বহল ব্যাকৰণ/ষষ্ঠ অধ্যায়
ষষ্ঠ অধ্যায়৷
⸺:✱:⸺
বিশেষণ
১। যিবিলাক শব্দে বিশেষ্যৰ গুণ প্ৰকাশ কৰে, সিহঁতক বিশেষণ বোলে। যেনে, তপত পানী। ইয়াত তপত শব্দটোৱে পানীৰ এটা বিশেষ গুণ প্ৰকাশ কৰিছে, এতেকে সি পানী বিশেষ্যৰ বিশেষণ।
২। বিশেষণত বিভক্তি যোগ নহয়, বিশেষ্যটোৰ যি বিভক্তি, তাৰো সেই বিভক্তি বুলি ধৰা হয়।
৩। পুংলিঙ্গত আৰু স্ত্ৰীলিঙ্গত বিশেষণৰ ৰূপ ভিন ভিন হয়, ক্লীবলিঙ্গত নহয়, তাৰ পুংলিঙ্গৰ ৰূপেই ক্লীবলিঙ্গৰ ৰূপ। যেনে, সুন্দৰ লৰা, সুন্দৰী ছোৱালী, সুন্দৰ পৰ্ব্বত।
সংজ্ঞা শব্দৰ লিঙ্গ পৰিবৰ্ত্তনৰ বিষয়ে যিবিলাক নিয়ম আগত দিয়া হৈছে, সেইবিলাক নিয়মেই সম্ভৱমতে বিশেষণতো খাটে। এতেকে সিহঁতক দুনাই ইয়াত উক্তি কৰিবৰ প্ৰয়োজন নাই। নিয়ম সম্বন্ধে কেৱল এটা কথা মাথোন উল্লেখৰ যোগ্য।
৪। অসমীয়া পুংলিঙ্গ শব্দ স্ত্ৰীলিঙ্গ কৰিবলৈ হলে, তাৰ অন্তত প্ৰায়েই ঈ-কাৰ যোগ হয়। ঈ-কাৰ যোগ হলে শব্দৰ [ ৯৩ ] শেষৰ স্বৰ লোপ হয়, আৰু শব্দৰ আদিত অ-কাৰ থাকিলে সি আ-কাৰ হয়, আৰু ও কাৰ থাকিলে উ-কাৰ হয়। যেনে,
পুংলিঙ্গ
|
স্ত্ৰীলিঙ্গ
|
পুংলিঙ্গ
|
স্ত্ৰীলিঙ্গ
|
এই উদাহৰণবিলাকৰ কিছুমান সংজ্ঞা শব্দৰ লিঙ্গ পৰিবৰ্ত্তনৰ উদাহৰণৰ ভিতৰত পৰিছে। অনেক সময়ত বিশেষণ শব্দ বাক্যত বিশেষ্যৰূপে ব্যৱহাৰ হয়। সেইবিলাক শব্দ যদিও আচলত বিশেষণ, তাত সিহঁতক বিশেষ্য পদ বুলি ধৰিব লাগে।
৫। কোনো কোনো বিশেষণ শব্দৰ স্ত্ৰীলিঙ্গত ৰূপ একেবাৰে বেলেগ হয়। যেনে, পুং ৰঙ্গা স্ত্ৰী ৰাঙ্গলী, পুং কলা স্ত্ৰী কালৰী, পুং বেঙা স্ত্ৰী বেঙেৰী ইত্যাদি।
৬। কোনো কোনো বিশেষণ শব্দৰ স্ত্ৰীলিঙ্গত ৰূপ ভিন নহয়। যেনে, ভাল, বেয়া, ওখ, চাপৰ, সৰু, ডাঙৰ ইত্যাদি।
৭। সংখ্যাবোধক বা বিশেষণ শব্দ আগত যোগ হলে [ ৯৪ ] বিশেষ্যও বিশেষণ হয়। যেনে, একলহ পানী, এজাক গৰু, এঘৰ মানুহ, মহাপ্ৰাণ বৰ্ণ, অলপ ভাগ সম্পত্তি ইত্যাদি। স্ত্ৰীলিঙ্গত ইহঁতৰ ৰূপ ভিন নহয়।
