পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
বহুল ব্যাকৰণ।

সংখ্যা আৰু পৰিমাণ বুজুৱা দুয়োবিধ সংজ্ঞা শব্দৰ লগত থাকে। যেনে, কিছু বা কিছুমান মানুহ, কিছু বা কিছুমান লোণ।

 ৮০। কিঞ্চিৎ আৰু কিঞ্চিৎমান সদায় বহুবচন, কিন্তু সিহঁত কেৱল পৰিমাণ বুজুৱা সংজ্ঞা শব্দৰ লগত থাকে। যেনে, কিঞ্চিৎ বা কিঞ্চিৎমান লোণ।

 ৮১। আটাই বা এটাই সৰ্ব্বনামত বহুবচনৰ চিন যোগ নহলেও সংজ্ঞা শব্দ ভাবত বহুবচন হয়। যেনে, আটাই মানুহে, অৰ্থাৎ মানুহ জাতিয়ে। আটাইবিলাক মানুহে বুলিলে, প্ৰায় বিশেষ দেশৰ বা জাতিৰ মানুহে বুজায়।

 ৮২। কোন, কি, কেই, কেনে, কেনেকুৱা, আৰু কিমান সৰ্ব্বনাম প্ৰশ্ন বাক্যত বা প্ৰশ্নৰ ভাব থকা বাক্যত মাথোন ব্যৱহাৰ হয়। যেনে, কোন মানুহ? কি কথা? কেনেকুৱা ৰূপ? কিমান দিন?

 ৮৩। কেই সৰ্ব্বনামত টা, জন, ডাল আদি তদ্ধিত প্ৰত্যয় যোগ হয়, আৰু অন্তত কেতিয়াবা মান শব্দ লগোৱা হয়। যেনে, কেইটা বা কেইজন মানুহ? কেইডাল গছ? কেইজনমান মানুহ আছিল?

 ৮৪। কেই সৰ্ব্বনাম প্ৰশ্ন বা প্ৰশ্নৰ ভাব নথকা বাক্যতো ব্যৱহাৰ হব পাৰে, কিন্তু তেতিয়া অন্তত মান শব্দ যোগ নহৈ নাথাকে। যেনে, তাত কেইটামান লৰাও দেখিছিলোঁ।

 ৮৫। ই, সি, যি, কোন, কোনো কোনোবা, সকলো,