পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
বহল ব্যাকৰণ।
বিভক্তি একবচন   বহুবচন
প্ৰথমা আপুনি আপোনালোকে
দ্বিতীয়া আপোনাক আপোনালোকক
তৃতীয়া আপোনাৰে

(আনবিলাক ওপৰৰ দৰে)

আপোনালোকেৰে

(আনবিলাক ওপৰৰ দৰে)

চতুৰ্থী আপোনালৈ

আপোনাক

আপোনালোকলৈ

আপোনালোকক

পঞ্চমী আপোনাৰ পৰা আপোনালোকৰ পৰা
ষষ্ঠী আপোনাৰ আপোনালোকৰ
সপ্তমী আপোনাত আপোনালোকত

তৃতীয় পুৰুষৰ সৰ্ব্বনাম — এখেত।
পুং আৰু স্ত্ৰীলিঙ্গত।

 ২৯। প্ৰথমা আৰু দ্বিতীয়া বিভক্তিত বাজে আন বিভক্তিৰ একবচনত এখেত এখে হয়, নহৈও থাকে। ইয়াৰ বহুবচনত সকল যোগ হয়।

বিভক্তি একবচন   বহুবচন
প্ৰথমা এখেত, এখেতে এখেতসকলে
দ্বিতীয়া এখেতক এখেতসকলক
তৃতীয়া এখেৰে, এখেতেৰে

এখেতকদি
এখেত বা এখেতৰ দ্বাৰা
বা দ্বাৰায়

এখেতসকলেৰে

এখেত সকলেদি
এখেতসকলৰ দ্বাৰা
বা দ্বাৰায়