পৃষ্ঠা:কনফুচিয়াছ.djvu/১০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
কনফুচিয়াছ

পৰস্পৰ বিৰোধী হব আৰু যুগে যুগে মানুহৰ ৰুচিভেদে ই সদায় পৰিবৰ্ত্তন হৈ থাকিব। এনে পৰিবৰ্ত্তনশীল আদৰ্শ চৰম আদৰ্শ হব নোৱাৰে। এতেকে মানুহে প্ৰকৃত পথৰ সন্ধান প্ৰকৃতিৰ গতিবিধি নিৰীক্ষণ কৰিহে পাব পাৰে আৰু প্ৰকৃতিক একান্তভাবে অনুসৰণ কৰাই এই পন্থা।

 লাওৎছে প্ৰচাৰিত তথ্য-পাতি সমন্বয় কৰি প্ৰকৃত দাৰ্শনিক ৰূপ দিলে তেওঁৰ শিষ্য চুয়াংছে। চীনাসকলৰ জীৱনত তাওবাদে গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছে আৰু লাওৎছেৰ এই তাওবাদে প্ৰকৃততে চুয়াংছে দিয়া ৰূপহে। চুয়াংছে খৃঃ পূঃ চতুৰ্থ শতাব্দীৰ শেষ ভাগত জন্ম গ্ৰহণ কৰে। এইজনা দাৰ্শনিকে তাওবাদৰ প্ৰধান প্ৰচাৰক। লাওৎছে উনুকিয়াই যোৱা সমস্যাবিলাকৰ চুয়াংছে বিস্তৃতভাবে আলোচনা কৰিছে আৰু যুক্তিৰে প্ৰতিপাদন কৰিছে। লাওৎছেৰ বাণীসমূহ অস্পষ্ট আৰু বহুত সময়ত দুৰ্ব্বোধ্য আছিল। চুয়াংছে সেইবোৰ সহজ সৰল কৰি প্ৰচাৰ কৰিছিল। লাওৎছে আছিল যেনিবা সূত্ৰকাৰ আৰু তাৰ ভাষ্য লিখিছিল চুয়াংছে।

 চুয়াংছে লাওৎছেৰ বাণীসমূহ সমন্বয় কৰি প্ৰণালীবদ্ধ দৰ্শনৰ ৰূপ দিছিল যদিও তাৰ মাজেৰেই তেওঁৰ নিজা মতবাদো প্ৰচাৰ কৰিছিল। কোনো কোনো বিষয়ত চুয়াংছেৰ মত গুৰুৰ লগত নিমিলিছিল। জাগতিক বাধা-নিষেধ অতিক্ৰম কৰি অপ্ৰতিবন্ধক ভাবে মানুহে কেনেকৈ চৰম উৎকৰ্ষ সাধন কৰিব পাৰে