে তেওঁৰ কথাত সঁহাৰি নিদিলে।
[ ৬৮ ]  ডিউক আৰু ৰাজবিষয়াৰ কৰ্ত্তব্য-বিমুখতাত তেওঁ বৰ বিৰক্ত হ’ল আৰু এই দেশ ত্যাগ কৰিবলৈ লোৱা সিদ্ধান্ত ডিউক জনালে। কনফুচিয়াছে লু প্ৰদেশ ত্যাগ কৰিব বুলি জনাজাত হোৱাত দাঁতিকাষৰীয়া ৰাজ্যৰ শাসকসকলে বৰ আনন্দ পালে। সিহঁতৰ ষড়যন্ত্ৰ ইমান সহজে ফলিয়াব বুলি সিহঁতে ভবা নাছিল। সিহঁতে লু প্ৰদেশৰ সম্পদ আৰু শক্তি সহ্য কৰিব নোৱাৰা হৈছিল আৰু এই সম্পদ, শক্তি আৰু শান্তিৰ শিল্পী কনফুচিয়াছক আঁতৰাবলৈহে সিহঁতৰ অপচেষ্টা আছিল।

 কনফুচিয়াছে লু প্ৰদেশ ত্যাগ কৰি স্বেচ্ছাকৃত নিৰ্বাসন-যাত্ৰা আৰম্ভ কৰিলে। যদিও লু প্ৰদেশৰ সম্পদ আৰু শক্তিত অসহিষ্ণু দলটোৱে তেওঁ দেশ এৰি যোৱাটোকে বাঞ্ছা কৰিছিল আনপিনে কনফুচিয়াছৰ গুণমুগ্ধ শিষ্যসকল শোকত ম্ৰিয়মান হৈছিল। তেওঁৰ লগতে তেওঁৰ অনুগত শিষ্যৰ বিৰাট দল এটাই সমদল যাত্ৰা আৰম্ভ কৰিলে। কনফুচিয়াছে বঢ়াই বুজাই কিছুমানক এৰিলে। তথাপিও এটা বিৰাট দল কনফুচিয়াছৰ লগ এৰি থাকিবলৈ মান্তি নহল। প্ৰজাৰ সুখ আৰু হিত কামনা কৰা কৰ্ত্তব্যপৰায়ণ ৰজা বিচাৰি কনফুচিয়াছে বাট ললে।

 শিষ্য আৰু অনুগত লোকসকলৰ সমদলেৰে কনফুচিয়াছ নিজ জন্মভূমি লু প্ৰদেশ ত্যাগ কৰি গুছি আহিল। জন্মভূমি ত্যাগ কৰিবলৈ তেওঁৰ অকণো ইচ্ছা নাছিল। যাও নাযাওকৈ [ ৬৯ ] অতি অনিচ্ছাৰে তেওঁ বাট ললে। বাটত ওলাইও কনফুচিয়াছে বাৰে বাৰে পিছলৈ উভতি চাইছিল কিজানি অনুতপ্ত হৈ ডিউকে তেওঁক ঘূৰাই নিবলৈ মানুহ পঠিয়াইছেই। কিন্তু কোনো দূত নাহিল। ভোগবিলাসত সাতুৰি নাদুৰি মত্ত হৈ থকা ডিউকৰ মনলৈ তেনে চিন্তা প্ৰবেশৰ পৰিবেশ অনুকুল নাছিল।

 দ্বিতীয়বাৰৰ বাবে কনফুচিয়াছে স্বেচ্ছাই নিৰ্ব্বাসন ললে। তেওঁ মাত্ৰ তিনি বছৰ লু প্ৰদেশত চাকৰি কৰিছিল আৰু এই তিনি বছৰৰ ভিতৰতে দেশত নতুন ৰূপ দিব পাৰিছিল। লু প্ৰদেশত যেতিয়া তেওঁৰ নিৰ্ম্মিত সুশাসনৰ সৌধ ভাঙি-চিঙি ভগ্নস্তুপত পৰিণত হ’ল আৰু তাৰ পুনৰ্নিৰ্ম্মাণৰ চেষ্টাত কোনোৱে সঁহাৰি নিদিয়া হ’ল তেতিয়া কনফুচিয়াছে তাত এলাগী হৈ লাগি থকাৰ প্ৰয়োজন নেদেখিলে। তেওঁ বিচাৰি ওলাল এনে এজন ৰজা বা শাসক যিজনে তেওঁৰ ৰাজ্য কনফুচিয়াছৰ তত্ত্বাবধানত এৰি দিব আৰু তাক আদৰ্শ ৰাজ্যত পৰিণত কৰিবলৈ প্ৰয়োজনীয় সকলো সংস্কাৰ প্ৰবৰ্ত্তনৰ ক্ষমতা আৰু দায়িত্ব তেওঁক অৰ্পণ কৰিব।

 নিজৰ দেশ এৰি সুদীৰ্ঘ পোন্ধৰ বছৰ কাল কনফুচিয়াছে চীনৰ ই প্ৰান্তৰ পৰা সি প্ৰান্তলৈ ৰাজ্যে ৰাজ্যে তেওঁৰ কামনাৰ বস্তু বিচাৰি ঘূৰি ফুৰিলে। দুখ কষ্ট, যাতনা আৰু হতাশা তেওঁৰ লগৰীয়া হ’ল কিন্তু তেওঁৰ আদৰ্শৰাজ্যৰ সপোন দিঠকত গঢ় দিবলৈ তেওঁ কতো সুযোগ নাপালে।

