পৃষ্ঠা:কনফুচিয়াছ.djvu/১২০

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১১২
কনফুচিয়াছ

অধীনস্থ বহু দেৱতাৰ পূজা-সেৱাত বিশ্বাস কৰিছিল আৰু সকলোকে এই ৰীতি মানি চলিবলৈ শিক্ষা আৰু উপদেশ দিছিল। কিন্তু ধৰ্ম্মতত্ব সম্পকীয় আলোচনাত কনফুচিয়াছে সময় খৰচ নকৰিছিল আৰু আগ্ৰহে নেদেখুৱাইছিল। কনফুচিয়াছে ঈশ্বৰত বিশ্বাস কৰিছিল আৰু সমাজৰ ৰীতি-নীতিৰ মূলত ঈশ্বৰৰ আজ্ঞা আছে বুলি ধৰি লৈছিল।

 “ঈশ্বৰৰ নিৰ্দ্দেশ সনাতন। দেখিছা নহয় সূৰ্য্য আৰু চন্দ্ৰই ইটোৱে সিটোক নিজ নিজ পথত সৰ্ব্বদাই অনুসৰণ কৰি চলি আহিছে; ইও ঈশ্বৰৰেই বিধান। বিশ্বব্ৰহ্মাণ্ডত জীৱ চিৰকাল প্ৰবাহিত হৈ আছে কেতিয়াও বিৰতি হোৱা নাই— ইও ঈশ্বৰৰ নীতি। প্ৰকৃতিৰ বৈভব অপ্ৰতিহত ভাবে সৃষ্ট হৈ আছে ঈশ্বৰৰ নিৰ্দ্দেশতেই।” কনফুচিয়াছে গোটেই বিশ্বতে ঈশ্বৰৰ অস্তিত্ব আৰু ক্ৰিয়া অনুভব কৰিছিল।

 এসময়ত কনফুচিয়াছৰ অসুখ হোৱাত এজন শিষ্যই তেওঁক এটা মন্দিৰলৈ গৈ প্ৰাৰ্থনা কৰিবলৈ কৈছিল। তাৰ উত্তৰত কনফুচিয়াছে কৈছিল, “মই সদায় প্ৰাৰ্থনা কৰিয়েই আছো। মোৰ জীৱনটোৱেই প্ৰাৰ্থনা। ঈশ্বৰৰ বিধান মানি চলাই হৈছে আটাইতকৈ উচ্চধৰণৰ প্ৰাৰ্থনা।” কনফুচিয়াছৰ ধৰ্ম্মমত এই কথাষাৰৰ পৰাই জানিব পাৰি। সাময়িক ভাবে পূজা সেৱা কৰা বা সপ্তাহৰ কোনো নিৰ্দ্দিষ্ট দিনত কোনো নিৰ্দিষ্ট স্থানত প্ৰাৰ্থনা কৰাটোৱেই ধৰ্ম্ম নহয়। সেইবিলাক ধৰ্ম্মানুষ্ঠানহে। ধৰ্ম্ম অনুভূতি আৰু অভিজ্ঞতাৰ বস্তু। এই অনুভূতি জীৱনত