বহল ব্যাকৰণ/পঞ্চম অধ্যায়
পঞ্চম অধ্যায়।
⸺:✱:⸺
সৰ্ব্বনাম।
১। বিশেষ্য পদ ঘনেপতি ব্যৱহাৰ নকৰিবৰ নিমিত্তে তাৰ সলনি যি শব্দ ব্যৱহাৰ হয়, তাক সৰ্ব্বনাম বোলে।
২। সৰ্ব্বনাম চাৰি বিধ:— ব্যক্তিবোধক সৰ্ব্বনাম, বিশেষণ সৰ্ব্বনাম, কালবোধক সৰ্ব্বনাম আৰু স্থানবোধক সৰ্ব্বনাম।
৩। ব্যক্তিবোধক সৰ্ব্বনামৰ তিনি পুৰুষ:— প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ।
৪। যি কয়; সি প্ৰথম পুৰুষ। মই প্ৰথম পুৰুষৰ সৰ্ব্বনাম।
৫৷ যাক কোৱা যায় সি দ্বিতীয় পুৰুষ। তই আৰু তুমি দ্বিতীয় পুৰুষৰ সৰ্ব্বনাম।
৬। তই সৰ্ব্বনাম অনাদৰত ব্যৱহাৰ হয়, আৰু তুমি সৰ্ব্বনাম আদৰত ব্যৱহাৰ হয়।
[ ৬২ ] ৭৷ যাৰ কথা বা যাৰ বিষয়ে কোৱা যায়, সি তৃতীয় পুৰুষৰ সৰ্ব্বনাম। সি, তেওঁ, ই, এওঁ, যি, কোন, কোনো, কোনোবা, যিহ্, কিহ্, আৰু কেওঁ তৃতীয় পুৰুষৰ সৰ্ব্বনাম।
৮৷ অনাদৰত তৃতীয় পুৰুষৰ সি আৰু ই ব্যৱহাৰ হয়, আদৰত তেওঁ আৰু এওঁ ব্যৱহাৰ হয়।
৯। সি আৰু ই, এই দুই সৰ্ব্বনামৰ লিঙ্গ আছে। পুং আৰু ক্লীৱলিঙ্গত সি, স্ত্ৰীলিঙ্গত তাই হয়। সেই দৰে, ই পুং আৰু ক্লীৱলিঙ্গত ব্যৱহাৰ হয়; স্ত্ৰীলিঙ্গত এই হয়।
১০। বিশেষ্যৰ নিচিনা ব্যক্তিবোধক সৰ্ব্বনামৰো বচন আছে। হঁত, লোক, বোৰ, বিলাক আদি বহুবচনৰ চিন্ যোগ দি সিহঁতৰ বহুবচন কৰা হয়। যেনে, সিহঁত, ইহঁত, তেওঁলোক, এওঁলোক বা তেওঁবিলাক এওঁবিলাক ইত্যাদি।
বিভক্তি অনুসাৰে ব্যক্তিবোধক সৰ্ব্বনামৰ ৰূপ।
১১। শব্দত বিভক্তি যোগ দিবৰ যি নিয়ম, প্ৰায় সেই নিয়ম মতেই সৰ্ব্বনামতো বিভক্তি যোগ হয়।
প্ৰথম পুৰুষৰ সৰ্ব্বনাম—মই।
পুং স্ত্ৰী দুয়ো লিঙ্গত।
১২৷ প্ৰথমা বিভক্তিৰ একবচনত বাজে আন ঠাইত মই একবচনত মো আৰু বহুবচনত আমা হয়। ইয়াৰ বহুবচন [ ৬৩ ] কৰিবলৈ কেতিয়াবা লোক চিন্ যোগ দিয়া হয়। এই চিন্ যোগ নিদিয়াকৈও ইয়াৰ বহুবচন হয়।
বিভক্তি | একবচন | বহুবচন | ||
প্ৰথমা | মই | আমি, আমালোকে | ||
দ্বিতীয়া | মোক | আমাক, আমালোকক | ||
তৃতীয়া | মোৰে মোকদি |
আমাৰে, আমালোকেৰে আমাকদি, আমালোকেদি | ||
চতুৰ্থী | মোলৈ মোক |
আমালৈ, আমালোকলৈ আমাক, আমালোকক | ||
পঞ্চমী | মোৰ পৰা | আমাৰ পৰা, আমালোকৰ পৰা | ||
ষষ্ঠী | মোৰ | আমাৰ, আমালোকৰ | ||
সপ্তমী | মোত | আমাত, আমালোকত |
দ্বিতীয় পুৰুষৰ সৰ্ব্বনাম — তই।
পুং স্ত্ৰী, দুয়ো লিঙ্গত।
১৩৷ প্ৰথমা বিভক্তিৰ একবচনত বাজে আন ঠাইত তই একবচনত তো আৰু বহুবচনত ত হয়। ইয়াৰ বহুবচন কবিবলৈ হঁত যোগ দিয়া হয়।
বিভক্তি | একবচন | বহুবচন | ||
প্ৰথমা | তই | তহঁতে | ||
দ্বিতীয়া | তোক | তহঁতক | ||
তৃতীয়া | তোৰে তোকদি |
তহঁতেৰে ৰে তহঁতকদি তহঁতেদি | ||
চতুৰ্থী | তোলৈ তোক |
তহঁতকলৈ তহঁতক | ||
পঞ্চমী | তোৰ পৰা | তহঁতৰ পৰা | ||
ষষ্ঠী | তোৰ | তহঁতৰ | ||
সপ্তমী | তোত | তহঁতৰ |
দ্বিতীয় পুৰুষৰ সৰ্ব্বনাম — তুমি।
পুং স্ত্ৰী, দুয়ো লিঙ্গত।
১৪। প্ৰথমা বিভক্তিৰ বহুবচনত আৰু আন বিভক্তিৰ [ ৬৫ ] দুয়ো বচনত তুমি তোমা হয়, আৰু লোক যোগ দি ইয়াৰ বহুবচন কৰা হয়।
বিভক্তি | একবচন | বহুবচন | ||
প্ৰথমা | তুমি | তোমালোকে | ||
দ্বিতীয়া | তোমাক | তোমালোকক | ||
তৃতীয়া | তোমাৰে তোমাকদি তোমাৰ দ্বাৰা বা |
তোমালোকেৰে তোমালোককদি, | ||
চতুৰ্থী | তোমালৈ তোমাক |
তোমালোকলৈ তোমালোকক | ||
পঞ্চমী | তোমাৰ পৰা | তোমালোকৰ পৰা | ||
ষষ্ঠী | তোমাৰ | তোমালোকৰ | ||
সপ্তমী | তোমাত | তোমালোকত |
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — সি।
পুং আৰু ক্লীবলিঙ্গত।
১৫। প্ৰথমা বিভক্তিৰ বাজে আন বিভক্তিৰ একবচনত সি তা হয়, বহুবচনত সকলো বিভক্তিত সি তা হয়, নহৈও থাকে। হঁত যোগ দি ইয়াৰ বহুবচন কৰা হয়।
৫
বিভক্তি | একবচন | বহুবচন | ||
প্ৰথমা | সি | সিহঁতে, তাহঁতে | ||
দ্বিতীয়া | তাক | সিহঁতক, তাহঁতক | ||
তৃতীয়া | তাৰে তাকদি তাৰ দ্বাৰা বা দ্বাৰায় |