 এইদৰে ঘূৰি ফুৰোতে কনফুচিয়াছে কোনো কোনো ঠাইত [ ৭০ ] ৰাজকীয় অভ্যৰ্থনা আৰু সমাদৰ পাইছিল আৰু কোনো কোনো ঠাইত অবজ্ঞাও পাইছিল। তেওঁ সন্মান বা অভ্যৰ্থনা বিচাৰি ওলোৱা নাছিল। নিজৰ কাৰণে তেওঁক একো নালাগে। তেওঁ কাৰো অনুগ্ৰহ নিবিচাৰে আৰু কাৰো কোনো প্ৰকাৰ বন্ধনত থাকিব ইচ্ছা নকৰে। এখন ৰাজ্যৰ শাসনকৰ্ত্তাই প্ৰথমে তেওঁৰ প্ৰস্তাৱত মান্তি নহল অৰ্থাৎ তেওঁৰ ৰাজ্যখনৰ শাসন আৰু সংস্কাৰৰ দায়িত্ব কনফুচিয়াছৰ হাতত অৰ্পণ কৰিবলৈ মান্তি নহল। কিন্তু কনফুচিয়াছৰ দৰে ঋষিতুল্য মহান ব্যক্তি এজনে এনেদৰে যাতনা ভুগি ঘূৰি ফুৰাটো তেওঁ সহ্য কৰিবলৈ টান পালে। কনফুচিয়াছৰ দুখ কষ্ট দেখি তেওঁৰ বৰ বেয়া লাগিল আৰু তেওঁৰ ৰাজ্যৰ এখন নগৰৰ ৰাজহ কনফুচিয়াছ আৰু তেওঁৰ শিষ্যবৰ্গৰ ভৰণ-পোষণৰ বাবে দিবলৈ তেওঁ প্ৰস্তাৱ কৰিলে। কনফুচিয়াছে এই অনুদান প্ৰত্যাখ্যান কৰি সেই দয়ালু শাসক জনক এইদৰে জনাইছিল “শ্ৰেয়কামী জনে কামৰ বাবেহে পুৰস্কাৰ লব পাৰে। মই ডিউকক উপদেশ দিছিলোঁ, কিন্তু তেওঁ নামানিলে। আৰু এতিয়া অনুদান দি মোক অনুগ্ৰহ কৰিব বিচাৰিছে। তেওঁৰ বুদ্ধি-বৃত্তি নোহোৱা হৈছে। হুটা চাউলৰ ভাত খাই, পিয়াহত পানী খাই, আৰু মোৰ বাউসীকে গাৰু কৰি লৈও মই আনন্দত আছো। অন্যায় ভাবে পোৱা ধনদৌলত, মান যশস্য মোৰ কাৰণে ভাহি ফুৰা মেঘৰ দৰে।”

 সুখ দুখ, সম্পদ আপদ কনফুচিয়াছে সমভাবেই গ্ৰহণ [ ৭১ ] কৰিব পাৰিছিল। শ্ৰীমদ্ভগবদগীতাৰ ভাষাত তেওঁ আছিল স্থিতপ্ৰজ্ঞ। দুখতে তেওঁৰ মন উদ্বিগ্ন নহয় আৰু সুখতো বিগতস্পৃহ আছিল। হাজাৰ দুখৰ মাজতো তেওঁ কাতৰ নহৈছিল। এবাৰ কেইবাদিনো উপবাসে থকাত দুখতে আৰু খঙতে এজন শিষ্যই কনফুচিয়াছক সুধিলে, “শ্ৰেষ্ঠলোকে এনেদৰেই কষ্ট কৰিব লাগে নেকি?” কনফুচিয়াছে অতি শান্তভাবে উত্তৰ দিলে, “শ্ৰেষ্ঠলোকে এনেদৰে কষ্ট পাব লগা হব পাৰে। তথাপি শ্ৰেষ্ঠলোক শ্ৰেষ্ঠ হৈয়েই থাকে। সাধাৰণ মানুহে এনে পৰিস্থিতিত কিন্তু আত্মসংযম হেৰুৱায়।”

 আন এদিনাখন এইদৰে ঘূৰি ফুৰোতে কনফুচিয়াছ শিষ্যসকলৰ সৈতে এখন নদীৰ পাৰত ওলাল গৈ। নদীখন পাৰ হবলৈ কোনো সাঁকো বা দলং নেদেখি তেওঁলোকে ইপিনে সিপিনে পাৰ হবলৈ বাট বিচাৰি ঘূৰাঘূৰি কৰি আছিল। তেওঁলোকে নৈখন পাৰ হবই লাগে অথচ কোনো উপায় পোৱা নাই। ওচৰতে পথাৰত কাম কৰি থকা মানুহ এজন দেখি কনফুচিয়াছে ছুলু নামেৰে এজন শিষ্যক মাতি কলে “সেই কাম কৰি থকা মানুহজনক সুধি আহাছোন নৈখনৰ কোন পিনে সাঁকো বা পাৰ হোৱা নাও আছে। তেওঁ জানিবও পাৰে।”

 ছুলু ওচৰলৈ গৈ দেখে যে মানুহজন চেঙচু, সন্ন্যাসী হৈছে। সেই সময়ত চীনদেশত অসংখ্য সাধু সন্ন্যাসী আছিল। বহুত মানুহে স্বেচ্ছাচাৰী ডিউক আৰু মন্ত্ৰীসকলৰ দুৰ্নীতি আৰু [ ৭২ ] আপোনপেটা স্বভাৱৰ বাৰে বিৰক্ত হৈ দেশ এৰি হাবি জঙ্গলে কোনোমতে পেট প্ৰৱৰ্ত্তাই জীৱন নিয়াইছিল। চেঙচু এনে ধৰণৰ এজন সন্ন্যাসী আছিল।

 ছুলু ওচৰ চাপি অহাত চেঙচুৱে সুধিলে— আপুনি কোন?

 ছুৱে উত্তৰ দিলে— মোৰ নাম ছুলু।

 — আপুনি কনফুচিয়াছৰ শিষ্য নেকি?

