পৃষ্ঠা:কনফুচিয়াছ.djvu/৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
কনফুচিয়াছ

 লাওৎছে লো-ইয়াঙ প্ৰদেশৰ সীমান্তৰ দ্বাৰত বহি লিখি থৈ যোৱা পচিশ পিঠীয়া পুথিখনেই তেওঁক অমৰ কৰি ৰাখিছে। এই কিতাপখনৰ নাম হৈছে ‘তাও তেহ কিঙ’ অৰ্থাৎ যুক্তি আৰু ধৰ্ম্মৰ পন্থা। হিউৱেনচাঙ অসমলৈ আহোঁতে ভাস্কৰ বৰ্ম্মণে তেওঁক চীনৰ বিখ্যাত কিতাপ এখন দিবলৈ কৈছিল আৰু হিউৱেনচাঙে হেনো ইয়াত সংস্কৃত শিকি গৈ লাওৎছেৰ এই বিখ্যাত তাও তেহ কিঙ নামৰ কিতাপখনকে সংস্কৃতলৈ অনুবাদ কৰি কামৰূপৰ ৰজা ভাস্কৰ বৰ্ম্মণলৈ পঠাই দিছিল। সেই পুথি অৱশ্যে আজিলৈকে উদ্ধাৰ হোৱা নাই।

 লাওৎছে লিখা তাও তেহ কিঙ আকাৰত সৰু কিতাপ হলেও ই বিশ্বৰ এখন বহুমূলীয়া গ্ৰন্থ। এই পুথিখনকেই তাওবাদৰ মূল গ্ৰন্থ বুলি ধৰা হয় আৰু ইয়াৰ সাৰগৰ্ভ বচন বিলাকৰ টিকা টিপ্পনী বহুত পণ্ডিতে লিখি ইয়াক বুজিবলৈ চেষ্টা কৰিছে। তাওবাদ দৰ্শন আৰু তাওবাদ ব্যৱহাৰিক ধৰ্ম্ম হিচাপে দুটা বেলেগ বস্তুত পৰিণত হৈছিল।

 লাওৎছে সেই যুগৰ স্বাধীন চিন্তাধাৰাৰ প্ৰতীক আৰু পথপ্ৰদৰ্শক। মানুহৰ প্ৰকৃত উন্নতি কি আৰু উন্নতিলিপ্সু মানবৰ প্ৰকৃত পন্থা কি এয়ে আছিল তেওঁৰ প্ৰধান চিন্তা। এই পথক তেওঁ তাও বুলিছিল আৰু সেইকাৰণেই তেওঁৰ প্ৰচাৰিত দৰ্শন আৰু ধৰ্ম্মমতক তওবাদ বোলা হয়।

 লাওৎছে সেইসময়ত প্ৰচলিত মতবাদ আৰু ধৰ্ম্মানুষ্ঠান বিলাকৰ তীব্ৰ সমালোচনা কৰিছিল আৰু স্বাধীন চিন্তাৰে নতুন