পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
বহল ব্যাকৰণ।
বিভক্তি একবচন   বহুবচন
চতুৰ্থী এওঁলৈ

এওঁক

এওঁবিলাকলৈ

এওঁবিলাকক

পঞ্চমী এওঁৰ পৰা এওঁবিলাকৰ পৰা
ষষ্ঠী এওঁৰ এওঁবিলাকৰ
সপ্তমী এওঁত এওঁবিলাকত

তৃতীয় পুৰুষৰ সৰ্ব্বনাম — যি।
তিনিও লিঙ্গত।

 ২১। প্ৰথমাত বাজে আন বিভক্তিৰ একবচনত যি যা হয়। ইয়াৰ বহুবচন কৰিবলৈ অনাদৰত বোৰ বা বিলাক, আদৰত বিলাক আৰু সম্ভ্ৰমত সকল যোগ দিয়া হয়। কোনো কোনো ঠাইত প্ৰথমা বিভক্তিৰ দুয়ো বচনত, আৰু আন বিভক্তিৰ বহুবচনত যি সৰ্ব্বনামৰ সলনি যোন ব্যৱহাৰ হয়।

বিভক্তি একবচন   বহুবচন
প্ৰথমা যি, যোনে যিবিলাকে, যোনবিলাকে
দ্বিতীয়া যাক যিবিলাকক, যোনবিলাকক
তৃতীয়া যাৰে

(আনবিলাক ওপৰৰ দৰে)

যিবিলাকেৰে, যোনবিলাকেৰে

(আনবিলাক ওপৰৰ দৰে)

চতুৰ্থী যালৈ

যাক

যিবিলাকলৈ, যোনবিলাকলৈ

যিবিলাকক, যোনবিলাকক

পঞ্চমী যাৰ পৰা যিবিলাকৰ পৰা, যোনবিলাকৰ পৰা