 — এৰা। ছুলুৱে লাহেকৈ উত্তৰ দিলে।

 — ইখন দেশৰ পৰা সিখন দেশলৈ বাটকুৰি বাই কেৱল ঘূৰিফুৰা গুৰু এজনৰ শিষ্য হোৱাতকৈ আপুনি দেখোন সন্ন্যাসী হোৱাহে ভাল আছিল।

 ইয়াকে কৈ সন্ন্যাসীজনে ছুলুৰ ফালে পিঠি দি নিজৰ কামত লাগিল। কোন পিনে নৈখন পাৰ হব পৰা ব্যবস্থা আছে সেই সম্পৰ্কে ছুলুৱে কেইবা বাৰো প্ৰশ্ন কৰাতো কোনো জবাবকেই নিদিলে। হতাশ হৈ ছুলু উভতি আহি কনফুচিয়াছক সকলো নিবেদন কৰিলে।

 কনফুচিয়াছে শিষ্যসকলক কলে— “চেঙচুৱে ভুল কৰিছে। বেয়া দেখি পলাই আহিলেই বেয়া গুছি ভাল নহয়। যদি সকলো মানুহ সৎ আৰু সুখী হলহেতেন তেন্তে মানুহক সজ হবলৈ উপদেশ দি ফুৰিবলৈ মোৰ প্ৰয়োজন নাথাকিলহেতেন। কষ্টত পৰিলে বা কষ্টজনক পৰিস্থিতিৰ উদ্ভৱ হলে মানুহে তাৰ পৰা পলাই নহাটোৱেই কৰ্ত্তব্য। ভাল বুলি বিবেচনা কৰিও যদি কাৰ্য্যত সেইমতে কৰা নহয় তেন্তে তেনে [ ৭৩ ] আচৰণেই কাপুৰুষালি। সন্ন্যাসীৰ দেখিছো বহুত লগৰীয়া আছে।”

 কনফুচিয়াছৰ কথাখিনিৰ তাৎপৰ্য্য শিষ্যসকলে উপলব্ধি কৰিব পাৰিলে। সন্ন্যাসীৰ আভৰণ ললেই সন্ন্যাসী নহয়। ইন্দ্ৰিয় দমন আৰু জনগণৰ সেৱাৰ প্ৰচেষ্টা নাথাকিলে সন্ন্যাস জীৱনৰ জটিলতাৰ পৰা পলায়নপ্ৰবৃত্তিৰ প্ৰয়াস মাথোন হৈ পৰে। এই কৃত্ৰিম সন্ন্যাসীজনৰ মনোবৃত্তি আৰু কনফুচিয়াছৰ মহত্ব শিষ্যসকলে হৃদয়ঙ্গম কৰিলে।

 এদিনাখন কনফুচিয়াছে শিষ্যসকলৰ সৈতে টিয়ান চান পৰ্ব্বতৰ কাষে কাষে গৈ থাকোতে দেখিলে এগৰাকী তিৰোতা মানুহে এটা কবৰৰ ওচৰত শোকত কাতৰ হৈ দীঘল দি পৰি আছে। তিৰোতাজনীৰ অৱস্থা দেখি কনফুচিয়াছৰ বৰ দুখ লাগিল আৰু মানুহজনীৰ দুখৰ কাৰণ জানিবলৈ তেওঁৰ শিষ্যসকলৰ এজনক পাচিলে। শিষ্যজনে তিৰোতাজনীক সেইদৰে কবৰৰ ওচৰত শোকত বিহ্বলা হৈ পৰি থকাৰ কাৰণ সুধিলত মানুহজনী উচুপি উচুপি কবলৈ ধৰিলে— “মোৰ শহুৰক এই ঠাইতে বাঘে খাই মাৰিছিল। মোৰ স্বামীকো ইয়াতে বাঘে মাৰিছে আৰু পুত্ৰইও একেদৰে বাঘৰ হাততে প্ৰাণ এৰিলে।” তেতিয়া কনফুচিয়াছে সুধিলে— “তোমাৰ স্বামীৰ পিতা, স্বামী আৰু তোমাৰ পুত্ৰই ইয়াতে বাঘৰ হাতত প্ৰাণ দিলে। তুমি এই স্থান পৰিত্যাগ কৰি আন নিৰাপদ ঠাইলৈ গুছি নোযোৱা কিয়?”
[ ৭৪ ]  তিৰোতাজনীয়ে উত্তৰ দিলে,— “এই ঠাই এৰি যাবলৈ মন নাযায়। এই ৰাজ্যৰ শাসকসকল অত্যাচাৰী আৰু শোষণকাৰী নহয়। সেয়েহে সকলোকে হেৰুৱাইও এই ঠাই এৰি যাবলৈ মোৰ সত যোৱা নাই।”

 তিৰোতাজনীৰ উত্তৰ শুনি কনফুচিয়াছ মুগ্ধ হ’ল আৰু শিষ্যসকলক মনত ৰাখিবলৈ কলে— “বাছাহঁত, মনত ৰাখিবা, অত্যাচাৰী চৰকাৰ বাঘতকৈও বেচি ভয়ানক আৰু বেচি ভয় কৰিবলগীয়া বস্তু।”

 কনফুচিয়াছে অনুগত শিষ্যসকলৰ সৈতে অশেষ দুখ নিকাৰ ভুগি ই ৰাজ্যৰ পৰা সি ৰাজ্যলৈ পৰ্য্যটন কৰিলে এজন জ্ঞানী প্ৰজাৰঞ্জক শাসকৰ অন্বেষণত; কিন্তু নাপালে। কিন্তু এই ভ্ৰমণেই কনফুচিয়াছক অমৰ কৰিলে আৰু জগতে তেওঁৰ সঞ্চিত জ্ঞানৰ সঁফুৰা পালে। এইদৰে ভ্ৰমণ কৰোঁতে তেওঁৰ গুণমুগ্ধ শিষ্যসকলে কনফুচিয়াছে উচ্চাৰণ কৰা প্ৰত্যেকটো বাণী আপুৰুগীয়া সম্পত্তি হিচাপে সঞ্চয় কৰিছিল আৰু তেওঁৰ প্ৰত্যেকটো আচৰণকে ভক্তিভৰে অধ্যয়ন কৰি তাৎপৰ্য্য বুজিবলৈ চেষ্টা কৰিছিল। এই শিষ্যসকলৰ কাৰণেই আজি জগতবাসীয়ে মহৰ্ষি কনফুচিয়াছৰ জীৱনৰ ঘটনাবলী আৰু তেওঁৰ অমৰ বাণীসমূহ পাব পাৰিছে।