সিহঁতেৰে, তাহঁতেৰে সিহঁতকদি, সিহঁতেদি | ||
চতুৰ্থী | তালৈ তাক |
সিহঁতকলৈ, তাহঁতকলৈ সিহঁতক, তাহঁতক | ||
পঞ্চমী | তাৰ পৰা | সিহঁতৰ পৰা, তাহঁতৰ পৰা | ||
ষষ্ঠী | তাৰ | সিহঁতৰ, তাহঁতৰ | ||
সপ্তমী | তাত | সিহঁতত, তাহঁতত |
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — তাই
স্ত্ৰীলিঙ্গ।
১৬। হঁত যোগ দি ইয়াৰ বহুবচন কৰা হয়।
বিভক্তি | একবচন | বহুবচন | ||
প্ৰথমা | তাই | তাইহঁতে | ||
দ্বিতীয়া | তাইক | তাইহঁতক | ||
তৃতীয়া | তাইৰে তাইকদি |
তাইহঁতেৰে তাইহঁতকদি, তাইহঁতেদি |
বিভক্তি | একবচন | বহুবচন | ||
তৃতীয়া | তাইৰ দ্বাৰা বা |
তাইহঁতৰ দ্বাৰা বা | ||
চতুৰ্থী | তাইলৈ তাইক |
তাইহঁতলৈ তাইহঁতক | ||
পঞ্চমী | তাইৰ পৰা | তাইহঁতৰ পৰা | ||
ষষ্ঠী | তাইৰ | তাইহঁতৰ | ||
সপ্তমী | তাইত | তাইহঁতত |
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — তেওঁ
পুং স্ত্ৰী দুয়ো লিঙ্গত।
১৬। বিলাক বা লোক যোগ দি ইয়াৰ বহুবচন কৰা হয়।
বিভক্তি | একবচন | বহুবচন | ||
প্ৰথমা | তেওঁ | তেওঁবিলাকে | ||
দ্বিতীয়া | তেওঁক | তেওঁবিলাকক | ||
তৃতীয়া | তেওঁৰে তেওঁকদি তেওঁৰদ্বাৰা |
তেওঁবিলাকেৰে তেওঁবিলাককদি, |
চতুৰ্থী | তেওঁলৈ তেওঁক |
তেওঁবিলাকলৈ তেওঁবিলাকক | ||
পঞ্চমী | তেওঁৰ পৰা | তেওঁবিলাকৰ পৰা | ||
ষষ্ঠী | তেওঁৰ | তেওঁবিলাকৰ | ||
সপ্তমী | তেওঁত | তেওঁবিলাকত |
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — ই
পুং আৰু ক্লীবলিঙ্গত।
১৮। প্ৰথমা বিভক্তিত বাজে আন বিভক্তিত ই একবচনত ইয়া হয়, আৰু হঁত যোগ দি ইয়াৰ বহুবচন কৰা হয়।
বিভক্তি | একবচন | বহুবচন | ||
প্ৰথমা | ই | ইহঁতে | ||
দ্বিতীয়া | ইয়াক | ইহঁতক | ||
তৃতীয়া | ইয়াৰে (আনবিলাক ওপৰৰ দৰে) |
ইহঁতেৰে (আনবিলাক ওপৰৰ দৰে) | ||
চতুৰ্থী | ইয়ালৈ ইয়াক |
ইহঁতলৈ ইহঁতক | ||
পঞ্চমী | ইয়াৰ পৰা | ইহঁতৰ পৰা | ||
ষষ্ঠী | ইয়াৰ | ইহঁতৰ | ||
সপ্তমী | ইয়াত | ইহঁতত |
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — এই।
স্ত্ৰীলিঙ্গ।
১৯। হঁত যোগ দি ইয়াৰ বহুবচন কৰা হয়।
বিভক্তি | একবচন | বহুবচন | ||
প্ৰথমা | এই | এইহঁতে | ||
দ্বিতীয়া | এইক | এইহঁতক | ||
তৃতীয়া | এইৰে (আনবিলাক ওপৰৰ দৰে) |
এইহঁতেৰে (আনবিলাক ওপৰৰ দৰে) | ||
চতুৰ্থী | এইলৈ এইক |
এইহঁতলৈ এইহঁতক | ||
পঞ্চমী | এইৰ পৰা | এইহঁতৰ পৰা | ||
ষষ্ঠী | এইৰ | এইহঁতৰ | ||
সপ্তমী | এইত | এইহঁতত |
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — এওঁ।
পুং আৰু স্ত্ৰীলিঙ্গত।
২০। লোক বা বিলাক যোগ দি ইয়াৰ বহুবচন কৰা হয়।
বিভক্তি | একবচন | বহুবচন | ||
প্ৰথমা | এওঁ | এওঁবিলাকে | ||
দ্বিতীয়া | এওঁক | এওঁবিলাকক | ||
তৃতীয়া | এওঁৰে (আনবিলাক ওপৰৰ দৰে) |
এওঁবিলাকেৰে (আনবিলাক ওপৰৰ দৰে) |
বিভক্তি | একবচন | বহুবচন | ||
চতুৰ্থী | এওঁলৈ এওঁক |
এওঁবিলাকলৈ এওঁবিলাকক | ||
পঞ্চমী | এওঁৰ পৰা | এওঁবিলাকৰ পৰা | ||
ষষ্ঠী | এওঁৰ | এওঁবিলাকৰ | ||
সপ্তমী | এওঁত | এওঁবিলাকত |
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — যি।
তিনিও লিঙ্গত।
২১। প্ৰথমাত বাজে আন বিভক্তিৰ একবচনত যি যা হয়। ইয়াৰ বহুবচন কৰিবলৈ অনাদৰত বোৰ বা বিলাক, আদৰত বিলাক আৰু সম্ভ্ৰমত সকল যোগ দিয়া হয়। কোনো কোনো ঠাইত প্ৰথমা বিভক্তিৰ দুয়ো বচনত, আৰু আন বিভক্তিৰ বহুবচনত যি সৰ্ব্বনামৰ সলনি যোন ব্যৱহাৰ হয়।
বিভক্তি | একবচন | বহুবচন | ||
প্ৰথমা | যি, যোনে | যিবিলাকে, যোনবিলাকে | ||
দ্বিতীয়া | যাক | যিবিলাকক, যোনবিলাকক | ||
তৃতীয়া | যাৰে (আনবিলাক ওপৰৰ দৰে) |
যিবিলাকেৰে, যোনবিলাকেৰে (আনবিলাক ওপৰৰ দৰে) | ||
চতুৰ্থী | যালৈ যাক |
যিবিলাকলৈ, যোনবিলাকলৈ যিবিলাকক, যোনবিলাকক | ||
পঞ্চমী | যাৰ পৰা | যিবিলাকৰ পৰা, যোনবিলাকৰ পৰা |
বিভক্তি | একবচন | বহুবচন | ||
