পৃষ্ঠা:কনফুচিয়াছ.djvu/১০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
কনফুচিয়াছ

শক্তি। এই শক্তিৰ বিকাশেই ব্যক্ত জগৎ। লাওৎছে পৰিদৃশ্যমান জগতত গুৰুত্ব আৰোপ নকৰিছিল কিন্তু তেওঁ এই জগতৰ সমস্যাবিলাকৰ পৰা পলায়নবাদী মনোবৃত্তি পোষণ কৰা নাছিল। চুয়াংছে কিন্তু এই জগতৰ অলীকতাত বিশ্বাস কৰিছিল আৰু এই পৰিদৃশ্যমান জগতৰ অন্তৰালত থকা বিৰাট অক্ষৰ শক্তিকহে প্ৰাধান্য দিছিল। তেওঁ প্ৰত্যেক মানুহৰে ব্যক্তি-স্বাধীনতাৰ পক্ষপাতী আছিল আৰু বিশ্বাস কৰিছিল যে প্ৰত্যেককে নিজৰ অভিৰুচিমতে চিন্তা কৰিবলৈ দিয়া উচিত। মানুহে পতা অনুস্থান, মানুহে প্ৰবৰ্ত্তন কৰা ৰীতি-নীতিত লাওৎছেৰ দৰে চুয়াংছেৰো আস্থা আৰু সমৰ্থন নাছিল।

 লাওৎছেৰ পিছৰ জনা বিখ্যাত দাৰ্শনিক হ’ল কনফুচিয়াছ। কনফুচিয়াছৰ মতবাদ প্ৰচাৰ হোৱাৰ লগে লগেই শিক্ষিত লোকসকল কনফুচিয়াছৰ মতৰ প্ৰতি আকৃষ্ট হয় আৰু লাওৎছেৰ তাওবাদৰ প্ৰতি মানুহৰ আস্থা কমি আহে। তাওবাদৰ প্ৰতিদ্বন্দী হিচাবে কনফুচিয়াছৰ দৰ্শন আৰু নৈতিকতা প্ৰচাৰিত হলেও তাওবাদৰ প্ৰভাৱ কেতিয়াও লোপ পোৱা নাছিল বৰং কনফুচিয়াছৰ শিক্ষাৰ মাজেদিয়েই তাওবাদ বুজিবলৈ চেষ্টা চলিছিল। চীনাসকলৰ অন্তৰত তাওবাদৰ প্ৰভাব আজিও স্পষ্ট হৈ আছে। তাওবাদেই চীনাসকলক সহিষ্ণু, আৰু অন্যমতৰ প্ৰতি নিৰপেক্ষ কৈ ৰাখিছে। এই দৰ্শনেই সেই কালত স্বাধীন