 বিদেশত এইদৰে কল্পিত আদৰ্শৰাজ্য বাস্তবত ৰূপ দিবলৈ সুযোগ বিচাৰি ঘূৰি থাকোঁতেই কনফুচিয়াছৰ ঘৈণীয়েক ঢুকায়। [ ৭৫ ] ইতিমধ্যে লু প্ৰদেশৰ যিজন ডিউকৰ অবহেলা আৰু অবজ্ঞাৰ বাবে কনফুচিয়াছে বিৰক্ত হৈ দেশ এৰি যাবলগীয়া হৈছিল সেইজন ডিউকৰো মৃত্যু হয়। সেই ডিউকৰ পুতেক নতুন ডিউক বিদ্যানুৰাগী আৰু দুৰদৰ্শী লোক আছিল। তেওঁৰ তলত কাম কৰা এজন কৃতবিদ্য সৈন্যাধিনায়কে সমৰকৌশলৰ শিক্ষা কনফুচিয়াছৰ পৰাই পাইছিল আৰু কনফুচিয়াছক এই সেনাপতি জনে বৰ ভক্তি কৰিছিল। ইমানদিনে এই সেনাপতিজনে তেওঁৰ গুৰুক পুনৰ নিজ দেশলৈ ঘূৰাই আনিবৰ চেষ্টা কৰিব পৰা নাছিল কাৰণ আগৰ জনা ডিউকৰ প্ৰতি কনফুচিয়াছ মুঠেই সদয় নাছিল। নতুন ডিউক ক্ষমতাত অধিষ্ঠিত হ’লত এই সেনাপতিজনে কনফুচিয়াছক পুনৰ ফিৰাই আনি আগৰ পদত অধিষ্ঠিত কৰিবলৈ উঠিপৰি লাগিল। তেওঁ সদায় কনফুচিয়াছৰ জ্ঞান, বিদ্যাবুদ্ধি আৰু মহত্ব সম্পৰ্কে ডিউকক কবলৈ ধৰিলে আৰু এই মহৎ ব্যক্তিজনৰ পৰামৰ্শত দেশখন পুনৰ সমৃদ্ধিশালী কৰিবলৈ খাটনি ধৰিলে।

 ডেকা ডিউকেও কনফুচিয়াছৰ গুণ-গৰিমা জানিছিল আৰু তেওঁৰ মন্ত্ৰীত্বত লু প্ৰদেশৰ সম্পদ আৰু শক্তি সম্বন্ধেও অবগত আছিল। তেওঁ কনফুচিয়াছক নিজদেশলৈ আহি পুনৰ লু প্ৰদেশৰ শাসন ভাৰ লবলৈ প্ৰাৰ্থনা কৰি মানুহ পঠালে। অৱশেষত ১৫ বছৰ বিদেশত নানা কষ্টৰ মাজেদি ভ্ৰমণ কৰি কটাই কনফুচিয়াছে জন্মভূমি লু প্ৰদেশলৈ উভতি আহিল আৰু পুনৰ লু প্ৰদেশৰ ভাগ্য-নিয়ন্ত্ৰণৰ দায়িত্ব ললে।
[ ৭৬ ]  কনফুচিয়াছ স্বদেশলৈ প্ৰত্যাৱৰ্ত্তন কৰা সময়ত তেওঁৰ বয়স সত্তৰ বছৰৰ ওচৰাওচৰি। পোন্ধৰ বছৰীয়া সুদীৰ্ঘ ভ্ৰমণৰ দুখ-কষ্ট আৰু কঠোৰতাই তেওঁৰ আয়ুস কমাই নি আৰু বেচি বুঢ়া কৰিলে। লু প্ৰদেশ এৰি যোৱাৰ সময়ত তেওঁৰ যি উদ্যম, উৎসাহ আৰু শক্তি আছিল এতিয়া সি আৰু নাই। কনফুচিয়াছে লু প্ৰদেশৰ প্ৰধান মন্ত্ৰীত্বৰ দায়িত্ব ললে কিন্তু বাৰ্দ্ধক্যৰ কাৰণে ৰাজনীতিৰ কৰ্ম্মব্যস্ত জীৱনৰ পৰা প্ৰায় অবসৰ লৈ শান্তিৰে জীৱনৰ বাকীছোৱা কাল অধ্যয়ন কৰি কটাবলৈ স্থিৰ কৰিলে। লু প্ৰদেশলৈ অহাৰ পিচত তেওঁৰ জীৱন-বন্তি মাত্ৰ পাঁচবছৰৰ বাবেহে প্ৰদীপিত আছিল আৰু এই সময় ছোৱা কনফুচিয়াছে সাহিত্য, সঙ্গীত, ইতিহাস চৰ্চ্চা কৰি আৰু তেওঁৰ পদ প্ৰান্তত বহি থকা শিষ্যসকলক শিক্ষা দি কটালে। কনফুচিয়াছৰ জীৱনৰ বোধহয় এই পাঁচোটা বছৰেই আটাইতকৈ মূল্যবান সময় আৰু এই পাঁচবছৰৰ ভিতৰত জগতবাসীক তেওঁ যি দান দি গ’ল সি অমূল্য। জীৱনৰ বহুমুখী অভিজ্ঞতা সংগ্ৰহ কৰি শিষ্যসকলক দিয়া উপদেশ আৰু শিক্ষা শিষ্যসকলে লিপিবদ্ধ কৰিছিল আৰু বহুকাল ধৰি চীনৰ সাংস্কৃতিক জীৱন এই শিক্ষাই নিয়ন্ত্ৰিত কৰিছিল। এই কালছোৱাতে কনফুচিয়াছে চুন চিউ কিং বা বসন্ত আৰু শৰৎ নামদি লু প্ৰদেশৰ ২৪২ বছৰৰ এখন ইতিহাস লিখে আৰু চীনদেশৰ কবিতাৱলী লিপিবদ্ধ কৰে। চুন চিউ কিং নামৰ ইতিহাস খনেই কনফুচিয়াছৰ মৌলিক ৰচনা। এই ইতিহাস সম্বন্ধে [ ৭৭ ] কনফুচিয়াছে নিজেই কৈছিল যে মানুহে তেওঁক এই ইতিহাস খনৰ কাৰণেই জানিব আৰু এই ইতিহাসখনৰ কাৰণেই মানুহে তেওঁক নিন্দা কৰিব। এই ইতিহাসখন চীনদেশৰ সুদীৰ্ঘ কাল এছোৱাৰ দুখ দৈন্য আৰু নিৰ্য্যাতনৰ কৰুণ কাহিনী। যদি কনফুচিয়াছক আৰু তেওঁৰ ব্যক্তিত্ব অন্য উপায়েৰে জানিব পৰা নগলহেতেন আৰু যদি এই ইতিহাস খনৰ ভিত্তিতে মাত্ৰ তেওঁক বিচাৰ কৰা গলহেতেন তেন্তে সঁচাকৈয়ে কনফুচিয়াছক জগতে নিন্দাহে কৰিলেহেতেন। যদিও এই পুথিখন চীনৰ প্ৰাচীন সাহিত্যৰ আপুৰুগীয়া বিভূতি— ই ইতিহাস হিচাপে মূল্যহীন। কনফুচিয়াছৰ মহত্ব তেওঁৰ ৰচিত পুথি চুন চিউ কিঙৰে বিচাৰ কৰিব নোৱাৰি। তেওঁৰ মহত্ব বিচাৰ কৰিব লাগে চীনদেশৰ ওপৰত বিস্তাৰ কৰা তেওঁৰ প্ৰভাৱৰ দ্বাৰাহে। যুগ যুগ ধৰি কনফুচিয়াছৰ আবিৰ্ভাবৰ পৰা আজিলৈকে চীনদেশত কনফুচিয়াছৰ প্ৰভাৱ অপ্ৰত্যাহত হৈ আছে।