ষষ্ঠী | যাৰ | যিবিলাকৰ, যোনবিলাকৰ | ||
সপ্তমী | যাত | যিবিলাকত, যোনবিলাকত |
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — কোন।
তিনিও লিঙ্গত।
২২। প্ৰথমাত বাজে আন বিভক্তিৰ একবচনত কোন কা হয়। ইয়াৰ বহুবচন কৰিবলৈ অনাদৰত বোৰ বা বিলাক, আদৰত আৰু সম্ভ্ৰমত বিলাক যোগ দিয়া হয়।
বিভক্তি | একবচন | বহুবচন | ||
প্ৰথমা | কোনে | কোনবিলাকে | ||
দ্বিতীয়া | কাক | কোনবিলাকক | ||
তৃতীয়া | কাৰে (আনবিলাক ওপৰৰ দৰে) |
কোনবিলাকেৰে (আনবিলাক ওপৰৰ দৰে) | ||
চতুৰ্থী | কালৈ কাক |
কোনবিলাকলৈ কোনবিলাকক | ||
পঞ্চমী | কাৰ পৰা | কোনবিলাকৰ পৰা | ||
ষষ্ঠী | কাৰ | কোনবিলাকৰ | ||
সপ্তমী | কাত | কোনবিলাকত |
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — কোনো।
তিনিও লিঙ্গত।
২৩। ইয়াৰ বহুবচন কৰিবলৈ অনাদৰত বোৰ আৰু বিলাক, আৰু আদৰত বা সন্ত্ৰমত বিলাক যোগ দিয়া হয়। [ ৭২ ]
বিভক্তি | একবচন | বহুবচন | ||
প্ৰথমা | কোনোৱে | কোনোবিলাকে | ||
দ্বিতীয়া | কোনোক | কোনোবিলাকক | ||
তৃতীয়া | কোনোৰে (আনবিলাক ওপৰৰ দৰে) |
কোনোবিলাকেৰে (আনবিলাক ওপৰৰ দৰে) | ||
চতুৰ্থী | কোনোলৈ কোনোক |
কোনোবিলাকলৈ কোনোবিলাকক | ||
পঞ্চমী | কোনোৰ পৰা | কোনোবিলাকৰ পৰা | ||
ষষ্ঠী | কোনোৰ | কোনোবিলাকৰ | ||
সপ্তমী | কোনোত | কোনোবিলাকত |
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — কোনোবা।
তিনিও লিঙ্গত।
২৪। ইয়াৰ বহুবচন কৰিবলৈ অনাদৰত বোৰ আৰু বিলাক, আদৰত আৰু সম্ভ্ৰমত বিলাক যোগ দিয়া হয়।
বিভক্তি | একবচন | বহুবচন | ||
প্ৰথমা | কোনোবাই | কোনোবাবিলাকে | ||
দ্বিতীয়া | কোনোবাক | কোনোবাবিলাকক | ||
তৃতীয়া | কোনোবাৰে (আনবিলাক ওপৰৰ দৰে) |
কোনোবাবিলাকেৰে (আনবিলাক ওপৰৰ দৰে) | ||
চতুৰ্থী | কোনোবালৈ কোনোবাক |
কোনোবাবিলাকলৈ কোনোবাবিলাকক | ||
পঞ্চমী | কোনোবাৰ পৰা | কোনোবাবিলাকৰ পৰা |
বিভক্তি | একবচন | বহুবচন | ||
ষষ্ঠী | কোনোবাৰ | কোনোবাবিলাকৰ | ||
সপ্তমী | কোনোবাত | কোনোবাবিলাকত |
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — কিহ্ আৰু যিহ্।
ক্লীবলিঙ্গত।
২৫। এই দুই সৰ্ব্বনামৰ বহুবচন নাই, ইহঁত কেৱল একবচনত ব্যৱহাৰ হয়।
বিভক্তি | কিহ্ | যিহ্ | ||
প্ৰথমা | কিহে | যিহে | ||
দ্বিতীয়া | কিহক | যিহক | ||
তৃতীয়া | কিহেৰে (আনবিলাক ওপৰৰ দৰে) |
যিহেৰে (আনবিলাক ওপৰৰ দৰে) | ||
চতুৰ্থী | কিহলৈ কিহক |
যিহলৈ যিহক | ||
পঞ্চমী | কিহৰ পৰা | যিহৰ পৰা | ||
ষষ্ঠী | কিহৰ | যিহৰ | ||
সপ্তমী | কিহত | যিহত |
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — কেওঁ।
পুং আৰু স্ত্ৰীলিঙ্গত।
২৬। কেওঁ সৰ্ব্বনাম কেৱল মানুহ বুজুৱা বিশেষ্যৰ সলনি প্ৰথমা বিভক্তিৰ একবচনত ব্যৱহাৰ হয়। ইয়াৰ বহুবচন নাই। [ ৭৪ ] ২৭। সম্ভ্ৰম বুজাবলৈ বিশেষণ-সৰ্ব্বনাম, আপোন, আৰু স্থানবোধক সৰ্ব্বনাম, এখেত, তেখেত, অত, আৰু তত ব্যক্তিবোধক সৰ্ব্বনাম স্বৰূপে ব্যৱহাৰ হয়।
অসমীয়া ভাষাত সম্ভ্ৰমৰ হীন-ডেঢ়ি কৰা হয়। সাধাৰণতঃ সম্ভ্ৰমেৰে সম্বোধন কৰিবলৈ বা উল্লেখ কৰিবলৈ হলে আপোন সৰ্ব্বনাম ব্যৱহাৰ হয়। আপোন এটা তৃতীয় পুৰুষৰ সৰ্ব্বনাম, ইয়াৰ ক্ৰিয়াও তৃতীয় পুৰুষৰ হয়। কিন্তু ব্যৱহাৰত ই দ্বিতীয় পুৰুষ যেন। যি মানুহক সম্বোধন কৰা যায়, সেই মানুহেৰে সৈতে মুখা-মুখি হৈ কথা কওঁতেও তেওঁক আপুনি বুলি সম্বোধন কৰিব পাৰি, অৰ্থাৎ যি ঠাইত কেৱল আদৰত তুমি সৰ্ব্বনাম ব্যৱহাৰ হয়, সেই ঠাইত সম্ভ্ৰমত আপুনি ব্যৱহাৰ কৰিব পাৰি। কিন্তু বিশেষ সম্ৰমেৰে কাৰো কথা উল্লেখ কৰিব লাগিলে, আপুনি ব্যৱহাৰ নহয়। তেতিয়া এখেত, তেখেত বা অত, তত ব্যৱহাৰ হয়। অৰ্থাৎ তেতিয়া কথা কওঁতাই তেওঁৰ সম্ভ্ৰমৰ মানুহ জনলৈ পোনে নোটোঁৱায়, তেওঁ থকা ঠাইখনলৈ মাথোন টোঁৱায়। তেনেকুৱা কৰিলে, ঠিক চকুলৈ নাচায় ভৰিলৈ চাই কথা কোৱা যেন হয়। ই অতি সম্ভ্ৰমৰ চিন। এই সৰ্ব্বনাম কেইটা ব্যক্তিবোধক – সৰ্ব্বনাম স্বৰূপে ব্যৱহাৰ হলে, ভিন ভিন বিভক্তিত সিহঁতৰ ভিন ভিন ৰূপ হয়। সেই ৰূপবিলাক তলত দেখুৱা হল।