৮। কেতিয়াবা বিশেষ্য শব্দও বিশেষণ স্বৰূপে ব্যৱহাৰ হয়। যেনে, পানী কেচুৱা, গাধ লৰা, লাতুৰ চৰণ ইত্যাদি।
৯। বাক্যত বিশেষণ বিশেষ্য পদৰ পাচত ব্যৱহাৰ হলে, তাত স্ত্ৰীলিঙ্গৰ চিন প্ৰায় নাথাকে। যেনে, ছাগলীজনী কলা, ছোৱালীজনী অঁকৰা। কিন্তু কলী ছাগলী; আঁকৰী ছোৱালী।
১০। বস্তুৰ গুণৰ হীনডেঢ়ি বুজাবলৈ সংস্কৃত ভাষাত, দুটাৰ ভিতৰত হলে বিশেষণৰ পাচত তৰ আৰু সৰহৰ ভিতৰত হলে তম যোগ কৰা হয়। যেনে, গুৰুতৰ গুৰুতম, উচ্চতৰ উচ্চতম, শুভ্ৰতৰ শুভ্ৰতম ইত্যাদি।
অসমীয়া ভাষাত সাধাৰণতঃ বস্তুৰ গুণৰ হীনডেঢ়ি প্ৰকাশ কৰিবলৈ বিশেষণত তৰ আৰু তম যোগ নহয়। তাত হীন বস্তুটোৰ নামত কৈ যোগ দি তেনেকুৱা ভাব প্ৰকাশ কৰা হয়। যেনে, ৰাঙত্কৈ সোণ গধুৰ, লো সকলো ধাতুতকৈ গধুৰ ধাতু। কিন্তু গহীন ভাবৰ অসমীয়াত কেতিয়াবা তৰ, তম বিশেষণত যোগ হয়। যেনে, এইটো সিটোতকৈ গুৰুতৰ বিষয়, পৃথিবীৰ ভিতৰত হিমালয় উচ্চতম গিৰি।
বিশেষণীয় বিশেষণ।
১১৷ বিশেষণৰ গুণৰ হীনডেঢ়ি বুজাবলৈ যি বিশেষণ ব্যৱহাৰ কৰা হয়, তাক বিশেষণীয় বিশেষণ বোলে। যেনে, [ ৯৫ ] লৰাটো নিচেই চেৰেলা, মানুহ গৰাকী বৰ কট্কিনা। ইয়াত নিচেই আৰু বৰ বিশেষণীয় বিশেষণ, কাৰণ নিচেই শব্দ চেৰেলা বিশেষণৰ, আৰু বৰ শব্দ কট্কিনা বিশেষণৰ আগত থাকি সিহঁতৰ হীনডেঢ়ি প্ৰকাশ কৰিছে।
১২। এনে, তেনে, কেনে, যেনে, এনেকুৱা, তেনেকুৱা আদি কিছুমান বিশেষণ-সৰ্ব্বনাম শব্দকো বিশেষণীয় বিশেষণ স্বৰূপে ব্যৱহাৰ কৰা হয়। যেনে, এনে বেয়া কথা, এনেকুৱা টান পুথি।
ক্ৰিয়া বিশেষণ।
১৩। ক্ৰিয়াৰ গুণ, সময় বা ঠাই বুজাবলৈ যি শব্দ ব্যৱহাৰ কৰা যায়, তাক ক্ৰিয়া বিশেষণ বোলে। যেনে, খৰকৈ বুলিবা, সোনকালে আহিবা, তালৈ নাযাবা। ইয়াত খৰকৈ শব্দে বুলিব৷ ক্ৰিয়াৰ গুণ, সোনকালে শব্দে আহিবা ক্ৰিয়াৰ সময় আৰু তালৈ শব্দে নাযাব৷ ক্ৰিয়াৰ ঠাই বুজাইছে, এতেকে খৰকৈ, সোনকালে আৰু তালৈ ক্ৰিয়া বিশেষণ।