 কনফুচিয়াছে আশা কৰিছিল যে তেওঁৰ পুথিৰ জৰিয়তে তেওঁৰ আদৰ্শ আৰু চিন্তাধাৰা সমগ্ৰ চীনতে জনাজাত হব আৰু তেওঁৰ অবৰ্ত্তমানেও শিষ্যসকলে এই পুথিকে আশ্ৰয় কৰি তেওঁৰ শিক্ষা প্ৰচাৰ কৰিব পাৰিব। শিষ্যসকলৰ ভিতৰত কেইগৰাকী মান অতি তীক্ষ্ণবুদ্ধিৰ লোক আছিল আৰু তেওঁলোকৰ লগত নানা সমস্যাৰ আলোচনা কৰি দিনৰ ভালেখিনি সময় কটাইছিল। কনফুচিয়াছ প্ৰধানতঃ আছিল এজন শিক্ষক আৰু তেওঁ শিক্ষাৰ মাজেদি প্ৰচাৰ কৰিছিল তেওঁৰ ৰাজনৈতিক মতবাদ [ ৭৮ ] আৰু নৈতিক আদৰ্শ। ঐতিহ্যক তেওঁ বৰ আদৰ কৰিছিল আৰু প্ৰাচীন ৰীতি-নীতি, ধৰ্ম্ম, সমাজ-ব্যৱস্থা কোনোটোকে উলাই নকৰিছিল। বৰং তেওঁ সেই আটাইবোৰকে অধ্যয়ন কৰি তাৰ যৌক্তিকতা বিচাৰ কৰিছিল আৰু নতুন ৰূপত সজাই পৰাই প্ৰচাৰ কৰিছিল। গ্ৰীচ দেশৰ ছোফিষ্ট সকল আৰু চক্ৰেটিছৰ দৰে ওচৰলৈ শিক্ষালাভ কৰিবলৈ অহা সকলো লোককে তেওঁ শিক্ষা দিছিল। ছোফিষ্ট সকলৰ দৰে শিক্ষাদানৰ বাবে তেওঁ পাৰিশ্ৰমিকো গ্ৰহণ কৰিছিল। শিক্ষাদান কাৰ্য্যটোক কনফুচিয়াছে এটা পুণ্যব্ৰত হিচাবে লৈছিল আৰু ৰাজ্যৰ হিত-চিন্তা কৰিব পৰা কেইজনমান লোক উপযুক্ত শিক্ষা দি গঢ়ি তোলাটোৱেই তেওঁৰ শিক্ষাদানৰ উদ্দেশ্য আছিল।

 অকল ৰাজনৈতিক সমস্যাই নহয়, শিক্ষা, শিক্ষাৰ প্ৰয়োজন, জ্ঞান আদি বিষয় আলোচনা কৰিও কনফুচিয়াছে বৰ আমোদ পাইছিল। জগতত প্ৰকৃত জ্ঞানেই আছিল তেওঁৰ মতে উৎকৃষ্ট সম্পদ।

 এদিন এজন শিষ্যই তেওঁক সুধিছিল— “পঢ়াশুনা কৰা সকলোৰে কাৰণে উপকাৰী নে? ই সকলোৰে কামত আহেনে?”

 কনফুচিয়াছে উত্তৰ দিছিল— “তিনি বছৰ কাল মাত্ৰ অধ্যয়ন কৰি কোনো উপকাৰ পোৱা নাই এনে লোক তুমি জগতত বিচাৰি নোপোৱা।”

 আন এজন শিষ্যই সুধিলে— “মানুহে সকলো সময়তে আৰু যি কোনো বয়সতে শিক্ষালাভ কৰি উপকৃত হব পাৰেনে?”
[ ৭৯ ]  কনফুচিয়াছ— এৰা, মানুহে সকলো সময়তে শিক্ষা লাভ কৰিব পাৰে। কিন্তু বয়স কম থাকোতেই শিক্ষালাভ কৰিলে অধিক ফলবতী হয়। শিক্ষা চৰিত্ৰ-গঠনৰ উপায় আৰু কম বয়সতে শিক্ষালাভ কৰি মানুহে অধিককাল সৎ চৰিত্ৰবান হৈ জীৱন নিয়াব পাৰে।

 শিষ্য— কোনো মানুহক সকলো ওচৰচুবুৰীয়াই ভালপোৱা ভালনে?

 কনফুচিয়াছ— ভাল নহয়।

 শিষ্য— তেন্তে কোনো মানুহক সকলো ওচৰচুবুৰিয়াই ঘিণ কৰা ভালনে?

 কনফুচিয়াছ— সিও ভাল নহয়। যদি এজন মানুহক ওচৰ-চুবুৰিয়াৰ ভাল মানুহ খিনিয়ে ভাল পায় আৰু বেয়া মানুহ খিনিয়ে ঘিণ কৰে তেহে ভাল।

 শিষ্য— কোনো মানুহে দোষ কৰিলে তাৰ বেয়া কামৰ পৰিশোধ ভাল কামেৰে কৰা ভাল বা উচিত নে?