তৃতীয় পুৰুষৰ সৰ্ব্বনাম—আপোন।
পুং আৰু স্ত্ৰীলিঙ্গত।
২৮। প্ৰথমাৰ বহুবচনত আৰু আন বিভক্তিত আপোন আপোনা হয়, আৰু ইয়াৰ বহুবচন কৰিবলৈ লোক বা সকল যোগ দিয়া হয়। [ ৭৫ ]
বিভক্তি | একবচন | বহুবচন | ||
প্ৰথমা | আপুনি | আপোনালোকে | ||
দ্বিতীয়া | আপোনাক | আপোনালোকক | ||
তৃতীয়া | আপোনাৰে (আনবিলাক ওপৰৰ দৰে) |
আপোনালোকেৰে (আনবিলাক ওপৰৰ দৰে) | ||
চতুৰ্থী | আপোনালৈ আপোনাক |
আপোনালোকলৈ আপোনালোকক | ||
পঞ্চমী | আপোনাৰ পৰা | আপোনালোকৰ পৰা | ||
ষষ্ঠী | আপোনাৰ | আপোনালোকৰ | ||
সপ্তমী | আপোনাত | আপোনালোকত |
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — এখেত।
পুং আৰু স্ত্ৰীলিঙ্গত।
২৯। প্ৰথমা আৰু দ্বিতীয়া বিভক্তিত বাজে আন বিভক্তিৰ একবচনত এখেত এখে হয়, নহৈও থাকে। ইয়াৰ বহুবচনত সকল যোগ হয়।
বিভক্তি | একবচন | বহুবচন | ||
প্ৰথমা | এখেত, এখেতে | এখেতসকলে | ||
দ্বিতীয়া | এখেতক | এখেতসকলক | ||
তৃতীয়া | এখেৰে, এখেতেৰে এখেতকদি |
এখেতসকলেৰে এখেত সকলেদি |
চতুৰ্থী | এখেলৈ, এখেতলৈ এখেতক |
এখেতসকললৈ এখেতসকলক | ||
পঞ্চমী | এখেৰ পৰা, এখেতৰ পৰা | এখেতসকলৰ পৰা | ||
ষষ্ঠী | এখেৰ, এখেতৰ | এখেতসকলৰ | ||
সপ্তমী | এখেত, এখেতত | এখেতসকলত |
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — তেখেত।
পুং আৰু স্ত্ৰীলিঙ্গত।
৩০। ইয়াৰ বহুবচন কৰিবলৈ সকল যোগ দিয়া হয়।
বিভক্তি | একবচন | বহুবচন | ||
প্ৰথমা | তেখেত, তেখেতে | তেখেতসকলে | ||
দ্বিতীয়া | তেখেতক | তেখেতসকলক | ||
তৃতীয়া | তেখেতেৰে (আনবিলাক ওপৰৰ দৰে) |
তেখেতসকলেৰে (আনবিলাক ওপৰৰ দৰে) | ||
চতুৰ্থী | তেখেতলৈ তেখেতক |
তেখেতসকললৈ তেখেতসকলক | ||
পঞ্চমী | তেখেতৰ পৰা | তেখেতসকলৰ পৰা | ||
ষষ্ঠী | তেখেতৰ | তেখেতসকলৰ | ||
সপ্তমী | তেখেত, তেখেতত | তেখেতসকলত |
তৃতীয় পুৰুষৰ সৰ্ব্বনাম — অত, তত।
পুং আৰু স্ত্ৰীলিঙ্গত।
৩১। দ্বিতীয়া বিভক্তিত ইহঁতৰ ব্যৱহাৰ নাই। তৃতীয়াদি বিভক্তিত ইহঁতৰ ত লোপ হয়, কিন্তু চতুৰ্থীৰ অক বিভক্তি [ ৭৭ ] হলে ৰূপ নলৰে। ইহঁত কেৱল একবচনত মাথোন ব্যৱহাৰ হয়।
বিভক্তি | অত | তত | ||
প্ৰথমা | অত | তত | ||
দ্বিতীয়া | নাই | নাই | ||
তৃতীয়া | অৰে এদি বিভক্তি যোগ নহয় |
তৰে
| ||
চতুৰ্থী | অলৈ অত |
তলৈ তত | ||
পঞ্চমী | অৰ পৰা | তৰ পৰা | ||
ষষ্ঠী | অৰ | তৰ | ||
সপ্তমী | অত | তত |
কাৰক৷
৩২। ক্ৰিয়াৰ লগত সম্বন্ধ হলে সৰ্ব্বনাম আৰু বিশেষ্য পদক কাৰক বোলা যায়।
কাৰক ছবিধ :— কৰ্ত্তা, কৰ্ম্ম, কৰণ, সম্প্ৰদান, অপাদান আৰু অধিকৰণ।
কৰ্ত্তাকাৰক।
৩৪। যি ক্ৰিয়া কৰে সি কৰ্ত্তা। কৰ্ত্তাকাৰকত প্ৰথমা বিভক্তি হয়। যেনে, লৰাই পঢ়িছে, মেঘে গাজিছে, সি [ ৭৮ ] শুইছে। ইয়াত পঢ়ন ক্ৰিয়া লৰাই, গাজন ক্ৰিয়া মেঘে, আৰু শোৱন ক্ৰিয়া সি কৰিছে, এতেকে লৰা, মেঘ আৰু সি কৰ্ত্তাকাৰক, আৰু সিহঁতত প্ৰথমা বিভক্তি হৈছে।
কৰ্ম্মকাৰক।
৩৫। যাৰ ওপৰত ক্ৰিয়া হয়,তাক কৰ্ম্ম কাৰক বোলে। কৰ্ম্ম কাৰকত দ্বিতীয়া বিভক্তি হয়। যেনে, গোপালে হৰিক মাৰিলে। ইয়াত, মাৰণ ক্ৰিয়াটো হৰিৰ ওপৰত হৈছে, এতেকে হৰি কৰ্ম্ম কাৰক, আৰু তাত দ্বিতীয়া বিভক্তি হৈছে।
কৰণকাৰক।
৩৬। যাৰ বা যিহৰ দ্বাৰায় কৰ্ত্তাই ক্ৰিয়া সম্পন্ন কৰে তাক কৰণকাৰক বোলে। কৰণকাৰকত তৃতীয়া বিভক্তি হয়। যেনে, সি কুঠাৰেৰে কাঠডোখৰ দুছেও কৰিলে। ইয়াত ছেও দিয়া ক্ৰিয়া কুঠাৰৰ দ্বাৰায় সম্পন্ন কৰা হৈছে, এতেকে কুঠাৰ কৰণকাৰক, আৰু সেই কাৰণে তাত তৃতীয়া বিভক্তি যোগ হৈছে।
সম্প্ৰদানকাৰক।
