মনুষ্যত্ব পৰিহাৰ কৰে। এই স্খলন বেচিদিন স্থায়ী হলে মানব জাতি পঙ্গু আৰু চৰিত্ৰহীন হয়। কৰ্ত্তব্যৰ প্ৰতি অবহেলা, নিস্ফল সমালোচনা, সাধাৰণ প্ৰজাই ৰাজনৈতিক বিষয়ত হস্তক্ষেপ কৰা, কাকো নমনা হোৱা, ভক্তি, মমতা, ন্যায়পৰায়ণতা আদি সকলো জলাঞ্জলি দিয়া— ইত্যাদি সকলোবোৰ পাপেই সমাজক কলুষিত কৰে। এই আটাইবোৰ দোষৰ কাৰণে কনফুচিয়াছে কেন্দ্ৰীয় শাসনৰ দুৰ্ব্বলতাকে দায়ী কৰিছিল। মানুহক আত্মসচেতন কৰি নৈতিক শিক্ষাৰ জৰিয়তে কনফুচিয়াছে দেশৰ শান্তি আৰু সমাজৰ শৃঙ্খলা আনয়ন কৰিবলৈ চেষ্টা কৰিছিল। এনে পটভূমিত কনফুচিয়াছৰ মতবাদে চীনত প্ৰতিষ্ঠা লাভ কৰিছিল।
কনফুচিয়াছ আছিল প্ৰধানতঃ এজন সংস্কাৰক। নৈতিক শিক্ষাৰ মাজেদি কনফুচিয়াছে এখন আদৰ্শ সমাজ স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। কনফুচিয়াছৰ মতবাদত বিশ্বব্ৰহ্মাণ্ডৰ সত্ত্বা, পাৰলৌকিক বা অতীন্দ্ৰিয় জ্ঞান আদি বিষয়ৰ দাৰ্শনিক বা তাত্ত্বিক আলোচনা বিশেষ পোৱা নাযায়। বৰ্ত্তমান সময়ত দৰ্শন বুলিলে আমি যি বুজো, কনফুচিয়াছৰ দৰ্শনত তেনে বিশ্বব্ৰহ্মাণ্ডক আঁকোৱালি লোৱা সমন্বিত মতবাদ নাই। কনফুচিয়াছক এনে ধৰণৰ তাত্ত্বিক প্ৰশ্ন কোনোবাই কৰিলেও তেওঁ বুদ্ধদেৱৰ দৰে সেইবোৰৰ পোনপটীয়া উত্তৰ নিদি এৰাই গৈছিল। কনফুচিয়াছে নিজকে বাৰ্ত্তাবহ (ট্ৰানছ্মিটাৰ) বুলিছিল; অৰ্থাৎ তেওঁ কৈছিল যে তেওঁ জগতবাসীক নতুন