 কনফুচিয়াছ— কেতিয়াও ভাল নহয়। তুমি যদি বেয়া কামৰ প্ৰতিদান ভাল কামেৰে দিয়া তেন্তে ভাল কামৰ প্ৰতিদান কিহেৰে দিবা? ভাল কামৰ প্ৰতিদান ভাল কামেৰে দিবা আৰু দোষীজনক দণ্ডবিধান কৰিবা। দোষৰ দণ্ডই সমুচিত প্ৰতিদান।

 মানুহে সমাজত কিদৰে জীৱন যাপন কৰিব লাগে, কি শিক্ষা আহৰণ কৰিব লাগে, সংসাৰত সৎ হবলৈ কি কৰিব [ ৮০ ] লাগে— এনে ধৰণৰ প্ৰশ্নৰ সম্যক উত্তৰ কনফুচিয়াছৰ সদায় জিভাৰ আগতে আছিল। এনে ধৰণৰ সমস্যাৰ আলোচনাত তেওঁৰ সমিধান স্পষ্ট আৰু দৃঢ় আছিল আৰু তাৰ বাবে তেওঁৰ বিশেষ চিন্তা কৰিবৰ প্ৰয়োজন নাছিল। কনফুচিয়াছৰ গোটেই জীৱনটোৱেই এই ধৰণৰ প্ৰশ্নসমূহৰ মূৰ্ত্ত আৰু জ্বলন্ত উত্তৰ আছিল। কিন্তু আনুস্থানিক ধৰ্ম্ম, ক্ৰিয়াকাণ্ড, ঈশ্বৰ, স্বৰ্গ, নৰক, পূৰ্ব্বজন্ম, পৰজন্ম, জন্মান্তৰ ইত্যাদি ধৰণৰ বিষয়বোৰৰ আলোচনাত তেওঁৰ বৰ উৎসাহ নাছিল আৰু এনে বিষয়ৰ প্ৰশ্নৰ তেওঁ পোনপটীয়া উত্তৰ নিদিছিল।

 এদিন এজন শিষ্যই কনফুচিয়াছক মৃত্যুৰ পিচত আকৌ জীৱৰ জন্ম হয় নেকি সুধিছিল। তাৰ উত্তৰত কনফুচিয়াছে কৈছিল— “এই জীৱনৰ কথাই আমি জানিব পৰা নাই, মৃত্যুৰ পিচৰ কথা কেনেকৈ জানিবা?” ইয়াৰ বেছি তেওঁ একো নকৈছিল।

 এজন শিষ্যই এদিন কনফুচিয়াছক সুধিছিল— “প্ৰভু আপুনি কবিতাৰ আলোচনা প্ৰসঙ্গত সদায় প্ৰেমৰ কথা কয়। প্ৰেম কি বস্তু?” কনফুচিয়াছে কৈছিল— “সমগ্ৰ মনুষ্যজাতিক ভালপোৱাই প্ৰেম।” শিষ্যজনে অলপ বহলাই ভালকৈ বুজাই দিবলৈ কোৱাত কনফুচিয়াছে কৈছিল, “কাম্যবস্তু পোৱাতকৈ কাম্যবস্তু পাবৰ কাৰণে কৰা প্ৰচেষ্টাক বেছি প্ৰেয় বুলি ধৰি লোৱাই প্ৰেম। কোনো এটা বস্তু পাবলৈ কৰা কামত আনন্দ আছে কিন্তু যি আনন্দ শেষত পাব লগা বস্তুৰ কাৰণে বা লক্ষ্যত [ ৮১ ] উপনীত হোৱাৰ কাৰণে নহয়, যি আনন্দ কেৱল কাম কৰাৰ কাৰণেই পোৱা যায় সেই আনন্দই প্ৰেম। এই জীৱনতেই হওক বা ইয়াৰ পিচৰ জন্মতেই ফল পাবা বুলি যদি কাম কৰা তেন্তে সেই কামৰ কাৰণে পোৱা আনন্দ প্ৰেম নহয়। ভাল কাম ভাল বুলি কৰাৰ কাৰণেই যি আনন্দ সেই আনন্দই প্ৰেম। প্ৰেমেই প্ৰেমৰ ফল। প্ৰেমেই প্ৰেমৰ লক্ষ্য, ই আন কিবা পোৱাৰ সহায়ক বা উপায় নহয়। প্ৰেমে সকলো বস্তুকে সুন্দৰ কৰি তোলে। প্ৰেমেই শান্তি আনয়ন কৰে। য’ত প্ৰেমৰ অস্তিত্ব সন্দিহান হৈ উঠে তেনেকুৱা পৰিস্থিতিত সৈন্যবাহিনী প্ৰচণ্ড প্ৰতাপৰ আগতো সেও নহব। বাছাহঁত, এই কথা সদায় মনত ৰাখিবা।”

 অলপ সময় টলকামাৰি ভাবি আকৌ কলে— “যাৰ হিয়াত প্ৰেমৰ সঞ্চাৰ হৈছে সি কেতিয়াও বেয়া কাম কৰিব নোৱাৰে।”

 কনফুচিয়াছৰ বয়স ক্ৰমে ভাটি দি আহিল। বুঢ়াকালতো তেওঁ আৰম্ভ কৰা পুথি কেইখন সমাপ্ত কৰিবলৈ যথেষ্ট খাটিব লগা হৈছিল আৰু সেই কামতে সম্পূৰ্ণকৈ আত্মনিয়োগ কৰিছিল। তাৰ মাজতো চীনদেশৰ দাৰিদ্ৰ আৰু দৈন্যই তেওঁৰ মনত বৰ কষ্ট দিছিল। কনফুচিয়াছৰ সত্তৰ বছৰ পুৰ হোৱাৰ লগে লগেই তেওঁৰ পুতেক লে মৃত্যুমুখত পৰে। বিদেশত ভ্ৰমি থাকোঁতেই ঘৈণীয়েক ঢুকায়। পুতেকৰ শোক পাহৰিবলৈ নৌ পাওঁতেই তেওঁৰ অতি প্ৰিয় শিষ্য এজনেও ইহধাম ত্যাগ কৰে। [ ৮২ ] এনে ওপৰা-উপৰিকৈ হোৱা সাংসাৰিক দুৰ্যোগেও তেওঁৰ অন্তৰত আঘাত দিছিল।