৩৭। যাক দান কৰা যায়, তাক সম্প্ৰদানকাৰক বোলে। সম্প্ৰদানকাৰকত চতুৰ্থী বিভক্তি হয়। যেনে, দক্ষিণাৰ সলনি তেওঁ পুৰোহিতক এজনী গাই দিছে। ইয়াত গাইজনী পুৰোহিতক দিয়া হৈছে, এতেকে পুৰোহিত সম্প্ৰদানকাৰক, আৰু সেই কাৰণে তাত চতুৰ্থী বিভক্তি যোগ হৈছে। [ ৭৯ ] এই সূত্ৰ মতে গৰাকীয়ে নিজৰ স্বত্ব পৰিত্যাগ কৰি বস্তু দান কৰিলেহে দান কৰা হয়, তেতিয়াহে দানৰ পাত্ৰত চতুৰ্থী বিভক্তি হয়। আগলৈ ঘূৰাই লম বুলি দিলে, বা দিবলগীয়া বস্তু দিলে দান কৰা নহয়। এতেকে ধোবাক কাপোৰ দিলে, বা ৰজাক কৰ দিলে বা আনক কোনো বস্তু ধাৰলৈ দিলে, দান কৰা নহয়, আৰু সেই নিমিত্তে ধোবাত, ৰজাত বা ধৰুৱাত চতুৰ্থী বিভক্তিও যোগ নহয়।
অপাদানকাৰক।
৩৮। যাৰ পৰা বা যিহৰ পৰা উৎপন্ন হোৱা, আৰম্ভ হোৱা বা নিৰস্ত হোৱা বুজায় বা ভয় খোৱা, ৰক্ষা পোৱা বা আঁতৰ হোৱা বুজায়, তাক অপাদানকাৰক বোলে। অপাদানকাৰকত পঞ্চমী বিভক্তি হয়। যেনে, গাখীৰৰ পৰা ঘিঁউ হয়, আৰুতেওজ বছৰৰ পৰা সি ফাৰ্চি পঢ়িবলৈ ধৰিছে, যোৱা বছৰৰ পৰা সি স্কুল এৰিছে, এইবাৰ মই মৃত্যুৰ পৰা ৰক্ষা পালো, ঢোঁৰা সাপৰ পৰা কোনো ভয় নাই, গছৰ পৰা বহুত আম সৰিছে, সি খঙতে ঘৰৰ পৰা ওলাই গল, সি ফাটকৰ পৰা ওলাই আহিছে।
৩৯। সপ্তম্যন্ত পদত তুলনাত কৈ যোগ হলে, সি অপাদানকাৰক হয়। যেনে, ৰামতকৈ হৰি ডাঙৰ। অবধি আৰু অপেক্ষা শব্দৰ যোগতো অপাদানকাৰক হয়। যেনে,
অদ্যাবধি, এনে মানুহ জীয়াই থকা অপেক্ষা। [ ৮০ ]অধিকৰণকাৰক।
৪০। যত বা যিহত ক্ৰিয়া সম্পাদিত হয় তাক অধিকৰণ, কাৰক বোলে। অধিকৰণকাৰকত সপ্তমী বিভক্তি হয়। যেনে, পাটীত শুই আছে। ইয়াত শোৱন ক্ৰিয়া পাৰ্টীত সম্পাদিত হৈছে, এতেকে পাটী অধিকৰণকাৰক, আৰু সেই দেখি তাত সপ্তমী বিভক্তি হৈছে।
৪১। অধিকৰণ দুবিধ হব পাৰে, কাল আৰু ঠাই। কোন কালত বা সময়ত ক্ৰিয়া সম্পাদিত হৈছে, সেই কথা অধিকৰণত প্ৰকাশ হলে, সি কালবোধক অধিকৰণ আৰু কোন ঠাইত ক্ৰিয়া সম্পাদিত হৈছে, সেই কথা অধিকৰণত প্ৰকাশ হলে, সি স্থানবোধক অধিকৰণ। তাৰ বাপেক ভাদ মাহত মৰিছে; ভাদ মাহত কালবোধক অধিকৰণ। সি শিৱসাগৰত উপজিছিল; শিৱসাগৰত স্থানবোধক অধিকৰণ।
কোনো কোনো ব্যাকৰণত ষষ্ঠী বিভক্তিযুক্ত পদক সম্বন্ধকাৰক বুলিছে। আমি তেনেকুৱা পদক কাৰক বোলা নাই। বিভক্তি সাতোটা হলেও আমাৰ বিবেচনাত কাৰক ছটাহে। ক্ৰিয়াৰ লগত সম্বন্ধ নহলে বিশেষ্য বা সৰ্ব্বনামক কাৰক বুলিব নোৱাৰি। সম্বন্ধ পদৰ লগত কোনে৷ ক্ৰিয়াৰ সম্বন্ধ নহয়। ৰজাৰ ঘৰ বুলিলে ‘ৰজাৰ’ এই পদৰ লগত কোনো ক্ৰিয়াৰ সম্বন্ধ প্ৰকাশ নাই। এতেকে তাক কাৰক নুবুলি কেৱল সম্বন্ধ পদ বোলা যুগুত। সম্বন্ধ বুজাবলৈ মাথোন শব্দত ষষ্ঠী বিভক্তি যোগ দিয়া হয়।
⸻
আন হেতুত বা বিশেষ শব্দৰ যোগত
বিশেষ বিশেষ বিভক্তি
প্ৰথমা বিভক্তি।
৪২। কোনো ক্ৰিয়াৰ লগত সম্বন্ধ নেদেখুউৱাকৈ কোনো বস্তুৰ নাম মাত্ৰ উল্লেখ কৰিবলৈ হলে, তাত প্ৰথমা বিভক্তি হয়; কিন্তু বিভক্তিৰ চিন নাথাকে। যেনে, ঘৰ, বাৰী, পশু, পক্ষী, মানুহ, ইত্যাদি।
৪৩। দুজন বা অধিকৰ ভিতৰত পৰস্পৰৰ প্ৰতি পৰস্পৰে কাৰ্য্য কৰা বুজালে, প্ৰথমা বিভক্তি হয়। যেনে, লৰাই লৰাই দ্বন্দ্ব লাগিছে, গৰুৱে গৰুৱে যুজ লাগিছে।
88। সম্বোধনত প্ৰথমা বিভক্তি হয়, কিন্তু বিভক্তিৰ চিন নাথাকে। যেনে, হে হৰি, হেৰি ডাঙৰীয়া, হেৰ ধনবৰ, ইত্যাদি।
৪৫। সংস্কৃত ব্যাকৰণৰ নিয়ম মতে সম্বোধনত
আকাৰান্ত শব্দৰ আ মৰি এ হয়। যেনে, ৰাধা—ৰাধে,
দুৰ্গ।—দুৰ্গে।
ই-কাৰান্ত শব্দৰ ই মৰি এ হয়। যেনে, মুনি—মুনে।
ঈ-কাৰান্ত শব্দৰ ঈ মৰি ই হয়। যেনে, কালী—কালি।
উ-কাৰান্ত শব্দৰ উ মৰি ও হয়। যেনে, প্ৰভু—প্ৰভো।
ঊ-কাৰান্ত শব্দৰ ঊ মৰি উ হয়। যেনে, বধূ—বধু।
ঋ-কাৰান্ত শব্দৰ ঋ মৰি বিসৰ্গ হয়। যেনে, ভ্ৰাতৃ—ভ্ৰাতঃ।
[ ৮২ ] এই দৰে ব্যঞ্জনান্ত শব্দৰো সম্বোধনত ভিন ভিন ৰূপ হয়, কিন্তু
অসমীয়া ভাষাত নহয়। সংস্কৃত ব্যাকৰণৰ একেটা নিয়ম মাথোন
অসমীয়া ভাষাত গ্ৰহণ কৰা দেখা যায়। সেই নিয়ম মতে অসমীয়াতো
ঈ-কাৰান্ত স্ত্ৰীলঙ্গ শব্দ সম্বোধনত ই-কাৰান্ত হয়। যেনে, আই সৰস্বতি!
