পৃষ্ঠা:কনফুচিয়াছ.djvu/৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
কনফুচিয়াছ

মতবাদ প্ৰচাৰিত হবলৈ ধৰিলে আৰু তেওঁৰ যশস্যা বঢ়াৰ লগে লগে শিষ্যৰ সংখ্যাও বাঢ়িব ধৰিলে। তেতিয়াও লাওৎছে পুথিভড়ালৰ অধ্যক্ষ হৈয়েই আছিল আৰু বোধহয় সেইপদত জীৱনৰ শেষলৈকে থাকিলেহেতেন। কিন্তু ইতিমধ্যে লোইয়াঙ প্ৰদেশৰ শাসকসকল দিনে দিনে অত্যাচাৰী আৰু দুৰ্নীতিপৰায়ণ হৈ অহা দেখি খঙতে লাওৎছে সেইদেশ ত্যাগ কৰাকে থিৰ কৰিলে। তেতিয়া তেওঁ নব্বৈ বছৰীয়া বুঢ়া। দুৰ্নীতিপৰায়ণ আৰু স্বাৰ্থপৰ শাসকসকলৰ তলত চাকৰি কৰিবলৈ তেওঁৰ মনত ধিক্কাৰ জম্মিল আৰু পুথিভৰালৰ অধ্যক্ষ পদ নেওচা দি দেশ এৰি গুচি গ’ল।

 যেতিয়া লাওৎছে সেইদেশৰ শেষ সীমাত উপস্থিত হ’লগৈ তেতিয়া সীমান্তৰখীয়া প্ৰহৰী এজনে তেওঁক চিনি পালে আৰু তেওঁক সীমান্ত পাৰ হৈ যাবলৈ এৰি নিদিলে। বুঢ়াৰ খঙ উঠাত সেই প্ৰহৰীজনে হাতযোৰ কৈ কলে,— “আপোনাৰ যশস্যা চাৰিওফালে ফাটিফুটি গৈছে। কিন্তু আপুনি আপোনাৰ মতবাদ সম্পৰ্কে আজিলৈকে কোনো পুথি ৰচনা কৰা নাই। যদি এতিয়া আপুনি আমাক এৰি যায় তেন্তে আমি আপোনাৰ বহুমূলীয়া শিক্ষাৰ পৰা চিৰ কাললৈ বঞ্চিত হম।” তেতিয়া লাওৎছে সেই প্ৰহৰীৰ অনুৰোধমতে তেওঁৰ শিক্ষাৰ বা মতবাদৰ অতি লাগতিয়াল কথাখিনি এখন মাত্ৰ পচিশ পিঠিয়া পুথিত লিখি দিলে আৰু সেইদেশ এৰি গুচি গ’ল। তাৰ পিচত লাওৎছে সম্বন্ধে কোনো কথা জনা নাযায়।