পৃষ্ঠা:কনফুচিয়াছ.djvu/১১২

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৪
কনফুচিয়াছ

জ্ঞানীলোক সকলে পাইছিল। জ্ঞানীলোকসকলে একোটা নাম বা শব্দ আবিষ্কাৰ কৰিলে আৰু সেই নামেৰে বা শব্দৰেহে আমি সেই সম্বন্ধ আৰু আচৰণ বুজিব পাৰোঁ‌।” কনফুচিয়াছৰ মতে সভ্যতাৰ বুৰঞ্জী কেবল বিভিন্ন যুগত মানুহে এই ধাৰণা বা ভাৱৰাশি আয়ত্ব কৰি মানব সমাজত নানান অনুস্থান, ৰীতি-নীতি, কৌশল আদিৰ মাজেদি তাক বিকাশ কৰিবলৈ কৰা নেৰা-নেপেৰা প্ৰচেষ্টা মাথোন। দৰ্শনৰো কাম হৈছে বুদ্ধি আৰু যুক্তিৰ আলমত এই নামবোৰ আৰু নামৰ লগত সংশ্লিষ্ট আচৰণবিধি সংস্কৃত কৰি সমন্বয়ৰ সৃষ্টি কৰা।

 এদিন ইউ নামেৰে এজন শিষ্যই কনফুচিয়াছক সুধিছিল “আপুনি এখন ৰাজ্যৰ ৰজা হলে প্ৰথমে কি কাম হাতত লব?” তেতিয়া কনফুচিয়াছে উত্তৰ দিছিল— “প্ৰথমে নামবোৰ সংশোধন কৰিব লাগিব।” শিষ্যজনে একো নুবুজি আচৰিত হৈ সুধিলে— “নামবোৰ! নামবোৰ কিয় সংশোধন কৰে? মইচোন একো বুজি নাপালো।” কনফুচিয়াছে শিষ্যজনক কলে, “ইউ, তুমি একো শিকা নাই, তোমাৰ একো জ্ঞানো হোৱা নাই। ভদ্ৰলোকে নজনা কথাৰ আলোচনাত অতি সন্তৰ্পণেহে ভাগ লোৱা উচিত। নহলে সতৰ্কতাৰে মৌন হৈ থাকিব লাগে। যদি নাম বা শব্দ অশুদ্ধ হয় সি যথাৰ্থ প্ৰকাশক নহব আৰু কথা-বতৰাত আচল অৰ্থ প্ৰকাশ নাপাব। যদি কথা-বতৰাত শব্দই প্ৰকৃত অৰ্থ প্ৰকাশ নকৰে বা বুজি নোপোৱা হয় তেন্তে কোনো সিদ্ধান্তত উপনীত হব নোৱাৰি। যদি কোনো সিদ্ধান্ত