মোক বিদ্য৷ দান কৰক, হঞে আহিনি, ইত্যাদি। কিন্তু এইটো
নিয়মো সৰ্ব্বত্ৰ চলা নাই। অনেক প্ৰসিদ্ধ লিখকৰ পুথিত ঈ-কাৰান্ত
স্ত্ৰীলিঙ্গ শব্দৰ ঈ সম্বোধনতো ৰাখা দেখা যায়; আমাৰ মতেও ৰখা
উচিত। কিয়নো, এই সম্বন্ধে অসমীয়াত সংস্কৃত ব্যাকৰণৰ কোনোটো
নিয়মেই নচলে, এনে স্থলত এটা নিয়ম চলাবৰ কাৰণ দেখা নাযায়।
৪৬। ধন্য শব্দৰ যোগত বিশেষ্যত প্ৰথমা বিভক্তি হয়। যেনে, ধন্য তুমি, তুমি ধন্য, ধন্য তোমাৰ বুদ্ধি, তোমাৰ বুদ্ধি ধন্য।
দ্বিতীয়া বিভক্তি।
৪৭। আদি, অনুসৰি, পৰ্য্যন্ত শব্দৰ যোগত শব্দত দ্বিতীয়া বিভক্তি হয়। কিন্তু অনেক ঠাইত বিভক্তিৰ চিন নাথাকে। যেনে, ফুকনকে আদি কৰি সকলোৱে তাৰ কথা শুনি বিস্ময় মানিছিল, আজি (আজিক) পৰ্য্যন্ত গৌৰীশিখৰলৈ, কেওঁ যাব পৰা নাই, আৰ্হি (আৰ্হিক) অনুসৰি কাম কৰিলে কামত আউল নালাগে।
৪৮। ধিক্ শব্দৰ যোগত বিশেষ্যত দ্বিতীয়া বিভক্তি হয়। যেনে, তোৰ জীৱনক ধিক্! কিন্তু ধিক্ শব্দ আগত থাকিলে বিভক্তিৰ চিন লোপ হয়। যেনে, ধিক্ তোৰ জীৱন, ধিক্ তোৰ বিদ্যা। [ ৮৩ ] ৪৯। কেতিয়াবা ধন্য শব্দৰ যোগতো দ্বিতীয়া বিভক্তি হয়। যেনে, তোমাক ধন্য, তোমাৰ বুদ্ধিক ধন্য (বিৰল)।
তৃতীয়া বিভক্তি৷
৫০। সৈতে শব্দৰ যোগত শব্দত তৃতীয়া বিভক্তি হয়। যেনে, মই গোপালেৰে সৈতে গৈছিলোঁ।
৫১৷ বিশেষ কৰি দেখুৱাবলৈ নাম শব্দ ব্যৱহাৰ হলে, তাতো তৃতীয় বিভক্তি হয়। যেনে, হাহ-হূহূ নামে (নামেৰে) এজন গন্ধৰ্ব্ব আছিল।
চতুৰ্থী বিভক্তি।
৫২। নমস্কাৰ, প্ৰণাম আৰু দণ্ডবৎ শব্দৰ যোগত শব্দত চতুৰ্থী বিভক্তি হয়। যেনে, আপোনাক নমস্কাৰ, সূৰ্য্যক প্ৰণাম, গুৰুক দণ্ডবৎ। এই এটাইবিলাকত চতুৰ্থীৰ অক বিভক্তি যোগ হৈছে। গুৰুলৈ দণ্ডবৎ, দেৱতালৈ প্ৰণাম, এনেকুৱাও হয়।
৫৩। যা, চা, পাহৰ আদি ধাতুৰ পৰা হোৱা ক্ৰিয়াৰ যোগতো চতুৰ্থী বিভক্তি হয়। যেনে, ঘৰলৈ গৈছে, মোলৈ পাহৰিলা, তোৰ মুখলৈ চাই পুতেৰক এইবাৰ ক্ষমা কৰিলোঁ।
৫৪। নিমিত্ত অৰ্থ বুজালেও চতুৰ্থী বিভক্তি হয়। যেনে, মোলৈ (অৰ্থাৎ মোৰ নিমিত্তে) ভাবিব নালাগে, তালৈ ভাত
ৰান্ধিবা, ইত্যাদি। [ ৮৪ ]পঞ্চমী বিভক্তি।
৫৫। সীমা বুজালে শব্দত পঞ্চমী বিভক্তি হয়। যেনে, গুৱাহাটীৰ পৰা নগাৱঁলৈ ৭৫ মাইল। সি লৰাকালৰ পৰা বুধিয়ক।
৫৬। শুন আদি ক্ৰিয়াৰ যোগত পঞ্চমী বিভক্তি হয়। যেনে, তাৰ মুখৰ পৰা শুনিলোঁ।
৫৭। সিদ্ধা ক্ৰিয়া লোপ হলে শব্দত পঞ্চমী বিভক্তি হয়। যেনে, পৰ্ব্বতৰ টিঙৰ পৰা গোটেইখন দেশ দেখা যায়, অৰ্থাৎ পৰ্ব্বতৰ টিঙত উঠিলে৷ পৰ্ব্বতৰ পৰা চালোঁ, অৰ্থাৎ পৰ্ব্বতত উঠি চালোঁ।
৫৮। আৰম্ভণ বুজালেও পঞ্চমী বিভক্তি হয়। যেনে, সোমবাৰৰ পৰা পৰীক্ষা হব, অৰ্থাৎ আৰম্ভ হব।
ষষ্ঠী বিভক্তি।
৫৯। কোনো বস্তুৰ লগত সম্বন্ধ বুজালে শব্দত যষ্ঠী বিভক্তি হয়। যেনে, ঈশ্বৰৰ সৃষ্টি, গছৰ পাত, মোৰ হাত। ষষ্ঠী বিভক্তি হলে শব্দক সম্বন্ধ পদ বোলা যায়।
৬০। প্ৰতি, নিমিত্তে, কাৰণে, অৰ্থে, মতে, হতুৱাই, নিচিনা, দৰে, বাজে, বাহিৰ, ভিতৰ, অনুসাৰে, ইত্যাদি শব্দৰ যোগত শব্দত ষষ্ঠী বিভক্তি হয়। যেনে, দুখীয়াৰ প্ৰতি দয়ালু হবা, জ্ঞানৰ নিমিত্তে বিদ্যা আৰ্জিবা, তাৰ কাৰণে মই বিপদত পৰিলোঁ, ধনৰ অৰ্থে শ্ৰম কৰিলেহে ধন হয়, ৰামৰ [ ৮৫ ] হতুৱাই চিঠি লিখালো, গোপাল ৰামৰ নিচিনা নহয়, ঈশ্বৰৰ বাজে বিপদত তাৰোঁত৷ নাই, বৰষুণত ঘৰৰ বাহিৰ হব নোৱাৰি, গুণৰ ভিতৰত বিনয় ডাঙৰ, মধুৰ দৰে মানুহ পাবলৈ টান, বিধিৰ অনুসাৰে অনুষ্ঠান হোৱা উচিত।
৬১। বাজে শব্দৰ যোগত কেতিয়াবা সপ্তমী বিভক্তিও হয়। যেনে, এই মোৰ সৰ্ব্বস্ব, ইয়াত বাজে মোৰ আৰু একো নাই।
৬২। অনুসাৰে শব্দ পাচত থাকিলে শব্দত বিভক্তিৰ চিন প্ৰায় নাথাকে। যেনে, বিধি অনুসাৰে অনুষ্ঠান।