 লেৰ কেইহ্ নামে এটি লৰা আছিল। কেইহ্ বহুত বিষয়ত ককাদেউতাক কনফুচিয়াছৰ লগত মিলিছিল। কেইহ্ সদায় কনফুচিয়াছৰ লগত থাকিছিল আৰু তেওঁৰ ওচৰত পঢ়া-শুনা কৰিছিল। নাতিয়েকক লগত ৰাখি পঢ়াই শুনাই কনফুচিয়াছে আনন্দ পাইছিল।

 এদিনাখন বুঢ়া কনফুচিয়াছে চুন চিউ কিং বা ‘বসন্ত আৰু শৰৎ’ বোলা ইতিহাসৰ কিতাপখন লিখাত ব্যস্ত আছিল। কেইহ্ মনে মনে সেই কোঠাটোলৈ সোমাই আহিল আৰু যাতে বুঢ়াৰ কামত ব্যাঘাত নঘটে তালৈ লক্ষ্য ৰাখি সাৰিসুৰা নোহোৱাকৈ ৰৈ থাকিল। কনফুচিয়াছে মূৰ নদঙাকৈ কিছু সময় কাম কৰি থাকি মাজতে এবাৰ ৰ’ল আৰু এটা দীঘল হুমুনিয়াহ পেলালে।

 কেইহ্ তেতিয়া অতি সন্তৰ্পণে কনফুচিয়াছৰ ওচৰলৈ গৈ সুধিলে— “ককাদেউতা, আপুনি কিয় বেজাৰ মনেৰে হুমুনিয়াহ পেলাই থাকে? আপোনাৰ সতি সন্ততি বিলাক অপদাৰ্থ হোৱা বাবেই নেকি? নে আপুনি সম্মান আৰু শ্ৰদ্ধা কৰি থকা আপোনাৰ আগেয়ে যিসকল মহান ব্যক্তিয়ে জন্মলাভ কৰি জগতত অমৰ হৈ গৈছে সেইসকলৰ তুলনাত আপোনাক নিজকে নিজে বৰ সৰু সৰু লাগিছে?”

 কথা কেইষাৰ শুনি কনফুচিয়াছ আসনৰ পৰা উঠিল আৰু [ ৮৩ ] অলপ আচৰিত হোৱাৰ দৰে হৈ নাতিয়েকৰ ওচৰলৈ আহি মৰমেৰে পিঠিত হাত বুলাই সুধিলে— “বাছা, মোৰ অন্তৰৰ কথা তই কেনেকৈ জানিলি?”

 কেইহে উত্তৰ দিলে— “কেলৈ, আপুনি দেখোন প্ৰায়েই কোৱা শুনো যে যেতিয়া বাপেকে হাবি জঙ্গল কাটি কাঠ উলিয়াই ফালি ছিৰি ধৰি ঠিকঠাক কৰি থয় তেতিয়া যদি পুতেকে সেই বোজাটোও কঢ়িয়াই নিব নোৱাৰে তেন্তে নিশ্চয় সেই পুতেক অপদাৰ্থ। আপুনি কোৱা এই কথাফাঁকি সদায় মোৰ মনত বাজি থাকে আৰু মোৰ অন্তৰত এটা ভয় হৈছে জানোচা আপোনাৰ অসম্পন্ন কামখিনিৰ ভাৰ বহন কৰিবলৈ অক্ষম হৈ আপোনাৰ অপদাৰ্থ সন্ততি বুলি প্ৰমাণিত কৰো।”

 নাতিয়েকৰ কথাখিনি শুনি কনফুচিয়াছে বৰ আনন্দ পালে আৰু এটা তৃপ্তিৰ হাঁহি মাৰি কলে “বাছা, মোৰ অন্তৰত এতিয়া কোনো বেজাৰ বা আশঙ্কা নাই। মোৰ শিকোৱা কথাবোৰ বাকৰণিত নপৰে। মোৰ শিক্ষা বাচি থাকিব আৰু সময়ত ঠন ধৰি উঠিব।”

 নাতিয়েক কেইহৰ পিঠিত থপৰিয়াই মৰম কনফুচিয়াছ আকৌ তেওঁৰ লিখা ঠাইত বহিল গৈ। অলপ সময় ভাবি থাকি কেইহকে তেওঁৰ ওচৰত বহিবলৈ মাতিলে। কেইহ তেওঁৰ ওচৰত বহিল। কনফুচিয়াছে লাহে লাহে নাতিয়েকক কব ধৰিলে— “বাছা, প্ৰত্যেক নগৰতে মোৰ নিচিনা বুদ্ধিবৃত্তি থকা ঢেৰ মানুহ আছে। কিন্তু মোক কোনো এটা বিষয়ে [ ৮৪ ] কিবা সুধিলে মই সেই বিষয়টো পৰিষ্কাৰকৈ নুবুজালৈকে সেই বিষয়ে সকলো আঁতিগুৰি মাৰি বিশ্লেষণ কৰোঁ। মোৰ নিচিনা জ্ঞানী মানুহো বহুত আছে কিন্তু বহুতৰে শিক্ষাৰ প্ৰতি আগ্ৰহ নাই আৰু কমৰেহে শিক্ষাৰ প্ৰতি আসক্তি আছে।”

 “বাৰু কচোন, এজন মানুহক কেতিয়া ধনুৰ্বিদ্যাত পাৰ্গত বুলিব পাৰি?” কথাখিনি কৈ অঁতাই কনফুচিয়াছে এই প্ৰশ্নটো কৰি নাতিয়েকৰ মুখলৈ চালে।

 কেইহে উত্তৰ দিলে “যেতিয়া মানুহটোৰ লক্ষ্য স্থিৰ হয় বা হাত ঠিক হয়।”

