হাত সাৰিবলৈ আইন মানি চলিব পাৰে। কিন্তু এইদৰে অকল শান্তিৰ পৰা ৰক্ষা পৰিবলৈ আইন মানি চলাত অন্তৰ শুদ্ধ নহয় আৰু বেয়া কাম কৰিবলৈ মনত যি কুণ্ঠাভাব আহিব লাগে বা বেয়া কাম কৰিলে যে লজ্জিত হব লাগে তেনে মনোবৃত্তিৰ উদয় নহয়। ধৰ্ম্মভাৱ জগাই তেওঁলোকক সৎপথত পৰিচালিত কৰা আৰু ন্যায়পৰায়ণ কৰি তেওঁলোকৰ কৰ্ম্মপথ নিৰ্ধাৰণ কৰা; তেতিয়া দেখিবা, তেওঁলোকে বেয়া কাম কৰি অকল লজ্জিতই নহব, লগে লগে সৎলোকেই হব।”
যুগধৰ্ম্ম অনুসৰি কনফুচিয়াছেও লাওৎছেৰ দৰে কৃত্ৰিমতা
পৰিহাৰ কৰিছিল আৰু প্ৰকৃতিক আদৰ্শৰূপে মানিছিল।
ৰাজনৈতিক চিন্তাধাৰাত লাওৎছে প্ৰভাব পৰোক্ষ ভাবে হলেও
কনফুচিয়াছৰ ওপৰত নপৰাকৈ নাছিল। কিন্তু কনফুচিয়াছে
সকলো প্ৰকাৰৰ কৃত্ৰিম বা মানুহে পতা অনুস্থান ভাঙি দিবলৈ
পৰামৰ্শ দিয়া নাছিল। বৰং এজন পৈনত ৰাজনীতিজ্ঞ আৰু
বিচক্ষণ সংস্কাৰক হিচাবে যুগৰ আহ্বান “প্ৰকৃতিক অনুসৰণ কৰা”
মতৰ লগত সভ্যতাৰ ঐতিহাসিক মূল্যাঙ্কন কৰি সজ
অনুস্থানৰ জৰিয়তে সৎশিক্ষা, সততা, সাধুতা, কৰ্ত্তব্যপৰায়ণতা
আদিৰ বহুল প্ৰচাৰত যত্নপৰ হৈছিল। মানুহে পতা সজ অনুস্থান,
মানুহে প্ৰচলন কৰা সজ ৰীতি-নীতি, বিধি-ব্যবস্থা, প্ৰাকৃতিক
নিয়ম অনুসৰি উত্তৰ হোৱা বস্তু বুলিয়েই কনফুচিয়াছে সামৰি
লৈছিল আৰু সেই বিলাক যথানিয়মে পালন কৰাত গুৰুত্ব দিছিল।