৬৩। অনুৰূপ অৰ্থতো শব্দত ষষ্ঠী বিভক্তি হয়। যেনে, বিদ্যাৰ সাগৰ, শোকৰ অগ্নি।
৬৪। পাচে, পাচত, পাচে পাচে, ওপৰত, আৰু উপৰি শব্দৰ যোগতো ষষ্ঠী বিভক্তি হয়।যেনে, তাৰ পাচত কি হল? তাৰ পাচে? গোপালৰ পাচে পাচে হৰি গৈছিল, কোনো কথাত আনৰ ওপৰত নিৰ্ভৰ কৰা উচিত নহয়, এইবোৰ বস্তুৰ উপৰিও দুহেজাৰ ৰূপ দিছিল।
সপ্তমী বিভক্তি।
৬৫। দুটা বস্তুৰ ভিতৰত এটা আনটোতকৈ ভাল বা বেয়৷ দেখুৱাবলৈ সপ্তমী বিভক্তি হয়। সপ্তমী বিভক্তি হোৱাৰ পাচত তাত এটা কৈ শব্দ যোগ হয়। যেনে, ৰামতকৈ হৰি ভাল, হৰিতকৈ কৃষ্ণ বিদ্যাৱন্ত, পাৰতকৈ হাঁহ লেতেৰা বস্তু। [ ৮৬ ] ৬৬। বিনে আৰু বিনা শব্দৰ যোগত শব্দত সপ্তমী বিভক্তি হয়। যেনে, ঈশ্বৰত বিনে তাৰোঁতা নাই। বিনা ধনে কোনো কাম নিসিজে, (সপ্তমীৰ অত কেতিয়াবা এ হয় )।
৬৭। উঠ, পৰ, বহ, ধৰ, কোবা আদি ক্ৰিয়াৰ যোগত শব্দত সপ্তমী বিভক্তি হয়। যেনে, গছত উঠ, হাতীত উঠ, মাটিত পৰিল, পানীত পৰিল, পিৰাত বহিছে, হাতত ধৰ, চুলিত ধৰ, মূৰত কোবা।
হাতত সাৰে ভৰিত সাৰে, দোপত দোপে, দিনক দিনে, কথাক কথাই, তিৰীক তিৰী, এইবিলাক খণ্ড বাক্যত থকা শব্দবিলাকৰ বিভক্তি মনত ৰাখা উচিত।
বিশেষণ – সৰ্ব্বনাম।
৬৮। যিবিলাক সৰ্ব্বনাম শব্দে সংজ্ঞা শব্দবিলাকৰ ভিতৰত প্ৰভেদ দেখুৱায়, সিহঁতক বিশেষণ সৰ্ব্বনাম বোলে।
৬৯। বিশেষণ সৰ্ব্বনাম প্ৰায়বিলাকেই, ই, সি, যি, আৰু কোন ব্যক্তিবোধক সৰ্ব্বনামৰ ৰূপভেদ, অৰ্থাৎ সেই বিলাক সৰ্ব্বনামৰ পৰা উৎপন্ন হোৱা শব্দ।
৭০। ই সৰ্ব্বনামৰ পৰা উৎপন্ন:— ই, এই, এইয়া, এনে, এনেকুৱা, ইমান, এতেক।
৭১৷ সি সৰ্ব্বনামৰ পৰা উৎপন্ন:—সি, সেই, সেইয়া, সৌ, সৌৱা, তেনে, তেনেকুৱা, সিমান, তিমান, তেতেক। [ ৮৭ ] ৭২। যি সৰ্ব্বনামৰ পৰা উৎপন্ন:—যি, যোন, যেই, যেনে, যেনেবা, যেনেকুৱা, যিমান, যেতেক।
৭৩। কোন সৰ্ব্বনামৰ পৰা উৎপন্ন:—কোন, কোনো, কোনোবা, কি, কেই, কেনে, কেনেবা, কেনেকুৱা, কিমান, কেতেক।
৭৪। এইবিলাকৰ বাজে আৰু বিশেষণ সৰ্ব্বনাম:— অকল, স্বয়ং, আপোন, অন্য, আন, সকলো, আটাই বা এটাই, কিছু, কিছুমান, কিঞ্চিৎ, কিঞ্চিৎমান।
৭৫। বিশেষণ সৰ্ব্বনাম সদায় এটা সংজ্ঞা শব্দৰ আগত থাকে। সেই সংজ্ঞা শব্দ বাক্যত প্ৰায় প্ৰকাশ থাকে, কেতিয়াবা উহ্যও থাকিব পাৰে।
৭৬। স্বয়ং আৰু আপোন সৰ্ব্বনামত বাজে আনবিলাক সৰ্ব্বনাম সদায় তৃতীয় পুৰুষ। স্বয়ং আৰু আপোন যি সংজ্ঞা শব্দৰ আগত থাকে, সেই সংজ্ঞা শব্দৰ পুৰুষেই সিহঁতৰ পুৰুষ হয়। বিশেষণ সৰ্ব্বনামৰ লিঙ্গ নাই।
৭৭। এইয়া, সেইয়া, সৌৱা, যেই, কেই, যেনেবা, অকল, স্বয়ং, কিছু, কিছুমান, কিঞ্চিৎ, কিঞ্চিৎমান, এই কেইটাত বাজে বাকীবিলাক বিশেষণ সৰ্ব্বনাম দুয়ো বচনত ব্যৱহাৰ হয়।
৭৮। বিশেষণ সৰ্ব্বনাম বহুবচন হলে, তাৰ সংজ্ঞা শব্দ একবচনৰ ৰূপত থাকে। যেনে, এনে লৰা, এনেবিলাক লৰা, যি লৰাই, যিবিলাক লৰাই।
৭৯। কিছু আৰু কিছুমান সদায় বহুবচন, আৰু সিহঁত [ ৮৮ ] সংখ্যা আৰু পৰিমাণ বুজুৱা দুয়োবিধ সংজ্ঞা শব্দৰ লগত থাকে। যেনে, কিছু বা কিছুমান মানুহ, কিছু বা কিছুমান লোণ।
৮০। কিঞ্চিৎ আৰু কিঞ্চিৎমান সদায় বহুবচন, কিন্তু সিহঁত কেৱল পৰিমাণ বুজুৱা সংজ্ঞা শব্দৰ লগত থাকে। যেনে, কিঞ্চিৎ বা কিঞ্চিৎমান লোণ।
৮১। আটাই বা এটাই সৰ্ব্বনামত বহুবচনৰ চিন যোগ নহলেও সংজ্ঞা শব্দ ভাবত বহুবচন হয়। যেনে, আটাই মানুহে, অৰ্থাৎ মানুহ জাতিয়ে। আটাইবিলাক মানুহে বুলিলে, প্ৰায় বিশেষ দেশৰ বা জাতিৰ মানুহে বুজায়।
৮২। কোন, কি, কেই, কেনে, কেনেকুৱা, আৰু কিমান সৰ্ব্বনাম প্ৰশ্ন বাক্যত বা প্ৰশ্নৰ ভাব থকা বাক্যত মাথোন ব্যৱহাৰ হয়। যেনে, কোন মানুহ? কি কথা? কেনেকুৱা ৰূপ? কিমান দিন?
