পৃষ্ঠা:কনফুচিয়াছ.djvu/১০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
কনফুচিয়াছ

তাৰ চিন্তাত মনোনিবেশ কৰিছিল দাৰ্শনিক লাওৎছে। তেওঁ মানুহক প্ৰকৃত পথৰ সন্ধান দিছিল প্ৰকৃতিক আদৰ্শ হিচাবে লৈ প্ৰাকৃতিক নিয়ম মানি চলিবলৈ। কিন্তু চুয়াংছেৰ চিন্তা এই জগতৰ আবেষ্টনীত সীমাবদ্ধ হৈ নাছিল। ইহজীৱনৰ মূলত থকা পাৰলৌকিক তথ্য বিশ্লেষণ কৰি তাওবাদ স্থাপন কৰিছিল আৰু তাক অতীন্দ্ৰিয় দৰ্শনৰ ৰূপ দিছিল। ঐহিক জগতৰ শৃঙ্খলা ৰক্ষা লাওৎছেৰ দৰ্শনৰ মূল সমস্যা আছিল আৰু চুয়াংছেৰ দৰ্শনত আছিল বিশ্বব্ৰহ্মাণ্ডৰ মূলত প্ৰতিস্থিত সত্ত্বাৰ অন্বেষণৰ প্ৰচেষ্টা। লাওৎছেৰ দৰ্শনত ইয়াৰ নিৰ্দ্দেশ আছিল যদিও সমাধানৰ প্ৰচেষ্টা নাছিল।

 চুয়াংছেৰ মতে জগতত শাশ্বত ঐকান্তিক সত্য বা ঐকান্তিক নৈতিকতা বুলি একো বস্তু থাকিব নোৱাৰে। সত্য, নৈতিকতা সকলো আপেক্ষিক। সত্য, অসত্য, ভাল, বেয়া, ন্যায়, অন্যায় সকলো আপেক্ষিক। য’ত ভাল-বেয়াৰ, ন্যায়-অন্যায়ৰ ভেদ আছে বা প্ৰতীয়মান হৈছে সেই জ্ঞান প্ৰকৃত দাৰ্শনিক জ্ঞান বা প্ৰজ্ঞা হব নোৱাৰে। সকলো বস্তুৰ সমন্বয়ৰ মাজেদিহে প্ৰকৃত প্ৰজ্ঞা উদয় হব পাৰে। চুয়াংছেৰ অনেকান্তবাদ আমাৰ জৈন দৰ্শনৰ স্যাদবাদৰ দৰেই সহিষ্ণু।

 চুয়াংছেৰ মতে তাও হৈছে বিশ্বব্ৰহ্মাণ্ডৰ মুলত অধিস্থিত বিৰাট সত্ত্বা আৰু এই সত্ত্বাৰ পৰাই জগৎপ্ৰপঞ্চৰ উৎপত্তি। এই বিষয়ে চুয়াংছে লাওৎছেৰ মতকে সম্পূৰ্ণকৈ অনুসৰণ কৰিছে। এই তাওয়েই হ’ল প্ৰকৃতিৰ বীজ বা প্ৰকৃতিৰ অফুৰন্ত সৃষ্টি