১৪। আন এটা ক্ৰিয়া বিশেষণৰ গুণ বুজাবলৈ যি শব্দ ব্যৱহাৰ কৰা যায় তাকে৷ ক্ৰিয়া বিশেষণ বোলে। যেনে, বৰ খৰকৈ নপঢ়িবা। ইয়াত বৰ শব্দে খৰকৈ ক্ৰিয়া বিশেষণৰ গুণ বুজাইছে। এতেকে সি ক্ৰিয়া বিশেষণ।
১৫। প্ৰচলিত ক্ৰিয়া বিশেষণ:—পুনৰ, পুনৰায়, আকৌ, দুনাই, অকস্মাৎ, হঠাৎ, আচম্বিতে, আগে, আগেয়ে, আগৈ, [ ৯৬ ] পাচে, সোনকালে, ততালিকে, অথনি, হবলা, অতি, অতিশয়, অতিপাত, মাথোন, ন, নৌ, সদায়, নিতৌ, দিনৌ, দিনা, কেলৈ, কিয়, কতবা, যেনি, কেনি, তেনি, কেনিবা, কদাচিত, কাচিত, তেন্তে, বৰং, আজি, কালি, পৰশুই বা পৰহি, ইত্যাদি।
১৬। পুৰণি অসমীয়া পদ্যত ব্যৱহাৰ হোৱা ক্ৰিয়া বিশেষণ:— যাৱত, তাৱত, যাৱতে, তাৱতে, যৈসানি, তৈসানি, ইত্যাদি।
১৭। বিশেষণত আৰু কোনো কোনো বিশেষণ-সৰ্ব্বনামত কৈ, ভাবে, ৰূপে, দৰে, আদি শব্দ যোগ দিলে সি ক্ৰিয়া বিশেষণ হয়। যেনে, ভাল—ভালকৈ, ভালভাবে, ভালৰূপে, ভালদৰে; এনে—এনেকৈ, এনেভাবে, এনেৰূপে, এনেদৰে ইত্যাদি।
১৮। বিশেষণ শব্দত একাৰ যোগ দিলে সি ক্ৰিয়া বিশেষণ হয়। যেনে, ভাল—ভালে আহিল, কুশল—কুশলে আছে, অকলশৰ—অকলশৰে নাযাবা, ইত্যাদি।
১৯। কেতিয়াবা ক্ৰিয়া বিশেষণ দুবাৰ উক্ত কৰা হয়। যেনে, ভালে ভালে, মনে মনে, শীঘ্ৰে শীঘ্ৰে, ইত্যাদি।
২০। কেতিয়াবা বিশেষ্য শব্দত একাৰ যোগ দিও ক্ৰিয়া বিশেষণ কৰা হয়। এনেকুৱা ক্ৰিয়া বিশেষণ প্ৰায় দুবাৰ উক্ত হয়। যেনে, দিন—দিনে দিনে, বাৰ—বাৰে বাৰে, মন—মনে মনে, কাণ—কাণে কাণে, ইত্যাদি।
[ ৯৭ ] ২১। অণুকাৰ (অণুকাৰ শব্দৰ সূত্ৰ চোৱাঁ) শব্দত আই যোগ দিলে সি ক্ৰিয়া বিশেষণ হয়। যেনে, গিৰিস্— গিৰিসাই, টপৰ—টপৰাই, টঙৰ—টঙৰাই।
২২। অথনি আৰু কালি কেৱল অতীত কালৰ ক্ৰিয়াৰ লগত ব্যৱহাৰ হয়। ভবিষ্যৎ কালৰ ক্ৰিয়াৰ লগত ব্যৱহাৰ কৰিলে অথনি অথনিকৈ, আৰু কালি কালিলৈ হয়। যেনে, অথনি আহিল, অথনিকৈ আহিবা, কালি গৈছিলোঁ, কালিলৈ যাম।
২৩। পৰিমিত শব্দ এই বা সেই বিশেষণ-সৰ্ব্বনামৰ পাচত থাকিলে ক্ৰিয়া বিশেষণ হয়। যেনে, সি এই পৰিমিত কামত হাত দিয়া নাই।
⸻⸻