পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
বহল ব্যাকৰণ।

হতুৱাই চিঠি লিখালো, গোপাল ৰামৰ নিচিনা নহয়, ঈশ্বৰৰ বাজে বিপদত তাৰোঁত৷ নাই, বৰষুণত ঘৰৰ বাহিৰ হব নোৱাৰি, গুণৰ ভিতৰত বিনয় ডাঙৰ, মধুৰ দৰে মানুহ পাবলৈ টান, বিধিৰ অনুসাৰে অনুষ্ঠান হোৱা উচিত।

 ৬১। বাজে শব্দৰ যোগত কেতিয়াবা সপ্তমী বিভক্তিও হয়। যেনে, এই মোৰ সৰ্ব্বস্ব, ইয়াত বাজে মোৰ আৰু একো নাই।

 ৬২। অনুসাৰে শব্দ পাচত থাকিলে শব্দত বিভক্তিৰ চিন প্ৰায় নাথাকে। যেনে, বিধি অনুসাৰে অনুষ্ঠান।

 ৬৩। অনুৰূপ অৰ্থতো শব্দত ষষ্ঠী বিভক্তি হয়। যেনে, বিদ্যাৰ সাগৰ, শোকৰ অগ্নি।

 ৬৪। পাচে, পাচত, পাচে পাচে, ওপৰত, আৰু উপৰি শব্দৰ যোগতো ষষ্ঠী বিভক্তি হয়।যেনে, তাৰ পাচত কি হল? তাৰ পাচে? গোপালৰ পাচে পাচে হৰি গৈছিল, কোনো কথাত আনৰ ওপৰত নিৰ্ভৰ কৰা উচিত নহয়, এইবোৰ বস্তুৰ উপৰিও দুহেজাৰ ৰূপ দিছিল।

সপ্তমী বিভক্তি।

 ৬৫। দুটা বস্তুৰ ভিতৰত এটা আনটোতকৈ ভাল বা বেয়৷ দেখুৱাবলৈ সপ্তমী বিভক্তি হয়। সপ্তমী বিভক্তি হোৱাৰ পাচত তাত এটা কৈ শব্দ যোগ হয়। যেনে, ৰামতকৈ হৰি ভাল, হৰিতকৈ কৃষ্ণ বিদ্যাৱন্ত, পাৰতকৈ হাঁহ লেতেৰা বস্তু।