 “শিক্ষা সম্পৰ্কেও সেই একেই কথা।” কনফুচিয়াছে কবলৈ ধৰিলে। “লক্ষ্যবস্তুটো ভেদ কৰিব পাৰিলেনে নাই ধনুৰ্বিদ্যাৰ পাৰ্গতালিত সি আচল কথা নহয়। আচল কথা হ’ল তাৰ লক্ষ্য স্থিৰ হৈছে নে নাই। সেইদৰে মানুহৰ শিক্ষা সম্পৰ্কেও সজ আচৰণ, সাধুতা, সম্যক জ্ঞান যাৰ লক্ষ্যত আছে আৰু যাৰ লক্ষ্য এই কথা কেইটাৰ প্ৰতি স্থিৰ হৈছে তাকেইহে শিক্ষা পোৱা বুলিব লাগে। শিক্ষা অনুশীলন কৰা কালত অতি সদায় বৰ্জ্জনীয়। গন্তব্য স্থানলৈ যাব নোৱাৰাটো বেয়া। আনপিনে আকৌ গন্তব্যস্থান অতিক্ৰম কৰি যোৱাটোও ভাল নহয়। যি সকল দুইপিনৰে অতিমাত্ৰা বৰ্জ্জন কৰি মধ্যপন্থা অবলম্বন কৰে তেওঁলোকহে প্ৰকৃত শিক্ষা পাইছে।”

 কেইহে প্ৰশ্ন কৰিলে— “কিন্তু এজন মানুহে যিমানখিনি পৰ্য্যন্ত যাব লাগে সেইখিনিহে গৈছে, তাতকৈ বেচি যোৱা [ ৮৫ ] নাই তাক কেনেকৈ জানিব? মানুহে সৎজীৱন যাপন কৰিবলৈ কি কৰিব লাগে?”

 কনফুচিয়াছে উত্তৰ দিলে— “ন্যায়পৰায়ণ হবি, পোৱা বস্তুত সন্তুষ্ট থাকিবি, সকলোকে ভাল পাবলৈ শিকিবি, প্ৰেমৰ অনুশীলন কৰিবি, কলাবিদ্যাৰ চৰ্চ্চা কৰিবি। এইমতে চলিলে মানুহে সৎজীৱন নিয়াৰ পাৰে। এয়ে সজ-জীৱনৰ উপায়।”

 যদিও কেইহে পঢ়াশুনা যথেষ্ট কৰিছিল তথাপি বুঢ়া ককাদেউতাকৰ কথাখিনি লগে লগে ভালকৈ বুজি নাপালে আৰু বুজিবলৈ চেষ্টা কৰি লাহে লাহে আবৃত্তি কৰিবলৈ ধৰিলে— ন্যায়পৰায়ণতা, সন্তুষ্টি, প্ৰেম, কলাবিদ্যাৰ চৰ্চ্চা।

 কেইহে বাৰে বাৰে আবৃত্তি কৰি থকা দেখি কনফুচিয়াছে কলে— “এৰা এই কথাকেইটা দকৈ চিন্তা কৰিবি। বাছা, এতিয়া যা, মই অলপ কাম কৰো।” কেইহ সেই কথাকেইটা আওৰাই আওৰাই ওলাই গ’ল আৰু বুঢ়া লিখাত লাগিল।

 কনফুচিয়াছে কিন্তু আৰু সৰহদিন কাম কৰিব নাপালে। খৃঃ পূঃ ৪৭৮ চনত দাৰ্শনিক, শিক্ষক, ৰাজনীতিজ্ঞ আৰু ঋষি কনফুচিয়াছে ৭৩ বছৰ বয়সত ইহলীলা সম্বৰণ কৰিলে।

 কনফুচিয়াছৰ মৃত্যুৰ বাতৰি গোটই চীনসাম্ৰাজ্যতে বিষাদৰ ছাঁ পেলালে। যিবিলাক ৰজা বা শাসকসকলে জীবিত কালত কনফুচিয়াছৰ অনুৰোধ, উপদেশ উপেক্ষা কৰি অবজ্ঞা কৰিছিল সেই সকলেও এই মহৰ্ষিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি দিবলৈ লু ভৰি পৰিল। কনফুচিয়াছৰ মৃত্যুত শিষ্যসকলে সুদীৰ্ঘ তিনিবছৰ [ ৮৬ ] অশৌচ পালন কৰিছিল। অনুগত শিষ্যসকলৰ কিছুমানে কনফুচিয়াছৰ কবৰৰ ওচৰতে সৰু সৰু পঁজা সাজি লৈ কনফুচিয়াহৰ বাণী লিপিবদ্ধ কৰিছিল আৰু গুৰুৰ পৰা পোৱা শিক্ষা চৰ্চ্চা কৰি লোকক অধ্যাপনা কৰি দিন নিয়াইছিল।

 মহামতি কনফুচিয়াছে প্ৰায় আঢ়ৈহাজাৰ বছৰৰ আগতে এই জগতৰ পৰা মেলানি মাগিলে। কিন্তু অশৰীৰী কনফুচিয়াছ যুগ যুগ ধৰি চীনদেশৰ ঘৰে ঘৰে সজীৱ হৈ আছে। চীনৰ সাংস্কৃতিক জীৱনৰ মূলত ব্যৱহাৰিক দৃষ্টিভঙ্গীৰ যি বীজ কনফুচিয়াছে ৰোপণ কৰিছিল সি অঙ্কুৰিত হৈ মহাবৃক্ষত পৰিণত হৈছে আৰু চীনৰ সাহিত্য, সমাজ, দৰ্শন, ধৰ্ম্ম, নৈতিকতা, শিল্প, ভাস্কৰ্য্য সকলোকে এই মহাবৃক্ষৰ শীতল ছাঁই আবৰি পেলাইছে। কনফুচিয়াছে প্ৰবৰ্ত্তন কৰা ব্যৱহাৰিক দৃষ্টি চীনৰ জনসাধাৰণৰ জীৱনগতিৰ নিয়ামক হিচাবেই প্ৰভাব বিস্তাৰ কৰি আহিছে। কনফুচিয়াছৰ দৰ্শন আৰু প্ৰবচন গোটই জগতৰে আদৰৰ বস্তু।