৮৩। কেই সৰ্ব্বনামত টা, জন, ডাল আদি তদ্ধিত প্ৰত্যয় যোগ হয়, আৰু অন্তত কেতিয়াবা মান শব্দ লগোৱা হয়। যেনে, কেইটা বা কেইজন মানুহ? কেইডাল গছ? কেইজনমান মানুহ আছিল?
৮৪। কেই সৰ্ব্বনাম প্ৰশ্ন বা প্ৰশ্নৰ ভাব নথকা বাক্যতো ব্যৱহাৰ হব পাৰে, কিন্তু তেতিয়া অন্তত মান শব্দ যোগ নহৈ নাথাকে। যেনে, তাত কেইটামান লৰাও দেখিছিলোঁ।
৮৫। ই, সি, যি, কোন, কোনো কোনোবা, সকলো, [ ৮৯ ] এইবিলাক সৰ্ব্বনামৰ পাচত সংজ্ঞা শব্দ নাথাকিলে, সিহঁত ব্যক্তিবোধক সৰ্বনাম হয়।
৮৬। ই আৰু সি একবচনত কেৱল নিৰ্জীৱ বস্তুতহে ব্যৱহাৰ হয়, বহুবচনত সজীৱ নিৰ্জ্জীৱ দুয়োতে ব্যৱহাৰ হব পাৰে। যেনে, ই পুৰি, সি পুৰি, কিন্তু ইবোৰ গাখীৰ, ইবোৰ লৰা, সিবোৰ পানী, সিবোৰ মানুহ।
৮৭। আপোন বিশেষণ-সৰ্ব্বনামৰ বহুবচনৰ ৰূপ নাই। বহুবচনতো তাৰ ব্যক্তিবোধক-সৰ্ব্বনাম আপোনৰ একবচনৰ ৰূপৰ নিচিনা ৰূপ হয়। কিন্তু সংজ্ঞা শব্দৰ যি কাৰক, তাৰো . সেই কাৰক হয়। যেনে, মই আপুনি দিছিলোঁ, মোৰ আপোনাৰ ভাই, সিহঁতে আপুনি যাব, তোমালোকৰ আপোনাৰ ঘৰ।
৮৮। এইয়া, সেইয়া, সৌৱা, এই কেইটা বিশেষণ- সৰ্ব্বনামৰ লগত সংজ্ঞা শব্দ প্ৰকাশ নাথাকে।
৮৯। প্ৰায় বিশেষণ-সৰ্ব্বনামৰ পাচত একবচনত টো, জন, ডাল আদি তদ্ধিত প্ৰত্যয় যোগ হয়, কিন্তু এইয়া, সেইয়া, সৌৱা, অকল, স্বয়ং, কিছু, কিছুমান, কিঞ্চিৎ, কিঞ্চিৎমান এই কেইটা সৰ্ব্বনামত যোগ নহয়।
৯০। এটা বিশেষণ-সৰ্বনাম দুবাৰ উক্ত হলে, তাৰ সংজ্ঞা শব্দ ভাবত বহুবচন হয়। যেনে, কোনো কোনো পণ্ডিতে বিধৱাৰ বিবাহ শাস্ত্ৰসঙ্গত বুলি কয়, অৰ্থাৎ কিছুমান পণ্ডিতে। [ ৯০ ] ৯১। টি, খিনি, ফেৰি আদি তদ্ধিত প্ৰত্যয়, বা বহুবচনৰ চিন, বা বেলি বা পৰ শব্দ পাচত থাকিলে, এতেক, তেতেক, কেতেক, আৰু যেতেক সৰ্ব্বনামৰ শেষৰ ক লোপ হয়। যেনে, এতেটি চাউল, এতে বেলি, এতে পৰ, কেতে বেলি, কেতে পৰ, যেতে ফেৰি, এতেবোৰ, তেতেবিলাক, ইত্যাদি।
৯২। বহুবচনৰ চিন বোৰ, বিলাক যোগ হলে কেতেক শব্দ কেত্ হয়। যেনে, কেত্বোৰ, কেতবিলাক।
কালবোধক—সৰ্ব্বনাম।
৯৩। যিবিলাক সৰ্ব্বনাম শব্দে সময় বুজায় সিহঁতক কালবোধক-সৰ্ব্বনাম বোলে।
৯৪। কালবোধক সৰ্ব্বনাম:—এতিয়া, তেতিয়া, কেতিয়া, যেতিয়া, কাহানি, তাহানি, অথনি, আজি, কালি, পৰশুই বা পৰহি।
১৫। কালবোধক সৰ্ব্বনাম দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, আৰু যষ্ঠী বিভক্তিত ব্যৱহাৰ হয়। যেনে, এতিয়াৰে সৈতে আগৰ দিন একে নহয়, এতিয়াৰ পৰা লিখিলেহে লিখি অঁতাব পাৰিব৷ তাহানিৰ কথা মনত আছে নে? এতিয়াক তেতিয়া যেন নাভাবিব। তেতিয়ালৈ সি যাবই।
৯৬। বিভক্তি যোগ নহলে কালবোধক-সৰ্ব্বনাম ক্ৰিয়া-
বিশেষণ হয়। যেনে, সি কালি গল, কাহানি আহিলা? [ ৯১ ]স্থানবোধক—সৰ্ব্বনাম।
৯৭। যিবিলাক সৰ্ব্বনাম শব্দে ঠাই বুজায়, সিহঁতক স্থানবোধক-সৰ্ব্বনাম বোলে।
৯৮। স্থানবোধক-সৰ্ব্বনাম:— ইয়ালৈ, ইয়াৰ পৰা, ইয়াৰ, ইয়াত, তালৈ, তাৰপৰা, তাৰ, তাত, তলৈ, তৰপৰা, তৰ, তত, কলৈ, কৰপৰা, কৰ, কত, যলৈ, যৰপৰা, যৰ, যত, অলৈ, অৰপৰা, অৰ, অত।
৯৯। প্ৰথমা, দ্বিতীয়া, আৰু তৃতীয়া বিভক্তিত স্থানবোধক-সৰ্ব্বনামৰ ব্যৱহাৰ নাই।
১০০। স্থানবোধক আৰু কালবোধক-সৰ্ব্বনামত চতুৰ্থীৰ লৈ বিভক্তিৰ পাচত কে যোগ দিলে, পৰ্য্যন্ত অৰ্থ হয়। যেনে, ইয়ালৈকে=এই ঠাই পৰ্য্যন্ত, তালৈকে=সেই ঠাই পৰ্য্যন্ত, তেতিয়ালৈকে=সেই সময় পৰ্য্যন্ত, যেতিয়ালৈকে=যি সময় পৰ্য্যন্ত।
⸻⸻