পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
বহল ব্যাকৰণ

আন হেতুত বা বিশেষ শব্দৰ যোগত
বিশেষ বিশেষ বিভক্তি
প্ৰথমা বিভক্তি।

 ৪২। কোনো ক্ৰিয়াৰ লগত সম্বন্ধ নেদেখুউৱাকৈ কোনো বস্তুৰ নাম মাত্ৰ উল্লেখ কৰিবলৈ হলে, তাত প্ৰথমা বিভক্তি হয়; কিন্তু বিভক্তিৰ চিন নাথাকে। যেনে, ঘৰ, বাৰী, পশু, পক্ষী, মানুহ, ইত্যাদি।

 ৪৩। দুজন বা অধিকৰ ভিতৰত পৰস্পৰৰ প্ৰতি পৰস্পৰে কাৰ্য্য কৰা বুজালে, প্ৰথমা বিভক্তি হয়। যেনে, লৰাই লৰাই দ্বন্দ্ব লাগিছে, গৰুৱে গৰুৱে যুজ লাগিছে।

 88। সম্বোধনত প্ৰথমা বিভক্তি হয়, কিন্তু বিভক্তিৰ চিন নাথাকে। যেনে, হে হৰি, হেৰি ডাঙৰীয়া, হেৰ ধনবৰ, ইত্যাদি।

 ৪৫। সংস্কৃত ব্যাকৰণৰ নিয়ম মতে সম্বোধনত আকাৰান্ত শব্দৰ আ মৰি এ হয়। যেনে, ৰাধা—ৰাধে, দুৰ্গ।—দুৰ্গে।
ই-কাৰান্ত শব্দৰ ই মৰি এ হয়। যেনে, মুনি—মুনে।
ঈ-কাৰান্ত শব্দৰ ঈ মৰি ই হয়। যেনে, কালী—কালি।
উ-কাৰান্ত শব্দৰ উ মৰি ও হয়। যেনে, প্ৰভু—প্ৰভো।
ঊ-কাৰান্ত শব্দৰ ঊ মৰি উ হয়। যেনে, বধূ—বধু।

ঋ-কাৰান্ত শব্দৰ ঋ মৰি বিসৰ্গ হয়। যেনে, ভ্ৰাতৃ—ভ্ৰাতঃ।