যদিও লাওৎছে এনে ধৰণৰ নিষ্ক্ৰিয়তাবাদ প্ৰচাৰ কৰিছিল তথাপি তেওঁৰ প্ৰচাৰিত তথ্যবোৰে পিচৰ দাৰ্শনিক সকলক চিন্তাৰ সমল যোগাইছিল। কাল আৰু আবৰ্ত্তন সম্বন্ধে তেওঁৰ তথ্য মন কৰিবলগীয়া। “কালৰ পম খেদি যোৱা, তুমি কেতিয়াও তাৰ আদি নোপোৱা। ইয়াক অনুসৰণ কৰা, তুমি ইয়াৰ অন্ত নেদেখা। ভূতকালৰ সংঘটিত ঘটনাবলীৰে বৰ্ত্তমান নিৰীক্ষণ কৰা, তেতিয়া এই জাগতিক বস্তুবোৰৰ আৰম্ভণ আৰু স্থিতি বুজিব পাৰিবা। এইটোকে তাও বুজিবলৈ সঙ্কেত হিচাবে লবা।” বিশ্বৰ সকলো বস্তু বিৰাট শূন্য নাইবা অসতৰ পৰা উৎপত্তি হৈছে এই তথ্য লৈ লাওৎছে পৰিণাম বা আবৰ্ত্তন অসতৰ পৰা উদ্ভাসিত সৎবস্তু বিলাকৰ বিকাশ বুলি ধৰিছিল। একৰ পৰা বহু, সৰলৰ পৰা জটিল, সহজৰ পৰা কঠোৰ এই আবৰ্ত্তনৰ পৰিণতি।
প্ৰমাণ বা জ্ঞান-বিজ্ঞান সম্বন্ধে লাওৎছে কৈছিল যে জ্ঞান, বিদ্যা, বুদ্ধি আদিৰ অন্বেষণ বা উৎকৰ্ষণৰ দ্বাৰা মানুহে জীবনদৰ্শৰ প্ৰকৃত পথত উপনীত হব নোৱাৰে। আমি যাক জ্ঞান বা বিজ্ঞান বোলো সি প্ৰকৃততে সসীম বিদ্যাবুদ্ধি বিশিষ্ট মানুহৰ অভিজ্ঞতাৰ ফল মাথোন। এই অভিজ্ঞতাত অবাধিতত্ব নাই, বৰং দেশ কাল ভেদে এই অভিজ্ঞতাৰ পৰস্পৰ বিৰোধ দেখা যায়। গতিকে ই প্ৰকৃত জ্ঞান হব নোৱাৰে। এই জ্ঞানে মানুহৰ জীৱনৰ চৰম আদৰ্শৰ সন্ধান দিব নোৱাৰে। এই জ্ঞানৰ ওপৰত জীৱনৰ চৰম আদৰ্শ নিৰ্দ্ধাৰণ কৰিবলৈ গলে ই